10/04/2026
অসম জ্ঞান বিকাশ বিদ্যালয়ৰ তৰফৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ত উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই এই সফলতা কঢ়িয়াই আনিছে-আগলৈও একে মনোবলৰে আগবাঢ়ি যাওক।
যিসকল শিক্ষাৰ্থীয়ে আশা অনুসৰি ফলাফল লাভ কৰিব নোৱাৰিলে, তেওঁলোকে নিৰাশ হ’ব নালাগে। ব্যৰ্থতা কেতিয়াও অন্ত নহয়; ই কেৱল সফলতাৰ পথত এটি পৰ্যায়। অধ্যৱসায়, দৃঢ় সংকল্প আৰু নিয়মিত সাধনাৰে আপোনালোকেও নিশ্চয় আগন্তুক দিনত সফলতা অৰ্জন কৰিব।