09/05/2026
“Rush Towards Allah”
The North East Campaign has been launched by Syed Sadatullah Husaini, Chief Patron of SIO, along with national leaders of JIH and SIO.
The aim of the campaign is to strengthen the organisational activities across north east zones.
𝗦𝗜𝗢 𝗼𝗳 𝗜𝗻𝗱𝗶𝗮
22/02/2026
مَعَ الْقُرْآنِ فِي رَمَضَان
Ramadan Drive for Northeast Zones
Qur’an • Tarbiyah • Service
আলহামদুলিল্লাহ, আজি SIO Assam North zone ৰ Howly Unit ৰ উদ্যোগত এক সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশত“Ramadan Get Together & Iftar Meet”সফলভাৱে অনুষ্ঠিত হয়।
আলহামদুলিল্লাহ, আজি SIO Assam North zone ৰ Howly Unit ৰ উদ্যোগত এক সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশত“Ramadan Get Together & Iftar Meet” সফলভাৱে অনুষ্ঠিত হয়। সভাখনত SIO ৰ সদস্য তথা দায়িত্বশীল আৰু জোনাল ইনচাৰ্জ ৰমিজ আব্দুল্লাহ ভাইক আদি কৰি হাউলীৰ কিছু সহযোগী উপস্থিত থাকে। সভাখন ছানিদুল ইছলামৰ কোৰআন তিলাৱতৰ জৰিয়তে আৰম্ভ হয় আৰু ৰমজানৰ শিক্ষা, ৰমজানৰ প্ৰভাৱ, ৰমজানৰ কাৰ্যকলাপ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ পিছতে সমূহীয়াভাৱে ইফতাৰ গ্ৰহণ কৰি শেষত আমিৰে হালকা চাহাবৰ বিশেষ নচিহতি আলোচনাৰে সভাখনৰ অন্ত পৰে।
Assam North Zone
of India
18/02/2026
The month of blessings and boundless mercy
A season of good deeds, elevated character, and spiritual revival
A journey of self-discovery and inner transformation
`The Month of the Qur’an, Patience & Forgiveness`
Ahlan Ya Ramadan ✨
𝗦𝗜𝗢 𝗼𝗳 𝗜𝗻𝗱𝗶𝗮
15/02/2026
আলহামদুলিল্লাহ
যোৱা 9 অক্টোবৰ ষ্টুডেন্ট ইছলামিক অৰ্গেনাইজেচনৰ (Students Islamic Organisation of India) ৰ Assam North Zone ৰ উদ্যোগত আৰু Darrang ইউনিটৰ পক্ষৰ পৰা এক শিক্ষামূলক কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়।
এই কাৰ্যসূচীত HS আৰু HSLC প্ৰায় পোন্ধৰ জন পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ শুভেচ্ছা জ্ঞাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আৰু গাইডলাইন প্ৰদান কৰা হয়। পৰীক্ষাত সফলতা লাভৰ বাবে সময় ব্যৱস্থাপনা, নিয়মীয়া অধ্যয়ন, আত্মবিশ্বাস আৰু আল্লাহৰ ওপৰত ভৰসা ৰাখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা পত্ৰ আৰু ফূলাম গামোচা প্ৰদান কৰি উৎসাহিত কৰা হয়।
ইয়াৰ উপৰিও SIO-ৰ উদ্দেশ্য, লক্ষ্য আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত ছাত্ৰ-যুৱ সমাজৰ ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়।
এই উদ্যোগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৱ উৎসাহ আৰু দায়িত্ববোধ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
12/11/2025
SIO condemns deadly blast in Delhi
Students Islamic Organisation of India strongly condemns the deadly blast that took place in Delhi, causing the tragic loss of innocent lives and injuries to many.
SIO expresses its deepest condolences to the families of those who lost their lives and stands in solidarity with the injured and their loved ones during this time of grief. We urge the government and authorities to ensure that all necessary medical and financial assistance is provided promptly to the victims and their families.
We call for a thorough, transparent, and impartial investigation into the incident. It is crucial that the inquiry proceeds responsibly, without bias or premature conclusions, and that the rights and dignity of all citizens are protected throughout the process.
At this moment of crisis, we urge everyone especially media houses not to play biased or sensational stories, but to act responsibly. This is a time for security, accountability, and systemic improvement, not for division or misinformations.
SIO of India
20/09/2025
অসমবাসীয়ে অসমৰ সংস্কৃতিক জগতৰ এক ভোটা তৰা হেৰুৱালে। এয়া অসম বাসীৰ বাবে অপূৰনীয় ক্ষতি। অসমীয়া জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি। শোকাগ্রস্ত সকললৈ সমাবেদনা জ্ঞাপন কৰিলো।
15/08/2025
৭৯ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা
স্বাধীনতা হৈছে এখন দেশৰ সাৰ্বভৌম অস্তিত্বৰ গৌৰৱময় স্বীকৃতি, জাতিৰ আত্মপৰিচয়ৰ গৌৰৱৰে জিলিকি থকা আৰু ত্যাগ আৰু যন্ত্ৰণাত মহিমামণ্ডিত চেতনা। ১৯৪৭ চনৰ ১৫ আগষ্টত প্ৰায় দুশ বছৰীয়া দাসত্ব আৰু শোষণৰ শিকলি ভাঙি বিশ্বৰ মানচিত্ৰত এখন স্বাধীন আৰু সাৰ্বভৌম ভাৰতৰ আবিৰ্ভাৱ ঘটিছিল। এই স্বাধীনতা ঘোষণা সহজ বিষয় নাছিল; ইয়াৰ আঁৰত আত্মত্যাগ, আত্মসৰ্পণ আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ ৰক্তাক্ত ইতিহাস নিহিত হৈ আছে। এই গৌৰৱময় দিনটো কেৱল উদযাপনৰ দিন নহয়, সমতা, বন্ধুত্ব আৰু ঐক্যৰ মনোভাৱেৰে জাতিৰ চেতনা প্ৰকাশৰ দিন। দুখৰ বিষয় যে আজিৰ ভাৰতবৰ্ষ এক গভীৰ সংকটৰ সন্মুখীন হৈছে। ধৰ্মীয় হিংসা, ঘৃণা আৰু বিভাজনৰ ঘটনাই ভাৰতৰ প্ৰধান শক্তি সমন্বয় আৰু ঐক্যৰ শিপাত খুন্দা মাৰিছে। এই প্ৰেক্ষাপটত কল্যাণমুখী, অসাম্প্ৰদায়িক, প্ৰগতিশীল আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা আৰু সুশাসন প্ৰতিষ্ঠা আৰু ন্যায়সংগত সমাজ গঢ়াৰ পথত জাতি, ধৰ্ম, জাতি নিৰ্বিশেষে সকলোৱে একত্ৰিত হ’ব লাগিব। স্বাধীনতাৰ ৭৯ বছৰীয়া জয়ন্তীত আমি বিভাজনৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰি জনসাধাৰণৰ মৌলিক আৰু ন্যায্য অধিকাৰ সুনিশ্চিত কৰাৰ লগতে শোষণ, বৈষম্য, অন্যায়ৰ অন্ত পেলোৱাৰ লগতে শান্তিপূৰ্ণ ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছো। "বৈচিত্ৰ্যৰ মাজত ঐক্য" আৰু "ভিন্নতাৰ মাজত সম্প্ৰীতি" সংৰক্ষণৰএই মনোভাৱে সকলোকে অনুপ্ৰাণিত কৰক। মহান স্বাধীনতা দিৱসত আমাৰ এই প্ৰত্যাশা।
29/07/2025
বৰপেটা জিলাৰ হাউলীত SIO
Assam north zone উদ্যোগত প্ৰথম তিনিমাহিলীয়া তাজকিয়া শিবিৰ সফলভাৱে অনুষ্ঠিত হয়।
আছৰৰ নামাজৰ পৰা ইশাৰ নামাজলৈ, বৰপেটা জিলাৰ হাউলীত প্ৰথম তিনিমাহিলীয়া তাজকিয়া শিবিৰ আলহামদুলিল্লাহ সফলভাৱে অনুষ্ঠিত হয়। শিবিৰটোত কোৰআন পাঠ, ইছলামৰ শুদ্ধ ধাৰণা, নৈতিক সংস্কাৰ, আৰু ত্যাগ-বলিদানৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
এই তাজকিয়া শিবিৰত SIO-ৰ সন্মানীয় জোনাল ছেক্ৰেটেৰী জিলা লিডাৰ, জামাআতে ইছলামী হিন্দ-ৰ সদস্য, লগতে বিভিন্ন কৰ্মী আৰু সমৰ্থক সকলে অংশ গ্ৰহণ কৰে।
ইশাৰ নামাজৰ অন্তত, কোৰআনৰ তাজকিৰ মাধ্যমে শিবিৰৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত কৰা হয।
26/07/2025
"ইছলাম আৰু অন্যান্য মতবাদৰ তুলনামূলক আলোচনা"
09.August 2025. 8:30 PM
Platform - Google Meet
ড° মিৰ্জা শ্বৰিফুল হাছান ছাহেব
জিলা নাজিম, জামাত ই ইছলামী হিন্দ
পূব মেদিনীপুৰ, পশ্চিমবংগ