23/08/2026
Basanta Gogoi
আজি সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)-ৰ সন্মানীয় সভাপতি শ্ৰীযুত বসন্ত গগৈ ডাঙৰীয়াৰ নেতৃত্বত ONGC নাজিৰাৰ Executive Director (ED)-ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁ। জনসাধাৰণৰ ন্যায্য দাবী, অধিকাৰ আৰু বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি বৈঠকত বিস্তৃত আলোচনা কৰা হয়। আলোচনাৰ অন্তত কৰ্তৃপক্ষৰ পৰা লাভ কৰা ইতিবাচক সঁহাৰি আৰু আশ্বাসৰ প্ৰতি সন্মান জনাই ৭২ ঘণ্টীয়া ONGC বন্ধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে।
কিন্তু এয়া সংগ্ৰামৰ সমাপ্তি নহয়—এয়া সংগ্ৰামক এক নতুন সুযোগ দিয়া সময়। আশ্বাস যদি বাস্তৱায়নৰ পথত আগবাঢ়ে, তেন্তে সমাধানৰ পথ মুকলি হ’ব; অন্যথা জনসাধাৰণৰ অধিকাৰ আৰু ন্যায়ৰ বাবে আন্দোলনৰ জুই পুনৰ জ্বলি উঠিব। আমাৰ সংগ্ৰাম কোনো ব্যক্তিৰ বিৰুদ্ধে নহয়, অন্যায়ৰ বিৰুদ্ধে। ✊ আলোচনা চলিব, অপেক্ষা থাকিব—কিন্তু জনসাধাৰণৰ ন্যায্য অধিকাৰৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব।