জোনাক ৰাতিৰ সাধু

জোনাক ৰাতিৰ সাধু অসমীয়া ভাষাত কণমানিসকলৰ বাবে সুন্দৰ সুন্দৰ সাধুকথা। প্ৰতি নিশা এটা নতুন সাধু, এটা নতুন সপোন। 🌙

 # # # 📖 গ্ৰিমৰ সাধু: বাৰজনী নাচনী ৰাজকন্যা ✨** ৰচক: সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰকা**ৰজাজনৰ নাম আছিল ৰত্নাকৰ সিংহ। তেওঁ...
24/06/2026

# # # 📖 গ্ৰিমৰ সাধু: বাৰজনী নাচনী ৰাজকন্যা ✨

** ৰচক: সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰকা**

ৰজাজনৰ নাম আছিল ৰত্নাকৰ সিংহ। তেওঁৰ ৰাণীৰ নাম আছিল ৰত্নগৰ্ভা। তেওঁলোকৰ কোনো ল'ৰা নাছিল, আছিল কেৱল বাৰজনী ৰাজকন্যা। ৰাজকন্যাবিলাকৰ নামবোৰো আছিল বৰ ধুনীয়া— সোণা, ৰূপা, মাণিকী, হীৰা, মুকুতা, জহৰ, পোৱাল, মীনা, পান্না, চুনী আৰু ৰুবী।
এই বাৰজনী ৰাজকন্যাই ৰাতি কাৰেঙৰ এটা ডাঙৰ আহল-বহল কোঠালীত শুইছিল। তেওঁলোকৰ বাবে সেই কোঠাটোত বাৰখন বিচনা ধুনীয়াকৈ পাৰি থোৱা হৈছিল। নিশা যেতিয়া ৰাজকন্যাসকলে শোৱে, তেতিয়া বাহিৰৰ পৰা সেই কোঠাটোৰ দুৱাৰ তলা মাৰি বন্ধ কৰি থোৱা হয়। ওৰে ৰাতি সেই কুঁৱৰীটোলৰ চাৰিওফালে পহৰাদাৰীয়ে পহৰা দি থাকে।
কিন্তু আচৰিত কথাটো হ’ল, তথাপিও নিতৌ ৰাতিপুৱা ৰাজকন্যাবিলাকে পিন্ধা জোতাবোৰ নাচোঁতে নাচোঁতে ক্ষয় যোৱা কাৰেঙৰ লিগিৰীবিলাকে দেখা পায়! ৰাজকন্যাবিলাক নিশা কলৈ যায়, কেনেকৈ যায় আৰু ক'ত গৈ কাৰ লগত নাচ-গান কৰে, সেই কথা হ'লে কোনেও ক'ব নোৱাৰে। তেওঁলোকেও এই বিষয়ে কাকো একো জানিবলৈ নিদিয়ে। নিতৌ তেওঁলোকে একোযোৰ নতুন জোতা লয় আৰু ৰাতিপুৱা নাচোঁতে ক্ষয় যোৱাৰ বাবে সেই জোতাবোৰ দলিয়াই পেলাই দিয়ে।
বাপেক ৰত্নাকৰ ৰজাই জীয়েকহঁতক বহুত সোধা-পোছা কৰিলে, কিন্তু কাৰো পেটৰ কথা উলিয়াব নোৱাৰি তেওঁ বৰ চিন্তিত হ'ল। ইয়াৰ ভিতৰত কি ৰহস্য লুকাই আছে, সেই কথা জানিবলৈ তেওঁৰ মনত বৰ উচপিচনি লাগিল। অৱশেষত ৰজাই সমগ্ৰ ৰাজ্যত ঢোল পিটি ঘোষণা কৰি দিলে যে— যিজনে ৰাজকন্যাবিলাকে নিশা পলাই গৈ ক'ত নাচে সেই কথাৰ উৱাদিহ উলিয়াব পাৰিব, তেওঁকেই এই ৰাজ্যৰ ভৱিষ্যত ৰজা পতা হ’ব আৰু বাৰজনীৰ ভিতৰত যিজনী ৰাজকুঁৱৰীক তেওঁ পছন্দ কৰে, তেওঁৰ লগতেই বিয়া দিয়া হ’ব। যিকোনো লোকেই চেষ্টা কৰি চাবলৈ মাত্ৰ তিনি দিন সময় পাব। কিন্তু মন কৰিবলগীয়া কথা যে, তিনি দিনৰ পিছতো যদি আচল কথাটো উলিয়াব নোৱাৰে, তেন্তে তেওঁৰ মূৰ কটা যাব!
ৰজাৰ এই ঘোষণা শুনি চাৰিওফালে হুৱাদুৱা লাগি গ'ল। নাচনী ৰাজকন্যা কেইজনীৰ কথা ভাবি সকলো মানুহে আচৰিত মানিলে। প্ৰথমতে ওচৰৰ দেশ এখনৰ পৰা এজন ৰাজকোঁৱৰ আহিল ভাগ্য পৰীক্ষা কৰিবলৈ। তেওঁ কোঠাটোত সোমাই পিতপিতকৈ বিচাৰি চালে। তেওঁলোক শোৱা শয্যা বাৰখনো লাৰি-চাৰি ভালদৰে পৰীক্ষা কৰিলে। নিশা তেওঁ দুৱাৰমুখতে বহি ল’লে আৰু দুৱাৰখন মেলি থ’লে, যাতে সেই ফালেদি কোনোবা ওলাই গ’লেই ততালিকে ধৰিব পাৰি। কিন্তু অলপ পৰ বহাৰ পিছতেই বেচেৰা ৰাজকোঁৱৰৰ চকু মুদ খাই আহিল। টোপনিয়ে তেওঁক এনেদৰে হেঁচি ধৰিলে যে একেবাৰে ৰাতিপুৱাহে তেওঁৰ টোপনি ভাগিল। সেইদিনাও তেওঁ ৰাজকন্যাবিলাকে নাচি নাচি ক্ষয় পেলোৱা জোতা বাৰযোৰ দেখা পালে। ৰহস্য ৰহস্য হৈয়েই থাকিল। কোঁৱৰে সেই ৰহস্য ভেদ কৰিব নোৱাৰিলে। দ্বিতীয় আৰু তৃতীয় নিশাও একেদৰেই চেষ্টা কৰি তেওঁ বিফল হ'ল। চতুৰ্থ দিনা ৰজাৰ জল্লাদে দুৰ্ভগীয়া ৰাজকোঁৱৰৰ মূৰটো কাটি মাটিত পেলালে। এইদৰে আৰু অনেক লোক আহিল, অনেকে চেষ্টা কৰিলে আৰু বহুতৰে মূৰ কটা গ'ল। কিন্তু নাচনী ৰাজকুঁৱৰী কেইজনীয়ে আগৰ দৰে প্ৰতি নিশাই নাচ-বাগ কৰি থাকিল। কোনেও তেওঁলোকক ধৰা পেলাব নোৱাৰিলে।
সদৌ শেষত আহিল এজন আদহীয়া সেনাপতি। তেওঁৰ নাম আছিল মোহন সিংহ। মোহন সিংহই সেনা বিভাগৰ পৰা অৱসৰ লৈ ঘৰৰ ফালে গৈ থাকোঁতে বাটতে এখন হাবি পালে। হাবিৰ মাজত তেওঁ এজনী বুঢ়ী আইতাক লগ পালে। তেওঁ কলৈ যায় বুলি বুঢ়ীয়ে সোধাত মোহন সিংহই বৰ নম্ৰভাৱে ক’লে— “আইতা! ভৰি দুখনে মোক কলৈ নিয়ে ক'ব পৰা নাই। বাটতে ৰত্নাকৰ ৰজাৰ ঘোষণাৰ কথা শুনি আহিলোঁ। সেইবাবে ৰাজকন্যাবিলাকে নিশা পলাই পলাই নাচ-গান কৰা ঠাইখন বিচাৰি ওলাইছোঁ। সেই ঠাই বিচাৰি উলিয়াব পাৰিলে একেলগে অৰ্ধ-ৰাজ্য আৰু ৰাজকন্যা লাভ হ'ব।"
বুঢ়ীয়ে মিচিকিয়া হাঁহি এটা মাৰি ক’লে— "ই নো কি বৰ ডাঙৰ কথাটো? মই তোক সহায় কৰিলে তই সহজে জয়লাভ কৰিব পাৰিবি। এজনী ৰাজকুঁৱৰীয়ে আবেলি সময়ত তোক এবাতি চৰবত খাবলৈ দিব। তই সেই চৰবত কেতিয়াও নেখাবি, কেৱল খোৱাৰ ভাও জুৰি টোপনি যোৱাৰ দৰে বিচনাত পৰি থাকিবি।” ইয়াকে কৈ বুঢ়ীয়ে মোহন সিংহক এটা ক'লা চোলা উপহাৰ দি ক’লে— “এই চোলাটো ল'। এই চোলাটো পিন্ধিলে তই অদৃশ্য হৈ পৰিবি, তোক কোনেও দেখা নাপাব। সেই সুযোগতে তই ৰাজকন্যাবিলাকৰ পাছে পাছে গৈ সিহঁতক ধৰা পেলাব পাৰিবি।” সেনাপতিয়ে চোলাটো হাতত লৈ উপকাৰী বুঢ়ীজনীক সেৱা এটা কৰি তাৰ পৰা বিদায় ল’লে।
এইবাৰ মোহন সিংহ গৈ ৰাজকন্যা কেইজনীৰ আলহী হ'ল। ৰজাই তেওঁক আদৰ-সাদৰ কৰি কুঁৱৰীটোললৈ পঠিয়াই দিলে। কুঁৱৰীসকলেও তেওঁক বৰ যত্ন কৰি ৰাখিলে। সন্ধিয়া হৈ অহাৰ লগে লগে ৰাজকুঁৱৰী পান্নাই মোহন সিংহক এবাতি চৰবত খাবলৈ দিলে। তেৱোঁ ধন্যবাদ জনাই চৰবতৰ বাতিটো হাতত তুলি ল’লে আৰু খোৱা যেন দেখুৱাই মনে মনে বাহিৰৰ ফালে পেলাই দিলে। তাৰ পিছত টোপনি অহাৰ ভাও জুৰি হামিয়াই হামিয়াই তেওঁ বিচনালৈ গ’ল আৰু বাগৰ দিলে। অলপ পিছতে তেওঁ যেন গভীৰ টোপনিত লালকাল হৈ পৰিল— নাক বজাই ডাঙৰ ডাঙৰকৈ ঘোৰোণি তুলিবলৈ ধৰিলে। বুঢ়ীৰ কথামতে তেওঁ এইদৰে মিছা টোপনিৰ ভাও জুৰিলে।
কুঁৱৰীহঁতে তেওঁৰ চাতুৰী বুজি নাপালে। বৰকুঁৱৰীয়ে তেওঁৰ ফালে চাই ক’লে— “আগৰ কেইজনৰ দৰেই এইজন ডাঙৰীয়াও বলিশালৰ ফালে আগবাঢ়ি আহিছে। আমাৰ আদৰত ভোল গৈ বেচেৰা বৰ আৰামেৰে শুইছে। তিনি নিশা আৰামেৰে শুই লওক।”
ইয়াৰ পিছত ৰাজকন্যাবিলাকে কাপোৰৰ পেৰা খুলি জকমকীয়া কিংখাপ-মেজাংকৰী সাজ-পোছাক উলিয়াই পিন্ধি ল’লে। আইনাৰ ওচৰলৈ গৈ চুলি মেলি, প্ৰসাধন কৰি নাচিবৰ বাবে তেওঁলোক ধুনীয়া হৈ সাজু হ’ল। তেনেতে নুমলী ৰাজকুঁৱৰী কৰীয়ে ক’লে— “বাইদেউ! আজি দেখোন মোৰ মনটো কেনেবা কেনেবা লাগিছে। সাজ-পোছাক কৰিও ভাল লগা নাই। কিবা এটা অঘটন নঘটিলেই ৰক্ষা।”
বৰ ৰাজকুঁৱৰী সোণাই ধমক দি ক’লে— “থৈ দে তোৰ ভয়খন! শামুকৰ সমান সাহস লৈ পাতালপুৰীত নাচিবলৈ যোৱাটো উচিত হোৱা নাই। তোক নো এই কাৰেঙৰ ভিতৰত ক'ৰ বাঘটোৱে খাব বুলি ভাবিছ? সৌজন ডাঙৰীয়াক টোপনিৰ ঔষধ খুৱাই কেনেকৈ পেলাই থৈছোঁ চা। মৰা মানুহৰ দৰে পৰি আছে নহয়!”
আটাই কেইজনী সাজু হৈ যাবলৈ ওলাল। কোঠাটোৰ চাৰিওফালে সিহঁতে চকু ফুৰাই চালে। শুই থকা মোহন সিংহৰ ওচৰলৈও গৈ ভালদৰে পৰীক্ষা কৰিলে। দেখা পালে তেওঁ একেবাৰে টোপনিত লালকাল। নাকৰ ঘোৰোণিৰ বাহিৰে অলপো সাৰ-সুৰ নাই। সম্পূৰ্ণ নিৰাপদ বুলি ভাবি সিহঁত কোঠাৰ এটা চুকিলৈ গ’ল। বৰকুঁৱৰী সোণাই গুণগুণকৈ এটা মন্ত্ৰ মাতিলে:
> *“চিকিমিকি বাঁহৰ শলা*
> *বসুধাতী ফাট মেলা।*
> *তিৰবিৰ সৰু তৰা*
> *ফাটটো পোহৰ কৰা।*
> *পাতালৰ মুখ চাওঁ*
> *নাচি নাচি নামি যাওঁ।”*
>
এই মন্ত্ৰ শুনাৰ লগে লগে মজিয়াত থকা এখন গুপুত দুৱাৰ মেল খাই গ’ল। সেই সুৰংগইদি ৰাজকন্যা কেইজনীয়ে তললৈ নামিবলৈ ধৰিলে। মোহন সিংহৰো চকুৰ পচাৰতে বুঢ়ীয়ে দিয়া ক'লা চোলাটো গাত সুমুৱাই ল’লে। তেওঁ কুঁৱৰীসকলৰ পাছে পাছে তলাতল ঘৰৰ খটখটীৰে নামি যাবলৈ ধৰিলে। সৰুকুঁৱৰী কৰীয়ে আকৌ ক’লে— “বাইদেউ! কোনোবাই দেখোন মোৰ চাদৰখনত ধৰি পাছফালৰ পৰা টনা যেন পাইছোঁ।”
সোণাই আকৌ ডমাহী দি ক’লে— “মনে মনে থাক মৰতীজনী! ইমানেই যদি ভয় আছিল, নাচিবলৈ আহিছিলি কিয়? দেৱালৰ গজালত তোৰ চাদৰখন লাগিব পাৰে, তাকেই তই ছাঁটোকে বাঘ যেন দেখিছ।”
সি যি নহওক, সিহঁত আটাই কেইজনী খটখটীৰে নামি গৈ একেবাৰে পাতালপুৰীত ওলালগৈ। সেইখন আছিল বৰুণ দেৱতাৰ কুঞ্জকানন। চালে চকু ৰৈ যায়! গছবোৰ সোণৰ, গছৰ পাতবোৰ ৰূপৰ। সেই গছবোৰত হীৰা, মাণিক, মুকুতাৰ ফুল থোপাথোপে লাগি আছিল। তাৰে পৰা প্ৰমাণ ল’বলৈ মোহন সিংহই টপককৈ সোণৰ গছৰ এটা সৰু ডাল ভাঙি চোলাৰ মোনাত সুমুৱাই ল’লে। ডালটো ভঙাৰ লগে লগে গছজোপাই যেন চিঞৰ মাৰি উঠিল। সেই চিঞৰ শুনি আকৌ কুঁৱৰী ৰুবীৰ ভয় লাগিল। তাই ক’লে— “কিবা এটা হ’বই হ’ব। সৌৱা শুনা নাইনে, গছজোপাই কেনেকৈ কান্দি উঠিল?”
সোণাই তাইৰ কথা উৰুৱাই দি ক’লে— “কান্দোন ক'ত শুনিলি মৰতী? সেয়া আমাৰ লগত নাচিবলৈ অহা জলকোঁৱৰসকলৰ হাঁহি-ধেমালিহে।”
ইয়াৰ পিছত তেওঁলোক আৰু কিছুমান গছৰ ওচৰলৈ গ’ল, যাৰ পাতবোৰ আছিল খাঁটি সোণৰ। তাৰ পিছত আৰু এঠাইলৈ গ’ল, য’ত গছৰ পাতবোৰ আছিল হীৰাৰ। মোহন সিংহই প্ৰতিখন ঠাইৰ পৰাই একোটা ডাল ভাঙি ল’লে আৰু প্ৰতিবাৰেই গছে চিঞৰিলে। প্ৰতিবাৰেই নুমলী ৰাজকুঁৱৰীজনী ভয়ত কঁপি উঠিল, কিন্তু বৰকুঁৱৰীয়ে জলকোঁৱৰৰ হাঁহি বুলি কৈ তাইক প্ৰবোধ দি থাকিল।
গৈ গৈ তেওঁলোকে এটা বৰ ডাঙৰ সৰোবৰ পালে। সেই সৰোবৰৰ ঘাটত বাৰখন নাও সাজু কৰা আছিল আৰু প্ৰতিখন নাৱতে একোজনকৈ জলকোঁৱৰ আছিল। কোঁৱৰসকলে ৰাজকুঁৱৰী কেইজনীলৈকে বাট চাই আছিল। প্ৰতিজনী কুঁৱৰী একোখনকৈ নাৱত উঠিল। সেনাপতি মোহন সিংহয়ো যাদুৰ চোলাটো পিন্ধি থকাৰ বাবে অলপো নোযোৱাকৈ সৰুকুঁৱৰী উঠা নাওখনতে উঠি পৰিল। কোনেও তেওঁক দেখা নাপালে। নাৱত উঠি কুঁৱৰীসকলে ধেমালি কৰি কৰি সিটো পাৰত নাও চপালেগৈ। তাত পোহৰেৰে সুসজ্জিত এটা সুন্দৰ দুৰ্গ আছিল। সেই দুৰ্গৰ ভিতৰত নাচ-গান, ৰং-ধেমালি আৰু ভোজ-ভাত চলি আছিল। কুঁৱৰী কেইজনীও ভিতৰলৈ সোমাই গ'ল আৰু প্ৰতিজনীয়ে একোজন জলকোঁৱৰৰ লগত নাচিবলৈ ধৰিলে। তেওঁলোকৰ লগতে মোহন সিংহয়ো নাচত যোগ দিলে। তেওঁ অদৃশ্য হৈ থকাৰ বাবে কাৰো চকুত নপৰিল। ৰাজকন্যাসকলে খাবলৈ লোৱা চৰবতবোৰ তেওঁ ওপৰতে খাই দিলে, ফলত কুঁৱৰীহঁতে কেৱল খালী বাতিহে পালে। এনেদৰে চৰবতখিনি নাইকিয়া হোৱাত কুঁৱৰী ৰুবীয়ে আকৌ ভয়ত চিঞৰ-বাখৰ লগালে। বৰকুঁৱৰীয়ে এইবাৰো তাইক ডমাহী দি মুখ বন্ধ কৰিলে।
মুঠতে গোটেই ৰাতিটো তেওঁলোকে দুৰ্গৰ ভিতৰত নাচ-গান কৰিলে। নাচোঁতে নাচোঁতে তেওঁলোকৰ জোতাবোৰ ক্ষয় গ’ল। ৰাতিপুৱাৰ ঠিক আগে আগে জলকোঁৱৰ কেইজনে কুঁৱৰী কেইজনীক নাৱত তুলি সৰোবৰৰ ইটো পাৰত থৈ গ’লহি। এইবাৰ মোহন সিংহ বৰকুঁৱৰীৰ নাৱত উঠি আহিছিল। ঘাটতে কোঁৱৰ কেইজনে কুঁৱৰীসকলক বিদায় দিলে আৰু কুঁৱৰীসকলেও পিছদিনা আকৌ অহাৰ প্ৰতিশ্ৰুতি দিলে।
এইবাৰ খটখটীৰে ওপৰলৈ উঠি আহোঁতে মোহন সিংহ কুঁৱৰীসকলৰ আগত বেগাই গুচি আহিল। কুঁৱৰীসকলে নাচি-বাগি ভাগৰুৱা হৈ লাহে লাহে ওপৰলৈ উঠিছিল। সেই সুযোগতে মোহন সিংহই ততাতৈয়াকৈ আহি নিজৰ বিচনাত বাগৰ দিলে আৰু নাকৰ পেঁপা বজাই আগৰ দৰে মিছা টোপনি জুৰি পৰি থাকিল। তেওঁক তেনেদৰে পৰি থকা দেখি কুঁৱৰীবিলাকৰ হাঁহি উঠিল। এজনীয়ে ক’লে— “সৌটোলৈ চোৱা, সপোনত চাগে পক্ষীৰাজ ঘোঁৰাৰ পিঠিত উঠি ফুৰিছে!”
কুঁৱৰীসকলে সাজ-পোছাক সলনি কৰি ভৰিৰ পৰা জোতা কেইযোৰ দলিয়াই দি নিজ নিজ বিচনাত শুবলৈ গ’ল। মোহন সিংহই পিছদিনা ৰজাক একো সম্ভেদ পোৱা নাই বুলি ক’লে, কিন্তু মনে মনে তেওঁ পৰৱৰ্তী পৰিকল্পনা কৰিলে। একেদৰেই আৰু একেভাৱেই ৰাজকন্যা বাৰজনীৰ চকুত ধূলি মাৰি দ্বিতীয় আৰু তৃতীয় নিশাও তেওঁ তেওঁলোকৰ লগতে পাতালপুৰীলৈ গৈ নাচ-গান চাই আহিল। তৃতীয় নিশা তেওঁ পাতালপুৰীৰ নাচঘৰৰ পৰা এটা সোণৰ বাতিও চোলাৰ মোনাত লুকুৱাই লৈ আহিছিল— ৰজাক প্ৰমাণ দেখুৱাবলৈ।
তিনি ৰাতি শেষ হোৱাৰ পিছত মোহন সিংহ ৰজাৰ সন্মুখলৈ যাবলগীয়া হ’ল। আজি তেওঁ হয় গুপুত ৰহস্যৰ উৱাদিহ দিব লাগিব, নহ’লে মূৰটো দিব লাগিব। ইয়াৰ আগতে কেইবাজনো ৰাজকোঁৱৰে একো ক'ব নোৱাৰি কান্দি কান্দি নিজৰ মূৰটো হেৰুৱাব লগা হৈছিল।
কিন্তু আজিৰ মানুহজন আছিল বেলেগ। মোহন সিংহই নিৰ্ভীক মনেৰে ৰজাৰ ওচৰলৈ গৈ ছেৱা জনালে। তেওঁ ৰজাৰ আগত সোণ, ৰূপ আৰু হীৰাৰ পাতেৰে সৈতে গছৰ ডাল তিনিটা দাঙি ধৰিলে। ৰজাই ক’লে— “এইবোৰ পিছত ল’ম, প্ৰথমতে কোৱা ৰাজকন্যা বাৰজনীয়ে নিশা ক'ত গৈ নাচে?”
মোহন সিংহই ক’লে— “সেই কথা ক’বলৈকে মই সাজু হৈ আহিছোঁ স্বৰ্গদেউ! পাতালপুৰীৰ সৰোবৰৰ পাৰত থকা এটা দুৰ্গৰ ভিতৰত বাৰজন জলকোঁৱৰৰ লগত আপোনাৰ ৰাজকন্যাসকলে নিতৌ ৰাতি নাচ-গান কৰে। মই নিজ চকুৰে দেখি আহিছোঁ আৰু তাৰ প্ৰমাণস্বৰূপে এই গছৰ ডালকেইটা আপোনাৰ আগত দাঙি ধৰিছোঁ।” এই বুলি তেওঁ ৰজাৰ আগত আৰম্ভণিৰ পৰা শেষলৈকে সকলো ঘটনা বৰ্ণনা কৰিলে।
কথা গম পাই ৰাজকুঁৱৰীসকলে আৰু ফাঁকি দিব নোৱাৰিলে, কাৰণ তেওঁলোক হাতে-লোটে ধৰা পৰিছিল। ৰজাই বৰ সন্তুষ্ট হৈ সেনাপতিক সুধিলে— “এতিয়া কোৱা, তোমাক কোনজনী ৰাজকন্যা লাগে?”
সেনাপতিয়ে মূৰ দোঁৱাই ক’লে— “স্বৰ্গদেউ! মোৰ বয়স হৈছে। যদি দিব খুজিছে, তেন্তে বৰকুঁৱৰী সোণপাহীকে দিয়ক।”
সেইদিনাই মোহন সিংহৰ লগত সোণপাহীৰ ধুমধামেৰে বিয়া হৈ গ’ল। আৰু সেইদিনাৰ পৰাই সেই ৰাজ্যত মোহন সিংহ হ’ল সৰ্বেসৰ্বা ৰজা।
> *নাচনীহঁত পৰিল ধৰা,*
> *বাৰজনীৰ বুঢ়া দৰা।*
> *আমিও আহিলোঁ তাৰে পৰা,*
> *শেষ সাধুৰ ৰহঘৰা।*
> *কানি-কাপোৰ হ'ল ক'লা,*
> *ঘৰাঘৰি যাওঁ ব'লা।*
>
# # **✨ — সমাপ্ত — ✨**

#গ্ৰিমৰসাধু #অসমীয়া_সাধুকথা

বাটলুগুটি(গ্ৰিমাৰ সাধু, সংগ্ৰাহক: সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ)এসময়ত ভিকহু নামেৰে এজন বৰ দুখীয়া খেতিয়ক আছিল। নিত...
23/06/2026

বাটলুগুটি

(গ্ৰিমাৰ সাধু, সংগ্ৰাহক: সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ)

এসময়ত ভিকহু নামেৰে এজন বৰ দুখীয়া খেতিয়ক আছিল। নিতৌ গধূলি সি জুহালৰ কাষত বহে আৰু তাৰ ঘৈণীয়েক কপাহীয়ে তাৰ কাষত বহি যতৰটো উলিয়াই সূতা কাটে। সিহঁতে নানা সুখ-দুখৰ মেল পাতে। সেই মেলত ল'ৰা-ছোৱালীৰ কথা ওলাবই। ঈশ্বৰে সিহঁতক ল'ৰা-ছোৱালী নিদিলে, সেই বাবে মনত বৰ বেজাৰ। সিহঁতে কয়-যাৰ ঘৰত ল'ৰা-ছোৱালী নাই সেই ঘৰ মৰিশালিৰ নিচিনা। সেই ঘৰত আনন্দ, হাঁহি একোকে নাই।
এদিন কপাহীয়ে কৈছিল "ঈশ্বৰে যদি আমাক এডোখৰ ল'ৰা-পোৱালি দিলেহেঁতেন আৰু সি মোৰ বুঢ়া আঙুলিটোতকৈ ডাঙৰ নোহোৱা হলেও মই বেয়া নেপালোহেঁতেন।” ঈশ্বৰৰ ইচ্ছাত এই কথাবতৰাৰ সাত মাহৰ পিছতেই খেতিয়কনীৰ এটা ল'ৰা জন্মিল আৰু আচৰিত কথা যে সি ঠিক এটা বুঢ়া আঙুলিৰ সমান হয়েই জন্মিছিল। তেনে হোৱা দেখি মাক-বাপেকে তাৰ নাম ৰাখিলে বাটলুগুটি।
ভিকহু আৰু কপাহীয়ে নিজে নেখায়ো ভালৰো ভালটো আনি বাটলুগুটিক খুৱালে তথাপি সি বাঢ়িবলৈ নেজানিলে। এবছৰ দুবছৰকৈ কেইবা বছৰো গ'ল তথাপি যি বাটলুগুটি সেই বাটলুগুটিয়েই। সাগৰৰ পানীৰ দৰো বঢ়িব-টুটিব নেজানে, সদায় একে; ঠিক এটা বুঢ়া আঙুলিৰ সমানেই হৈ থাকিল। সেই বুলি বাটলুগুটি কাম-কাজত হলে পৰিমৰা বিধৰ নাছিল। তাক এঠাইত কাটিলে সাত ঠাইত গজিছিল। খেতিয়ক খেতিয়কনীয়ে এনে এটি পো লাভ কৰি সঁচাকৈয়ে আনন্দ লভিছিল।
এদিন ৰাতিপুৱা ভিকহু বুঢ়া হাবিলৈ খৰি লুৰি বলৈ যাবলৈ ওলাল। সি ঘৈণীয়েক কপাহীক কলে- "লগুৱা এটা ৰাখিব পৰা। হলে মই খৰি কিছু কটাৰ পিছত সি গাড়ীখন লৈ যাব পাৰিলেহেঁতেন।”

সেই কথা শুনি বাটলুগুটিয়ে টপৰাই মাত লগালে-“কিয় পিতাই, ময়ে দেখোন সেই কাম কৰি তোমাক সহায় কৰিব পাৰোঁ। লগুৱানো কেলেই লাগিছে? তুমি এতিয়া হাবিলৈ যোৱা। মই ঠিক সময়তে গাড়ী লৈ ওলামগৈ।"
ভিকহুৱে হাঁহি হাঁহি কলে- "তই পৰা হলে কথাই নাছিল বোপাই। তই ভাতত দি খাব পৰা এটাই কেনেকৈ গাড়ী চলাবি?"
বাটলুগুটিয়ে কলে- "পাৰিম পিতাই, পাৰিম। আয়ে যদি গাড়ীত ঘোঁৰাটো জুটি দিয়ে তেন্তে মই তাৰ কাণৰ ভিতৰতে বহি লম আৰু সি কেনি যাব লাগিব তাৰ পৰাই কৈ দিম।”
ভিকহুৱে কলে-“দেখিলেহে লেখিম। বাৰু, মই ওলালোঁ। তই তেন্তে যাবি।” এই বুলি সি হাবিলৈ গ'ল।
দুপৰীয়া কপাহীয়ে গাড়ীত ঘোঁৰা এটা জুটি দিলে আৰু বাটলুগুটিয়ে ঘোঁৰাৰ কাণত বহি গাড়ী চলাই নিলে। হাবিৰ কাষ পাওঁতে বাটলুগুটিয়ে ৰাজআলিবাটৰ পৰা হাবিতলীয়া বাটেদি গাড়ী নিবলগীয়া হোৱাত "হহ” কৰি ঘোঁৰা ৰখালে আৰু তাৰ পিছত গাড়ী নমাই দিলে। সিফালৰ পৰা দুজন বাটৰুৱা শাওণা আৰু ভদীয়াই এই ৰহইচ দেখি অবাক হ'ল। সিহঁতে এখন শুদা গাড়ী গৈ থকা দেখা পালে। গাড়োৱানৰ মাত শুনিছে কিন্তু তাক হলে দেখা পোৱা নাই। সিনো মানুহে নেদেখাকৈ ক'ত বহি গৈছে তাক ভাবি বাটৰুৱা দুজনৰ মনটোত খুদুৱনি লাগিল আৰু সিহঁতে তাকে চাবলৈ গাড়ীৰ পাছ ললে। গাড়ী গৈ হাবি সোমাল আৰু ভিকহুৱে খৰি লুৰি থকা ঠাই পালেগৈ। ভিকহুৱে বাটলুগুটিক ঘোঁৰাৰ কাণৰ পৰা মাটিত নমাই থৈ গাড়ীত খৰি বোজাই কৰিবলৈ লাগিল। সিফালেদি বাটৰুৱা দুজনে ঘুটমুটীয়া বাটলুগুটিক দেখা পাই তাজ্জব মানিলে। শাওণাই ভদীয়াক কলে-“কিনো গছৰ আগত গৰু উঠা কথা দেওহে! এনে বাওনা মানুহ ভূভাৰস্তুত থাকিব পাৰে বুলি আজিহে জানিলোঁ। কলিৰ শেষতহে হেনো মানুহে খুতৰা গছত হাকুটী যোৰাব পৰা হব। পিছে আমি দেখোন আজিয়েই সেই নাভূত নাশ্রুত মানুহ দেখা পালোঁ।”
ভদীয়াই কলে-“ইয়াক লগত ৰাখিব পাৰিলে লক্ষ্মীয়ে লাগ দিব ককাই! যেনে হওক ইয়াক মই সৌ কাঠকটীয়াৰ পৰা সৰকাব লাগিব। আন নহলেও নগৰে নগৰে ইয়াক দেখুৱাই এগাল ধন আৰ্জিব পাৰিম।” ইয়াকে ভাবি সি খেতিয়কৰ ওচৰলৈ গৈ কলে-“বোলোঁ হেৰা কাঠকটীয়া! তোমাৰ পুতেৰাক আমাক নেবেচা কিয়? আমরা তাক অপতি নকৰোঁ। বৰ সুখত ৰাখিম।”
ভিকহুৱে ভেকাহি মাৰি উত্তৰ দিলে- “তোমালোকৰ কেনেবোৰ কথা দেও? সি যে মোৰ ল'ৰা। গাৰ মঙহ এচপৰানো মই কিয় বেচিম?"
এই কথা শুনি বাটলুগুটিয়ে বাপেকৰ চোলাটোত ধৰি লৈ ওপৰলৈ বগাই গ'ল আৰু তাৰ কান্ধৰ ওপৰত বহি কাণৰ কাষত ফুচফুচাই কলে-“মোক বেচি দুপইচা উপাৰ্জন কৰা পিতাই! মই আকৌ তাৰ চকুত ধূলি দি তোমাৰ কাষলৈ উলটি যাম।”

খেতিয়কে তাৰ কথামতেই বাটলুগুটিক বেচিবলৈ মান্তি হ'ল আৰু শাওণা ভদীয়াই সোণৰ মোহৰ এটা দি তাক কিনি ললে।
বাটলুগুটিয়ে শাওণাক কলে- "মোক তোমাৰ পাগুৰিটোত তুলি লোৱা ককাই! তাৰ পৰা নপৰোঁ। তাতে উঠি মই গোটেই পৃথিৱীখন জৰীপ কৰিব পাৰিম।”
সেইমতে মানুহটোৱে তাক পাগুৰিত তুলি ললে আৰু সিহঁত আটাই কেউজনে যাত্ৰা কৰিলে। চাওঁতে চাওঁতে গধূলি হৈ আহিল। মানুহটোৱে বাটলুগুটিক পাগুৰিৰ পৰা মাটিত নমাই থৈ সৰুপানী চুবলৈ বহিল। সেই সুযোগতে সি এন্দুৰৰ গাঁত এটাত সোমাই গ'ল। মানুহ দুজনে তাক এডাল বন দুডাল কৰি পাত পাত কৰি বিচাৰিলে। সি এবাৰ গাঁতৰ ভিতৰৰ পৰা মাত লগালে - "ডাঙৰীয়া- সকল! এতিয়া ঠোঁটমুখ চেলেকি ঘৰলৈ যোৱাহঁক।”
মাত শুনি মানুহ দুজনে তাক আৰু বিচাৰিলে। কিন্তু পায় কত? সি এন্দুৰৰ গাঁতৰ আৰু তলত সোমালগৈ। আন্ধাৰত গাৰ নোম নেদেখা হৈ পৰিল। গতিকে সিহঁতে বাটলুগুটিক তাতে এৰি ঘৰলৈ গ'ল। বেচেৰাহঁতৰ ধনো গ'ল, জনো গ'ল।
মানুহ দুজন যোৱা গম পাই বাটলুগুটি গাঁতৰ পৰা বাহিৰ ওলাল। কিন্তু তেতিয়া বাহিৰত ঘিটমিটীয়া আন্ধাৰ। সি কলে- "এনে মৰআঁউসীত পাছফালৰ পৰা কোনোবাই গতা এটা মাৰি দিলেও দেখা পাবৰ সাধ্য নাই। এতিয়ানো মই যাওঁ কলৈ?”
এনেদৰে ভাবি সি দুখোজমান যাওঁতেই এটা শামুকৰ খোলাত উজুটি খালে। সি কৈ উঠিল- "ঈশ্বৰ! তুমি নিশ্চয় আছা। নহলে এনে মাজপথাৰত এই জিৰণি-বাহৰটো মোলৈ আজি নথলাহেঁতেন।” সি শামুকটোৰ ভিতৰত সোমাই তাতে ভৰি হাত মেলি শুবলৈ দিহা কৰিলে। এনেতে দুজন চোৰৰ কথা-বতৰা তাৰ কাণত পৰিল। এজন চোৰে কৈছে-"সেই ধনী মানুহজনৰ সোণ-ৰূপবোৰ আমি কেনেকৈ সৰকাওঁ?”
শামুকৰ ভিতৰৰ পৰা বাটলুগুটিয়ে মাত লগালে-“মই তাৰ দিহা দিব পাৰোঁ।” চোৰ দুটাই ভয় খাই কৈ উঠিল- "সেইটো আকৌ কি? কোনোবাই কথা কোৱা যেন শুনিছোঁ।”
চোৰ দুটা আচৰিত হ'ল। সিহঁতে কিছু সময় কাণ উনাই বাটলুগুটিয়ে কোৱা শুনিবলৈ পালে - "মোক তহঁতৰ লগত ল। মই তহঁতক সহায় কৰি দিম।”
চোৰ এটাই সুধিলে- "তইনো ক'ত আছ?”
বাটলুগুটিয়ে কলে-“তহঁত কণা নেকি অ'? তহঁতৰ আগতে মই শামুকৰ কোলাত ফস্তি জুৰি শুই আছোঁ। দেখা পোৱা নাই নে?”
চোৰ দুটাই কিছু সময় বিচাৰি বাটলুগুটিক বাহিৰ উলিয়াই আনিলে। এটা চোৰে কলে- “হেৰৌ টিপচী চৰাই! তইনো আকৌ আমাক কি সহায় কৰিবি অ'?"
বাটলুগুটিয়ে কলে-“মৰকণা! মানুহঘৰৰ ঘৰৰ বেৰেদি বগাই য'তে এটা সামান্য সুৰুঙা পাওঁ

সেই ফালেদিয়েই ভিতৰ সোমাই যাম আৰু তহঁতক ধন-সোণ ৰূপবান যি লাগে বাহিৰ উলিয়াই দিম।"
সেই কথা শুনি চোৰে কলে-“চাবাইচ! বল তেন্তে।” এই বুলি চোৰ দুটাই বাটলুগুটিক শামুকৰ পৰা উলিয়াই লৈ চুৰ কৰিবলৈ খোজ ললে।
সিহঁত এজন ধনী মানুহৰ ঘৰলৈ গ'ল। চোৰ দুটা বাহিৰত থাকিল। বাটলুগুটিয়ে এন্দুৰৰ গাঁত এটাৰে ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ পৰা সি মাত লগালে- “তহঁতক লগা বস্তুবোৰ ইয়াতে আছে নেকি অ'?"
চোৰ দুটাই লাহে লাহে কলে- "জহনিত যোৱা! নিচিঞৰিবি। গিৰিহঁতে সাৰ পাব।”
সিহঁতৰ কথা নুশুনাৰ ভাও ধৰি বাটলুগুটিয়ে আৰু জোৰেৰে সুধিলে- "নকৱ কিয়? বস্তুবোৰ ইয়াতে আছে নেকি?"
চিঞৰ-বাখৰ শুনি ৰান্ধনি এজনৰ টোপনি ভাগিল। সি শেতেলিৰ পৰা কাণ উনালে। কিছু সময়ৰ পিছত কাৰো মাতবোল নুশুনি চোৰ দুটাই আগবাঢ়ি আহি ফুচফুচাই কলে- "কি আছে সোণকালে উলিয়াই দে।”
বাটলুগুটিয়ে চিঞৰি কলে- "তহঁতে হাত মেলি থাক। মই বস্তুবোৰ উলিয়াই দিম।”
এইবাৰ বাটলুগুটিৰ কথা স্পষ্ট কৰি শুনি ৰান্ধনি উঠি বহিল আৰু ঘৰৰ বান্দী এজনীয়েও সাৰ পালে। সিহঁতে চোৰ চোৰ বুলি আটাহ পাৰি খলক লগালে। ঘৰৰ সকলো উঠিল। চোৰ দুটাই কথা বিষম দেখি বাটলুগুটিক তাতে এৰি পলাই ফাট মৰিলে। ঘৰৰ মানুহবোৰে চাকিচুকা জ্বলাই বাৰীয়ে-ঘৰে চাই কাকো নেদেখি আকৌ শুলেগৈ। বাটলুগুটিয়ে চুচৰি চুচৰি গৈ ভঁড়ালঘৰৰ এচুকত দমাই থোৱা ধানখেৰৰ মাজত সোমাল। তাতে সি বাকীছোৱা ৰাতি গাত উম লগাই শুলে।
ৰাতিপুৱা ঘৰৰ আন মানুহ নুঠোতেই বান্দীজনী উঠিল। তাই একোঁচা ধানখেৰ নি গৰুক খাবলৈ দিলে। সেই ধানখেৰকোঁচাৰ মাজতে বাটলুগুটিয়ে তেতিয়াও লালকাল হৈ শুই আছিল। যেতিয়া সি গাইজনীৰ মুখৰ ভিতৰ পালেগৈ তেতিয়াহে তাৰ টোপনি ভাগিল। টোপনি ভগাত সি গাইৰ মুখৰ ভিতৰতে বাগি দি ঘূৰিবলৈ ধৰিলে-যাতে দাঁত দুপাৰিৰ চেপাত নোসোমায়। এবাৰ সি পিচল এটা খাই গৰুজনীৰ পেটলৈ সোমাই গ'ল; পেটৰ ভিতৰত সোমাই সি ভাবিলে-“এই খোটালিটো বৰ আন্ধাৰ। খিৰিকী এখনো থাকিব নেপায় নে? জোন-বেলিৰ পোহৰ সোমাব কেনি?”
সিফালেদি গৰুজনীয়ে যিমানে ঘাঁহ খাইছে সিমানে বাটলুগুটি থকা কোঠাটো ঠাহ পৰিল। সি পেটৰ ভিতৰৰ পৰা টেটু ফালি মাত লগালে- "মই আৰু ঘাঁহ নেখাওঁ। মই আৰু ঘাঁহ নেখাওঁ।'
তেতিয়া বান্দীজনীয়ে গাখীৰ খীৰাই আছিল। আগ দিনা ৰাতিও তাই এই অদ্ভুত মাতকে শুনিছিল। পুনৰ গাইজনীৰ পেটৰ পৰা ওলোৱা সেই মাতকে শুনি তাই বৰ ভয় খালে। তাইৰ হাতৰ পৰা কঁৰিয়াটো বাগৰি পৰিল। তাই গিৰিহঁতৰ

কাষলৈ লৰি গৈ কলে- "দেউতা! বৰ আচৰিত কথা। আমাৰ গাইজনীয়ে দেখোন মানুহৰ দৰে কথা কৈছে।”
গিৰিহঁতে কলে-“দূৰ হ পাগলী! তোৰ মূৰ নিশ্চয় বেয়া হৈছে। বাৰু বলচোন, চাওঁগৈ।”
এই বুলি বান্দীজনীৰ লগত গিৰিহঁতেও গাইজনীক চাবলৈ গ'ল। তেওঁলোক গৈ পোৱাতো বাটলুগুটিয়ে গাইৰ পেটৰ পৰা চিঞৰিলে- "মোক আৰু দানা নিদিবা। মোৰ পেট ভৰিছে।”
এনে নোহোৱা-নোপজা কথা শুনি গিৰিহঁতৰো ভয়ত তালুৰ আগে জীৱ গ'ল। তেওঁ ভাবিলে ই নিশ্চয় দেও কি ভূতৰ কথাহে। এই বুলি ভাবি তেওঁ সেই অমঙলীয়া গাইজনীক হাবিৰ মাজত মেলি দিবলৈ স্থিৰ কৰিলে। লগুৱাহঁতে গাইজনী হাবিৰ মাজত এৰি থৈ আহিলগৈ।
এইবাৰ এটা ঢেকীয়াপতীয়া বাঘ আহি গাইজনীৰ ওপৰত জপিয়াই পৰি তাইৰ ডিঙির তেজ পিলে আৰু আমাৰ বাটলুগুটিও গাইৰ পেটৰ পৰা ঢেকীয়াপতীয়াৰ পেটত সোমালগৈ। তাৰ পৰাই সি মাত লগালে- “গোজৰ বৰুৱা! গোজৰ বৰুৱা! তোমাক মই বৰ ভাল খাদ্য দেখুৱাই দিব পাৰোঁ। কোমল ভেৰা পোৱালি খাবলৈ যাবা নে?”
বাঘে কলে- “যামতো। ক'ত আছে ক।”
বাটলুগুটিয়ে মাত দিলে- “এই হাবি পাৰ হৈ এখন গাঁও পাবা। সেই গাঁৱৰ সিমূৰে থকা শিমলু তলৰ মানুহ ঘৰত।” এই কথা শুনি বাঘৰ জিভা লোভত লকলকাবলৈ ধৰিলে। মাজ ৰাতি সি চোৰৰ দৰে বাটলুগুটিৰ দিহামতে মানুহ এঘৰৰ গোহালিত সোমালগৈ। সি তাতে এটা ভেৰাৰ তেজ পিলে।
ভেৰাৰ মঙহ খাই বাঘ ককাইৰ পেট ওফন্দি পৰিল। সি যি বাটেৰে সোমাই ছিল সেই সৰু বাটটোৰে সৰকি যাব নোৱাৰা হ'ল। বাটলুগুটিয়ে বাঘৰ পেটৰ ভিতৰতে চিঞৰি গান জুৰিলে:-

> "ধাই ধুই ধেপাত
বাঘ পৰিল চেপাত।”

বাঘে কলে- "মনে মনে থাক। মনে মনে থাক। মানুহে সাৰ পাব।” বাটলুগুটিয়ে চিঞৰি চিঞৰি গালে-

> "জাগ জাগ গিৰিঘৰীয়া!
বাঘে নিলে কাঠৰ চৰিয়া।”

পুতেকৰ মাত শুনি বাটলুগুটিৰ মাক-বাপেকে সাৰ পালে। লৰালৰিকৈ সিহঁতে খিৰিকীৰে জুমি চাই বাঘক দেখা পালে। খেতিয়কে এখন কুঠাৰ আৰু তাৰ ঘৈণীয়েকে এখন কাচি লৈ বাঘ মাৰিবলৈ ওলাই আহিল। বাপেকৰ মাত শুনি বাটলুগুটিয়ে মাত দিলে-"পিতাই! মই ইয়াতে আছোঁ। মোক বাহিৰ উলিৱা।” এই কথা শুনি খেতিয়কে বাঘৰ মূৰত কুঠাৰেৰে এনে এটা ধনঞ্জয় কোব বহালে যে সেই ফালেই সি সিফলীয়া হ'ল। খেতিয়কনীয়ে লৰি গৈ গোজৰ বৰুৱাৰ পেটটো ফালি

পেলালে। বাটলুগুটি বাহিৰ ওলাল। বহু দিনৰ মূৰত মাক-বাপেকে হেৰোৱা পোৱাক পাই হাততে স্বৰ্গ ঢুকি পালে। সিহঁতে তাক সুধিলে- "ইমান দিনে তই ক'ত আছিলি সোণাই?”
বাটলুগুটিয়ে কলে- “বহুত দেশ ভ্ৰমিলো পিতাই! এন্দুৰৰ গাঁত চালোঁ। শামুকৰ কোলাত উঠিলো। গাইৰ পেট পালোঁ। গোজৰ বৰুৱাৰ পেটত সোমালোঁ। আৰু ইমানবোৰ দেশ ঘূৰিপকি আজি তোমালোকৰ কাষ পালোঁ।"
খেতিয়কনীয়ে তাক কোলাত সুমাই কলে-"আৰু তোক নেবেচোঁ বাপ। শাকে-ভাতে খাই বাপেৰ-মাৰৰ মুখ পোহৰ কৰি থাকিবি। সোণকালে তোৰ বিয়াখনৰো জোগাৰ কৰিম।”

*দীঘল নাকৰ ৰাজকুমাৰী আৰু তিনিজন সৈন্য*বহুত বহুত দিনৰ আগৰ কথা। এখন সুন্দৰ দেশ আছিল। সেই দেশখনত তিনিজন বৰ মৰমীয়াল আৰু বুঢ়...
16/05/2026

*দীঘল নাকৰ ৰাজকুমাৰী আৰু তিনিজন সৈন্য*

বহুত বহুত দিনৰ আগৰ কথা। এখন সুন্দৰ দেশ আছিল। সেই দেশখনত তিনিজন বৰ মৰমীয়াল আৰু বুঢ়া সৈন্য আছিল। তেওঁলোকে নিজৰ গোটেই জীৱন দেশখনক ৰক্ষা কৰিয়েই কটালে। কিন্তু যেতিয়া তেওঁলোক লাহে লাহে বুঢ়া হৈ পৰিল, তেতিয়া তেওঁলোকৰ গাত আৰু যুদ্ধ কৰিবলৈ শক্তি নোহোৱা হ’ল। তেওঁলোকে ভাবিলে, "এতিয়া আমি শান্তিত ক’ৰবাত জিৰণি ল’ব লাগে।" তেওঁলোকে নিজৰ সৰু মোনা কেইটাত অলপমান কাপোৰ-কানি লৈ নতুন ঠাই ফুৰিবলৈ বুলি খোজ ল’লে।
খোজ কাঢ়ি কাঢ়ি যাওঁতে যাওঁতে এদিন তেওঁলোকে পালেগৈ এখন ডাঙৰ আৰু ঘন অৰণ্য। অৰণ্যখনত ওখ ওখ গছ আছিল। লাহে লাহে বেলিটো লহিওৱাৰ লগে লগে গোটেই হাবিখন জুৰ পৰি পৰি আন্ধাৰ হৈ আহিল। চাৰিওফালে নিস্তব্ধতা, কেৱল সৰু সৰু ঝিলি চৰাইবোৰে ‘ঝিঁ-ঝিঁ’ কৈ গান গাবলৈ ধৰিলে। সৈন্য তিনিজনে ভাবিলে, "ৰাতিটো ইয়াতে কটোৱাই ভাল হ’ব। কিন্তু হাবিৰ জন্তুবোৰৰ পৰা সাৱধানে থাকিবলৈ আমাৰ এজনে পহৰা দিব লাগিব আৰু বাকী দুজনে আৰামত শুব।"
প্ৰথম ৰাতি প্ৰথম সৈন্যজনে এটা সৰু জুই ধৰি সাৰে আছিল। মাজনিশা হঠাত হাবিৰ আঁৰৰ পৰা এটা বৰ মৰম লগা সৰু বাওনা মানুহ ওলাই আহিল। বাওনাটোৱে এটা ধুনীয়া ৰঙা চোলা পিন্ধি আছিল। সি সৈন্যজনৰ ওচৰলৈ আহি বৰ মৰমেৰে সুধিলে, "হেৰা বুঢ়া ককাইদেউ, তোমালোকে এই আন্ধাৰ হাবিখনত কি কৰি আছা? তোমালোকৰ ঘৰ ক’ত?" সৈন্যজনে বৰ নম্ৰভাৱে ক’লে, "আমি বুঢ়া সৈন্য, আমাৰ থাকিবলৈ কোনো সুকীয়া ঘৰ নাই।" সৈন্যজনৰ কথা শুনি বাওনাটোৰ বৰ বেয়া লাগিল। সি তাৰ মোনাৰ পৰা এটা **যাদুকৰী টুপী** উলিয়াই সৈন্যজনক দিলে আৰু ক’লে, "এই টুপীটো মূৰত দি তুমি মনতে যি ইচ্ছা কৰিবা, মুহূৰ্ততে তোমাৰ সন্মুখত হাজিৰ হ’ব।"
দ্বিতীয় দিনা আছিল দ্বিতীয় সৈন্যজনৰ পহৰা দিয়াৰ পাল। সেইদিনাও মাজনিশা সেই ৰঙা চোলা পিন্ধা বাওনাটো লাহেকৈ ওলাই আহিল। সি হাঁহি মাৰি এইবাৰ দ্বিতীয় সৈন্যজনক এখন **যাদুকৰী চাদৰ** দিলে আৰু ক’লে, "এই চাদৰখন মাটিত পাৰি বহিলে ই তোমাক চকুৰ পচাৰতে আকাশী পথেৰে বতাহৰ দৰে উৰুৱাই যিকোনো ঠাইলৈ লৈ যাব পাৰিব।"
তৃতীয় দিনা ঠিক তেনেকৈয়ে বাওনাটোৱে আহি তৃতীয়জন সৈন্যক এটা **যাদুকৰী বেগ** দিলে আৰু ক’লে, "এই বেগটোৰ ভিতৰত হাত সুমুৱাই তুমি যিমানেই সোনৰ মোহৰ বিচাৰিবা, সিমানেই ওলাই আহিব। ই কেতিয়াও খালী নহয়।"
পিছদিনা পুৱা যেতিয়া সোণালী সূৰুযৰ পোহৰ পৰিল, তিনিওজন ভাই-ককায়ে নিজৰ উপহাৰবোৰৰ কথা পাতি বৰ আনন্দ পালে। তেওঁলোকে জাদুকৰী বেগৰ পৰা কেইটামান সোণ উলিয়াই এখন নতুন চহৰত এটা ধুনীয়া ঘৰ সাজিলে আৰু সুখেৰে থাকিবলৈ ল’লে।
কিন্তু সেই চহৰখনৰ ৰাজপ্ৰসাদত এগৰাকী বৰ টেঙৰ আৰু অহংকাৰী ৰাজকুমাৰী আছিল। তাই আনৰ ধুনীয়া বস্তু দেখিলে চল কৰি কাঢ়ি লৈছিল। এদিন ৰাজকুমাৰীয়ে সৈন্যকেইজনৰ এই জাদুকৰী বস্তুবোৰৰ কথা গম পালে। তাই সৈন্যকেইজনক ৰাজকাৰেঙলৈ নিমন্ত্ৰণ কৰিলে আৰু মৰমৰ ভাও জুৰি তেওঁলোকক এটা মিঠা শৰবত খাবলৈ দিলে। সেই শৰবতটোত টোপনি যোৱা ঔষধ আছিল। শৰবতটো খোৱাৰ লগে লগে সৈন্যকেইজনে টেবুলতে চকু মুদি গভীৰ টোপনিত লালকাল দিলে। সেই সুযোগতে দুষ্ট ৰাজকুমাৰীয়ে জাদুকৰী টুপী, চাদৰ আৰু বেগটো চুৰি কৰি লুকুৱাই থ’লে আৰু সৈন্যকেইজনক হাবিখনলৈ খেদাই দিলে।
যেতিয়া সৈন্যকেইজনৰ টোপনি ভাঙিল, তেওঁলোকে দেখিলে যে তেওঁলোক আকৌ দৰিদ্ৰ হৈ পৰিল। তেওঁলোকে বৰ দুখ পালে। ভোক আৰু ভাগৰত জৰ্জৰিত হৈ তেওঁলোকে হাবিৰ এডাল ডাঙৰ আপেল গছৰ তলত বহিল। গছজোপাত ৰঙা ৰঙা মৰম লগা আপেল লাগি আছিল। প্ৰথম সৈন্যজনে ভোক সহিব নোৱাৰি এটা আপেল চিঙি কামুৰি খালে।
কিন্তু আপেলটো খোৱাৰ লগে লগে এক আচৰিত ঘটনা ঘটিল! সৈন্যজনৰ নাকটো হঠাত দীঘল হ’বলৈ ধৰিলে। নাকটো বাঢ়ি বাঢ়ি ইমান দীঘল হ’ল যে ই গোটেই হাবিখন পাৰ হৈ কেইবামাইল দূৰলৈকে মাটিত বেলুনৰ দৰে বাগৰি গ’ল। বাকী দুজন সৈন্যই ককায়েকৰ এই অৱস্থা দেখি বৰ ভয় খালে।
এনেতে সেই ৰঙা চোলা পিন্ধা বাওনাটো আকৌ লাহেকৈ গছ এডালৰ পিছফালৰ পৰা ওলাই আহিল। সি ক’লে, "ভয় নাখাবা, সৈন্যসকল। এই আপেল গছজোপাৰ ওচৰতে আন এজোৱা নাচপতি (Pear) গছ আছে। তুমি তাৰে এটা ফল আনি ককায়েৰাক খুৱাই দিয়া।" তেওঁলোকে লৰালৰিকৈ নাচপতি এটা চিঙি আনি ককায়েকক খুৱাই দিলে। আচৰিত ধৰণে নাচপতিটো খোৱাৰ লগে লগে সৈন্যজনৰ দীঘল নাকটো আকৌ আগৰ দৰে সৰু আৰু ধুনীয়া হৈ পৰিল।
এইবাৰ সৈন্য তিনিজনে ৰাজকুমাৰীক উচিত শিক্ষা দিয়াৰ এক সুন্দৰ পৰিকল্পনা কৰিলে। তেওঁলোকে কিছুমান যাদুকৰী আপেল লৈ মালীৰ বেশ ধৰি ৰাজকুমাৰীৰ কাৰেঙৰ ওচৰলৈ গ’ল। ৰাজকুমাৰীৰ লিগিৰীয়ে ক’লে, "আইদেউ, মালীয়ে বৰ ৰঙা আৰু ধুনীয়া আপেল আনিছে।" ৰাজকুমাৰীয়ে লোভ সামৰিব নোৱাৰি আনন্দৰে আপেল এটা খাই পেলালে।
লগে লগে ৰাজকুমাৰীৰ নাকটোও ভয়ংকৰভাৱে দীঘল হ’বলৈ ধৰিলে। নাকটো বাঢ়ি বাঢ়ি কোঠালিৰ মজিয়া পাৰ হৈ, খিৰিকীৰে ওলাই গৈ গোটেই চহৰখন বিয়পি পৰিল। ৰাজকুমাৰীয়ে কান্দিবলৈ ধৰিলে, "আই ঔ, মোৰ নাকটো কি হ’ল! কোনে মোক বচাব!"
ৰজাই দেশ-বিদেশৰ বহুত ডাক্টৰ মাতি আনিলে, কিন্তু কোনেও ৰাজকুমাৰীৰ এই অদ্ভুত নাকটো চুটি কৰিব নোৱাৰিলে। শেষত তিনিওজন সৈন্যই ডাঙৰ বৈদৰ (চিকিৎসক) ছদ্মবেশ লৈ ৰাজকাৰেঙত উপস্থিত হ’ল। তেওঁলোকে ৰাজকুমাৰীক ক’লে, "ৰাজকুমাৰী, তুমি কাৰোবাৰ মনত কষ্ট দিছা আৰু তেওঁলোকৰ জাদুকৰী বস্তু চুৰি কৰিছা। সেই পাপৰ বাবেই তোমাৰ নাকটো ইমান দীঘল হৈছে। যদি তুমি সেই বস্তুবোৰ এতিয়াই ওভতাই নিদিয়া, তোমাৰ নাক গোটেই জীৱন এনেকৈয়ে দীঘল হৈ থাকিব।"
ৰাজকুমাৰীয়ে মৃত্যুৰ ভয়ত কান্দি কান্দি নিজৰ ভুল স্বীকাৰ কৰিলে আৰু আলমাৰীৰ পৰা জাদুকৰী টুপী, চাদৰ আৰু সোণৰ মোনাটো ওভতাই দিলে। সৈন্যকেইজনে নিজৰ উপহাৰবোৰ ঘূৰাই পালে। তাৰ পিছত তেওঁলোকে মৰম কৰি ৰাজকুমাৰীক সেই জাদুকৰী নাচপতিটো খাবলৈ দিলে। নাচপতিটো খোৱাৰ লগে লগে ৰাজকুমাৰীৰ নাকটো আকৌ আগৰ দৰে সৰু আৰু ধুনীয়া হৈ পৰিল। ৰাজকুমাৰীয়ে নিজৰ ভুল বুজি পালে আৰু জীৱনত কেতিয়াও কাৰো বস্তু কাঢ়ি নলওঁ বুলি প্ৰতিজ্ঞা কৰিলে।
তিনিওজন সৈন্যই নিজৰ জাদুকৰী সম্পত্তি ঘূৰাই পাই বৰ সুখী হ’ল। তেওঁলোকে জাদুকৰী চাদৰখন পাৰি লৈ আকাশী পথেৰে উৰা মাৰি নিজৰ ধুনীয়া ঘৰলৈ ঘূৰি আহিল। তাৰ পিছত তেওঁলোকে গোটেই জীৱন মিলাপ্ৰীতিৰে আৰু সুখে-সন্তোষে দিন কটাবলৈ ধৰিলে।
আৰু এনেকৈয়ে আমাৰ ধুনীয়া সাধুটো ইয়াতেই শেষ হ’ল। এতিয়া আকাশত তৰাবোৰে মিচিক-মাচাককৈ জ্বলি উঠিছে, জোনবাই মাৰায়েও খিৰিকীমুখৰ পৰা তোমাক চাই হাঁহিছে। এতিয়া ধুনীয়া সোণটোৱে চকু দুটা মুদি দিয়া আৰু কাইলৈ পুৱা এটি নতুন সুন্দৰ দিনলৈ বুলি শান্তিত টোপনি যোৱা।
**শুভৰাত্ৰি, সোনকালে শোৱা!**

আজি  সৰু ল’ৰা-ছোৱালীক শুবৰ সময়ত ক’ব পৰাকৈ সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ এই সুন্দৰ সাধুটো তলত সহজকৈ আগবঢ়োৱা হ’ল:**গায়...
13/05/2026

আজি সৰু ল’ৰা-ছোৱালীক শুবৰ সময়ত ক’ব পৰাকৈ সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ এই সুন্দৰ সাধুটো তলত সহজকৈ আগবঢ়োৱা হ’ল:

**গায়ণ-বায়ণৰ সমদল **

বহুত দিনৰ আগৰ কথা। এজন গিৰিহঁতৰ এটা বৰ মৰমৰ গাধ আছিল। গাধটোৱে বছৰ বছৰ ধৰি বহুতো গধুৰ বোজা কঢ়িয়াইছিল। লাহে লাহে গাধটো বুঢ়া হ’ল আৰু তাৰ গাত শক্তি কমি আহিল। সি ভয় কৰিলে যে গিৰিহঁতে তাক হয়তো এতিয়া আৰু কামত নালাগে বুলি ঘৰৰ পৰা উলিয়াই দিব। সেয়েহে এদিন নিশা মনে মনে গাধটোৱে ঘৰ এৰি থৈ ব্ৰেমেন চহৰলৈ বুলি খোজ ল’লে। সি ভাবিলে, "তাত গৈ মই গান গাই গাই জীয়াই থাকিম।"
কিছুদূৰ যাওঁতেই সি এঠাইত এটা কুকুৰক চকু মুদি হঁফিয়াই থকা দেখিলে। গাধই সুধিলে— "কি হ’ল কুকুৰ ভাই, তুমি ইমান ভাগৰি আছা কিয়?" কুকুৰে ক’লে— "বন্ধু, মই এতিয়া বুঢ়া হ’লোঁ, আগৰ দৰে চিকাৰ কৰিব নোৱাৰোঁ। সেয়ে গিৰিহঁতে মোক মাৰিব খুজিছিল। মই কোনোমতে পলাই আহিছোঁ।" গাধই হাঁহি মাৰি ক’লে— "চিন্তা নকৰিবা! তুমি মোৰ লগত ব্ৰেমেনলৈ ব’লা। আমি দুয়ো গায়ণ-বায়ণ হৈ গান গাম।" কুকুৰটোৱে আনন্দ মনেৰে মান্তি হ’ল।
আগলৈ গৈ তেওঁলোকে এটা বুঢ়া মেকুৰীক অতি বিমৰ্ষ হৈ বহি থকা পালে। মেকুৰীয়ে ক’লে— "মোৰ দাঁতবোৰ পৰি গ’ল, এতিয়া মই আৰু নিগনি ধৰিব নোৱাৰোঁ। মালিকে মোক পানীত পেলাই মাৰিব খুজিছিল।" গাধ আৰু কুকুৰে তাকো লগ ল’লে। অলপ পাছতে তেওঁলোকে এটা পাতিহাঁহ পালে। হাঁহটোৱেও কান্দি কান্দি ক’লে যে গিৰিহঁতে তাক কাইলৈ ভোজ খুৱাবলৈ কাটিব খুজিছে। গাধই ক’লে— "মৃত্যুৰ মুখত পৰাতকৈ আমাৰ লগত ব’লা, তুমি আমাৰ লগত গান গাবা।"
যাওঁতে যাওঁতে ৰাতি হ’ল। তেওঁলোকে ভাগৰত এখন হাবি পালেগৈ। গাধ আৰু কুকুৰে গছৰ তলত আশ্ৰয় ল’লে, মেকুৰীটো গছৰ ডালত উঠিল আৰু হাঁহটো একেবাৰে গছৰ মগজত বহিল। হঠাত হাঁহটোৱে দূৰৈত এটা পোহৰ দেখিলে। তেওঁলোকে ভাবিলে ওচৰতে নিশ্চয় কিবা ঘৰ আছে।
সকলোৱে গৈ ঘৰটোৰ খিৰিকীৰে জুমি চালে। চাৰিও বন্ধুৱে দেখিলে যে ভিতৰত এদল ডকাইত বহি সুস্বাদু আহাৰ খাই আছে। তেওঁলোকে ডকাইতবোৰক খেদিবলৈ এটা ফন্দি পাতিলে। গাধটোৰ পিঠিত কুকুৰ, কুকুৰৰ ওপৰত মেকুৰী আৰু মেকুৰীৰ ওপৰত হাঁহটো বহিল। তাৰপাছত একেলগে সকলোৱে চিঞৰিবলৈ আৰম্ভ কৰিলে—
**"গৰ-গৰ, ভুক-ভুক, মিউ-মিউ, পেঁক-পেঁক!"**
ইমান বিকট শব্দ শুনি ডকাইতবোৰে ভয় খাই ভাবিলে যে কোনোবা ভূতহে আহিছে। সিহঁত সকলো লৰালৰিকৈ পলাই পত্ৰং দিলে। আমাৰ চাৰিও বন্ধুৱে সেই ৰাতি উদৰ পূৰাই আহাৰ খালে আৰু ঘৰটোৰ বেলেগ বেলেগ ঠাইত শুবলৈ গ’ল।
কিছু সময় পাছত এজন ডকাইত মনে মনে ঘৰটোলৈ কি হৈছে চাবলৈ আহিল। অন্ধকাৰত মেকুৰীটোৰ চকু দুটা জিলিকি থকা দেখি ডকাইতটোৱে জুই বুলি ভাবি তালৈ দিয়াচলাই কাঠি এটা আগবঢ়াই দিলে। মেকুৰীটোৱে তাৰ মুখত খামুচি দিলে। সি ভয় খাই পিছফালৰ দুৱাৰেদি পলাই যাওঁতেই কুকুৰটোৱে তাক কামুৰি দিলে। বাহিৰত গাধটোৱে তাক এটা লাঠি মাৰিলে আৰু ওপৰৰ পৰা হাঁহটোৱে চিঞৰিবলৈ ধৰিলে।
ডকাইতটোৱে গৈ তাৰ লগৰবোৰক ক’লে— "সেই ঘৰটোত এগৰাকী ডাইনী আছে, এজন কামোৰা মানুহ আছে আৰু এজন মস্ত দানৱ আছে! তাৰ পৰা দূৰত থকাই ভাল।"
সেইদিনাৰ পৰা ডকাইতবোৰ আৰু সেইফালে নাহিল। গাধ, কুকুৰ, মেকুৰী আৰু হাঁহটোৱে গোটেই জীৱন সেই ঘৰটোতে মিলাপ্ৰীতিৰে একেলগে থাকিবলৈ ধৰিলে।
আৰু এনেকৈয়ে শেষ হ’ল গায়ণ-বায়ণৰ দলটোৰ সুন্দৰ সাধুটো। এতিয়া চকু দুটা মুদা আৰু তুমিও তেওঁলোকৰ দৰেই শান্তিত শোৱা। শুভৰাত্ৰি!

আজি সাহিত্যচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাৰ 'গ্ৰিমৰ সাধু' পুথিখনৰ পৰা  'ৰুণুক, জুনুক, থুনুক' সাধুটো তলত হুবহু দিয়া হ'ল:চকু দু...
12/05/2026

আজি সাহিত্যচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাৰ 'গ্ৰিমৰ সাধু' পুথিখনৰ পৰা 'ৰুণুক, জুনুক, থুনুক' সাধুটো তলত হুবহু দিয়া হ'ল:

চকু দুটা মুদি দিয়া আৰু কল্পনা কৰা সেই তিনিজন ভাই-ককাইৰ যাদুৰ অভিযানৰ কথা...

**ৰুণুক, জুনুক, থুনুক**
এখন দেশত তিনিজন ভাই-ককাই আছিল। সিহঁতৰ নাম ৰুণুক, জুনুক আৰু থুনুক। নুমলীয়া থুনুক আটাইতকৈ বুধিয়ক কিন্তু সি বাওনা আছিল। বাপেকৰ কথামতে এদিন ৰুণুক ভাগ্যদেৱীক বিচাৰি ওলাল। সি ঘূৰি নহা দেখি কিছু দিনৰ পিছত ভায়েক জুনুকো তাক বিচাৰি ওলাল। সিহঁত দুয়ো গৈ এখন নগৰত লগ লাগিল। ব্ৰহ্মাৰ সভা চাই ভোল যোৱাৰ নিচিনাকৈ সিহঁত দুয়ো তাতেই থাকিবলৈ ললে আৰু কেইদিনমান যোৱাৰ পিছত ককায়েক দুজন উলটি নহা দেখি থুনুকেও সিহঁতৰ পাছ ললে। সি গৈ ককায়েকহঁতক লগ ধৰিলে। ককায়েকহঁতে তাক দেখি লাজ পালে আৰু নিজৰ কৰ্তব্য পাহৰি সেই নগৰত ঘিউৱে-মউৱে দকচি খাই থকাৰ বাবে অনুতাপ কৰিলে।
এইবাৰ তিনিওজন ভাই-ককায়েক একেলগে ভাগ্যদেৱীক বিচাৰি যাত্রা কৰিলে। তিনিওজন গৈ আছে, গৈ আছে,, গৈ আছে। অলপ দূৰ গৈ সিহঁতে এটা পৰুৱাৰ ঢাপ পালে। ৰুণুক আৰু জুনুকে গোৰ মাৰি সেই ঢাপটো ভাঙিব খুজিছিল; কিন্তু বাওনা থুনুকে সিহঁতক বাধা দি কলে— “তেনে কাম নকৰিবা ভাই! পৰুৱাবিলাকে কিমান কষ্ট কৰি এই ঢাপটো সাজিছে আৰু ইয়াতে সিহঁতে জাৰকালি খাবলৈ আহাৰ সাঁচি থৈছে। ঢাপটো ভাঙি আহাৰবোৰ নষ্ট কৰিলে সিহঁতৰ আশা ছেদ কৰা হব আৰু আমাৰো মহাপাপ হব।” ঢাপটো নেভাঙি সিহঁত আগবাঢ়িল আৰু অলপ দূৰ গৈ সিহঁতে এটা সৰোবৰৰ দাঁতি পালে। সেই সৰোবৰত এহাল শুকুলা ৰাজহাঁহ চৰি আছিল। ৰুণুক আৰু জুনুকে ৰাজহাঁহযোৰ মাৰি এসাজ দকচি খাওঁ বুলি ভাবিলে। এইবাবো থুনুকে সিহঁতক বাধা দি কলে— “জীৱহত্যা মহাপাপ। সেই বাজহাঁহ দুটাই আমাৰ একো অন্যায় কৰা নাই।” তাৰ কথা শুনি ৰুণুক জুনুকৰ ৰাজহাঁহ মৰা নহল। তিনিওজনে আকৌ খোজ ললে।
এইবাৰ গৈ গৈ সিহঁতে এজোপা গছত এখন মৌচাক ওলমি থকা দেখা পালে। সেই মৌ-চাকৰপৰা টোপ টোপ কৰি মৌজোল সৰি পৰিছিল। সেই মৌৰ লোভত ৰুণুক জুনুকৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। সিহঁতে মৌ-চাকৰ তলত একুৰা জুই ধৰি মৌবোৰ পুৰি মাৰো বুলি ভাবিলে। এইবাৰো থুনুকে তেনে অন্যায় কাম কৰিবলৈ নিদিলে।
এইবাৰ গৈ গৈ সিহঁত এখন হাবিৰ মাজত সোমাল। সেই হাবিৰ মাজৰ বাটেদি গৈ গৈ সিহঁতে এখন ৰজাৰ নগৰ পালে। সেই নগৰখন বৰ আচৰিত। তাত ঘৰ-দুৱাৰ, আলিবাট, ফুলনি সকলো আছে কিন্তু মানুহ-দুনুহ হলে কোনো নাই। হাতীশালত হাতী আছে, হাতীবিলাকো শিলৰ; ঘোঁৰাশালত ঘোঁৰা আছে, ঘোঁৰাবিলাক হলে শিলৰ; ল'ৰা তিনিজন গৈ ৰাজকাৰেঙত সোমাল। সিহঁতক বাধা দিবলৈ কোনো নাছিল। ইটো খোটালিৰ পৰা সিটো খোটালিত সোমাই সিহঁতে ক'ত কি আছে পাত পাতকৈ বিচাৰি ফুৰিবলৈ ধৰিলে। এটা খোটালিত, এখন মেজৰ কাষত এজন পকামূৰীয়া বুঢ়া বহি থকা সিহঁতে দেখা পালে। "বুঢ়া আপ নমস্কাৰ" বুলি সিহঁতে বুঢ়াজনক নমস্কাৰ জনালে। বুঢ়াই হলে সিহঁতৰ ফালে কেৰাহিকৈয়ে নেচালে। দ্বিতীয়বাৰ মতাতো বুঢ়াই কাতিকুটা নকৰিলে। ল'ৰাহঁতো কম নহয়, সিহঁতে তৃতীয়বাৰ চিঞৰি মাতিলে। এইবাৰ বুঢ়াই লাহে লাহে উঠি থিয়দঙা দিলে। মুখেৰে একো মাতবোল নকৰাকৈ ল'ৰাহঁতক তেওঁৰ পাছে পাছে যাবলৈ কলে। সিহঁত তিনিও ভাই-ককায়ে বুঢ়াৰ পাছে পাছে গৈ এটা ধুনীয়া খোটালিত সোমাল। সেই খোটালিৰ মজিয়াত নানা তৰহৰ খোৱাবস্তু সজাই থোৱা আছিল। মুখেৰে একো মাতবোল নকৰাকৈ বুঢ়াই সিহঁতক সেইবোৰ খাবলৈ আঙুলিয়াই দেখুৱালে। ল'ৰাহঁতৰ ভোকত পেটৰ নাড়ী ছিঙিবলগীয়া হৈছিল। তিনিও তিনিখন পীৰাত বহি মাছে-মঙহে, গাখীৰে ডিঙিৰ গুৰিলৈকে উগাৰি উগাৰি খালে। খোৱা শেষ হলত বুঢ়াই আন এটা খোটালিত তিনিওজন ল'ৰাক শুবলৈ তিনিখন শেতেলি দেখুৱাই দিলে। সিহঁত তিনিও তাত বাগৰ দিয়া মাত্রে টোপনি গ'ল।
পিছ দিনা ৰাতিপুৱা বুঢ়া ৰুণুকৰ কাষলৈ আহিল। তাক ইঙ্গিতেৰে আন এটা খোটালিলৈ মাতি লৈ গ'ল। সেই কোঠাত এখন মাৰ্বলৰ মেজ আছিল। সেই মেজত তিনিটা টেমা আছিল। সেই টেমাৰ ভিতৰত একোখন কাগজত লিখি থোৱা আছিল কেনেকৈ সেই যাদুৰ নগৰীৰ ৰহস্য ভেদ কৰিব পাৰি। ৰুণুকে এটা টেমা খুলি যিখন কাকত পালে তাত এইদৰে লিখা আছিল 'হাবিৰ মাজত পৰুৱাৰ ঢাপটোৰ তলত ৰাজকুঁৱৰীৰ এহেজাৰ মুকুতা-মণি পুতি থোৱা আছে। সেই সকলোবোৰ বিচাৰি উলিয়াব লাগিব। বেলি মাৰ যোৱাৰ আগতে যদি এটা মণি উলিয়াবলৈ বাকী থাকে তেন্তে বিচাৰি যাওঁতাজন তাতেই মাৰ্বল শিল হৈ থাকিব।' সেইমতে ৰুণুকে গৈ পৰুৱাৰ ঢাপত মুকুতা-মণি বিচাৰিবলৈ ধৰিলে। গোটেই দিনটো বিচাৰি বিচাৰি সি এশ মণিহে বিচাৰি পালে। বেলি মাৰ যোৱাৰ লগে লগে সি তাতেই মাৰ্বল শিলৰ মূৰ্তি হৈ থাকিল।
দ্বিতীয় দিনা জুনুকৰ পাল পৰিল। সিও মণি বিচাৰি ওলাল। গোটেই দিনটো চেষ্টা কৰিও আৰু এশতকৈ মণি সি বিচাৰি নেপালে। তাৰো ককায়েকৰ নিচিনাই দশা হ'ল অর্থাৎ শিলামূর্তি হৈ থাকিবলগীয়া হ'ল।
তৃতীয় দিনা সিহঁতৰ নুমলীয়া ভায়েক থুনুকৰ পাল পৰিল। সিও ককায়েকহঁত যোৱা বাটেদি মণি বিচাৰি গ'ল। মণি বিচাৰি পোৱাটো এলাপেচা বিধৰ কাম নহয়। অলপ সময় বিচৰাৰ পিছতেই তাৰ বৰ ভাগৰ লাগিল। সি মুৰেকপালে হাত দি বহি কেনেকৈ কাৰ্য সিদ্ধি কৰিব পাৰি ভাবিবলৈ ধৰিলে। তাৰ তেনে অসহায় অৱস্থা দেখি সেই ঢাপটোৰ পৰা পৰুৱাৰ ৰাণী ওলাই আহিল। এদিন সি এই পৰুৱাবোৰৰ জীৱন ৰক্ষা কৰিছিল। পৰুৱাৰ ৰাণীয়ে কলে— “কোঁৱৰ! তুমি একো ভয় নকৰিবা। মোৰ পাঁচশ চাকৰ-পৰুৱা আছে। সিহঁতক লগত লৈ মই তোমাক সকলোবোৰ মণি বিচাৰি আনি দিম।” সেইমতে কাম হ'ল। পৰুৱাবিলাকে বেলি মাৰ যোৱাৰ আগতে এহেজাৰ মুকুতা-মণি আনি গোটাই দিলে।
এইবাৰ থুনুকে দ্বিতীয় টেমাৰ ভিতৰত থকা কাকতখিলালৈ চকু দিলে। তাত লিখা আছিল— 'ৰাজকুঁৱৰীৰ শোৱনি-কোঠাৰ চাবিটো সৰোবৰৰ তলিত লুকুৱাই থোৱা আছে। তাৰে পৰা গৈ বুটলি আনিব লাগিব।' থুনুকে সৰোবৰৰ দাঁতিলৈ গৈ আগতে দেখি যোৱা হাঁহ দুটা লগ পালে। এদিন সিহঁতৰ জীৱন ৰক্ষা কৰি থুনুকে যি উপকাৰ কৰি থৈছিল সিহঁতে সেই উপকাৰৰ কথা পাহৰা নাছিল। সিহঁতে ততালিকে সৰোবৰৰ পানীত বুৰ মাৰি পাতালপুৰী পালেগৈ। তাৰে পৰা ৰাজকুঁৱৰীৰ কোঠালিৰ চাবিটো আনি থুনুকৰ হাতত দিলে।
তিনিবাৰেহে নিবাৰ। তৃতীয় টেমাৰ ভিতৰৰ কাকতত সেই চাবিৰে ৰাজকুঁৱৰীৰ খোটালিটো খুলিবলৈ লিখা আছিল। সেই খোটালিৰ ভিতৰত তিনিজনী দীপলিপ ৰাজকুঁৱৰী বহি আছিল। তেওঁলোকৰ নাম কেতেকী, তগৰ আৰু চম্পা। এতিয়া তেওঁলোকৰ মাজৰ পৰা নুমলী বাজকুঁৱৰী চেনিচম্পাক বাছি উলিয়াব লাগিব। দেখাত তিনিওজনী প্রায় একে। কেতেকীয়ে এইমাত্র এচামুচ চেনি, তগৰে এচামুচ গাখীৰ আৰু চম্পাই এচামুচ মৌ খাই উঠিছে। ওঁঠত সেই মৌৰ গোন্ধৰ পৰাই চম্পাক চিনি উলিয়াবলৈ সহজ হৈ আছে। এইবাৰ থুনুকক সহায় কৰিবলৈ মৌ-কুঁৱৰী আগবাঢ়ি আহিল। থুনুকে ইতিপূর্বে সেই মৌ-কুঁৱৰী আৰু তেওঁৰ মৌচাকৰ মৌবোৰৰ জীৱন ৰক্ষা কৰিছিল। মৌ-কুঁৱৰীয়ে নুমলী কুঁৱৰী চম্পাৰ মুখত মৌৰ গোন্ধৰ গম ধৰিব পাৰিলে। তেওঁ ততালিকে উৰি চম্পাৰ ওঁঠত পৰিল। তাৰ পৰাই থুনুকে নুমলী কুঁৱৰীক চিনি পালে আৰু এইজনীয়ে নুমলী ৰাজকুঁৱৰী চেনিচম্পা বুলি তেওঁৰ হাতত থাপ মাৰি ধৰিলে।
সেই মুহূৰ্ততে সেই আচৰিত নগৰৰ যাদু নাইকিয়া হৈ গ'ল। সকলোৱে যেন টোপনিৰ পৰা সাৰ পাই উঠিল। হাতী, ঘোঁৰা শিলৰ মানুহ-দুনুহ সকলোবোৰ সজীৱ হ'ল। শিল হৈ থকা ৰুণুক আৰু জুনুকেও জীৱন ঘূৰাই পালে। থুনুক সেই দেশৰ ৰজা হ'ল। চেনিচম্পা তেওঁৰ ৰাণী হ'ল। বৰৰাজকুঁৱৰী কেতেকীক ৰুণুকে আৰু মাজুকুঁৱৰী তগৰক জুনুকে বিয়া কৰালে। ৰুণুক মন্ত্ৰী হ'ল, জুনুক সেনাপতি হ'ল। আমি তেওঁলোকক তাতে এৰি গুচি আহিলোঁ।
চেনিচম্পা ৰাণী হ'ল,
থুনুক হ'ল ৰজা,
কেতেকীক ৰুণুকে পালে
নহয় নে বৰ মজা?
আৰু আছে ৰগৰ
জুনুকৰ হল তগৰ
নাই আৰু লেঠা
শেষ সাধুকথা।

**শিক্ষণীয় কথা:** জীৱনত দয়া আৰু বুদ্ধিমত্তাই মানুহক আটাইতকৈ কঠিন পৰীক্ষাতো জয়ী কৰায়। যিয়ে আনে কৰা কষ্টক সন্মান কৰে আৰু জীৱ-জন্তুক দয়া কৰে, তেওঁক প্রকৃতিয়েও বিপদৰ সময়ত সহায় কৰে।

এতিয়া ৰুণুক, জুনুক আৰু থুনুকৰ সেই সুখৰ ৰাজ্যখনৰ কথা ভাবি ভাবি চকু দুটা মুদি দিয়া সোণটো। **শুভ নিশা!**

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when জোনাক ৰাতিৰ সাধু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category