18/10/2025
"কিতাপ নথকা জাতিক 'গামোচা'ই বচাব নোৱাৰে।" — জুবিন গাৰ্গ
প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই গ্ৰন্থ-পৰিচয়ৰ শেহতীয়া কোষগ্ৰন্থখন গ্ৰন্থপ্ৰেমী লেখকসকলৰ দ্বাৰাই ইয়াতে উন্মোচন কৰা হ’ল৷
পাঠকৰ পছন্দৰ প্ৰায় ৪৪৫ খন গ্ৰন্থৰ পুথি পৰিচয়(অসমীয়া/ইংৰাজী ভাষাত) একে ঠাইতে পোৱা এইখনেই হয়তো প্ৰথম গ্ৰন্থ৷
গ্ৰন্থখনৰ জন্ম-পৰিক্ৰমা সম্পাদকীয়ত লিখিছোঁ৷
২০২০ চনৰ কৰ’না মহামাৰীৰ সময়ত অনুষ্ঠিত কিতাপ পঢ়ি অনুভৱ লিখা এটি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ নিৰ্বাচিত লেখাৰ একত্ৰ সংকলন এই গ্ৰন্থখন৷
কিতাপ ভালপোৱা বহু পাঠকে ইয়াত ’লেখক’ৰ পৰিচয় এটা পাইছে৷ যিবোৰ কিতাপৰ আলোচনা হৈছে সেইসমূহ কিতাপৰ লেখকসকলেও নিশ্চয় নতুন উদ্যম এটা পাব৷ এইদুটা কথাৰ বাবে মই কামটো কৰি সন্তোষ পালোঁ৷
লেখাৰে অৰিহণা যোগোৱা সকলো নতুন আৰু প্ৰতিষ্ঠিত লেখকলৈ মোৰ স্নেহ-শ্ৰদ্ধা-সেৱা জনালোঁ৷
নানাৰঙী কিতাপৰ বিনন্দীয়া ফুলনি ’গ্ৰন্থাভাস’খন আপোনালোকৰ আগত তুলি ধৰিবলৈ পাই আমি সন্তোষ পাইছোঁ৷ কাকতালীয়ভাৱে চৰকাৰে ২০২৫ বৰ্ষটো ‘কিতাপৰ বৰ্ষ’ বুলি ঘোষণা কৰিছে৷ ভাল কথা৷
#গ্ৰন্থাভাসTHE_BOOK_REVIEWS সম্পাদকীয়ৰ একাংশ ...
বিভিন্ন গ্ৰন্থৰ আভাস পাব বাবেই এই গ্ৰন্থখনৰ নাম দিয়া হৈছে 'গ্রন্থাভাসTHE BOOK REVIEWS'। এই গ্ৰন্থখনৰ জৰিয়তে ৫৬০ জন পাঠক-লেখকৰ প্ৰথম পছন্দৰ ৪৪৫ খন গ্রন্থৰ বিষয়ৰ আভাস যে একে ঠাইতে পাব- সেই কথাটো ভাবি আমি সন্তোষিত। তদুপৰি কৰ'নাৰ সংশয়াচ্ছন্ন সময়তো সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছয় শতাধিক লোকে দাঙি ধৰা গ্ৰন্থপ্ৰেমৰ নিৰ্মল নিদৰ্শনৰ স্মাৰক এই গ্রন্থখন - এই কথাটোৱে আমাক আৰু বেছি আনন্দ দিছে। লেখাৰ বৃহৎ সংখ্যা, বহু চেমনীয়া লেখকৰ লেখাৰ অপৰিচ্ছন্নতা, ইউনিক'ডৰ আখৰত থকা লেখাবোৰৰ কাৰিকৰী সীমাবদ্ধতা আদি বিভিন্ন কাৰণত কিতাপখন প্রকাশ হোৱাত পলম হোৱাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।..
পুথি পৰিচয়ৰ এই কোষ-গ্ৰন্থখনত অতিথি লেখকসকলৰ ভিন্ন বিষয়ৰ প্ৰায় কুৰিটা লেখা বাদ দি উপন্যাস (১৪০ খন), নাটক (৪ খন), নিবন্ধ (৪২ খন), ভাষাবিজ্ঞান-সাহিত্য সমালোচনা (১১ খন), গীত-কবিতা (১১ খন), গল্প (১৫ খন), জীবনমুখী বা অনুপ্ৰেৰণামূলক (২৬ খন), শিশু-কিশোৰ উপযোগী (৫৬ খন), জীৱনী-আত্মজীৱনী-আত্মলেখা (২০ খন), ভ্রমণ-কাহিনী, ধর্মীয়, কেৰিয়াৰ, দক্ষতা বিকাশ, সংস্কৃতি, বিজ্ঞান, প্রকৃতি 'আদি বিভিন্ন বিষয়ক (২৫ খন) কিতাপ আৰু ইংৰাজী ভাষাত ৮২ জন লেখকে লিখা বিভিন্ন শাখাৰ ৭৫ খন কিতাপৰ চমু আলোচনাই ঠাই পাইছে। ..
এই গ্ৰন্থখনে ন-পঢ়ুৱৈক কিতাপ একোখন বিস্তৃতভাৱে পঢ়াৰ আগতে প্রাথমিক আভাস দিয়াত সহায় কৰিব। পাঠকসকলে কমসময়ত বহু গ্ৰন্থৰ মধুৰস আস্বাদন কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। পাঠকৰ এই উদ্দেশ্যও যদি সফল হয় আমাৰ শ্রম সার্থক হোৱা বুলি ভাবিম। সেৱাৰে-
ড° বিন্দু ভূষণ বৰা
মুখ্য সম্পাদক, গ্রন্থাভাস
THE BOOK REVIEWS
৩০ জুলাই, ২০২৫