12/04/2026
জাননী
সন্মানীয় অভিভাৱকসকল,
আপোনালোকক জনোৱা হয় যে যোৱা ৫ তাৰিখৰ পৰা আমাৰ বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছিল যদিও শিক্ষাৰ্থীৰ উপস্থিতি কম থকাৰ বাবে বৰ্তমানলৈকে গৃহকৰ্ম (Homework) দিয়া হোৱা নাই আৰু নিয়মীয়া পাঠদানো সম্পূৰ্ণৰূপে আৰম্ভ কৰিব পৰা হোৱা নাই।
অহা সোমবাৰৰ পৰা শ্ৰেণীসমূহৰ নিয়মীয়া পাঠদান আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচীসমূহ সুচাৰুৰূপে আৰম্ভ কৰা হ’ব। সেয়েহে, সোমবাৰৰ পৰা সকলো লৰা-ছোৱালীক বিদ্যালয়ত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল।
ধন্যবাদেৰে,
অধ্যক্ষ
মদিনা দ্বিনী জাতীয় বিদ্যালয়, আধিয়াৰপাৰা