13/07/2024
১৯৪৯ চনৰ ৯ জুলাই তাৰিখে ৫ জন শিক্ষক আৰু শিক্ষার্থীৰ জৰিয়তে সৃষ্টি হোৱা বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ননৈ শাখাৰ দ্বাৰা আজি ইংৰাজী ১৩/০৭/২৪ তাৰিখ শনিবাৰে ৭৬ তম্ প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ লগত সংগতি ৰাখি 'কৃতি ছাত্র-ছাত্ৰীৰ সম্বৰ্দ্ধনা' শীৰ্ষক এটি কাৰ্যক্ৰমৰ আয়োজন কৰা হয়। এই কাৰ্যক্ৰমৰ দ্বাৰা বৃহত্তম ননৈ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান সমূহৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা কৃতি ছাত্র-ছাত্ৰী সকলক উৎসাহ-উদ্দীপনা জনোৱাৰ লগতে ভৱিষ্যত দিনত যাতে জীৱনত আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়।
ABVP Nagaon
ABVP Assam
Akhil Bharatiya Vidyarthi Parishad
11/02/2024
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪ত অৱতীৰ্ণ হ'বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (নগাঁও ) ননৈ শাখাৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভেচ্ছা। একাগ্রতা আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ মাজেৰে সকলোৱে কৃতিত্ব অর্জন কৰা। সকলোৰে ভাল হওঁক তাৰে কামনা কৰিলোঁ।
12/01/2024
১২ জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ননৈ শাখাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি এক বন্তি প্ৰজ্বলন কাৰ্য্যক্ৰম কৰা হয়। এই কাৰ্য্যক্ৰমত বন্তি প্ৰজ্বলন কৰে ননৈ মহাবিদ্যালয়ৰ ডঃ জুনু বাইদেউ য়ে আৰু তেখেতক সংগ দিয়ে মহাবিদ্যালয়ৰ কৰ্মচাৰী অমৃত মুদৈ ডাঙৰীয়াই । এই কাৰ্য্যক্ৰমত ননৈ মহাবিদ্যালয়ৰ কেইবা গৰাকী কৰ্মচাৰী আৰু মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ লগতে ননৈ শাখাৰ সকলো কাৰ্যকতা উপস্থিত থাকে।
13/11/2023
Akhil Bharatiya Vidyarthi Parishad (ABVP) wins the general election of the 2023-24 Student Unity Council of Nonoi College..
1)Vice president - princhipriya Saikia ,
2)Assistant Game secretary - dipankar saikia
3)Assistant general secretary- pallab Jyoti borah,
4) Editor alokparna - bainnyashree borah,
5)Music secretary - biswa Jyoti bora ,
6)Cultural secretary - kuldeep medhi,
7)Debating secretary -Silpika kalita ,
8)Social service secretary - junmoni borah,
9)Girls common room - hibjuwara mahmuh ,
31/08/2023
ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়,
ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন।
পৱিত্ৰ ৰাখী বন্ধন উপলক্ষে ননৈ অঞ্চলৰ বিভিন্ন স্থানত "অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ননৈ শাখাৰ" তৰফৰ পৰা ৰাখী বন্ধন উদযাপন কৰা হয়।
12/08/2023
বিদ্যালয় সদস্যতা অভিযানৰ লগত সংগতি ৰাখি ননৈ শাখাই বিভিন্ন বিদ্যালয়ৰ ছাত্র ছাত্রীয়ে বিশ্বৰ সৰ্ববৃহৎ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা গ্ৰহণ কৰে।
30/07/2023
ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ বৃহৎ লক্ষ্যৰে বিশ্বৰ সৰ্ববৃহৎ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা অভিযান অহা ০১ আগষ্ট, ২০২৩ তাৰিখৰ পৰা শুভাৰম্ভ।
10/07/2023
৭৫ তম্ ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ উপলক্ষে আজি ননৈ শাখাৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। উক্ত কাৰ্যক্ৰমত বৃহত্তৰ ননৈ অঞ্চলৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যক্ৰমত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও জিলাৰ জিলা সংযোজক মাধূৰ্য্য প্ৰতিম শইকীয়া ডাঙৰীয়া, ডুগডুগিৰ স্বতাধিকাৰী তথা বিশিষ্ট সমাজসেৱক উৎপল বনিয়া ডাঙৰীয়া, ননৈ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত কৃষ্ণ ফুকন ডাঙৰীয়া, ননৈ শাখাৰ সম্পাদক মুৰুলি শইকীয়া কে প্ৰমুখ্য কৰি ননৈ শাখাৰ বিভিন্ন দায়িত্বত থকা কাৰ্যকৰ্তা সকল।
ABVP_ASSAM
14/04/2023
বিহুটি আহিছে, ঢোল পেপা বাজিছে,
বিৰিখে সলাইছে পাত,
নাহৰৰ সুবাসত উৰে মন উদাহৰণ,
বিহু বিহু লাগিছে গাত
আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াল বৰ্গলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
19/01/2023
অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা স্বনামধন্য কবি, সাহিত্যিক, সমালোচক, কলাসাধক, কাব্যঋষি নীলমণি ফুকন দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান বাবে "জ্ঞানপীঠ" বঁটাৰে আৰু "সাহিত্য অকাডেমি" বঁটাৰে বিভূষিত মহান সাহিত্যক গৰাকীৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ বাবে অপুৰণীয় ক্ষতি। তেখেতৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰিলো। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ননৈ শাখা তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
17/01/2023
অসমীয়া সাহিত্য -সংস্কৃতিক বিশ্ববিশ্ৰুত কৰিতোলা বিপ্লৱী কবি, শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি "শিল্পীদিৱস"ত তেখেতলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত। ৰূপকোঁৱৰৰ সৃষ্টিৰাজিৰ প্ৰজ্বলিত শলিতাডালি চিৰদিন জ্বলি থাকি উজ্বলাই ৰাখক অসমীয়া সাহিত্য-সংস্কৃতিৰ ৰূপ-ৰস আৰু অটুট থাকক সুন্দৰৰ পূজাৰীগৰাকীৰ মহিমা আৰু গৰিমা, তাৰেই কামনা কৰিলোঁ।
13/01/2023
১২ জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ননৈ শাখাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি এক বন্তি প্ৰজ্বলন কাৰ্য্যক্ৰম কৰা হয়। এই কাৰ্য্যক্ৰমত বন্তি প্ৰজ্বলন কৰে ননৈ মহাবিদ্যালয়ৰ অধ্যক্ষা শ্ৰীমতী ৰীতা শৰ্মা বাইদেউ য়ে আৰু তেখেতক সংগ দিয়ে মহাবিদ্যালয়ৰ কেইবা গৰাকী অধ্যাপক অধ্যাপিকাই আৰু এই কাৰ্য্যক্ৰমত ননৈ শাখাৰ সকলো কাৰ্যকতা উপস্থিত থাকে।