05/09/2026
#শিক্ষক_দিৱস
৫ ছেপ্টেম্বৰ, ২০২৬
আমচৈ চাহ-বাগিছা আদৰ্শ বিদ্যালয়
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পৱিত্ৰ স্মৃতিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত আজি সমূহীয়াকৈ শিক্ষক দিৱস উদযাপন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষা শ্রীযুতা আশামনি দেৱীয়ে বন্তি প্ৰজ্জ্বলনৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা চামাছীয়ে । ইয়াৰ পিছতেই বিদ্যালয়ৰ শিক্ষাগুৰুসকল যথাক্ৰমে দীপ জ্যোতি শইকীয়া, বিকাশ ঠাকুৰ, দীপ জ্যোতি বড়ো, বিশ্বজ্যোতি সোণোৱাল আৰু বিশ্বজিৎ ডেকাৰজাই ৰাধাকৃষ্ণন দেৱৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰি শ্রদ্ধাঞ্জলি জনায় ।
শিক্ষাগুৰুসকলক সম্বৰ্দ্ধনা জনোৱাৰ পিছতে নৱম শ্ৰেণীৰ ছাত্ৰী ৰিম্পী দেউৰীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে । সপ্তম শ্ৰেণীৰ ছাত্ৰী স্নেহা দাসে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ বিষয়ে বক্তব্য ৰখাৰ পিছতেই শিক্ষক সকলৰ একাষাৰত অধ্যক্ষা আশামনি দেৱী আৰু সহঃ শিক্ষক দীপ জ্যোতি শইকীয়াই ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতিৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰে ।
স্মৰ্তব্য যে, শিক্ষক দিৱস উপলক্ষে ৬১ নং ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত শশীকান্ত দাসদেৱে প্ৰেৰণ কৰা শুভেচ্ছামূলক পত্ৰ আৰু এটা কলম তেঁওৰ প্ৰতিনিধিসকল বিদ্যালয়লৈ আহি শিক্ষকসকলক প্ৰদান কৰে । তাৰপিছত শিক্ষকসকলে সমূহীয়াকৈ কেক কাটি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেক আৰু লঘু আহাৰ বিতৰণ কৰে । সদৌ শেষত ছাত্ৰ-ছাত্ৰীসকলৰ কেইটিমান নৃত্য পৰিৱেশনৰে শিক্ষক দিৱসৰ আঢ়ৈ ঘণ্টীয়া অনুষ্ঠানৰ সামৰণি মাৰা হয় ।