03/12/2025
সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি এইবেলি ২৯ নৱেম্বৰ তাৰিখে বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান "গীত-মাতৰ গধূলি" উলহ-মালহেৰে অনুষ্ঠিত হয়। অধ্যক্ষ ৰমেশ চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলেনেৰে আৰম্ভ কৰা অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মাই।
বিদ্যালয়ৰ সংগীত শিক্ষয়িত্ৰী বিউতি বৰুৱাৰ পৰিচালনাত আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগিতাত শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত গীত, নৃত্য, নাটক ইত্যাদি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰে।
এই অনুষ্ঠানতে বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ বাৰ্ষিক মুখপত্ৰ "সৃষ্টি" উন্মোচন কৰে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰে।
প্ৰত্যেকবাৰৰ দৰে এইবাৰো পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত প্ৰযোজক অনুপম শইকীয়াক।