Rinku Sarma

Rinku Sarma Blending creativity with a love for teaching.

18/02/2025
04/11/2024

#অনুৰাগী_অনুভৱ...

ৰাতি পুৱাবলৈ আৰু বেছি পৰ নাই
এন্ধাৰবোৰ লাহে লাহে যাবগৈ হেৰাই...

অনুভৱৰ বজ্ৰপাতে কলিজা কঁপাই
বাৰে বাৰে মাতে মোক ৰিঙিয়াই...

এবুকু জোনাকৰ বাবে বুকু ভুকুৱাই
গছৰ ডালত কান্দে ডেউকা ভগা চৰাই...

পোহৰৰ খবৰ লৈ যায় উৰুৱাই
বিৰহৰ গান গোৱা বৰদৈচিলাই...

তুমি পিছে নক'বা দুনাই,
"ৰাতি পুৱাবৰে হ'ল, এতিয়ালৈকে তুমি কিয় শুৱা নাই...(?)"

কৈফিয়ৎ নিবিচাৰিবা,
ৰৈ ৰৈ তোমাক আজিও মোৰ কিয় ভাগৰ লগা নাই...(??)

উত্তৰ দিব কোনে...(???)
মোৰ হাতত যে কোনো উত্তৰেই নাই...।

তুমি চাগে আজিও জনা নাই,
তুমি চাগে এতিয়াও বুজা নাই,
ওৰেতো জীৱন অপেক্ষাৰ অশ্ৰুৰে দুগাল তিয়াইও
চকুপানী মোৰ আজিও কিয় শেষ হোৱা নাই...(!)

অপেক্ষা কৰা অনুভৱ,
উত্তৰ দিব তোমাক বেদনাৰ উল্কাই...
সাক্ষী দিব নিৰাশাৰ‌ নিহাৰিকাই...।

ৰিংকু শৰ্মা।
গুৱাহাটী।

মোতকৈ ওখ হৈ গ'ল সিদিনাৰ সৰু ল'ৰাটো...
04/11/2024

মোতকৈ ওখ হৈ গ'ল সিদিনাৰ সৰু ল'ৰাটো...

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Rinku Sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category