11/05/2025
কলাজৰ উদ্যোগত হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু মানপত্ৰসমূহ আজি কলাজত অনুস্থিত এখন গম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়। মহানগৰীৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক এই অনুস্থানত মানপত্ৰ প্ৰদান কৰাৰ লগতে স্থানপ্ৰপ্ত সকলক পুৰস্কৃত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সুদক্ষ অভিনেতা ৰাজু বৰা, সমাজ কৰ্মী হৃশিকেশ শৰ্মা আৰু গ্ৰণ্ঠগাৰিক তথা ইউটিউবাৰ জীয়াৰুল চৌধুৰী। কলাজৰ সচিব গগন বৰ্মনৰ চিন্তা আৰু পৰিচালনাৰে আয়োজিত অনুষ্ঠানটিত কলাজৰ ছাত্ৰ প্ৰিয়ম বৰাই কবিতা আবৃত্তি আৰু ডলী দাসে সুমধুৰ সংগীত পৰিবেশন কৰাৰ লগতে কেউজনে নিজৰ সুন্দৰ মতামত দাঙি ধৰে। উল্লেখযোগ্য যে ২০১২ চনতে প্ৰতিস্থিত কলাজ এডুকেশ্বনে যোৱা তেৰটা বছৰ শিক্ষা আৰু সাংস্কৃতিক দিশত সমাজত বিভিন্ন ধৰণে উল্লেখযোগ্য অৰিহনা যোগাই আহিছে। প্ৰতিবছৰে কলাজৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উল্লেখযোগ্য ফলাফল দেখুৱাই আহিছে। আজি অনুস্থিত পুৰস্কাৰ বিতৰণ অনুষ্ঠানত কলাজ এডুকেশ্বনৰ লগতে কলাজ আৰ্ট স্কুল আৰু কলাজ সংগীত বিদ্যালয় এখনো আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হয়। কলাজৰ সচিব গগন বৰ্মনে অনুষ্ঠানত এই কথা ৰাজহুৱা ভাবে সদৰি কৰে।
29/01/2023
Saraswati Puja 2023.
সৰস্বতী পূজা।
Late upload. 🙂
27/12/2022
KOLAZ ৰ পৰা হাহিমলৈ। ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু
অভিভাৱকৰ সৈতে কটোৱা এটি সুন্দৰ দিন।
18/11/2022
১৮ নবেম্বৰৰ দিনটো আমাৰ বাবে এটা বিশেষ দিন। ২০১২ৰ পৰাই 'কলাজ'ৰ উদ্যোগত ভিন্ন কাৰ্যসূচীৰে গুৱাহাটীৰ বিভিন্ন ঠাইত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ 'স্মৃতিদিৱস' পালন কৰি আহিছোঁ। একেই ধাৰাবাহিকতা ৰক্ষা কৰি আজিৰ দিনটো উদযাপন কৰিলোঁ কবিজনাৰ নামত কলাজ প্ৰাংগনত।
আমাৰ সমাজত সম্ভৱতঃ ৰঘুনাথ চৌধাৰীয়েই আটাইতকৈ কম চৰ্চিত ব্যক্তি। ৰঘুনাথ চৌধাৰীৰ সৃষ্টশীলতাৰ বিপৰীতে ব্যক্তিগত জীৱনো আছিল বিষাদ আৰু কাৰুন্যৰে ভৰা। তেওঁৰ কবিতাৰ দৰেই তেওঁৰ জীৱনো সমানেই চৰ্চা হোৱাটো আমি বিচাৰোঁ। ৰঘুনাথ চৌধাৰী যে কেৱল এজন কবিয়েই আছিল তেনে নহয়, গদ্য ৰচনাতো তেওঁ বিচক্ষণতাৰ পৰিচয় দি থৈ গৈছে। ৰঘুনাথ চৌধাৰীৰ কবিতাবোৰ গান হওঁক, গদ্যবোৰ নাটক হওঁক আৰু মানুহৰ মাজলৈ বিয়পি পৰক। নতুন চামে ৰঘুনাথ চৌধাৰীৰ সৃষ্টিক অনুভৱ কৰক, এয়াই আমি বিচাৰোঁ।
15/11/2022
শিশু দিৱস ২০২২, KOLAZ
Children's Day Celebration at KOLAZ
06/11/2022
KOLAZ Talent Search Exam 2022
কলাজৰ প্ৰতিভা সন্ধানী পৰীক্ষা ২০২২
Thank you dear students for participating in it. Thank you Hiranmoy Da
Thank you Anjan da Anjan Sarma
Thank you Pinky ma'am Pinky Kalita
Thank you Gitimalika
Thank you Isha kashyap
Thank you Bidyasagar Rijumoni Bhuyan
Thank you Dibyartha
You all have made the program successful.
14/09/2022
#হিন্দী_দিৱস_উদযাপন
👍 A few snaps from Today's program at KOLAZ EDUCATIONS. Hindi Diwas Karyakram at KOLAZ Thank you all my lovely students for your participation. You all are awesome. 👍