PD Entertainment

PD Entertainment

Share

Encourage Entertainment and Fitness tips

20/09/2025

এনেকৈ আনিব জুবিন দাক......

Photos from PD Entertainment's post 13/09/2025

Legs day Workout......




fans Pallav Dwijen New Pallav Dwijen Physical Fitness & Education

05/08/2025

বলিউড লৈ ঘূৰি আহিছে নেকি সেই দিন

কম বাজেটৰ ছবিৰ ৰেকৰ্ড....

বলিউডৰ দুখন কম বাজেটৰ ছবি । দৰ্শকে ছবি দুখন আদৰিছে। ভাৰতৰ বাবে এইটো ভাল লগা খবৰ । ১৮ জুলাইত মুক্তি লাভ কৰা এখন ছবি । প্ৰেম কাহিনী । মোহিত সুৰি পৰিচালিত ছবিখন Saiyaara । আহান পাণ্ডে আৰু আনিত পদ্দা অভিনীত ছবি । ৩৫ ৰ পৰা ৫০ কোটি ভিতৰত ছবিখন নিৰ্মাণ কৰি ব্যৱসায় কৰিলে প্ৰায় ৫০০ কোটি ।
ইফালে এনিমিটেড ছবি Mahavatar Naraimha। পৰিচালনা অশ্বিন কুমাৰ । ২৫ জুলাইত মুক্তি লাভ কৰা ছবিখনৰ বাজেট আছিল ৪ ৰ পৰা ১৫ কোটি টকা । ব্যৱসায় কৰিলে প্ৰায় ১১২ কোটি টকা ।

পিডি এন্টাৰটেইনমেন্ট







PD EntertainmentPallav DwijenPallav Dwijen New

24/07/2025

২০০ মিলিয়নৰ ইংৰাজী ছবি ফৰ্মূলা ৱান । ২৭ জুনত বিশ্বজুৰি মুক্তি পালে হলীউদৰ ছবিখনে । ভাৰতৰ দৰ্শকেও ছবিখন উপভোগ কৰিবলৈ অগ্ৰিম বুকিং কৰিছে । হলীউদৰ সফল অভিনেতা ব্ৰেড পিট অভিনীত ছবিখনে ভাৰতত প্ৰথম দিনা ব্যৱসায় অনুমান প্ৰায় ৫ কোটি টকা ।

18/07/2025

১৯ জুলাইত ইটানগৰৰ Sango Ground ত অসম সন্তান তথা বিশ্বমানৰ গায়ক ৰাহুল ৰাজখোৱাৰ সংগীতানুষ্ঠান । তৰাদৈ আৰু লাও পানীৰ লগতে কেইবাটাও ইংৰাজী গীত থাকিব তেওঁৰ অনুষ্ঠানত । সন্ধিয়া ৬ বজাৰ পৰা .....





HighLight

Rahul Rajkhuwa
Rajen Rajkhowa Supriti Rajkhowa Pallav Dwijen Pallav Dwijen New PD Entertainment

09/07/2025

অসমীয়া চলি থকা ছবিৰ বাবে ভাল খবৰ....

06/02/2025

জানমণিৰ বিবাহ......

বিবাহ পাশত আৱদ্ধ জানমণি খ্যাত শ্যামন্তিকা শৰ্মা ........
সংগী মানস বৰুৱা .......
ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয় মাজতে বিবাহ......





Photos from PD Entertainment's post 11/11/2024

ছবি উদ্যোগত ২২ বছৰ হল প্ৰভাসৰ.....

৪৫ বছৰীয়া প্ৰভাসৰ অভিনয় জীৱন ২২ বছৰীয়া হল । ২০০২ চনত ঈশ্বৰ ছবিৰ জৰিয়তে প্ৰবেশ কৰিছিল অভিনয় জগতত । ২৫ খন ছবিত অভিনয় কৰি কেইবাখনো ছবিয়ে বিশ্বজুৰি সৰ্বাধিক ব্যৱসায় কৰি ভাৰতৰ ছবি উদ্যোগলৈ আনিছে আশাৰ বতৰা ।

বিশ্বজুৰি সৰ্বাধিক ব্যৱসায় কৰা ছবিকেইখন হল :

#বাহুবলী ২ : The Conclusion

:::: বিশ্বজুৰি ব্যৱসায় ::::১৮০০ কোটিৰ অধিক

কল্কি ২৮৯৮ এডি

:::: বিশ্বজুৰি ব্যৱসায় ::::১১০০ কোটিৰ অধিক

সালাৰ
:::: বিশ্বজুৰি ব্যৱসায় ::::৭০০ কোটিৰ অধিক

বাহুবলী ১ : The Beginning

:::: বিশ্বজুৰি ব্যৱসায় ::::৬০০ কোটিৰ অধিক

সাহো
:::: বিশ্বজুৰি ব্যৱসায় ::::৪৫০ কোটিৰ অধিক

ইফালে মুক্তিৰ অপেক্ষাত আছে ৭ খনকৈ ছবি ।

পিডি এন্টাৰটেইনমেন্ট

Photos from PD Entertainment's post 02/11/2024

কিং খানলৈ জন্ম দিনৰ ওলগ....

শ্বাহৰুখ খান লৈ জন্ম দিনৰ ওলগ । ৫৮ বছৰটো চফল ডেকা দৰে অভিনয় বলিউডত । ৫৯ বছৰটো আমি আশা কৰিম এনে ধৰণৰ অভিনয় অব্যাহত থাকিব । ১৯৯২ চনত ' দীৱানা ' পৰা ' দাংকী ' লৈ সফল যাত্ৰা । ৩২ বছৰীয়া অভিনয় জগতত ৯৭ খন ছবিত অভিনয় কৰি ১৪ বাৰকৈ লাভ ফিল্ম ফেয়াৰ বঁটা । ৫ বাৰ কৈ ডক্টৰেট সন্মান লাভ । ২০০৫ চনত লাভ কৰে পদ্মশ্ৰী সন্মান । যদিও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা নাই তথাপিও বলিউদৰ সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা এজন অভিনেতা । টেলিভিছন জগতত প্ৰথম অভিনয় ।

পি ডি এন্টাৰটেইনমেন্ট




Photos from PD Entertainment's post 02/10/2024

৬ দশক ভ্ৰাম্যমাণ থিয়েটাৰ আৰু আজিৰ সময়....

অসমৰ আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জন মাধ্যমটি হল ভ্ৰাম্যমাণ থিয়েটাৰ । শতকৰা ১০ শতাংশ লোকক বাদ দি বাকী ৯০ শতাংশ লোকৰ মাজত জনপ্ৰিয় মাধ্যম হল ভ্ৰাম্যমাণ থিয়েটাৰ । ৰাইজৰ মনোৰঞ্জনৰ অন্যতম এক পথ । দৰ্শকে প্রত্যক্ষ ভাৱে যোগাযোগ কৰিব পৰা এটি গণ মাধ্যম । অভিনেতা অভিনেত্ৰী তথা কলা কৌশলী সকলৰ লগত দৰ্শকে ভাল বেয়া খুব কম সময়ত জানিব পৰা এটি মাধ্যম । পৃথিৱীৰ হয়টো অসমতে চাগে এনে মাধ্যম আছে যি মাধ্যম ৯ মাহ ধৰি চলি থাকে আৰু প্ৰায় ১২০ জন মান লোক এটি পৰিয়ালৰ দৰে ৰাইজলৈ সেৱা আগবঢ়াই নিজৰ কৰ্ম স্থান দৃহ কৰে । একো একোটা পৰিয়ালৰ জীৱন প্ৰণালী এই মাধ্যমৰ জৰিয়তে চলি আছে । অসমৰ নাট্য আন্দোলনৰ অন্যতম বাটকটীয়া বুলি কলে ভুল নহব । কিয়নো এই গণ মাধ্যমৰ জৰিয়তে হেজাৰ হেজাৰ দৰ্শকে নাটক উপভোগ কৰি জীয়াই থকাৰ সমল যোগাই আহিছে থিয়েটাৰত জৰিত প্ৰযোজক, নাট্যকাৰ, পৰিচালক, অভিনেতা অভিনেত্ৰীৰ লগতে আন আন কলা কৌশলী সকল । লগতে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এই মাধ্যমৰ পৰা লাভ কৰা লাভাংশ্যাৰ জৰিয়তে উপকৃত হৈছে । মুঠতে সকলো মিলি অসমীয়া নাট্য আন্দোলন গঢ়ি তোলাত এক স্বকীয় বৈশিষ্ট্য প্ৰদান কৰি আহিছে । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে অভিনেতা অভিনেত্ৰীৰ লগতে নাট্যকাৰ, পৰিচালক , সংগীত শিল্পী আদি বহুতো জন্ম হোৱা দেখা গৈছে । মুঠতে সুপ্ত প্ৰতিভা বিকাশৰ এক সেউজীয়া পথাৰ বুলি কলে ভুল নহব ।

অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হয় ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাত । নাট্য শিল্পী অচ্যুত লহকৰ তত্বাৱধানত জন্ম পালে 'নটৰাজ থিয়েটাৰ' । নটৰাজ চিনে থিয়েটাৰৰ প্ৰথম বৰ্ষৰ নাটক আছিল ভোগজৰা, জেৰেঙাৰ সতী, হাইদৰ আলি । অভিনয় শিল্পী সকল আছিল সৰ্ব শ্ৰী ধৰণী বৰ্মন, সদা লহকৰ, ৰুদ্ৰ চৌধুৰী, চন্দ্ৰ চৌধুৰী, ভোলা কটকী, বলদেব শইকীয়া, কৃষ্ণ ৰয়, নগেন শৰ্মা, অনুপমা ভট্টাচাৰ্য, তৃষ্ণা ঘোষ, স্বৰ্ণ বৰা, বীণা বৰঠাকুৰ আৰু নেত্ৰ কমল বৰঠাকুৰ । আচৰিত কথাটো হল সেই যে আৰম্ভণি ,আজিও বৰ্তি আছে সৰ্বত্ৰে । ভ্ৰাম্যমাণ থিয়েটাৰ সৈতে জৰিত বিভিন্ন জনৰ সৈতে বাৰ্তালাপ কৰি জানিব পৰিছোঁ যে বিভিন্ন সময়ত ভ্ৰাম্যমাণ থিয়েটাৰ লৈ সেই সময়ত আৰ্থিক সংকটৰ সময় আহিছিল যদিও অসমৰ আপুৰুগীয়া সম্পদক জীয়াই ৰাখিবৰ বাবে তেওঁলোকে বহু কষ্ট কৰি ৰাইজৰ মাজলৈ লৈ আহিছিল । ১৯৬৩ চনৰ পৰা আজি লৈকে প্ৰায় ১৯০ টা মান সৰুবৰ মিলি ভ্ৰাম্যমাণ থিয়েটাৰ গঠন হৈছে । অসমীয়া ভাষাৰ লগতে বড়ো, চাহ জনগোষ্ঠীয়, নেপালী, বাঙালী আদি ভাষাটো জন্ম হৈছে থিয়েটাৰ । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ নাম সমূহ তলত উল্লেখ কৰা হৈছে । যদি অজানিতে কোনো নাট্য দল সংযোজন হোৱা নাই আপোনালোকৰ পৰা সংযোজনৰ সহাৰি বিচাৰিছোঁ ।

নটৰাজ চিনে বা নটৰাজ থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, পূৰ্বজ্যোতি থিয়েটাৰ, ৰূপঞ্জলী থিয়েটাৰ, মঞ্চৰূপা থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, মকুন্দ থিয়েটাৰ, ৰূপকোঁৱৰ থিয়েটাৰ, নটৰাজ শিল্প থিয়েটাৰ, ৰূপালীম থিয়েটাৰ, থিয়েটাৰ ভাগ্যদেৱী, জ্যোতিৰূপা থিয়েটাৰ, মুন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, মঞ্চাকোঁৱৰ থিয়েটাৰ, কল্পনা থিয়েটাৰ, লখিমী থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰ, আৰাধনা থিয়েটাৰ, আৱাহন থিয়েটাৰ, চন্দ্ৰ ভানু থিয়েটাৰ, অলংকাৰ থিয়েটাৰ, পূবেৰুণ থিয়েটাৰ, চিৰঞ্জীৱ থিয়েটাৰ, ৰাজমুকুট থিয়েটাৰ, লুইতপৰীয় থিয়েটাৰ, থিয়েটাৰ শতাব্দী, কামৰূপা থিয়েটাৰ , প্ৰাৰ্থনা থিয়েটাৰ, থিয়েটাৰ সূৰ্য্য, জাগ্ৰভি থিয়েটাৰ, মহাৰথী থিয়েটাৰ, লখিমী থিয়েটাৰ, ইন্দ্ৰধনু থিয়েটাৰ, অনিৰ্বাণ থিয়েটাৰ, ৰংঘৰ থিয়েটাৰ, অপৰূপা থিয়েটাৰ, হেঙুল থিয়েটাৰ, থিয়েটাৰ সূৰুয, ইন্দ্ৰানী থিয়েটাৰ, দেৱদাসী থিয়েটাৰ মেঘদুত থিয়েটাৰ, ৰাধিকা দেৱী থিয়েটাৰ, গিৰিৰাজ থিয়েটাৰ, অভিযান থিয়েটাৰ, জয়তু অসমী় থিয়েটাৰ, নটসূৰ্য বিষ্ণু জ্যোতি থিয়েটাৰ, শ্ৰীমন্ত শঙ্কৰদেৱ থিয়েটাৰ, সমন্বয় থিয়েটাৰ, পল্লৱী থিয়েটাৰ, বীণাপাণি থিয়েটাৰ, বৰলুইত থিয়েটাৰ, মনালিছা থিয়েটাৰ, জয় জোৱান জয় কিষান থিয়েটাৰ, অনিৰ্বাণ থিয়েটাৰ, তুৰংগম থিয়েটাৰ, শংকৰ মাধৱ থিয়েটাৰ, মেঘালী থিয়েটাৰ, শৰাইঘাট থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ, মাধৱদেৱ থিয়েটাৰ, গদাপাণি থিয়েটাৰ, শেৱালী থিয়েটাৰ, মা জোনাকী থিয়েটাৰ, পূৰ্ব বাণী থিয়েটাৰ, দিব্যবানী থিয়েটাৰ, প্ৰতি ধ্বনি থিয়েটাৰ, পূৰ্ব ধ্বনি থিয়েটাৰ, ভাদৈ থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ, ভাগ্য শ্ৰী থিয়েটাৰ, অনুৰাগ মুভী থিয়েটাৰ, আকাশী গঙ্গা থিয়েটাৰ, পাৰিজাত থিয়েটাৰ, দ্বীপ জ্যোতি থিয়েটাৰ, সঞ্জীৱনী থিয়েটাৰ, ৰাজ হংস থিয়েটাৰ, মহা ৰথী থিয়েটাৰ, উদগ্ৰীৰণ থিয়েটাৰ, কাঞ্চন জংঘা থিয়েটাৰ, সৌমাৰ জ্যোতি থিয়েটাৰ, উদ্দীপনা থিয়েটাৰ, দয়াময় থিয়েটাৰ, স্বাগতম থিয়েটাৰ, দামোদৰ দেৱ থিয়েটাৰ, অনিৰুদ্ধ দেৱ থিয়েটাৰ, মহাবাহু থিয়েটাৰ, সপ্তৰ্ষী থিয়েটাৰ, শ্ৰী গুৰু থিয়েটাৰ, বিশ্ব জ্যোতি থিয়েটাৰ, নয়ন তৰা থিয়েটাৰ, ৰূপশ্ৰী থিয়েটাৰ, জৱাহৰ jyoti থিয়েটাৰ, অনুৰাধা থিয়েটাৰ, নৱা ৰুণ থিয়েটাৰ, অলকানন্দা থিয়েটাৰ, ঐনিতম থিয়েটাৰ, জাগৰণ থিয়েটাৰ, অৰুণা থিয়েটাৰ, মনিকাঞ্চন থিয়েটাৰ, ধনশিৰি থিয়েটাৰ, শোণিতকোঁৱৰ থিয়েটাৰ, অগ্নিগড় থিয়েটাৰ, ধৰিত্ৰী থিয়েটাৰ, পূৰ্ব ৰাগ থিয়েটাৰ, শ্ৰী কৃষ্ণ থিয়েটাৰ, কাজিৰঙা থিয়েটাৰ, নৱ সূৰ্য্য থিয়েটাৰ, সুৰশ্ৰী থিয়েটাৰ, ত্ৰিনয়ন থিয়েটাৰ, শ্ৰী মতী থিয়েটাৰ, মন্দাকিনী থিয়েটাৰ, বান্ধৱ থিয়েটাৰ , আশীৰ্বাদ থিয়েটাৰ, অসম জ্যোতি থিয়েটাৰ, উদয়ন থিয়েটাৰ, কল্পতৰু থিয়েটাৰ (টিহু), বন্দনা থিয়েটাৰ, মণিকূট থিয়েটাৰ, ধ্ৰুৱ তৰা থিয়েটাৰ, নন্দিনী থিয়েটাৰ, চিত্ৰবন থিয়েটাৰ, ঈগল থিয়েটাৰ, হিমালয় থিয়েটাৰ, ইন্দ্ৰজিৎ থিয়েটাৰ, পৰি হৰেশ্বৰ থিয়েটাৰ, মঞ্চ তীৰ্থ থিয়েটাৰ, শ্ৰী মাধৱ থিয়েটাৰ, স্বৰ্গম থিয়েটাৰ, ৰংঘৰ থিয়েটাৰ, বিশ্বৰূপা থিয়েটাৰ, কল্পতৰু থিয়েটাৰ (পাঠশালা), অৰুণোদয় থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, ৰূপ ৰাজ থিয়েটাৰ, জয়মতী থিয়েটাৰ, ৰামধেনু থিয়েটাৰ, অমৰাৱাতী থিয়েটাৰ, পূৰ্বাঞ্চল থিয়েটাৰ, নটগুৰু থিয়েটাৰ, ডাই মণ্ড থিয়েটাৰ, চৰাইদেউ থিয়েটাৰ, সহযাত্ৰী থিয়েটাৰ, ব্ৰহ্মপুত্ৰ থিয়েটাৰ, শকুন্তলা থিয়েটাৰ, দেৱৰাজ থিয়েটাৰ, চিত্ৰলেখা থিয়েটাৰ, কাৰেংঘৰ থিয়েটাৰ, ৰাজমহল থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, ইতিহাস থিয়েটাৰ, ৰূপায়ন থিয়েটাৰ, ৰাংঢালী থিয়েটাৰ, শ্ৰদ্ধাঞ্জলি থিয়েটাৰ শ্ৰীমন্ত থিয়েটাৰ, সুত্ৰধাৰ থিয়েটাৰ, সুদৰ্শন থিয়েটাৰ, ভাস্কৰ থিয়েটাৰ, সম্ৰাট থিয়েটাৰ, পৃথিৰাজ থিয়েটাৰ, থিয়েটাৰ প্ৰাগজ্যোতিষ, মা লক্ষী থিয়েটাৰ, বৰ্ণালী থিয়েটাৰ, পঞ্চানন থিয়েটাৰ, পঞ্চজন্য থিয়েটাৰ, নটসূৰ্য্য থিয়েটাৰ, থিয়েটাৰ মহাভাৰত, নৱ ৰুপা থিয়েটাৰ, মা আকাশী গঙ্গা থিয়েটাৰ, ৰাজ লক্ষ্মী থিয়েটাৰ, ভাগ্য লক্ষ্মী থিয়েটাৰ, মাতৃ ভূমি থিয়েটাৰ, ইন্দু মণি থিয়েটাৰ, অমৰজ্যোতি থিয়েটাৰ, সূৰুয মণি থিয়েটাৰ আদি ।

বড়ো ভাষাৰ থিয়েটাৰ :

স্বৌ ৰাং মঞ্জু থিয়েটাৰ, চান্দৌ বাউডিয়া থিয়েটাৰ, বাৰ দৈ চি খলা থিয়েটাৰ, বাৰ লা ম্ফা থিয়েটাৰ ।

চাহ জন গোষ্ঠীৰ থিয়েটাৰ :

অমল তৰা থিয়েটাৰ, বিনন্দিনী থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, নয়াচান থিয়েটাৰ ।

বাঙালী ভাষাৰ থিয়েটাৰ :

সন্ধ্যা তৰা থিয়েটাৰ, তাজমহল থিয়েটাৰ, থিয়েটাৰ ৰাজকুমাৰী ।

নেপালী ভাষাৰ থিয়েটাৰ :

লালিন্দা ৰাছ থিয়েটাৰ ।

এই সমূহ ভ্ৰাম্যমাণ থিয়েটাৰ কিন্তু গোটেইবোৰ চলি থকা নাই । আমি যদি সমীক্ষা কৰো ২০ পৰা ২৫ হয়টো নাট্যদল চলি আছিল । যাৰ জৰিয়তে অসমৰ নিবনুৱা সমস্যা সমাধান কৰাৰ বিশেষ সেৱা আগবহাই আহিছে। প্ৰতিটো নাট্যদলত যদি ১২০-২৫ জন শিল্পী কৰ্ম কৰ্তা জৰিত থাকে ২৯/২৫ তা নাট্য দলত বহু শিল্পী জৰিত হৈ মনোৰঞ্জনৰ লগতে আৰ্থিক দিশ টনকিয়াল কৰিছে । আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা মূলতে হল বৰ্তমান সময়ৰ পৰিস্থিতি । পৃথিৱীত দেখা দিয়া কোভিদ বীজাণুৰ বাবে আজি পৃথিৱীৰ সকলো লোক অচলা অৱস্থাৰ । ২০২০-২০২১ আৰু ২০২১-২০২২ বৰ্ষত নাটক ৰাইজৰ মাজত প্ৰদৰ্শন কৰিব পৰা নাই প্ৰযোজকে । নাটকৰ মঞ্চ থাকিলেও দৰ্শক নাই প্ৰেক্ষাগৃহত । এনে পৰিস্থিতিত এডল শিল্পী জীয়াই থকাটো সঁচাকৈ দুখ লগা অৱস্থা । আচলতে ৰাইজৰ ওপৰত ভিত্তি কৰি তেওঁলোকে তেওঁলোকৰ কৰ্ম কৰিব লগা হয় । ৰাইজেই যদি নাথাকে কেনেকৈ তেওঁলোক জীয়াই থাকিব । ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সকলৰ বাবে সঁচাকৈ এক দুখ লগা অৱস্থা । কোনো ধৰণৰ জমা ধন নথকা শিল্পী । আজি যদি ৰাইজে নাটক চাইছে তেতিয়া হলে তেওঁলোকৰ জীৱন ভাল আৰু যদি নাই চোৱা তেতিয়া হলে বেয়া । মুঠতে এটা বেয়া পৰিস্থিতিৰ মাজত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । এতিয়া দেখা গৈছে থিয়েটাৰৰ সকলো ধৰনৰ আচ বাব নষ্ট হৈ গৈছে । মনোৰঞ্জনৰ যি জাকজমকতা এতিয়া ধোৱা চাঙত । প্ৰযোজক সকলৰ অৱস্থা একেবাৰে বেয়া । আন ব্যৱসায় কৰিবৰ বাবে সুবিধা নাই । নিজাববীয়া ট্ৰাক বাছ আদিও থকা সকলেও ভাৰা মাৰিব পৰা নাই । দেশত বা ৰাজ্যত চলি থকা লকডাউনৰ বাবে এনে আচল অৱস্থা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত । যোৱা বছৰ দুই এটা নাট্য দলে যদিও ৰাইজৰ মাজত নাট প্ৰদৰ্শন কৰিছিল কিন্তু আশা কৰা মতে তেওঁলোক সফল হব নোৱাৰিলে । ২০২১/২২ বৰ্ষৰ বাবে কেইটামান নাট্য দলে প্ৰস্তুতি চলাইছে যদিও কি হব সেইয়া এটিয়াই কব নোৱাৰি । দেখা গৈছে বহু শিল্পীয়ে এতিয়া শাক পাচলি , দোকান, খেতি পথাৰত নামি পৰিছে । কিন্তু যিসকলৰ তেনে সুবিধা নাই তেওঁলোকে কি কৰিব । এই মূহুত্বত এটা কোটি টকীয়া প্ৰশ্ন । বহু লোকে বহুতকে সহায় কৰিছে যদিও কিমান দিন আৰু সেই সহায় লাভ কৰিব । অসম চৰকাৰেও শিল্পী এক কালীন সাহায্যত ভ্ৰাম্যমাণ থিয়েটাৰৰ কিছু শিল্পীক সাহায্য প্ৰদান কৰিলে যদিও বাকী সকলৰ অৱস্থা কি হব সেইটো কিন্তু চিন্তা নকৰিলে । যি সকল সদায় অন স্ক্ৰীণত দেখা পোৱা যায় বা চিনাকী মুখ তেওঁলোকে সেই সাহায্য লাভ কৰিছে কিন্তু মঞ্চৰ আঁৰত থকা শিল্পী সকলৰ অৱস্থা কি হব সেই কথা নাভাবিলে ।
অসমৰ মনোৰঞ্জনৰ প্ৰত্যক্ষ মাধ্যম তথা অসমৰ নিবনুৱা সমস্যা সমাধানৰ অন্যতম বাটকটীয়া ভ্ৰাম্যমাণ থিয়েটাৰ সঁচাকৈ হেৰাই যাব নেকি ?

অৱশ্যে বৰ্তমানৰ পৰিস্থিতিৰ লগত মোকামিলা কৰি অসমৰ কেইটামান নাট্য দলে ইতিমধ্যে আখৰা আৰম্ভ কৰিছে । নহলে বহুতৰে পেটত গামোচা বন্ধা এক পৰিস্থিতি । আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, উদয়ন থিয়েটাৰ, থিয়েটাৰ বীণাপাণি , থিয়েটাৰ হিমাদ্ৰী, গীতাশ্ৰী থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, ইতিহাস থিয়েটাৰ আদি আদি অন্যতম । দেশৰ পৰিস্থিতিৰ লগতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতলৈ ঘূৰি অহাৰ বৰ্ণিল অধ্যায় ।

বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ অৱস্থা ভাল বুলি কব লাগিব । প্ৰচাৰ চমক পদ । দুটা মঞ্চ উপৰিও ভাগ ভাগ কৈ দৰ্শকৰ মনোৰঞ্জন বাবে কেইবাটিও ৰেম্প ব্যৱহাৰ কৰে । যাৰ বাবে দৰ্শকে প্ৰিয় অভিনেতা অভিনেত্ৰীৰ নাচ ওচৰৰ পৰা চাব পাৰে । বহু থিয়েটাৰ নাইকীয়া হৈছে যদিও বহু থিয়েটাৰ জন্ম হৈছে । ভাল ব্যৱসায় কৰি আছে নাম জ্বলা কেইখন মান থিয়েটাৰে । থিয়েটাৰৰ কাৰুকাৰ্য বাবে বা অভিনেতা অভিনেত্ৰী চাহিদাৰ বাবে দৰ্শকে বহু টকা দি টিকট ক্ৰয় কৰিব লগা হৈছে । কেতিয়াবা বহু লোকে চাহিদাৰ বাবে বঞ্চিত হব লগা হয় । তথাপিও ভ্ৰাম্যমাণ থিয়েটাৰ আমাৰ সম্পদ সদায় উন্নতি হওঁক । ভাল অভিনেতা অভিনেত্ৰী লৈ সফল হওঁক । সমাজ ব্যৱস্থা পৰিবৰ্তন কৰক নাটকৰ জৰিয়তে । ভ্ৰাম্যমাণ থিয়েটাৰ উন্নতি হোৱা মানে অসমৰ নিবনুৱা সমস্যা হ্ৰাস পোৱা ।

পল্লভ দ্বীজেন

Photos from PD Entertainment's post 27/09/2024

বিজয় থালাপতি Greatest of all time ( GOAT) আন এক ৰেকৰ্ড.....

বিজয় থালাপতি শেহতী়য়াভাৱে মুক্তি লাভ কৰিছে এখন ছবিয়ে । ৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰা Greatest of all time ( GOAT) ছবিখনে ইতিমধ্যে বিশ্বজুৰি ব্যৱসায় কৰিছে ৪৫০ কোটি টকা। তামিল ছবিৰ এইখন হৈছে ষষ্ঠখন ছবি যিখন ছবিয়ে বিশ্বজুৰি ভাল ব্যৱসায় কৰি বিজয় থালাপতিক চহকীৰ তালিকলৈ উন্নতি কৰিছে । উল্লেখ্য যে, ফ্ৰান্সত ছবিখনে ৪৭.৭ লাখ ব্যৱসায় কৰি বিজয় প্ৰথম ভাল ব্যৱসায় কৰা ছবি হিচাপে পৰিগণিত হৈছে । ইফালে লীঅ ছবিখনেও ৪৭ লাখ ব্যৱসায় কৰি দ্বিতীয় স্থান লাভ কৰিছে । GOAT ছবিখন ইফালে মালায়াছিয়া আৰু শ্ৰীলংকাটো ভাল ব্যৱসায়ৰ খবৰ আহিছে । তামিল ছবিখন পৰিচালনা কৰিছে ভেংকত প্ৰভুৱে। বিজয় থালাপতিয়ে অভিনয় কৰিছে ছবিখনত দেউতাক আৰু পুত্ৰৰ চৰিত্ৰত ।

পি ডি এন্টাৰটেইনমেন্ট

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address

AIDC, RG BORUAH Road
Guwahati
781024