Sarupathar College

Sarupathar College TION :

SarupatharCollege is the oldest Provincialised college in the greater Dhansiri Sub-division. Established on November, 14th in the year 1970, with Mr.

Muhi Kanta Tamuli as its Principal, Sarupathar College is the fruit pf toil and hardship of a host of leading personalities of the greater Sarupathar area, who had been longing to see the light pf higher education in this outlying remote part of the country. The dream was realized with conviction when the college was brought under deficit grants by the Assam Government in 1981. This, a new era dawned on this premier educational institution not without tremendous peril;s and sacrifice faced by some of the founding teachers and well wisher. Today the college owes much to the local community who had contributed so much to see the college where it stands today. At the same time the college stands faithful to its commitment by giving her very best in the field of higher education. On the other hand, the introduction of the Commerce Stream in the year 1985 was another feather to the cap. The college got permanent affiliation under Dibrugarh University upt to degree level in 1994-1995 and was declared, along with the other colleges of Assam, a provincialised college in December, 2005. Though it is a degree college, the institution has also been providing facilities for studies in higher secondary courses in both Arts and Commerce stream. The college was awarded Grade “B” by the National Assessment and Accreditation Council (NAAC) in 2004. This institution is venturing into new frontiers in a quest for quality enhancement accommodating co-curricular activities, besides its normal curricula. Now the college has successfully completed 41 years of its existence and able to meet the needs and aspirations of the people of the Dhansiri Sub-division in particular and other areas in general. The college bears the responsibility of uplifting the socio-economic development of the backward, rural and inter-state bordering region. It is our humble anticipation that the college will open up new vistas of learning for the students by providing ample opportunities in all possible fields for unravelling the hidden talents of the students.

৫ জুন, ২০২৬ 🌿 আজি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ত মুকলি কৰা হ'ল অসমত উপলব্ধ ১১০ বিধ পখিলা প্ৰজাত...
05/06/2026

৫ জুন, ২০২৬ 🌿
আজি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ত মুকলি কৰা হ'ল অসমত উপলব্ধ ১১০ বিধ পখিলা প্ৰজাতিৰ এটি চিত্ৰশালা (Butterflies of Assam : A Pictorial Gallery)। এই ক্ষেত্ৰত আমাক সহযোগ কৰিলে পখিলা বিশেষজ্ঞ শ্ৰীসাৰংগপাণি নেওগে। বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ সৰুপথাৰৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক।আগ্ৰহীসকলে ১১০ বিধ পখিলাৰ কাষৰ QR CODE স্কেন কৰিলে মহাবিদ্যালয়ৰ ৱেবছাইটত থকা ফটো গেলেৰীৰ পৰা সেই বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব।

03/05/2026

যাত্ৰা অসীম অনন্ত... 💕
আকৌ এবাৰ নতুনক আদৰিবলৈ প্ৰস্তুত হৈছে ৫৬ বছৰীয়া দুৰন্ত তৰুণ সৰুপথাৰ মহাবিদ্যালয়! কলা আৰু বাণিজ্য শাখাৰ স্নাতক ১ম ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া খুব সোনকালেই আৰম্ভ হ'ব। আগ্ৰহীসকলে যোগাযোগ কৰিব পাৰে।

সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ কাৰ্য্যকৰী সভাপতি অজয় কানৈ ডাঙৰীয়াই উপহাৰ দিয়া কেইটামান কমলা গছৰ পু...
10/04/2026

সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ কাৰ্য্যকৰী সভাপতি অজয় কানৈ ডাঙৰীয়াই উপহাৰ দিয়া কেইটামান কমলা গছৰ পুলি আজি উৎপল আৰু পেঁচাৰ সহযোগত মহাবিদ্যালয় চৌহদত ৰুলোঁ। 💕
#সৰুপথাৰমহাবিদ্যালয়

১ ডিচেম্বৰ, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত বিশ্বজিৎ খাকলাৰীয়ে কনিষ্ঠ বৰ্গৰ সহায়ক(Junior Assistant) হিচাপে নিযুক্তি লা...
13/12/2025

১ ডিচেম্বৰ, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত বিশ্বজিৎ খাকলাৰীয়ে কনিষ্ঠ বৰ্গৰ সহায়ক(Junior Assistant) হিচাপে নিযুক্তি লাভ কৰি যোগদান কৰে। মহাবিদ্যালয় পৰিয়ালৰ হৈ তেওঁলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

নতুনক আদৰিবলৈ প্ৰস্তুত হৈছে ৫৫ বছৰীয়া দুৰন্ত তৰুণ জীৱন গঢ়াৰ কমাৰশাল "সৰুপথাৰ মহাবিদ্যালয়" । কলা আৰু বাণিজ্য শাখাত উচ্চত...
24/04/2025

নতুনক আদৰিবলৈ প্ৰস্তুত হৈছে ৫৫ বছৰীয়া দুৰন্ত তৰুণ জীৱন গঢ়াৰ কমাৰশাল "সৰুপথাৰ মহাবিদ্যালয়" । কলা আৰু বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক তথা স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰিবলৈ ইচ্ছুকসকলৰ বাবে.....

২৭ মাৰ্চ, ২০২৫... 💕কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে  আয়োজন কৰা বক্তৃতানুষ্ঠানত "ৰামধেনু যুগৰ গল্পৰ বিষয় আৰু ...
31/03/2025

২৭ মাৰ্চ, ২০২৫... 💕
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে আয়োজন কৰা বক্তৃতানুষ্ঠানত "ৰামধেনু যুগৰ গল্পৰ বিষয় আৰু বৈচিত্ৰ্য" শীৰ্ষক বক্তৃতা প্ৰদান কৰোঁ। কালিৰ দিনটো এইকাৰণেও উল্লেখযোগ্য যে সৰুপথাৰ মহাবিদ্যালয় আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ লগত এখন বুজাবুজিৰ চুক্তিত সন্মানীয় অধ্যক্ষ ড. ডিমাছা দৈব্ৰাং মুছাহাৰীৰ উপস্থিতিত স্বাক্ষৰ কৰা হয়। এই সমগ্ৰ যাত্ৰাত মোলৈ আন্তৰিক সহযোগিতা আগবঢ়োৱা অন্তৰংগ বন্ধু ড.নিৰ্মালি দাসলৈ হিয়াভৰা মৰমৰ লগতে অধ্যক্ষ সমন্বিতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

২৭ মাৰ্চ, ২০২৫স্মৰণীয় অভিজ্ঞতা... 💕আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ আমন্ত্ৰণ ক্ৰমে "ৰামধেনু যুগৰ গল্পৰ গতি-প্...
31/03/2025

২৭ মাৰ্চ, ২০২৫
স্মৰণীয় অভিজ্ঞতা... 💕
আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ আমন্ত্ৰণ ক্ৰমে "ৰামধেনু যুগৰ গল্পৰ গতি-প্ৰকৃতি" শীৰ্ষক বক্তৃতা প্ৰদান কৰাৰ লগতে স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ সৈতে মত বিনিময় কৰোঁ। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড.সুবুং বসুমতাৰী ডাঙৰীয়াৰ সৈতে বিদ্যায়তনিক আলোচনাৰ জৰিয়তে উপকৃত হওঁ। এই আপাহতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড. চুমী কলিতাৰ লগতে বিভাগীয় শিক্ষকসকললৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোৰ সৈতে ছাঁৰ দৰে থাকি মোক উৎসাহিত কৰা অন্তৰংগ বন্ধু ড.নিৰ্মালি দাসলৈ মৰম! 💕

৬/৩/২০২৫আজি সৰুপথাৰ মহাবিদ্যালয়ৰ ২৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপথাৰ মহাবিদ্যালয়ৰ ১০ জনীয়া ছাত্ৰৰ এটি দলে অসম বিধান সভাৰ ...
06/03/2025

৬/৩/২০২৫
আজি সৰুপথাৰ মহাবিদ্যালয়ৰ ২৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপথাৰ মহাবিদ্যালয়ৰ ১০ জনীয়া ছাত্ৰৰ এটি দলে অসম বিধান সভাৰ বাজেট অধিবেশনৰ আজিৰ দিনটোৰ কাৰ্য্য ক্ৰমণিকা প্ৰত্যক্ষ কৰেগৈ। সভাৰ শেষত তেওঁলোকে বিধান সভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী,বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু খাদ্য তথা অসামৰিক যোগান বিভাগৰ মন্ত্ৰী শ্ৰীযুত কৌশিক ৰয় ডাঙৰীয়াৰ সৈতে মত বিনিময় কৰে। ছাত্ৰ-ছাত্ৰীসকলক এই সুবিধা প্ৰদান কৰাৰ বাবে স্হানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াক মহাবিদ্যালয় পৰিয়ালৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ তত্ত্বাৱধায়ক শিক্ষক শ্ৰীৰূপজ্যোতি গগৈলৈও ধন্যবাদ জনালোঁ ।

07/02/2025

যোৱা ২৯ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখলৈকে কৰ্ণাটকৰ চেদামত অনুষ্ঠিত ভাৰত বিকাশ সংগমৰ ৭ম সংখ্যক 'ভাৰতীয় সাংস্কৃতিক মহোৎসৱ'ত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড. প্ৰাপ্তি ঠাকুৰক 'ভাৰত গৌৰৱ' পুৰস্কাৰ প্ৰদান কৰা হয়।ভাৰত বিকাশ সংগমৰ সন্মানীয় বিষয়ববীয়াসকলৰ উপস্থিতিত পদ্মশ্ৰী মঞ্জম্মা জাগতিয়ে এই বঁটা প্ৰদান কৰে। সুদীৰ্ঘ বছৰ ধৰি ৰাস্তাৰ নিৰাশ্ৰয় জীৱ-জন্তুক আহাৰ যোগান, চিকিৎসা আৰু আশ্ৰয় প্ৰদান কৰি অহাৰ বাবে ড. ঠাকুৰলৈ এই সন্মান আগবঢ়োৱা হৈছে। https://www.facebook.com/share/v/18bc2SgXA7/

যোৱা ২৫ জানুৱাৰী, ২০২৫ৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত বাৰ্ষিক 'সৰুপথাৰ মহাবিদ্যালয় সপ্তাহ'ৰ কিয়দংশ.. 💕
02/02/2025

যোৱা ২৫ জানুৱাৰী, ২০২৫ৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত বাৰ্ষিক 'সৰুপথাৰ মহাবিদ্যালয় সপ্তাহ'ৰ কিয়দংশ.. 💕

Address

Sarupthar College
Golaghat
785601

Alerts

Be the first to know and let us send you an email when Sarupathar College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sarupathar College:

Shortcuts

Share

Category