Jorhat college AASU UNIT

Jorhat college AASU UNIT This is a unit of All Assam Students' Union(সদৌ অসম ছাত্র সন্থা).

যোৰহাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ পদত নৱনিযুক্ত ড° সৌমিত্ৰ পূজাৰী ছাৰক যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা জ্ঞাপন ...
22/09/2024

যোৰহাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ পদত নৱনিযুক্ত ড° সৌমিত্ৰ পূজাৰী ছাৰক যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা। আশা কৰো আপোনাৰ সু নেতৃত্বত যোৰহাট মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনত এক নতুনত্বৰ আলোড়ন সৃষ্টি কৰিব।

Soumitra Puzari

Jorhat Aanchalik Satra Xantha(Jorhat Regional Students Union)

সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ ডাঙৰীয়া আকস্মিক দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ খবৰে আমাক মৰ্মাহত...
22/03/2024

সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ ডাঙৰীয়া আকস্মিক দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰিছে । তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক।

যোৰহাট মহাবিদ্যালয় ছাত্র একতাসভাৰ নিৰ্বাচনত সকলো পদবীতে "আছু "  সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে।    জয় আই অসম।
25/12/2021

যোৰহাট মহাবিদ্যালয় ছাত্র একতাসভাৰ নিৰ্বাচনত সকলো পদবীতে "আছু " সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে।
জয় আই অসম।

05/08/2021
এওঁ কোন আপোনালোকে জানেনে !    আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ (৫৯৬)  লাভ কৰা মেল...
30/07/2021

এওঁ কোন আপোনালোকে জানেনে !
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ (৫৯৬) লাভ কৰা মেলেং প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অম্লানজ্যোতি শইকীয়া । অৰ্থনৈতিক অগ্ৰসৰতাক প্ৰত্যাহ্বান হিচাপে লৈ তিনিটাকৈ বিষয়ত ১০০ নম্বৰ লাভ কৰা এইগৰাকী ছাত্ৰক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱা হয় । লগতে ছাত্ৰজনৰ শৈক্ষিক ব্যয়ৰ ক্ষেত্ৰত আগন্তুক সময়ত জিলা ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।

Our initiative
22/07/2021

Our initiative

অসমৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত ছাত্ৰ সন্থাৰ প্ৰাথমিক উদ্দেশ্য। ক'ভিদসৃষ্ট পৰিৱেশৰ বাবে বৰ্তমান যোৰহাট জিলাত...
21/07/2021

অসমৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত ছাত্ৰ সন্থাৰ প্ৰাথমিক উদ্দেশ্য। ক'ভিদসৃষ্ট পৰিৱেশৰ বাবে বৰ্তমান যোৰহাট জিলাত ইণ্টাৰনেট কেফেসমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীসকল অন-লাইন প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সহায়-কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰবন্ধুসকলক নিম্নলিখিত ফোন নম্বৰকেইটাত যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ ৷

গতবৰ্ষৰ দৰে এইবাৰো আমি যোৰহাটবাসীৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰিম,এই সেৱা অহা ইং ৮ জুলাইৰ পৰা উপলব্ধ হ'ব ৷ ৰাইজে প্ৰয়োজন হ'লে ...
06/07/2021

গতবৰ্ষৰ দৰে এইবাৰো আমি যোৰহাটবাসীৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰিম,এই সেৱা অহা ইং ৮ জুলাইৰ পৰা উপলব্ধ হ'ব ৷ ৰাইজে প্ৰয়োজন হ'লে যোগাযোগ কৰিব ৷

যোৰহাট মহাবিদ্যালয় ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদকে ধৰি সকলো পদতে আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিব...
16/03/2021

যোৰহাট মহাবিদ্যালয় ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদকে ধৰি সকলো পদতে আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

08/03/2021

যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পৰ্বত উপ-সভাপতি,সাধাৰণ সম্পাদককে ধৰি ১১ টা পদত "আছু" সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে ৷ কেৱল সভাপতি পদৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

আজি ০৬-০২-২০২১তাৰিখে শনিবাৰে পুনঃ গঠন কৰা হয় যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা ৰ অৰ্ন্তগত  #যোৰহাট মহাবিদ্যালয় আছু গোট #৷  সভা...
06/02/2021

আজি ০৬-০২-২০২১তাৰিখে শনিবাৰে পুনঃ গঠন কৰা হয় যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা ৰ অৰ্ন্তগত #যোৰহাট মহাবিদ্যালয় আছু গোট #৷ সভাখনিত যোৰহাট মহাবিদ্যালয় আছু গোটৰ সভাপতি বিভাষ বৰদলৈক আৰু সাধাৰণ সম্পাদক ক্ৰমে নিচা মণ্ডল আৰু দিপজ্যোতি মহন্ত ক দায়িত্ব অৰ্পণ কৰা হয়৷ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে মহাবিদ্যালয়ৰ আছু গোটৰ সক্ৰিয়তাৰ পৰিচয় দিলে।

উক্ত সভাখনিতে নিৰ্বাচিত সকলো কেইজন তথা উপস্থিত সকলোৱে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ পৱিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি সংবিধানৰ লক্ষ্য আৰু
উদ্দেশ্য পূৰণাৰ্থে নিজ নিজ দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি শপত গ্ৰহণ কৰে ৷

জয় আই অসম।।

Address

Jorhat
785001

Telephone

+918399855943

Website

Alerts

Be the first to know and let us send you an email when Jorhat college AASU UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share