14/04/2026
দুনী-দিপীলা জেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস তথা বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ উদ্বোধকৰ দায়িত্ব পালন কৰি ধন্য হলো।
a recognize high school in darrang, assam, india
14/04/2026
দুনী-দিপীলা জেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস তথা বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ উদ্বোধকৰ দায়িত্ব পালন কৰি ধন্য হলো।
11/04/2026
2025/26 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমাৰ এই সফলতাই আমাক আহ্লাদিত আৰু গৌৰৱান্বিত কৰিছে। শিক্ষা জীৱনৰ আৰম্ভণিতে তুমি সফলতাৰ যি বীজ ৰোপণ কৰিলা এদিন ফলে-ফুলে জাতিষ্কাৰ হওঁক। বিদ্যালয়ৰ ফালৰ পৰা তোমালৈ থাকিল অযুত শুভকামনা ।
23/03/2026
সকলোৰে আশীৰ্বাদ বিছাৰি নতুন শিক্ষাবৰ্ষৰ শুভাৰম্ভণি 25/03/2026।
আগন্তুক 2026-27 শিক্ষাবৰ্ষৰ বাবে কেইবাগৰাকীও নতুন শিক্ষকৰ নিযুক্তিৰে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তিৰ বাবে আমি সম্পূৰ্ণ সাজু হৈছো। বিগত বৰ্ষ বোৰৰ দৰে এইবেলিও অভিভাৱক সকলৰ সহাৰি আৰু দিহা পৰামৰ্শই নিশ্চিত ভাৱে আমাক উৎসাহিত কৰিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুবাৰকৈ স্থান লাভ কৰি অসমৰ ভিতৰত এটি সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনিৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। স্মাৰ্ট ক্লাছ, ডিজিটেল লাইব্ৰেৰী, প্ৰতিটো পৰীক্ষাৰ অন্তত ৰিপোৰ্ট কাৰ্ডৰ ব্যৱস্থা আৰু দহটা ৰেংকিং ব্যৱস্থা,বিজ্ঞানাগাৰৰ সুবিধা, স্বাস্থ্য সন্মত মধ্যাহ্ন ভোজন, বিশুদ্ধ খোৱাপানী,প্ৰতিটো শ্ৰেণীকোঠাত বিজুলী পাংখাৰ সুবিধাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ সময়ে সময়ে বিভিন্ন কাৰ্য্যপন্থা গ্ৰহণ কৰা হয়। বছৰৰ শেষত ছাত্ৰ ছাত্ৰীসকলক উদ্গনিমূলক বটা প্ৰদানৰ এটি বিশেষ ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা হয়।
শ্ৰেষ্ঠতাৰ দৌৰত সদায়েই আপোচহীন সেৱাৰে উৎসৰ্গিত হবলৈ নগাঁও আঞ্চলিক হাইস্কুলৰ সহযোগী হওঁ আহক। আপোনাৰ সন্তানটিৰ সুন্দৰ ভৱিষ্যত আমাৰ সদায় কাম্য।
জয়তু নগাঁও আঞ্চলিক হাইস্কুল ।
15/01/2026
দৰঙৰ ঐতিহ্যপূৰ্ণ 'নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়'ৰ উদ্যোগত অহা ১৭ জানুৱাৰী, ২০২৬ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘ন-পুৰণি সতীৰ্থ সন্মিলনৰ ' আয়োজন কৰা হৈছে।
সোণালী শৈশৱৰ স্মৃতি ৰোমন্থন আৰু হেৰাই যোৱা দিনবোৰৰ বন্ধু-বান্ধৱীসকলক পুনৰ লগ পোৱাৰ এই বিৰল ক্ষণত আপোনালোক সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ।
উক্ত দিনা নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাৰ গীতৰ শৰাই লগতে থাকিব বহুতো চিনাকি মুখৰ শিল্পী। প্ৰতিগৰাকী প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিলোঁ।
আহক, আমি সকলোৱে মিলি এই দিনটোক চিৰস্মৰণীয় কৰি তোলোঁ।
ধন্যবাদেৰে—
ন-পুৰণি সতীৰ্থ সন্মিলন আয়োজক সমিতি
নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁও (হাতীমাৰা, দৰং)

I got over 20 reactions on one of my posts last week! Thanks everyone for your support! 🎉
15/08/2025
79th Indepndence Day celebration.
08/06/2025
A plantation drive was conducted on 5th June 2025 by Retired H.M Chaliha Sir, along with two retired A.Ts, Bani kanta Deka sir and Durga Kanta Sarmah Sir, with the support of our students in our school. We thank our respected retired teachers for their role in executing the function.
16/05/2025
A valued experiences are acquired by our students participating in District level Bal Vaigyanik Pradarshan,2025 at DIET Darrang.I also feeling very glad as a Guide of our students.
School week,2024/25, Nagaon Anchalik High School.