UCC ৰ bill খনত কি আছে?
Nurul Amin
এটাই কথা,,
অসমত অসমীয়া প্রথম,,
জয় আই অসম,,
সাৱধান! PM kisan ৰ নামত ডাঙৰ fraud !
28/05/2026
মেটা (Meta) কোম্পেনীয়ে শেহতীয়াকৈ তেওঁলোকৰ তিনিটা জনপ্ৰিয় প্লেটফৰ্ম— ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ বাবে এক নতুন পেইড ছাবস্ক্ৰিপচন (Paid Subscription) বা ধন দি ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা বিশ্বজুৰি আৰম্ভ কৰিছে।এই নতুন ছাবস্ক্ৰিপচন মড্যুলৰ বিষয়ে প্ৰয়োজনীয় কথাখিনি তলত আলোচনা কৰা হ’ল:
১/ এই সেৱা ল’লে আপুনি কি কি সুবিধা পাব?মেটা-ই তেওঁলোকৰ এই এপবোৰৰ এটা 'Plus' সংস্কৰণ মুকলি কৰিছে, য’ত সাধাৰণ ব্যৱহাৰকাৰীতকৈ কিছুমান অতিৰিক্ত আৰু উন্নত সুবিধা পোৱা যাব
:Instagram Plus আৰু Facebook Plus: ইয়াত আপুনি উন্নত এনালাইটিক্স (Analytics), ষ্ট’ৰী কোনে কোনে পুনৰ চালে তাৰ পৰিসংখ্যা (Story rewatch statistics), আপোনাৰ পোষ্ট বেছি মানুহৰ ওচৰলৈ যোৱাৰ সুবিধা (Wider audience reach) আৰু প্ৰফাইলটো নিজৰ মতে সজাই লোৱাৰ (Customization) বিকল্প পাব। ইয়াৰ উপৰিও এআই (AI) চালিত উন্নত ভিডিঅ' এডিটিং আৰু ক্ৰিয়েটিভ টুলছ ব্যৱহাৰ কৰিব পাৰিব।
WhatsApp Plus: ইয়াত বিশেষভাৱে মেছেজিং অভিজ্ঞতা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যেনে— প্ৰিমিয়াম ষ্টিকাৰ, নিজৰ পছন্দৰ ৰিংট’ন আৰু বিশেষ ধৰণৰ এপ থিম (Themes) ব্যৱহাৰৰ সুবিধা।
২/ ইয়াৰ বাবে মাহিলী খৰচ কিমান হ’ব?
মেটা-ই ঘোষণা কৰা গোলকীয় মূল্য অনুসৰি:Instagram Plus: মাহে $৩.৯৯ (ভাৰতীয় টকাত প্ৰায় ₹৩৮৭ টকা)।Facebook Plus: মাহে $৩.৯৯ (ভাৰতীয় টকাত প্ৰায় ₹৩৮৭ টকা)।WhatsApp Plus: মাহে $২.৯৯ (ভাৰতীয় টকাত প্ৰায় ₹২৯০ টকা)।(মন কৰিব যে মেটা-ই ভৱিষ্যতে এই সকলোবোৰ সেৱা একেলগ কৰি "Meta One" নামৰ এটা একক প্লেনৰ অধীনলৈ আনিব পাৰে)।
৩/ সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে কিবা সলনি হ’ব নেকি?
নহয়, আপোনাৰ বাবে একো সলনি নহয়। ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ সকলোৱে পইচা দিব নালাগে। বৰ্তমান আপুনি যিদৰে বিনামূলীয়াকৈ এই এপসমূহ ব্যৱহাৰ কৰি আছে, ভৱিষ্যতেও সেইদৰেই ফ্ৰী সংস্কৰণটো ব্যৱহাৰ কৰি থাকিব পাৰিব। যিসকল ক্ৰিয়েটৰ, বিজনেছ একাউণ্ট বা সঘনাই সামাজিক মাধ্যম ব্যৱহাৰ কৰা মানুহক এক্সক্লুচিভ ফিচাৰ লাগে, কেৱল তেওঁলোকৰ বাবেহে এই পেইড ছাবস্ক্ৰিপচনটো প্ৰস্তুত কৰা হৈছে ।
ঈদত কোৰবাণী দিয়াটো বাধ্যতামূলক নেকী? কোৰবানী কিয় দিয়া হয়?
27/05/2026
পেট্ৰ’ল-ডিজেলৰ ঘৰুৱা দাম সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আন্তৰ্জাতিক বজাৰত কেঁচা তেলৰ দামৰ ওপৰত।
মনমোহন সিং চৰকাৰৰ সময়ত (২০০৪-২০১৪) আন্তৰ্জাতিক বজাৰত কেঁচা তেলৰ দাম সৰ্বকালৰ সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি পাইছিল। ২০১২-১৩ চনত ইয়াৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ১১০ ৰ পৰা ১২০ ডলাৰ পৰ্যন্ত হৈছিলগৈ। ইমান তীব্ৰ বিশ্বজোৰা মূল্যবৃদ্ধিৰ পাছতো চৰকাৰে জনসাধাৰণক ৰাজসাহায্য (Subsidy) দি ঘৰুৱা বজাৰত দাম নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল।
মোডী চৰকাৰৰ সময়ত (২০১৪ ৰ পৰা) কাৰ্যকালৰ প্ৰথম কেইবাটাও বছৰত আন্তৰ্জাতিক বজাৰত কেঁচা তেলৰ দাম নাটকীয়ভাৱে হ্ৰাস পাই প্ৰতি বেৰেলত ৩০ ৰ পৰা ৫০ ডলাৰ হৈছিলগৈ। বিশ্ববজাৰত দাম ইমান কমাৰ পাছতো ভাৰতৰ গ্ৰাহকে তাৰ সুফল নাপালে, কাৰণ কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে এক্সাইজ ডিউটি (Excise Duty) বা কৰ বৃদ্ধি কৰি ৰাখিলে।
২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত হোৱা মূল্যবৃদ্ধি আছিল বিশ্ববজাৰৰ পৰিস্থিতিৰ বাবে। কিন্তু ২০১৪ চনৰ পিছত হোৱা মূল্যবৃদ্ধি চৰকাৰী কৰ নীতিৰ বাবে হৈছে।
২০১৪ চনত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত প্ৰতি লিটাৰত লগা এক্সাইজ ডিউটি আছিল প্ৰায় ৯.৪৮ টকা।
পৰৱৰ্তী সময়ত মোডী চৰকাৰে ইয়াক বৃদ্ধি কৰি প্ৰতি লিটাৰত ৩২.৯০ টকালৈকে লৈ গৈছিল (পিছলৈ অলপ কমোৱা হয় যদিও এতিয়াও পূৰ্বতকৈ বহুত বেছি)।
অৰ্থাৎ, আন্তৰ্জাতিক বজাৰত তেলৰ দাম কম থকাৰ পিছতো কেৱল চৰকাৰী কৰৰ বোজাৰ বাবেই জনসাধাৰণে বৰ্তমান ১০০ টকাতকৈ অধিক দামত পেট্ৰ’ল কিনিব লগা হৈছে।
২০০৪ চনত পেট্ৰ’লৰ দাম প্ৰায় ৩৫ টকা আছিল, যিটো ২০১৪ চনত প্ৰায় ৭০-৭৫ টকা হৈছিল। (বৃদ্ধি প্ৰায় ১০০
কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল— বেচ বা ভিত্তি নম্বৰটো (Base Number) যেতিয়া ডাঙৰ হয়, তেতিয়া শতকৰা হাৰটো কম যেন লাগে। ধৰি লওক, ১০০ টকাৰ বস্তু এটা ১২০ টকা হ’লে ২০% বৃদ্ধি হয়। কিন্তু সাধাৰণ মানুহ এজনৰ পকেটৰ পৰা ২০ টকা অতিৰিক্তভাৱেই ওলাই যায়। ১০০ টকা পাৰ হৈ যোৱাৰ পিছত প্ৰতি লিটাৰত ১ টকা বৃদ্ধি হোৱাটোও সাধাৰণ নিম্ন-মধ্যবিত্ত পৰিয়াল এটাৰ মাহিলী বাজেটৰ বাবে ডাঙৰ আঘাত।
"১০/১৫ বছৰৰ আগৰ মূল্যত বস্তু বিচৰাটো মূৰ্খামি"— এই কথাষাৰ তেতিয়াহে খাটিলেহেঁতেন, যেতিয়া মানুহৰ উপাৰ্জনো সেই অনুপাতে বৃদ্ধি পালেহেঁতেন।
যোৱা কেইবছৰমানত দেশত নিবনুৱা সমস্যা সৰ্বোচ্চ স্তৰত উপনীত হৈছে।
কৰ’না মহামাৰীৰ পিছত সাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপাৰ্জন হয় স্থবিৰ হৈ পৰিছে, নহয় হ্ৰাস পাইছে।
যেতিয়া পেট্ৰ’ল-ডিজেলৰ দাম ১০০ টকা পাৰ হয়, তেতিয়া কেৱল গাড়ী থকা মানুহৰে ক্ষতি নহয়; বৰং ট্ৰাক-পৰিবহণৰ খৰচ বৃদ্ধি পোৱাৰ বাবে শাক-পাচলি, দাইল, ঔষধ আৰু প্ৰতিটো নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ দাম বাঢ়ি যায়।
গতিকে, কেৱল 'শতকৰা হাৰ'ৰ অংক দেখুৱাই বৰ্তমানৰ মূল্যবৃদ্ধিক জাঁজি মাৰি উৰুৱাই দিব নোৱাৰি। বিশ্ববজাৰত তেলৰ দাম কম থকাৰ পিছতো দেশৰ ভিতৰত ১০০ টকাৰ ওপৰত পেট্ৰ’ল বিক্ৰী হোৱাটো কোনো অৰ্থনৈতিক সফলতা হ'ব নোৱাৰে, বৰং ই জনসাধাৰণৰ ওপৰত জাপি দিয়া কৰৰ অতিৰিক্ত বোজাহে। চৰকাৰী নীতিৰ সমালোচনা কৰাটো সচেতন নাগৰিকৰ কৰ্তব্য, তাক 'মূৰ্খামি' বুলি আখ্যা দিয়াটো গণতান্ত্ৰিক মানসিকতাৰ পৰিপন্থী।
:Manjit haloi ৰ লেখা।।
26/05/2026
26/05/2026
মানুহ জনে ভাল কথা কৈছে দেই 🔥
এই video টো south Africa ৰ বুলি নাভাবিব এয়া হৈছে আমাৰ ভাৰতৰে মধ্য প্ৰদেশৰ খাৰ্গেন জিলাৰ এটা পঞ্চায়তৰ।
বাইদেউ, এয়া লওক ১২৫০
এতিয়াতো সুখী আপুনি?
পেট্ৰলত আকৌ বাঢ়িল
২.৬১ টকা।
বিকাশ, বিকাশ আৰু বিকাশ
24/05/2026
🫡💀
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Guwahati
784145