15/05/2026
The Department of Performing Arts, Majuli University of Culture successfully organized an academic lecture on May 15, 2026. The lecture, titled “The Contemporary Cinema of the North East: Looking through the Kaleidoscope of Seminal Filmmakers”, was delivered by Dr. Pranjal Borah, Associate Professor of Dikhowmukh College and prominent film critic.
The programme was graced by the Hon’ble Vice Chancellor Prof. Nirode Baruah and Dr. Tarun Gogoi, Registrar of Majuli University of Culture.
During his address, Prof. Baruah mentioned that Dr. Borah had completed his PhD under his guidance with a topic topic which could be considered as a pioneering research work that meaningfully combined cinema studies with social history.
The speaker was introduced by Dr. Anupam Kaushik Borah, Head of the Department of Performing Arts, whose much-awarded film “Bornodi Bhotiai” was also discussed appreciatively during the lecture.
The lecture witnessed enthusiastic participation from students and faculty members, and the interactive session proved to be highly enriching and academically rewarding for all present.
The Department expresses its sincere gratitude to the distinguished speaker, university authorities, faculty members, and students for making the programme a meaningful success.
08/05/2026
- এই শিৰোণামৰ এখনি নাটক ৭ মে’ ২০২৬ত, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তেজস্বিতা শিল্পশালাত অভিনীত হয়। বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ নাট্য কলা শাখাৰ ছাত্ৰী-ছাত্ৰবৃন্দই “Advanced Theatre Making” পাঠ্যক্ৰমৰ অংশ স্বৰূপে নিজে সংৰচনা, পৰিকল্পনা আৰু পৰিৱেশন কৰা নাটকখনিৰ নিৰ্মানত শিক্ষক আৰু তত্বাৱধায়ক হিচাপে আছিল বিভাগীয় প্ৰধান তথা নাট্য শাখাৰ সহকাৰী প্ৰাধ্যাপক ড• অনুপম কৌশিক বৰা। এটি সংবেদনশীল বিষয় “সমলেংগিক প্ৰেম”ৰ ওপৰত আধাৰিত নাটকখনিয়ে দৰ্শকক আপ্লুত কৰে, আৱেগিক কৰে আৰু সংবেদনশীলতাৰে বিষয়টি ভাৱিবলৈ প্ৰেৰিত কৰে। বহুতৰপীয়া অৰ্থ আৰু অভিজ্ঞতা সৃষ্টি কৰিব পৰা দৃশ্যসজ্জা, আলোক সজ্জা, সংগীত আৰু নিউ মিডিয়া ডিজাইনেৰে নাটকখনি গঢ়ি তোলা হৈছে। নাটকৰ অভিকল্পনাৰ বিভিন্ন দিশত স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিক, নাট্য কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে সহায় সহযোগ আগবঢ়ায়। নিউ মিডিয়া ডিজাইন আৰু নাটকখনৰ সামগ্ৰিক নিৰ্মানত গৱেষক ছাত্ৰ অগ্নিমিত্ৰ বৰাই অৱদান যোগায়। প্ৰতিগৰাকী অভিনেত্ৰী-অভিনেতাৰ শক্তিশালী আৰু সাহসী অভিনয়ে নাটক খনৰ দৰ্শনৰ অভিজ্ঞতাক বহুমাত্ৰিক কৰি তোলে। নাটকৰ শেষত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ে ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰচেষ্টাৰ সলাগ লয় আৰু এনেদৰে কলাসৃষ্টিত অবিৰতভাৱে ব্ৰতি হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।
দৰ্শকৰ পৰা উচ্চ প্ৰশংসা বোটলা নাটকখন বিভাগৰ ইতিহাসতে এক লেখত ল’বলগীয়া প্ৰযোজনা হিচাপে চিহ্নিত হৈছে।
A Milestone in Creative Expression: Staged at Majuli University of Culture
On May 7, 2026, the Tejaswita Shilpashala at Majuli University of Culture witnessed a landmark theatrical production titled . Presented by the M.A. 4th Semester theatre art students of the Department of Performing Arts, the play was a culmination of their "Advanced Theatre Making" course.
Exploring the sensitive and profound theme of same-sex love, the production moved the audience with its emotional resonance and thought-provoking narrative.
Developed, planned, devised and performed by the students themselves, the project was supervised by Dr. Anupam Kaushik Borah, Head of the Department and Assistant Professor (Theatre Art).
The integration of multi-layered scenography, innovative lighting and new media design offered a multidimensional viewing experience that pushed the boundaries of traditional theatre.
The Honorable Vice-Chancellor of the university graced the occasion, lauding the students for their bold creative vision and encouraging them to persist in such meaningful artistic endeavors. stands as a historic production in the department's journey, receiving high acclaim for its powerful performances and technical brilliance.
29/04/2026
The Department of Performing Arts of Majuli University of Culture celebrated World Dance Day 2026 with great enthusiasm and cultural vibrancy within the university premises. The occasion, globally observed on 29th April to promote awareness of the art of dance and its universal appeal. The programme commenced with an inaugural session by respected Registrar of the University and marked by a series of engaging performances showcasing classical, folk, and creative dance forms.
A special highlight of the event was the visit of the Women on Wheels (Kameng Group) – Season 4, a group known for the spirit of adventure and contribution towards women empowerment.
The programme concluded with a formal Vote of Thanks delivered by Dr. Dimple Saikia, Assistant Professor, Department of Performing Arts.
28/04/2026
With great pleasure we would like to share that bona fide student of Department of Performing Arts, Majuli University of Culture, Brishtirani Hazarika of FYIMP Semester VI, Performing Arts, Theatre Stream is invited to present her solo physical theatre performance “Moonlight of the Island” - her own concept, performance and direction work, in Colombo International Theatre Festival 2026, at Colombo, Sri Lanka on 23rd August, 2026. She will participate in the festival under the banner of AANK - A Creative Line. The Department of Performing Arts, as a part of its outreach effort and student/artiste collaboration initiatives, has been sending students to an international theatre festival cm workshop called BBITF : Bhulung Bhuthur International Theater Festival organised by AANK - A Creative Line in Guwahati for the past two years. One of our most dedicated students, Brishtirani, has received this rare opportunity to go abroad with her own creation.
We share our happiness with the community and we seek your support and goodwill for such future efforts of the department. Thank you.
28/04/2026
পৰিৱেশ্য কলা বিভাগ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিক, নাট্যকলা শাখাৰ ছাত্ৰ-ছাত্ৰী সকলে বিভাগীয় প্ৰধান তথা নাট শাখাৰ সহকাৰী প্ৰাধ্যাপক ড• অনুপম কৌশিক বৰাৰ তত্ত্বাৱধানত অৰুণ শৰ্মা ৰচিত যুগজয়ী নাটক #আহাৰ-ৰ কিয়দাংশ #নাট_অভিকল্পনা_দৃশ্যকৰ্ম বা হিচাপে ২৭ এপ্ৰিল, ২০২৬ ত বিভাগৰ শ্ৰেণীকোঠা -৪ ত পৰিৱেশন কৰে। সামগ্ৰী বা বস্তুৱে কঢ়িয়াই ফুৰা অৰ্থ আৰু অভিজ্ঞতাক নাটকৰ বাবে ঠাই নিৰ্মান, পৰিৱেশ আৰু মনস্থিতি নিৰ্মানত ব্যৱহাৰ কৰি নাটকৰ বহুতৰপীয়া অৰ্থ আৰু অভিজ্ঞতা উজাগৰ কৰাটোৱেই আছিল অনুশীলনটোৰ মূল উদ্দেশ্য। ছাত্ৰ-ছাত্ৰীসকলে সীমিত সুবিধা আৰু সম্পদৰ অভাৱ - এই প্ৰত্যাহ্বানক ধনাত্মক ভাৱে লৈ Found Objects আৰু পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ কৰি “আহাৰ” নাটকখনৰ বহুমাত্ৰিক আৰু মুডি জগতখন সৃষ্টি কৰে। দৃশ্যকৰ্মৰ সহৃদয় দৰ্শক আৰু অভিভাৱক হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে ছাত্ৰ-ছাত্ৰীৰ এই সৃষ্টিক ভূয়সী প্ৰশংসা কৰি পৰিৱেশ্য কলাৰ প্ৰায়োগিক শিক্ষাৰ ওপৰত বিশ্ববিদ্যালয় তথা বিভাগে প্ৰদান কৰা অপৰিসীম গুৰুত্বৰ কথা পুণৰ্বাৰ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা এশ শতাংশ একাগ্ৰতা আৰু অৰ্পণৰ মনোভাৱ আহ্বান কৰে। সহৃদয় দৰ্শক-অভিভাৱক বিশ্ববিদ্যালয়ৰ পঞ্জিয়ক মহোদয়ে ছাত্ৰ-ছাত্ৰীসকলে যিহেতু বিশেষজ্ঞ শিক্ষক লাভ কৰিছে, গতিকে তেওঁলোকে তাৰ সম্পূৰ্ণ সুবিধা লৈ নিজকে আগবঢ়াই নিয়াত নিয়োজিত হ’ব লাগে বুলি মত পোষণ কৰে। দৰ্শক ছাত্ৰ-ছাত্ৰীসকলে দৃশ্যকৰ্মৰ খুঁটি-নাতি উল্লেখ কৰি নিজৰ মত আগবঢ়ায় আৰু শিল্পীসকলক অভিনন্দন জনায়।
Students of the Theatre Art stream, FYIMP 4th Semester, Department of Performing Arts, Majuli University of Culture, performed a segment of Arun Sarma’s timeless play as a on April 27, 2026, in Classroom-4. The scenework was created and performed under the supervision of Dr. Anupam Kaushik Borah, Head of the Department and Assistant Professor of the Drama stream.
The primary objective of this exercise was to highlight the multi-layered meanings and experiences of the play by using the inherent significance and experiences carried by "objects" to create space, atmosphere, and mood. Embracing the challenge of limited facilities and resources positively, the students utilized Found Objects and discarded materials to recreate the multidimensional and "moody" world of "Aahar."
The Honorable Vice-Chancellor of the university attended the event as an appreciative audience and mentor. He highly praised the students' creativity and reiterated the immense importance the university and the department place on practical education in performing arts. He further called for 100% dedication and commitment from the students. The Honorable Registrar, also present as a supportive observer, remarked that since the students are guided by expert faculty, they should take full advantage of this opportunity to advance their creativity and careers. The student audience also shared detailed feedback and congratulated the performers.
09/04/2026
পৰিৱেশ্য কলা বিভাগ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যায়, - ৰ সংগীত আৰু নৃত্য শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাহে ২৩ মাৰ্চ ৰ পৰা ২ এপ্ৰিল, ২০২৬ ত, সত্ৰীয়া সংগীত-নৃত্য-নাট্যৰ সাধক, বিশিষ্ট শিল্পী মুহিকান্ত বৰবায়ন তথা বৰবাগায়ন ডাঙৰীয়াই বিভাগৰ বিশেষ গুৰুত্বৰ বিষয় সত্ৰীয়া সংগীতৰ এক দহ দিৱসীয় কৰ্মশালাত প্ৰসঙ্গীয়া বৰগীতৰ প্ৰশিক্ষণ আগবঢ়ায়। ছাত্ৰ-ছাত্ৰী সকলে কৰ্মশালাৰ শেষত ২ এপ্ৰিলৰ দিনা ব্যৱহাৰিক পৰীক্ষাত শফলতাৰে অৱতীৰ্ণ হয়। এই কৰ্মশালা অসমৰ পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংস্কৃতিৰ প্ৰশিক্ষণ আৰু বিস্তাৰৰ বাবে বিভাগে লোৱা এক অন্যতম পদক্ষেপ।
Department of Performing Arts, Majuli University of Culture, successfully organized a specialized 10-day workshop on Sattriya Music - Prasangiya Borgeet for FYIM 2nd Semester and MA 2nd Semester Dance and Music Specialisation students, from March 23 to April 2, 2026. We were honored to have the renowned Sattriya Culture Exponent , Shri Muhikanta Borbayan and Borgayan, lead the sessions. The workshop concluded on April 2 with a practical assessment, where our talented students demonstrated their learning with great success. This initiative marks another significant step by the department toward the preservation, training, and global promotion of Assam’s rich classical culture.
07/04/2026
#আহাৰ #অৰুণ_শৰ্মা
পৰিৱেশ্য কলা বিভাগ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, নাট্য শাখাৰ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীয়ে অৰুণ শৰ্মাৰ প্ৰখ্যাত নাটক “আহাৰ”ৰ বাবে নাট্য অভিকল্পনা (থিয়েটাৰ ডিজাইন) কৰি আছে। বিভাগীয় প্ৰধান তথা নাট্য শাখাৰ সহকাৰী প্ৰাধ্যাপক ড• অনুপম কৌশিক বৰাৰ তত্ত্বাৱধানত Theatre Design and Design Scenework পাঠৰ এই প্ৰশিক্ষণৰ মাজতে ৬ এপ্ৰিল, ২০২৬ ত এক শ্ৰেণীকোঠা উপস্থাপন কৰা হয় য’ত ছাত্ৰ-ছাত্ৰীসকলে নাটকখনৰ দুটা মূখ্য অংশৰ “নাটকীয় পঠন” বা “ড্ৰেমেটিক ৰীডিং” কৰে।
The students of the Five Year Integrated Masters in Performing Arts (4th Semester), Theatre Art stream at Majuli University of Culture are diving deep into the world of Arun Sarma’s iconic play, "Ahaar." As part of their Theatre Design and Design Scenework training, under the expert guidance of Dr. Anupam Kaushik Borah (HOD & Assistant Professor, Theatre Art), a special classroom presentation was held on April 6, 2026. The highlight of the session was a "Dramatic Reading" of two major portions of the play, bringing the script to life through reading and space design.
06/04/2026
এতিয়াও নামবিহীন এখন নাটক
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাট্য শাখাৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী-ছাত্ৰ সকলে Advance Theatre Making / Students’ Production বিষয়ৰ কাৰণে এখন এতিয়াও নামবিহীন নাটক নিৰ্মান কৰি আছে। বিভাগীয় প্ৰধান তথা নাট্যশাখাৰ সহকাৰী প্ৰাধ্যাপক ড• অনুপম কৌশিক বৰাৰ তত্ত্বাৱধানত ছাত্ৰী-ছাত্ৰবৃন্দই আজি এক Work in Progress Classroom Demonstration প্ৰস্তুত কৰে। উল্লেখ্য যে এই নাটখনিৰ সম্পূৰ্ণ দৰ্শনী এটি এই মাহৰে শেষলৈ আগবঢ়োৱা হ’ব।
A play yet untitled
Exciting times at the Department of Performing Arts, Majuli University of Culture! The PG 4th-semester students of the Theatre Art stream are currently crafting a yet untitled play as part of their Advance Theatre Making / Students’ Production course/project. Under the expert guidance of Dr. Anupam Kaushik Borah (HOD & Assistant Professor, Theatre Art), the students successfully presented a 'Work in Progress' Classroom Demonstration today, showcasing their hard work and creative evolution. Stay tuned—the full performance is set to take the stage by the end of this month!
02/04/2026
Department of Performing Arts, MUC, FYIM Sem 6, Theatre Art students, under the guidance of Assistant Professor of Theatre Art Gunamoni Boruah, showcased their Physical Theatre Solo Pieces today at Tejashwita Shilpashala of Majuli University of Culture. The students had the opportunity to experience acting and performance through yet another unique creative process.
28/03/2026
২০২৬ বৰ্ষৰ ২৭ মাৰ্চ, বিশ্ব নাট্য দিৱসৰ বিশেষ ক্ষণত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাট শাখাৰ উদ্যোগত এক অনন্য নাট্য আয়োজন সম্পন্ন হৈ যায়। বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱনৰ প্ৰাণৱন্ত পৰিৱেশত বিভাগৰ সহকাৰী অধ্যাপক গুণমনি বৰুৱাৰ পৰিচালনা আৰু গুৰু প্ৰেম ওজা বৰবায়নৰ তত্ত্বাৱধানত স্নাতকোত্তৰ ২য় ষান্মাসিকৰ শিক্ষাৰ্থীসকলে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ৰুক্মিণী_হৰণ নাটখনি সম্পূৰ্ণ অঙ্কীয়া নাটৰ শৈলীত অতি নিপুণতাৰে পৰিৱেশন কৰে। WorldTheaterDay উদযাপনৰ অংশ হিচাপে বিশ্ব নাট্য দিৱসৰ বাৰ্তা অসমীয়াত স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী বৃষ্টিৰাণী হাজৰিকাই আৰু ইংৰাজীত সন্মানীয় বিভাগীয় প্ৰধান ড• অনুপম কৌশিক বৰা দেৱে পাঠ কৰি নাটকৰ বিশ্বজনীন মহত্বৰ বিষয়ে আলোকপাত কৰে। ছাত্ৰ-ছাত্ৰীৰ শৈল্পিক উত্তৰণৰ এই বিশেষ অনুশীলনৰ সময়ত আমাৰ মাজত মুখ্য পৃষ্ঠপোষক আৰু সাক্ষী হিচাপে উপস্থিত থাকি আমাক উৎসাহিত কৰে বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ে।
DrAnupam K Borah