Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ

Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ

Share

BMC, Sipajhar, SSA,Darrang

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 23/02/2025

গুণোৎসৱ ২০২৫
দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খণ্ডতো ৬ষ্ঠ বছৰৰ বাবে তৃতীয় পৰ্য্যায়ত ০৪/০২/২০২৫ তাৰিখে স্ব মূল্যায়ন আৰু
৫, ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে বহি মূল্যায়ন সুকলমে অনুষ্ঠিত হৈ যায় ।

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 23/02/2025

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান মিছন দৰঙৰ উদ্যোগত হাইস্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্যে ২১ ফেব্ৰুৱাৰী শুকুৰবাৰে ছিপাঝাৰ, কলাইগাঁও আৰু দলগাঁও শিক্ষা খণ্ডৰ তিনিশগৰাকী ছাত্ৰ ছাত্ৰীক তেজপুৰ বিশ্ববিদ্যালয়লৈ লৈ যোৱা হয়। ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত bornoi Sr secondary school, Maruachowki high school, Pokadali higher secondary school, sipajhar BJ Girls higher secondary school, Rupkonwar JP Vidyapith HS, Bardoulguri high school, Nehru Smriti girls high school ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰ ভ্ৰমণত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। বিশ্ববিদ্যালয়ৰ দুটা গুৰুত্বপূৰ্ণ বিভাগ energy department আৰু engeneering department পৰ্যবেক্ষণ আৰু তথ্য আহৰণৰ সুবিধা পায়। আশা কৰোঁ এই ভ্ৰমণৰ জৰিয়তে ভৱিষ্যতে বহু ছাত্ৰ ছাত্ৰী বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব।

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 06/01/2025

Block level tlm exhibition and competition
Venue Bardoulguri high school
Date 06/01/2025
Total Cluster 43
Literacy and numeracy
Honourable judges Mr Debendra kr Kalita retired principal DIET darrang and Mr Pabitra Hazarika science teacher BJ Girls higher secondary school
আজি অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত সাক্ষৰতা শিতানত ক্ৰমে বহলঘাট প্ৰাথমিক বিদ্যালয় ১ম স্থান, ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় ২য় স্থান আৰু গোমঠাহীৰাপাৰা প্ৰাথমিক বিদ্যালয়ে ৩য় স্থান লাভ কৰে। আনহাতে সাংখ্যিকতা শিতানত ১ম স্থান ২৯১ নং পোতা প্ৰাথমিক বিদ্যালয়, ২য় স্থান তৰাগাঁও প্ৰাথমিক বিদ্যালয় আৰু ৩য় স্থান দক্ষিণ ঢলপুৰ মধ্য ইংৰাজী বিদ্যালয়ে লাভ কৰে। উল্লেখ্য যে প্ৰতিটো সমল কেন্দ্ৰৰ পৰা দুয়োটা শিতানত আটাইতকৈ উত্তম tlm দুটাই খণ্ড পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ পায়। তাৰোপৰি কেৱল ১ম আৰু ২য় শ্ৰেণীৰ পাঠ আৰু শিকনীয় ফলাফলৰ ওপৰত ভিত্তি কৰিহে এই tlm প্ৰস্তুত তথা প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্যিক কৰ্তৃপক্ষৰ তৰফৰ পৰা নিৰ্দেশ আছিল । স্থান প্ৰাপ্ত বিদ্যালয়ৰ লগতে অংশগ্ৰহণ কৰা সকলো বিদ্যালয়ৰে প্ৰদৰ্শন যথেষ্ট উন্নত মানদণ্ডৰ, খণ্ডৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে বিদ্যালয়ৰ শ্ৰেণীকোঠাত ইয়াৰ যথোপযুক্ত ব্যৱহাৰ কামনা কৰিলোঁ 🙏🏻।
গীতাৰাণী ডেকা
খণ্ড সমল ব্যক্তি

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 31/08/2024

৭ আগষ্ট, ২০২৪ তাৰিখ বুধবাৰে দিনৰ ১১ বজাৰ পৰা ছিপাঝাৰ শিক্ষা খণ্ডৰ খণ্ড শৈক্ষিক গোট ( BACG) সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে BACG ৰ সভানেত্ৰী ড. মধুমিতা শৰ্মা, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, দলগাওঁ, চিত্তৰঞ্জন কলিতা, জিলা আঁচনি বিষয়া, দৰং, ৰুবি ভাৰতী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, গীতাৰাণী ডেকা, খণ্ড সমল ব্যক্তি, ছিপাঝাৰ, আৰু ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সকলো সমন্বয়ক মণ্ডলী। সভাত আলোচ্য মুখ্য বিষয় সমূহ ক্ৰমে নিপুণ অসম (FLN) প্ৰশিক্ষণ, গুনোৎসৱ প্ৰস্তুতি, Action Research, শিক্ষাৰ্থীৰ সৰ্বাঙ্গীন প্ৰগতি খতিয়ান পত্ৰ, আৰু শিক্ষা সপ্তাহ ইত্যাদি।

01/06/2024

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, অসম (SCERT)-এ, ২৯ আৰু ৩০ মে' তাৰিখে গুৱাহাটীৰ *শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ*-ত আয়োজন কৰা *ৰাজ্যিক যোগ অলিম্পিয়াড-২০২৪*-ত দৰং জিলা *ডায়েট*- DIET _(অৰ্থাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং)_-ৰ পৰা অংশগ্ৰহণ কৰি *কৰ্ণাটক*-ৰাজ্যৰ *মহীশূৰ*-ত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ *যোগ অলিম্পিয়াড*-ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে।
👉 উল্লেখ্য যে- *শ্ৰীৰণবীৰ কলিতা*-ই *হাজৰিকাপাৰা*- মণ্ডলৰ *দৌলগুৰি প্ৰাথমিক বিদ্যালয়*-ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। তেখেত সৰুৰে পৰাই বহুমুখী প্ৰতিভাৰ গৰাকী।
🌟 ৰণবীৰ কলিতাই নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা *(JNV Selection Test)*-তো দৰং জিলাৰ ভিতৰত ২ য় সৰ্বোচ্ছ স্থান পাবলৈ সক্ষম হৈছিল যদিও তেখেতে তাত অধ্যয়ন নকৰি সদ্যহতে হাজৰিকাপাৰা মণ্ডলৰ *গান্ধীস্মৃতি উ.মা. বিদ্যালয়*-ত ষষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰিছ।

21/05/2024

The BACG meeting was held on 29th March,2024 . The meeting was presided over by BEEO Madam, Dr Madhumita Sarma( Chairperson ) and Chittaranjan Kalita Sir,DPO(CM)

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 27/03/2024
Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 04/02/2024

ছিপাঝাৰ শিক্ষা খন্ডত গুণোৎসৱৰ ন'ডেল শিক্ষকৰ প্ৰশিক্ষণ। স্থান: বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়।তাৰিখ:১ ফ্ৰেব্ৰুৱাৰী,২০২৪

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 19/01/2024

*ৰন্ধনকৰ্মীৰ ৰন্ধন প্ৰতিযোগিতা*
হাজৰিকাপাৰা মণ্ডল
তাৰিখ: *১৯* জানুৱাৰী, *২০২৪*
স্থান- নেহৰু স্মৃতি বালিকা বিদ্যালয়।
সময় : দুপৰীয়া *১২-৩০* বজাৰ পৰা
দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খণ্ডৰ *নেহৰু স্মৃতি বালিকা বিদ্যালয়*-ত *হাজৰিকাপাৰা* মণ্ডলৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মাজত মণ্ডল ভিত্তিত এটি *ৰন্ধন প্ৰতিযোগিতা* অনুষ্ঠিত হৈ যায়।
_👉🏼 এই প্ৰতিযোগিতাতৰ বাবে নিম্নোক্ত নিয়ম সমূহ অনুসৰণ কৰিবলৈ বিদ্যালয় সমূহক জনোৱা হৈছিল।_
1️⃣ *হাজৰিকাপাৰা*- মণ্ডলৰ মুঠ *১০* খন বিদ্যালয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।
2️⃣ বিদ্যালয় সমূহে মধ্যাহ্ন-ভোজনৰ বাৰ অনুযায়ী *খাদ্য-তালিকা* অনুসৰণ কৰি বিদ্যালয়তে ৰন্ধন কাৰ্য সম্পাদন কৰি তাৰ *নমুনা* (Sample) প্ৰতিযোগিতাৰ বাবে লৈ আহিব লাগিব।
3️⃣ খাদ্যৰ নমুনা সমূহ আজি দিনৰ *১২:৩০* বজা বা তাৰ আগেয়ে *ঢাকি ৰখা পাত্ৰ*-(HotCase বা তেনে জাতীয়)-ত *নেহৰু স্মৃতি বা. বিদ্যালয়*-ৰ প্ৰতিযোগিতাস্থলীলৈ আনিব লাগিব।
4️⃣ প্ৰতিযোগিতাত *ৰন্ধন কৰ্মী* আৰু *বিদ্যালয় প্ৰধান* উপস্থিত থাকিব লাগিব। ৰন্ধন কৰ্মীয়ে নিজৰ *ৰন্ধন সাজ* (টুপী,এপ্ৰ'ন) পৰিধান কৰিব লাগিব।
5️⃣ চিনাক্তকৰণৰ সুবিধাৰ্থে *নিজৰ বিদ্যালয়ৰ নাম* ডাঠ কাগজত অলপ ডাঙৰকৈ লিখি লৈ আহিব, যাতে ডেক্সত লগাই দিব পাৰি।
6️⃣ বিদ্যালয় সমূহে বিদ্যালয়তে ৰান্ধি থকাৰ *প্ৰমাণ* হিচাপে HT/HM য়ে ফটো তুলি আনিব।
👆🏻ৰন্ধন-কৰ্মীৰ ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠানত দৰং জিলাৰ *PM POSHAN*- ৰ *মঃ ৰিফাত* Sir য়ে বক্তব্য ৰখা সময়ত মঞ্চত উপবিষ্ট আছে সোঁফালৰ পৰা ছিপাঝাৰ শিক্ষাখণ্ডৰ মাননীয় SI- *লক্ষ্যধৰ শৰ্মা*, নেহৰু স্মৃতি বালিকা বিদ্যালয়ৰ প্ৰধান মাননীয় *বিপুল কলিতা*, BEEO মাননীয়া *গীতা দেৱী*, ডায়েট প্ৰবক্তা মাননীয় *পিংকী ঘোষ*, স্বাস্থ্য বিভাগৰ পৰা মাননীয়া *প্ৰণতি চৌধুৰী*, ছাত্র বিচাৰক ক্ৰমে- *বিবেক ডেকা* আৰু *উদেষ্ণা ডেকা* 🟡
*ৰন্ধনকৰ্মীৰ ৰন্ধন প্ৰতিযোগিতা*
_অংশগ্ৰহণ কৰা বিদ্যালয় সমূহ হ'ল-_
1️⃣ *বৰবাকাৰা প্ৰাথমিক বিদ্যালয়*
2️⃣ *১৫৫ নং কু‍ঁৱৰীগাও প্ৰাথমিক বিদ্যালয়*
3️⃣ *১৫৭ নং শালমাছ‌উঠা প্ৰা. বিদ্যালয়*
4️⃣ *১৪৬ নং হাজৰিকাপাৰা বালিকা নি.বু.বিদ্যালয়*
5️⃣ *নেহৰু স্মৃতি বালিকা বিদ্যালয়*
6️⃣ *গান্ধী স্মৃতি উ.মা. বিদ্যালয়*
7️⃣ *২১ নং দৌলগুৰি প্ৰা. বিদ্যালয়*
8️⃣ *১৫ নং কঢ়াপাৰা প্ৰা. বিদ্যালয়*
9️⃣ *১৬৩ নং কছাৰীঝাৰ লাল বাহাদুৰ প্ৰা. বিদ্যালয়*
🔟 *১৫৬ নং বৰচলা প্ৰা. বিদ্যালয়*
👆🏻ৰন্ধন প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপক *১৫৫ নং কুঁৱৰীগাওঁ প্ৰাথমিক বিদ্যালয়*
👆🏻২য় স্থান প্ৰাপক- *১৫ নং কঢ়াপাৰা প্ৰা. বিদ্যালয়,*
ৰন্ধন প্ৰতিযোগিতাৰ *৩য় স্থান* প্ৰাপক *২১ নং দৌলগুৰি প্ৰাথমিক বিদ্যালয়*

Photos from Samagra Siksha Abhiyan Sipajhar: সমগ্ৰ শিক্ষা অভিযান, ছিপাঝাৰ's post 12/01/2024

৯ আৰু ১০ জানুৱাৰী ২০২৪ তাৰিখে DIET, Dalgaon য়ে আয়োজন কৰা Edu-Quest: Showcasing excellence in educational practices প্ৰতিযোগিতাত দুমুনীচকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নাজিজুল হক মহোদয়ৰ লগতে দ্বিতীয় স্থানেৰে ফাৰুক ইছলাম ( প্ৰধান শিক্ষক, ২ নং শুক্তাগুৰী প্ৰা: বি: ) মহোদয় আৰু উদগণি বঁটা লাভেৰে নিভা ডেকা মহন্ত ( সহ : শিক্ষক, ঘোঁৰাবান্ধা প্ৰা: বি:)বাইদেৱে ছিপাঝাৰ শিক্ষাখণ্ডলৈ গৌৰৱ কঢ়িয়াই আনে।

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Telephone

Address

O/O BEEO CUM BMC, FUTKITOLI, SIPAJHAR, DARRANG
Mangaldai
784146