12/09/2021
পাঠক আৰু আমাৰ কণমানি সকলৰ মাজলৈ লৈ আহিছো আন এটা সাধু ....
#নেগু_কাটা_শিয়াল◆
এখন গাঁৱত এটা বুঢ়া আছিল । বুঢ়াই হাঁহ - কুকুৰা প্ৰতিপালন কৰি নিজৰ ঘৰখন চলাই আছিল । গাঁওখনৰ পৰা অলপ দূৰৈত এখন সৰু হাবি আছিল , তাতে এটা শিয়ালে বাস কৰিছিল । বুঢ়াই পথাৰলৈ গ'লে শিয়ালটোক প্ৰায়ে লগ পাইছিল । শিয়াল আৰু বুঢ়াই লগলাগি বহুতো কথা পাতিছিল । বুঢ়াই গাঁৱৰ কথাবোৰ কৈছিল আৰু শিয়ালে সিহঁতৰ হাবিৰ কথা কৈছিল । এবাৰ শিয়ালে বুঢ়াক কৈছিল -- " এইবাৰ হেনোঁ হাবিত শিয়ালবোৰৰ ইলেকশ্বন আহি আছে " । শিয়ালেও মুখীয়া পদত ইলেকশ্বন খেলিব । হাবিত শিয়ালৰ হেনোঁ বৰ সন্মান আছে , তেনেকৈয়ে কথা পাতি - পাতি শিয়ালে বুঢ়াৰ লগত সখি পাতি ল'লে ।
তেনেকৈ কেইদিনপাছত শিয়ালে হঠাতে এদিন পথাৰৰ মাজতে বুঢ়াক লগ পালে । শিয়ালে দেখিলে বুঢ়াৰ দেখোন বৰ ৰংচঙীয়া চেহেৰাহৈ আহিছে ; কথাটোনো কি শিয়ালে মনতে ভাবিলে । তাৰ পাছত শিয়ালে বুঢ়াক সুধিলে -- " হেৰা সখি তুমি আজি কালি বৰ ধুনীয়া আৰু শকতহৈ আহিছা , কি খোৱাহে সখি ? মোকো কোৱাছোন " । বুধিয়ক বুঢ়াই ভাবিলে -- নাই সখি হলেও শিয়ালক আচল কথা কব নোৱাৰি । তেতিয়া বুঢ়াই মিছাকৈ কলে -- " হেৰা শিয়াল সখি মই বগামৌ খাই আছোঁ , সেই কাৰণে মোৰ এনেকুৱা চেহেৰাৰ " । বুঢ়াটোৰ কথা শুনি শিয়ালৰো বগামৌ খাবলৈ মন গ'ল , সেয়েহে সখীয়েকক অকণমান বগামৌ আনিবলৈ কলে । তাৰ পিছদিনা বুঢ়াই গাঁৱৰ পৰা চুলাই মদকেই বটলত ভৰাই লৈ গ'ল । সখীয়েকে দিয়া বগামৌ খাই লৈ শিয়ালে দুইদিন - দুইৰাতি হাবিৰ দাঁতিতে পৰি থাকিল । নিচা ফাটিলত শিয়ালে সাৰ পালে আৰু মদৰ নিচাত শুই থাকোতে শিয়ালৰ ইলেকশ্বনো খেলা নহ'ল । সখিয়েক শিয়ালৰ বৰ খং উঠিলে আৰু সি জানিলে যে -- বুঢ়াই মানে কিবা বেয়া বস্তুকে তাক খোৱাই দিলে । শিয়ালৰ প্ৰতিশোধ লবলৈ মন গ'ল ।
তাৰ পাছত শিয়ালে আকৌ বুঢ়াক লগ পাই সুধিলে --" কিহে সখি , সিদিনা তুমি মানে মোক বগামৌ নহয় কিবা বেয়া বস্তুকে খোৱাই দিলা নহয় । তোমাৰ কাৰণে মোৰ ইলেকশ্বনো খেলা নহ'ল জানা " । বুঢ়াই ক'লে -- " নহয় সখি বগামৌকে দিছোঁ তোমাক , বগামৌ তেনেকুৱাই । এইয়া নহয় তুমি আগতকৈ অকণমান শকত হৈছাই দেখোন "। বুঢ়াৰ কথাত সখিয়েক শিয়ালে বিশ্বাস নকৰিলে । বুঢ়াইনো কি বগামৌ খাই তাকেই জানিবলৈ -- মনে - মনে বুঢ়াৰ পাছে - পাছে গৈ বুঢ়াৰ ঘৰ পালেগৈ । শিয়ালে দেখিলে বুঢ়াৰ ঘৰত ধেৰ হাঁহ - কুকুৰা আছে । তেতিয়া শিয়ালে আচল কথাটো গম পালে । তাৰ পাছৰ পৰাই শিয়ালে ৰাতি - ৰাতি সখীয়েকৰ ঘৰলৈ আহি হাঁহ - কুকুৰা চুৰ কৰি খাব ধৰিলে । বুঢ়া আৰু বুঢ়ীয়ে বৰ চিন্তাত পৰিলে ।
তেনেতে বুঢ়াই এদিন পথাৰত হাল বাই থাকোতে শিয়াল সখীয়েকক লগ পালে । দেখিলে যে -- সখীয়েক নোদোকাহৈ আহিছে । বুঢ়াৰ সন্দেহ হ'ল আৰু শিয়ালক সুধিলে -- কিহে সখি নোদোকা হৈছা যে , মোৰ গৰালৰ হাঁহ - কুকুৰা তুমিয়েই খোৱা নাইতো ? তেতিয়া শিয়ালে ক'লে -- " কৃষ্ণ ! কৃষ্ণ ! সখি , তুমি কিয় তেনেকৈ ভাবিছা বাৰু ; মই দেখোন তোমাৰ ঘৰেই চিনি নাপাওঁ । মানুহৰ ঘৰত হাঁহ - কুকুৰা চুৰি কৰি টাঙোণ - কিল খোৱাতকৈ , মই পথাৰৰ কেঁকুৰা , শাঁমুক , মাছ এইবোৰেই খাই ভাল পাওঁ অ " ।
সিদিনা তেনেকৈ গ'ল । তাৰ পাছৰ পৰাই বুঢ়াই চুৰ ধৰিবলৈ সদায়ে ফান পাতিলবলৈ ধৰিলে । কেইদিনমান যোৱাৰ পাছত এদিন ৰাতি শিয়াল সখিয়ে আকৌ হাঁহ - কুকুৰা চুৰি কৰিবলৈ সখীয়েকৰ ঘৰলৈ আহিল । সেইবাৰ শিয়ালটোৰ ঠেং এখন বুঢ়াই পাতি থোৱা ফানখনতে সোমালে । ফানত লাগি আৰু দুখ পাই শিয়ালে কান্দিবলৈ ধৰিলে । বুঢ়াই মনে - মনে চাই গ'ল আৰু মনতে ভাবিলে সখি এইবা তোমাৰ ৰেহাই নাই । বুঢ়াই ৰাতিপুৱা ঘৈণিয়েককে জপাই দিলে । বুঢ়ীয়ে গৈ শিয়ালৰ নেগুডালকে কাটি দিলে । দুখ পাই শিয়ালে চিঞৰি কান্দিলে । সখিয়েৰ চিঞৰ শুনি বুঢ়াই দৌৰি গ'ল আৰু বুঢ়ীক কলে -- " বুঢ়ী এইয়াই মোৰ শিয়াল সখি , তুমি মোৰ সখিৰ নেগুডালকেই কাটি দিলা ইস্ - ইস্ "। তাৰ পাছত বুঢ়াই শিয়ালক সুধিলে - " সখি এতিয়া কেনেকুৱা লাগিছে বাৰু ? এইবাৰ নেগু গ'ল পাছলৈ বা আৰু কি কাটা যাব ঠিক নাই " । তেতিয়াৰ শিয়ালে সেহাই - সেহাই কলে -- " সখি মোৰ ভুল হ'ল । মই আৰু তোমাৰ গৰালৰ হাঁহ - কুকুৰা নাখাও আৰু , এতিয়া মোক সখি বুলি এৰি দিয়া আৰু " ।
বুঢ়াই শিয়ালক এৰি দিলত , শিয়ালে যাবলৈ ওলাল । বুঢ়ীয়ে শিয়ালক সুধিলে -- সখি তোমাৰ নেগুডাল লৈ নোযোৱা নেকি ? শিয়ালে কলে -- " হেৰা সখীয়নী সেইডাল আৰু মোৰ কামত নাহে । মই তোমালোকৰ হাঁহ - কুকুৰা খালোঁ , তোমালোকে মোৰ নেগুডালকে খাই মোৰো খোৱাদ লোৱা আৰু । হিচাপ বৰাবৰ হ'ল , এতিয়া মই যাওঁ বাৰু ; কাণত ধৰিছোঁ কোনোদিনেই ইয়ালৈ নাহো " । ততালিকে শিয়ালে হাবিলৈ ল'ৰ ধৰিলে আৰু সিদিনা পৰাই শিয়ালে আৰু গাঁৱলৈ অহা বাদ দিলে ।
( বি : দ্ৰ : --- দৃশ্য অংকন সন্মানীয় ভৱানন্দ্ৰ বৰুৱা ছাৰ )