05/05/2026
fans
We Publish & Distribute all types of books, including Fiction, nonfiction, school textbooks etc
“Inspiring Minds, Shaping Generations.”
Pragya Mediahype Publication, based in Guwahati, is a dynamic publishing house dedicated to promoting quality literature that enlightens and inspires. With over 150 titles across Assamese, English, Boro, and other languages, we bring diverse voices and creative expressions to readers of all ages. Our flagship Assamese textbook series — Pragya Adarsha Asomiya
05/05/2026
fans
📢 We’re Hiring –
Assistant Sales Manager
Mediahype Publication is looking for candidates (freshers/experienced) to promote and sell in schools across Assam.
🔹 Salary: Negotiable
🔹 Requires regular school visits
📩 Send resume + photo: [email protected]
📱 WhatsApp: 9864204728
Apply now! 🚀
29/04/2026
A book worth collection. If you want a copy, Contact us at 98642-04728
29/04/2026
২৩ শতাংশ বিশেষ ৰেহাই। জুবিন গাৰ্গৰ জীৱন আৰু ঘটনাৰাজিক লৈ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে লিখা ৰাংছাং-ৰ বাবে। শীঘ্ৰেই সংগ্ৰহ কৰক। বেছি দিনৰ বাবে নহয়।
ৰাংছাং-লিজেণ্ডছ নেভাৰ ডাই Rang Sang-Legends Never Die কিংবদন্তী গায়ক, সংগীত পৰিচালক, অভিনেতা, সুৰকাৰ-গীতিকাৰ জুবিন গাৰ্গৰ জীৱন, কৰ্ম আৰু ৰহস্যময় মৃত্যুৰ সঁচা কাহিনীবো.....
29/04/2026
30% Discount....Hurry...
এখন অনৱদ্য কিতাপ। ৰেহাই ৩০ শতাংশ। শীঘ্ৰেই সংগ্ৰহ কৰক।
BURNING ISSUES OF 21ST CENTURY | ANTHOLOGY | EDITORS: NITYA BORAH | DR. JAYANTA KUMAR SARMA | PUBLISH BY PURBANCHAL PRAKASH | The endurance of Indian democracy over the past seven decades has owed much to three elements the Parliament, the judiciary, and that curious but potent force called public opinion. The first two possess structure and authority; the third, though amorphous, exerts its influence through collective...
23/04/2026
আজি বিশ্ব গ্ৰন্থ দিৱস। কটন বিশ্ববিদ্যালয়ত চলি থকা গ্ৰন্থমেলাত আমি। fans
21/04/2026
Book Fair at Cotton University, Panbazar. From 21st to 23rd April, 2026. All are welcome.
10/04/2026
দিতিমণি গগৈৰ 'সাৰে আছানে জোনাকী পৰুৱা'- এক পর্যালোচনা
-দিগংগনা বৰগোহাঁই
গৱেষক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
৮৬৩৮৪৮১৩৯৯
সাহিত্যৰ আটাইকেউটা বিভাগৰ ভিতৰত চুটিগল্পৰ স্বাদ ল'বলৈ মই ভাল পাওঁ। উপন্যাসৰ ৰস ল'বলৈ কেইবাদিনো পঢ়ি থাকিবলগীয়া হোৱাৰ বিপৰীতে চমাৰছেট মমে কোৱাৰ দৰে একেটা বহাতে চুটিগল্প পঢ়ি শেষ কৰিব পাৰোঁ, কাহিনীৰ আঁতি-গুৰি বুজি আজৰি হৈ থাকিব পাৰোঁ। সেয়ে হয়তো মোৰ ওচৰত গল্পপুথিৰ সংগ্রহেই সৰহ।
শেহতীয়াকৈ লেখক তথা অনুবাদক দিতিমণি গগৈৰ 'সাৰে আছানে জোনাকী পৰুৱা' গ্রন্থখন পঢ়িলো।
২০২১ চনতে প্রকাশ পোৱা গ্ৰন্থখন ইমানদিনে কিয় নপঢ়াকৈ আছিলো বুলি নিজকে প্রশ্ন কৰিছোঁ। এই গ্রন্থখন দিতিমণি গগৈয়ে ভিন ভিন সময়ত ৰচনা কৰা ২৫ টা সুখপাঠ্য গল্পৰ একত্ৰ ৰূপ। এই বিষয়ে লেখকে গ্ৰন্থখনৰ অৱতৰণিকাত নিজেই কৈছে-
'জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু সৰু-সুৰা অনুভূতিবোৰে মোৰ মনত সৃষ্টি কৰা অনুভৱবোৰ প্ৰকাশ কৰি বিভিন্ন সময়ত একো একোটা ভিন্ন কাহিনীক গল্পৰ ৰূপ দি সাঁচি ৰাখিছিলো।'
একেটা বহাতে ইটোৰ পিছত সিটোকৈ ২৫ টা গল্প পঢ়ি শেষ কৰিলোঁ। প্ৰতিটো গল্পই বেলেগ বেলেগ ছবি আমাৰ চকুৰ আগত তুলি ধৰিছে। ভিন্ন বিষয়বস্তুৰে ৰচনা কৰা গল্পসমূহৰ মাজত কোনো যোগসূত্ৰ ৰক্ষা নকৰাত গল্পকেইটাৰ স্বকীয় বিষয়বস্তু ফুটাই তুলিবলৈ লেখক সক্ষম হৈছে। গল্পকেইটাৰ বিষয়বস্তু সম্পর্কে লেখকে নিজেই কৈছে-
'মানুহৰ জীৱনৰ বিভিন্ন স্তৰত মানুহৰ মানসিক অৱস্থা, নাৰীমনৰ বিচিত্ৰ অনুভূতিৰ প্ৰকাশ, তাৰ মাজতে সামাজিক সমস্যা, প্রেম-ভালপোৱা, দৈনন্দিন জীৱনৰ খুটি-নাটি, মান-অভিমান, ভিত্তিহীন আশংকা আদিয়েই মোৰ গল্পসমূহৰ মূল উপজীব্য। গাঁও-চহৰৰ ভিন্নতাই মানৱীয় মনত সৃষ্টি কৰা অনুভূতিও মোৰ বিভিন্ন গল্পত প্রতিফলিত হৈছে। প্রত্যেকটো গল্পতেই অনেক জটিলতাৰ মাজতো জীয়াই থাকিব খোজা মানুহৰ মনৰ সৰলতাখিনি তুলি ধৰিব খুজিছোঁ, কিমানদূৰ সফল হৈছোঁ, নাজানো।'
লেখকৰ এই কথাখিনি আৰু গল্পকেইটাৰ পঢ়ুৱৈ হিচাপে ক'ব পাৰোঁ যে তেখেতে যিসমূহ বিষয়বস্তু গল্পৰ মাজেৰে প্ৰকাশ কৰিব খুজিছে তাত সফল হৈছে। বর্তমান সমাজত আমি চকুৰ আগত দেখি থকা বিভিন্ন ঘটনা-সমস্যা আদিয়ে গল্পবোৰত ঠাই পাইছে। লেখকে নিজে ব্যক্ত কৰিছে যে গল্পৰ বিষয়বস্তুসমূহ তেখেতে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰিছে।
গ্ৰন্থখনৰ ২৫ টা ভিন্ন গল্পত আমি ২৫ টা ভিন্ন পৰিৱেশ-পটভূমিৰ মাজত বিচৰণ কৰোঁ। গল্পকেইটা পঢ়ি থকাৰ সময়ত কাহিনীটো চকুৰ আগত ভাঁহি অহাকৈ লেখকে চিত্রকল্প তৈয়াৰ কৰিছে। গ্ৰন্থখনৰ নামকৰণ কৰা 'সাৰে আছানে জোনাকী পৰুৱা' গল্পটিত লেখকে বর্তমান সময়ত সততে দেখিবলৈ পোৱা স্বার্থলোভী প্রেমক প্রতিফলিত কৰিছে।
'উপহাৰ' গল্পটি সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ এক জীৱন্ত প্রতিচ্ছবি। বর্তমান বিলাস বহুল সমাজত মধ্যবিত্ত শ্রেণীয়ে জীয়াই থাকিবলৈ আৰু সম্বন্ধ বজাই ৰাখিবলৈ যি সংগ্রাম কৰিব লগা হৈছে, সেই বিষয়ে গল্পটোৰ মাধ্যমেৰে প্ৰকাশ পাইছে-
'তাই চেপা মাতেৰে গিৰীয়েকক কৈছে, “হেৰা তুমিয়েই ইয়াক মান্তি কৰা, মই নোৱাৰিছোঁ আৰু এওঁলোকেও এইযোৰনো আনিলে বুলিয়েই পিন্ধাই দিব লাগেনে? অলপ ভাল কাপোৰ এযোৰ হ'লেও বেলেগ কথা আছিল, ক'ৰ পৰানো বুটলি আনিছে এইযোৰ...'
কথাকেইষাৰে মোৰ বুকুত নে মগজুত নে ... ক'ত বিন্ধিছেহি ধৰিব নোৱাৰিলোঁ। কাপোৰযোৰ শ্ৰীমতীয়ে বৰ আশাৰে কিনিছিল। আৰু ল'ৰাটোকো কাপোৰযোৰে তুলি ধৰিছিল। কিয় বা ৰুণুবে...।'
গল্পটোৰ এই অংশই একেটা পৰিয়ালৰ মাজতে থকা ধনী-দুখীয়াৰ অদৃশ্য দেৱালখনক স্পষ্টৰূপত প্ৰকাশ কৰিছে। যিটো আমি প্রায় ঘৰে ঘৰে দেখিবলৈ পাওঁ। মানৱীয় সম্বন্ধক গুৰুত্ব নিদি মানুহ আজিকালি বস্তুবাদী হৈ উঠিছে।
সাম্প্রতিক সময়ত ভাল কেৰিয়াৰ এটা গঢ়াৰ স্বাৰ্থত, আগবাঢ়ি যোৱাৰ স্বাৰ্থত আমি নিজৰ ব্যক্তিগত জীৱনটোক গৌণ জ্ঞান কৰোঁ। ইয়াৰ ফলত আমি বহু কিবাকিবি হেৰুৱাই পিছত অনুশোচনা কৰোঁ। কিন্তু সময়তেই যদি আমি সকলোবোৰ শুধৰাই নলওঁ, পিছত অনুশোচনা কৰাৰ কোনো অৰ্থ নাথাকে। 'সাগৰত আকাশৰ ছবি' গল্পটোৰ মাজেৰে তেনে এখন জীয়া ছবি পৰিস্ফুট হৈছে।
লেখক দিতিমণি গগৈয়ে এইদৰে বৰ্তমান সমাজৰ অসংখ্য ঘটনা-কাহিনীৰ মাজৰ পৰা ২৫ টা কাহিনীক সুখপাঠ্য গল্পৰ ৰূপ দি পঢ়ুৱৈ লৈ আগবঢ়াই দিছে। লেখকৰ অতি প্ৰাঞ্জল ভাষা আৰু সৰল গদ্যশৈলীয়ে গ্রন্থখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। লিখন শৈলীৰ সাৱলীলতাই লেখকৰ সিদ্ধহস্ততাক প্ৰমাণ কৰিছে।
গল্পকেইটা পঢ়ি এক মুহূৰ্তৰ বাবেও কোনো এটা স্থানতো অবিশ্বাস্য, কল্পনাৰ ৰহণ সনা যেন অনুভৱ নহ'ল। বাস্তৱিকতা এই গ্ৰন্থখনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। গল্পৰসিক পঢ়ুৱৈসকলৰ মাজত এই গ্ৰন্থখনে সমাদৰ লাভ কৰিব বুলি আমি আশাবাদী। আকৰ্ষণীয় বেটুপাতৰ সৈতে এই গ্ৰন্থখন প্রজ্ঞা মিডিয়াহাইপ প্রকাশনে প্ৰকাশ কৰিছে।
সংগ্ৰহ কৰিবলৈঃ 070020 13784
#অসমীয়াকিতাপ #কিতাপ #গল্প #অসমীয়াসাহিত্য
| Monday | 10am - 6pm |
| Tuesday | 10am - 6pm |
| Wednesday | 10am - 6pm |
| Thursday | 10am - 6pm |
| Friday | 10am - 6pm |
| Saturday | 10am - 6pm |