20/02/2026
Afaz Professor Fan Club
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Afaz Professor Fan Club, Tutor/Teacher, 2 No. Kalapani ZPC, South Salmara Mankachar, Guwahati.
আমি সমাজৰ সমতা, ন্যায়, আৰু উন্নয়ন নিশ্চিত কৰিবলৈ একত্ৰিত হৈছোঁ। আমাৰ লক্ষ্য গাঁও-গঞাৰ শিক্ষা, স্বাস্থ্য, আৰু কৰ্মসংস্থাপন উন্নয়ন কৰাৰ লগতে সমাজৰ পিছপৰা লোকসকলৰ জীৱনযাত্ৰা উন্নত কৰা।আমাৰ সমাজ শক্তিশালী হ'ব, যদি আমি সঠিক নেতৃত্ব নিৰ্বাচন কৰোঁ।
20/02/2026
05/04/2025
ZPC, Under 21-Mankachar LAC.
কিয় আমি আফাজ প্ৰফেছৰক আমাৰ নেতা হিচাপে বিচাৰো:
তথ্য ১:
আপোনালোকে মনত ৰাখিছে নে নাই নেজানো, কাৰণ আমি সকলোৱে এই আধুনিক যুগত সকলো বহুত সহজে পাহৰি যাওঁ বা আত্মকেন্দ্ৰিক হৈ সময়ৰ সৈতে বৈ যাওঁ, সোতৰ বিপৰীতে যাবলৈ আমাৰ মেৰুদন্ড ডাল নিশক্তীয়া ! নহলে আমি জানিও নজনাৰ ভাও জুৰু সাৰ্থত আঘাত হব বুলি । কিন্তু আমি টেলঢালা, পাংকাটা আৰু বাঘাপাৰা গাঁৱৰ মানুহে তেখেতক এতিয়াও মনত ৰাখিছো, ২০০০-২০০৫ চনৰ মাজত যেতিয়া বহুত কেইজন ডকাইতৰ গ্ৰুপ আৰু মেঘালয়ৰ কিছুমান উগ্ৰপন্থীৰ্ (ANVC) অত্যাচাৰৰ পৰা আমাক বচাবলৈ কোনো নাছিল, তেতিয়া আমাৰ অঞ্ছলৰ কেইজ্ন মান সচেতন মুৰব্বী মানুহৰ কাতৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই কেৱল এজন মানুহেই আমাৰ বাবে ৰবিন-হুড হৈ থিয় দিছিল্, সেইজন হ'ল আফাজ প্ৰফেছাৰ !
প্ৰতি বছৰে আমি ধান খেতি কাটি চোপোৱাৰ সময়ত, সেই ডাকু সমূহক ৫-১০ মন ধান দিব লগা হৈছিল, তাৰ পিছতেহে আমি নিজৰ বাবে ৰান্ধিবলৈ সক্ষম হৈছিলোঁ । আমাৰ মহিলাসকল, জীয়ৰী-বোৱাৰীসকল, বহু কিশোৰী এই অপৰাধীৰ দ্বাৰা ধৰ্ষিত হৈছিল । বহু গোচৰ থানাত দাখিল কৰা হৈছিল কিন্তু কোনো ফল পোৱা নাছিল, কাৰণ তেওঁলোকৰ ৰাজনৈতিক আধিপত্য আছিল !
আপোনালোকে মনত ৰাখিছে নে নাই নেজানো, কিন্তু আমাৰ এতিয়াও মনত আছে —এবাৰ বাঘাপাৰাৰ MAKA কলেজৰ মাঠত কালাপানী, বাঘাপাৰা, পানকাটা আদি অঞ্চলৰ গাঁওবাসীয়ে ডকাইত সকলৰ বিৰুদ্ধে একত্ৰিত হৈ বৈঠক দিছিল, কিন্তু সঁচাকৈয়ে ডকাইত সকলৰ বিৰুদ্ধে মাত দিবলৈ একমাত্ৰ আফাজ প্ৰফেছৰ হে সাহস দেখুৱাইছিল। সেই সময়ত তেওঁৰ জীৱনলৈ ভাবুকি আহিছিল, কিন্তু তেওঁ কেয়াৰ নকৰিলে আৰু সেই ডাকুসকলৰ গ্ৰেপ্তাৰৰ বাবে প্ৰ্সাশনক চাপ প্ৰদান কৰি গ’ল।
আমি মনত ৰাখিছো, কিদৰে ডকাইতৰ দলটোৱে, তেখেতে মানকাছৰ কলেজৰ পৰা ডিউটি কৰি আহি থাকোতে চলন্ত মানকাচৰ-সাদুল্লাবাৰী বাছৰ পৰা আফাজ প্ৰফেছৰক টানি নামোৱাৰ চেষ্টা কৰিছিল আৰু দিনদুপৰতে তেওঁক ডেগাৰৰে হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত চালকজনে বুদ্ধিমত্তাৰে তেওঁক ৰক্ষা কৰিলে । এই সকলো বাধা-বিপত্তি সহি তেওঁ প্ৰতিনিয়ত প্ৰশাসনিক স্তৰত চাপ সৃষ্টি কৰি গৈছিল।
তেওঁৰ নেতৃত্বত আমি সমগ্ৰ অঞ্চলৰ ৰাইজে SDO (Civil), SDPO হাটশিঙিমাৰী আৰু অন্য উচ্চ পদস্থ বিষয়াসকলৰ কাষ চাপিছিলোঁ, আমি কাৰ্যালয় ঘেৰাও কৰিছিলোঁ, যাতে সেই ডাকুসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হয়। আৰু অৱশেষত, তেওঁৰ অবিৰত প্ৰচেষ্টাৰ ফলত দুধৰ্ষ ডকাইতবোৰক গ্ৰেপ্তাৰ কৰা হয় আৰু পিছত কেইজনমান ডকাইতক পিপুলবাৰী সাপ্তাহিক বজাৰত জনসাধাৰণৰ সন্মুখত দেখাবলৈ লৈ অনা হৈছিল্ । তাৰ পিছৰ পৰাই আমি নিশ্চিন্তভাৱে টোপনি মাৰিব্ পাৰিছিলোঁ।
সংযুক্ত ফটোখ্ন কাৰ্যালয় ঘেৰাও ঘটনাৰ ফটো, পাংকাটা-টেলঢালা-কালাপানী এলেকাৰ কিছুমান যুৱকে লৈছিল ৰাখিছিল্ । সেই কাৰণেই আমি আজি তেওঁক আমাৰ নেতা হিচাপে বিচাৰো। তেখেতৰ নেতৃত্বত অঞলৰ ৰাইজে গোটেই গাওঁৰ ৰাস্থা ঠিক কৰিছিলো যাতে Police Battlion এ পেট্ৰলিং কৰাত একো অসুবিধা নহয় !
তেওঁ প্ৰতিনিয়ত প্ৰশাসনিক স্তৰত চাপ সৃষ্টি কৰি গৈছিল কাৰনে, উগ্ৰপন্থী সকলৰ জুলুম বন্ধ কৰিবলৈ বিভিন্ন ঠাইত বেটেলিয়ন নিয়োজিত কৰা হৈছিল, দিন-ৰাতি একাধিক অভিযান চলোৱা হৈছিল, আৰু অৱশেষত সকলো ধৰনৰ ধন দাবী কৰা বন্ধ হৈছিল্ আৰু সমাজলৈ এক সুস্থ পৰিবেশ ঘুৰি আহিছিল । আমাৰ এতিয়াও তেখেতৰ সেই সাহ্সিকতাৰ কথা মনত আছে ! এইবৰ কাৰনেই আমি আজি তেওঁক আমাৰ নেতা হিচাপে বিচাৰো । যিহেতু আগৰে পৰা কালাপানি ZPC মানকাচৰ LAC নিৰ্বাচনৰ নিৰ্ণায়ক উপাদান হিচাপে পৰিচিত।
টোকা: আশা কৰো কংগ্ৰেছৰ উচ্ছ্স্থৰীয়ই কথা খিনি বুজিব আৰু ধনাত্মক দৃষ্টিৰে ছাব ! No-2 ZPC, Under 21-Mankachar LAC, SS Mankachar Assam
04/04/2025
Haji Montaj Ali High School was an initiative by Afaz Uddin Sk professor in 90's. And that school is now a provincialized institute, and thousands of students from different villages are enrolled. . We want him as our Leader. ZPC Kalapani, Under 21-Mankachar LAC
14/03/2025
ধুবুৰী লোকসভা সমষ্টিৰ মানণীয় সাংসদ Rakibul Hussain চাহাবক আক্ৰমনৰ ঘটনাই ৰাজ্যখনৰ আইন শৃংখলাৰ ফোপোলা সৰুপ উদঙাই দিছে । বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচিত সাংসদ এজন তথা তেখেতৰ দেহৰক্ষীক দিন-দূপৰতে কৰা শাৰিৰীক নিৰ্জাতন আৰু আক্ৰমনৰ ঘটনাক তীব্ৰ গৰিহনা দিছো । গৃহ বিভাগৰ দায়ীত্বত থকা মূখ্য মন্ত্ৰী জনৰ বিধান সভাত দিয়া পাতল মন্তব্যই কিহৰ ইঙ্গিত দিয়ে ! Hussain
12/02/2025
সদৌটিলৈ আন্তৰিক শুভেচ্ছা যাঁচিছো !
07/02/2025
Our Upcoming Leader of Mankachar
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Address
Guwahati
783135