14/11/2025
দিনাংক - ১৪ নবেম্বৰ ২০২৫
স্থান- হিন্দুবাৰী ভকতগাঁও প্ৰাথমিক বিদ্যালয়
উদ্যোগ - বন্ধু বিদ্যালয় যোগীভেটা বাগান প্ৰাথমিক বিদ্যালয় আৰু হিন্দুবাৰী ভকতগাঁও প্ৰাথমিক বিদ্যালয়
উপলক্ষ্য - শিশু দিৱস আৰু ভগৱান বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আয়োজিত জনজাতীয় গৌৰৱ পষেকৰ কাৰ্যসূচী
সৰ্বপ্ৰথমে হিন্দুবাৰী অঞ্চলৰ বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ৰাজেন ৰাজোৱাৰৰ দ্বাৰা ভগবান বীৰছা মুণ্ডা আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ-দীপ প্ৰজ্বলন কৰা হয়। তেখেতে ভগবান বীৰছা মুণ্ডাৰ জীৱনৰ চমু আলোকপাত কৰে।
হিন্দুবাৰীৰ দৰে পিছপৰা অঞ্চলৰ পৰা সমগ্ৰ চেনিজান আৰু মেলেং চাহ বাগিছালৈ সুনাম কঢ়িয়াই অনা হিন্দুবাৰীৰ পৰা অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হৈ সহকাৰী গানণিক বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম ব্যক্তি, হিন্দুবাৰীৰ গৌৰৱ বৰ্ণালী ৰাজোৱাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক অভিৰোচন কৰা হয়।
সভাত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন শৈক্ষিক আৰু সাংস্কৃিতক প্ৰতিযোগিতা আৰু স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ বিতৰণ কৰা হয়।
ৰাজেন ৰাজোৱাৰ, বৰ্ণালী ৰাজোৱাৰ, অসম আৰক্ষীত নিযুক্তি লাভ কৰা বৰুণ কুৰ্মী আৰু ২১ নং হোলোঙাপাৰ বাগান পঞ্চায়তৰ সভাপতিৰূপে জয়যুক্ত হোৱা হিন্দুবাৰীৰ উদীয়মান নেতা অতুল ফুলমালীক সম্বৰ্ধনা জনোৱা হয়।
প্ৰতি শিশু এপাহ মৰমলগা ফুল। ফুলবোৰত উপযুক্ত পৰিৱেশ দি গঢ় দিয়াটো আমাৰ প্ৰতিজনৰে দায়িত্ব। আজিৰ সবাত উপস্থিত অতিথি, অভিভাৱক সকলোকে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আহক সকলোৱে এই ফুলবোৰ ৰঙীণ হৈ সমাজখন সুন্দৰ কৰাত অৰিহণা যোগাওঁ...