প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰী

  • Home
  • India
  • Nalbari
  • প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰী

প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰী Official page of the Elementary Education Department, Nalbari.

আজি, ১৮/০৬/২০২৬ ইং তাৰিখে নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী ৰাতুল কুমাৰ দাসে বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ড...
18/06/2026

আজি, ১৮/০৬/২০২৬ ইং তাৰিখে নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী ৰাতুল কুমাৰ দাসে বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কেইবাখনো চৰাঞ্চলৰ বিদ্যালয়ত আকস্মিক পৰিদৰ্শন কৰে।
পৰিদৰ্শনকালত বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ, পাঠদান-শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাৰ্থীৰ উপস্থিতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱা হয়। লগতে শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰি শিক্ষাৰ মান অধিক উন্নত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আৰু দিশ-নিৰ্দেশনা আগবঢ়োৱা হয়।

এই পৰিদৰ্শনে চৰাঞ্চলৰ বিদ্যালয়সমূহত গুণগত শিক্ষা নিশ্চিত কৰাৰ প্ৰতি শিক্ষা বিভাগৰ দায়বদ্ধতা আৰু আন্তৰিকতাক প্ৰতিফলিত কৰে।

Department of Elementary Education, Govt. of Assam
Nalbari District Administration

আজি ০৫/০৬/২০২৬ তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়ত উৎসাহ-উদ্দীপনাৰে বিভিন্ন কাৰ্যসূচীৰ আয়ো...
05/06/2026

আজি ০৫/০৬/২০২৬ তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়ত উৎসাহ-উদ্দীপনাৰে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উদযাপনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰতি সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ অংশ হিচাপে বিদ্যালয়সমূহত বৃক্ষৰোপণ,পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, প্ৰবন্ধ লিখন, চিত্ৰাঙ্কন আদি প্ৰতিযোগিতা আৰু পৰিৱেশ সংৰক্ষণৰ শপত গ্ৰহণৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিক্ষাৰ্থীসকলে কাৰ্যসূচীসমূহত উৎসাহেৰে অংশগ্ৰহণ কৰি প্ৰকৃতি সংৰক্ষণ আৰু সেউজীয়া পৃথিৱী গঢ়াৰ বাৰ্তা প্ৰেৰণ কৰে।

সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত অনুষ্ঠিত হোৱা "প্ৰজ্ঞান"প্ৰতিভা সন্ধানী পৰীক্ষা -২০২৬ ৰ চতুৰ্থ শ্ৰেণীৰ শাখাত ৰ...
03/06/2026

সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত অনুষ্ঠিত হোৱা "প্ৰজ্ঞান"প্ৰতিভা সন্ধানী পৰীক্ষা -২০২৬ ৰ চতুৰ্থ শ্ৰেণীৰ শাখাত ৰাজ্যিক ভিত্তিত পঞ্চম স্থান লাভ কৰা নলবাৰী জিলাৰ পূৱ দিঘেলী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ৰূপাঙ্কণা কাশ্যপে সমগ্ৰ নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে চতুৰ্থ শ্ৰেণীৰ শাখাত নলবাৰী মহকুমা ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় হ'বলৈ সক্ষম হৈছে ক্ৰমে ২ নং নিমোৱা লতিমা প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ আব্দুল মস্তান , হৰিভংগা বৰাটাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ দিব্যজ্যোতি হালৈ আৰু ৪১৩ নং চেনিৰাম প্রাথমিক বিদ্যালয়ৰ ছাত্ৰী দীপশিখা নাথে।

আনহাতে পঞ্চম শ্ৰেণীৰ শাখাত নলবাৰী মহকুমা ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ক্ৰমে ৬৫৬ নং তিলনা প্রাথমিক বিদ্যালয়ৰ ছাত্ৰী সাগৰিকা কলিতা , ১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী অংকিতা দাস আৰু উত্তৰ বালি পামৈপাৰা প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ শুভ্রনীল বর্মনে।

প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰীৰ তৰফৰ পৰা নলবাৰী জিলালৈ সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই আটাইকেইজন ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰীৰ উদ্যোগত ২০২৬–২০২৭ শিক্ষাবৰ্ষ সম্পৰ্কীয় বিভিন্ন বিষয়সমূহ আলোচনা কৰিবলৈ ২৭ এপ্ৰিল ২০২৬ তা...
28/04/2026

প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰীৰ উদ্যোগত ২০২৬–২০২৭ শিক্ষাবৰ্ষ সম্পৰ্কীয় বিভিন্ন বিষয়সমূহ আলোচনা কৰিবলৈ ২৭ এপ্ৰিল ২০২৬ তাৰিখে বিয়লি ৩:০০ বজাত শিক্ষা ভৱন, নলবাৰীত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

এই সভাত আগন্তুক শিক্ষাবৰ্ষৰ বাবে শিক্ষামূলক কাৰ্যসূচীৰ পৰিকল্পনা আৰু কাৰ্যকৰী ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়, যাৰ লক্ষ্য হৈছে জিলাখনৰ শিক্ষাৰ মান অধিক উন্নত কৰা।

উক্ত সভাখনত সভাপতিত্ব কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত ৰতুল কুমাৰ দাসে লগতে সভাখনত উপস্থিত থাকে নলবাৰী জিলাৰ সকলো খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু ৪১খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল ।

গঠনমূলক আলোচনাৰে সভাখন সমাপ্ত হয় আৰু আগন্তুক শিক্ষাবৰ্ষটো অধিক সফল আৰু সু-সংগঠিতভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সকলোৱে একগোট হৈ কাম কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে।

“জল পষেক” অভিযানৰ অংশ হিচাপে, নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত পানী সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা...
28/04/2026

“জল পষেক” অভিযানৰ অংশ হিচাপে, নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত পানী সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰাতঃকালীন সভাৰ সময়ত শিক্ষাৰ্থীসকলে জল সংৰক্ষণৰ শপত গ্ৰহণ কৰি এই মূল্যৱান সম্পদ ৰক্ষাৰ বাবে সংকল্পবদ্ধ হয়। ইয়াৰ লগতে প্ৰবন্ধ লিখন, চিত্ৰাঙ্কন, বক্তৃতা আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, য’ত শিক্ষাৰ্থীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি নিজৰ সৃষ্টিশীল চিন্তা-ভাবনাৰ প্ৰকাশ কৰে।

এই অভিযানৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত পানী সংৰক্ষণৰ প্ৰতি দায়িত্ববোধ গঢ়ি তোলা আৰু ভৱিষ্যতৰ বাবে এক সেউজীয়া তথা বহনক্ষম সমাজ গঢ়াৰ দিশে তেওঁলোকক অনুপ্ৰাণিত কৰা হৈছে।

14/04/2026
যোৱা ০৪/০৪/২০২৬ ইং তাৰিখে, নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী ৰতুল কুমাৰ দাসে নলব...
06/04/2026

যোৱা ০৪/০৪/২০২৬ ইং তাৰিখে, নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী ৰতুল কুমাৰ দাসে নলবাৰী জিলাৰ বিভিন্ন ভোটকেন্দ্ৰত আকস্মিক পৰিদৰ্শন চলাই নিৰ্বাচন প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ লগতে Assured Minimum Facilities (AMF)-ৰ যথাযথ উপলব্ধতা নিশ্চিত কৰে।

এই পৰিদৰ্শনৰ জৰিয়তে ভোটাৰসকলৰ বাবে নিৰাপদ, সহজলভ্য আৰু সুবিধাজনক পৰিৱেশ নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত আৰু উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচীৰ অধীনত নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়সমূহত বিনা...
31/03/2026

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত আৰু উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচীৰ অধীনত নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়সমূহত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি থকা হৈছে, যাতে প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় শিক্ষাসামগ্ৰীসহ নিজৰ শিক্ষাযাত্ৰা আৰম্ভ কৰিব পাৰে।
ইয়াৰ লগতে নতুন শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়াও সক্ৰিয়ভাৱে চলাই থকা হৈছে , যাৰ জৰিয়তে প্ৰতিজন যোগ্য শিক্ষাৰ্থীয়ে শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয়।

বিগত ৩১ জানুৱাৰী, ২০২৬ শনিবাৰে বৰপেটা - বজালী জিলাৰ উদ্যোগত অনুষ্ঠিত আন্তঃকাৰ্যালয় টেনিছ ক্ৰিকেট টুৰ্নামেণ্টৰ চূড়ান্ত খে...
18/03/2026

বিগত ৩১ জানুৱাৰী, ২০২৬ শনিবাৰে বৰপেটা - বজালী জিলাৰ উদ্যোগত অনুষ্ঠিত আন্তঃকাৰ্যালয় টেনিছ ক্ৰিকেট টুৰ্নামেণ্টৰ চূড়ান্ত খেলখনত নলবাৰী শিক্ষক একাদশে এক অপ্ৰতিৰোধ্য প্ৰদৰ্শন দাঙি ধৰে। তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ ফাইনেলত নলবাৰী শিক্ষক একাদশে DEEO দৰং একাদশক ৬ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি গৌৰৱময় খিতাপ দখল কৰিবলৈ সক্ষম হয়। দলগত ঐক্য আৰু ক্ৰীড়াসুলভ মানসিকতাৰ এই জয় সদায় স্মৰণীয় হৈ ৰ’ব।

যোৱাকালি নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক মৰ্যাদাপূৰ্ণ পৰিৱেশৰ মাজত দায়িত্ব হস্তান্তৰ অনুষ্ঠান স...
18/03/2026

যোৱাকালি নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক মৰ্যাদাপূৰ্ণ পৰিৱেশৰ মাজত দায়িত্ব হস্তান্তৰ অনুষ্ঠান সম্পন্ন হয়। জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী সীমন্ত কুমাৰ ডেকাই নতুনকৈ নিযুক্ত হোৱা জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী ৰতুল কুমাৰ দাসক আনুষ্ঠানিকভাৱে নিজৰ দায়িত্ব অৰ্পণ কৰে।
উক্ত অনুষ্ঠানত সীমন্ত কুমাৰ ডেকা দেৱে অসমীয়া ঐতিহ্যৰ নিদৰ্শনস্বৰূপে ফুলাম জাপি আৰু চেলেং চাদৰেৰে ৰতুল কুমাৰ দাস দেৱক উষ্ম আৰু সন্মানজনক আদৰণি জনায়। উক্ত অনুষ্ঠানত কাৰ্যালয়টোৰ সকলো কৰ্মচাৰী উপস্থিত থাকি নতুন জিলা প্ৰাথমিক শিক্ষা বিষয়াক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনবোৰত পূৰ্ণ সহযোগিতাৰ আশ্বাস আগবঢ়ায়।

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when প্ৰাথমিক শিক্ষা বিভাগ, নলবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category