Dip Hastings Bori

Dip Hastings Bori Social, personal memories, photo, views,

21/10/2025

আৰু ডেৰঘণ্টা সময় আছে । সকলোৱে এই পষ্ট টো কপি কৰি নিজৰ ৱালত পষ্ট কৰক আৰু ইজনে সিজনৰ পষ্টত কমেন্ট কৰক । আমি আজিয়েই ৩ মিলিয়ন চুব পাৰিম । আজি পোহৰৰ ৰাতি জুবিনৰ নামত ।

https://youtu.be/n6kTSgoDg0k?si=PoFmZ7qDQ8el1rs4বিশ্ব কবিতা দিৱসৰ শুভেচ্ছাৰে
21/03/2025

https://youtu.be/n6kTSgoDg0k?si=PoFmZ7qDQ8el1rs4
বিশ্ব কবিতা দিৱসৰ শুভেচ্ছাৰে

কবি দীপ হেষ্টিংছ বৰিৰ কবিতা পুথি প্ৰস্তাৱিত এসন্ধ্যাৰ পৰা পপৰি শইকীয়াই কৰা কবিতা আবৃত্তি ।

04/02/2024

অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন ৷
আমন্ত্ৰিত কবি সন্মিলনত কবি প্ৰণৱ কুমাৰ বৰ্মনদাৰ সতে ৷

04/02/2024

অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশনত

16/01/2024

#এসাগৰ_সৰিয়হ_ফুল
এতিয়া অইনিঃতমৰ পৃথিৱীত নাচিছে সালিছে
বানে খহা বুকুৱে সকলো পাহৰিছে

অসম সাহিত্য সভাৰ অন্যতম স্বৰ্ণিল শাখা কলিয়াবাৰ শাখা সাহিত্য সভাৰ মাহেকীয়া চ’ৰাত পঠিত লেখাৰ পৰ্যবেক্ষকৰ দায়িত্বত আজি ৷ সু...
30/09/2023

অসম সাহিত্য সভাৰ অন্যতম স্বৰ্ণিল শাখা কলিয়াবাৰ শাখা সাহিত্য সভাৰ মাহেকীয়া চ’ৰাত পঠিত লেখাৰ পৰ্যবেক্ষকৰ দায়িত্বত আজি ৷ সুন্দৰ, গম্ভীৰ লেখাসমূহৰ পৰ্যবেক্ষণ কৰিবলৈ গৈ উপকৃত হ’লো। মহান অনুষ্ঠানটিত পূৰ্বৰ নিয়মানুসাৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু এগৰাকী নবীন লেখকক সম্বৰ্ধনা জনোৱা হয় ৷ সুন্দৰ অনুষ্ঠানটিৰ সমভাগী হ’বলৈ পোৱাত শাখাৰ সভাপতি, সম্পাদকৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো।

কেতিয়াবা নৈ পাৰত কেতিয়াবা পাহাৰ তলিতবন্ধুৰ সতে প্ৰাণৰ জোখাৰে এদিন আজিDip Hastings Bori Anuj Kr Das
27/09/2023

কেতিয়াবা নৈ পাৰত কেতিয়াবা পাহাৰ তলিত
বন্ধুৰ সতে প্ৰাণৰ জোখাৰে এদিন আজি
Dip Hastings Bori Anuj Kr Das

সৰ্বকালৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ ভাৰতীয় প্ৰয়াত  #ড° ি_জে_আব্দুল_কালামৰ আজি স্মৃতি দিৱসত তেখেতৰ এটি কবিতাৰে শ্ৰদ্ধাঞ্জলি জনালো...
27/07/2023

সৰ্বকালৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ ভাৰতীয় প্ৰয়াত #ড° ি_জে_আব্দুল_কালামৰ আজি স্মৃতি দিৱসত তেখেতৰ এটি কবিতাৰে শ্ৰদ্ধাঞ্জলি জনালোঁ..

আমাৰ সম্পাদনাত
19/07/2023

আমাৰ সম্পাদনাত

 #কবি_সোঁৱৰণঃ  #পাবলো_নেৰুদা                     ✍দীপ হেষ্টিংছ বৰি“ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেল...
12/07/2023

#কবি_সোঁৱৰণঃ #পাবলো_নেৰুদা
✍দীপ হেষ্টিংছ বৰি
“ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা; কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা” - #পাবলো_নেৰুদা
_______

আজি ১২ জুলাই পৃথিৱী বিখ্যাত চিলিৰ কবি- কূটনীতিবিদ-ৰাজনীতিবিদ পাবলো নেৰুদাৰ জন্মদিন । ১৯০৪ চনৰ ১২ জুলাইত চিলিত জন্মগ্ৰহণ কৰা এই গৰাকী মহান কবিয়ে ১৯৭১ চনত সাহিত্যৰ নবেল বঁটা লাভ কৰে । ১৯৭৩ চনৰ ২৩ ছেপ্তেম্বৰত কেনচাৰ ৰোগত আক্ৰান্ত হৈ হস্পিতেলত থকা অৱস্থাত জেনেৰেল আগোষ্ট' পিনোছেটৰ নিৰ্দেশত ডাক্তৰে এক ৰহস্যময় বেজী দিয়াৰ ৬ঘণ্টা ৩০ মিনিটৰ পিছত নেৰুদাৰ মৃত্যু হয় ।
আজি ১১৯তম জন্মবাৰ্ষিকীত এইগৰাকী মহান কবিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ ।
________________
পাবলো নেৰুদাৰ এটি কবিতা-

#প্ৰতিদিনে_তুমি_খেলা_কৰা
______________

"I want to do with you what spring Does with the cherry trees."

প্ৰতিদিনে তুমি খেলা কৰা পৃথিবীৰ পোহৰৰ সতে ।
মোৰ লাহি আগন্তুক,
তুমি ফুল আৰু পানীৰ সান্নিধ্যলৈ আঁহা,
মই প্ৰতিদিনে দুহাতেৰে খামুচি ধৰো তোমাক
মোৰ হাতত থকা ফুলৰ থোপাতকৈ বহু বেছি জোৰেৰে ।

তোমাক কাৰো সতে ৰিজাব নোখোজো, কাৰণ মই তোমাক ভালপাওঁ ।
আহাঁ, তোমাক মই হালধীয়া ফুলৰ মালাবোৰৰ মাজত শুৱাই দিওঁ ।
দক্ষিণত জিলিকা তৰাবোৰৰ মাজে মাজে কোনে লেখে বাৰু তোমাৰ নাম, ধোঁৱাৰ আখৰেৰে ?
আহ্… তোমাৰ বিষয়ে মোক মনত পেলাব দিয়াচোন তেনে সময়খিনি,
যিখিনি তোমাৰ স্থিতিৰ বহু আগৰ সময় ।

হঠাতে বতাহে সোঁসোৱনি শব্দেৰে মোৰ বন্ধ খিৰিকিখনত শব্দ তোলে ।
আকাশখন হৈ পৰে এখন ছাঁয়াময় মাছেৰে ঠাহখোৱা এখন জাল ।
ইয়াৰ সকলো বতাহেই সোনকালে অথবা পলমকৈ, সকলোকে যাবলৈ এৰি দিয়ে ।
বৰষুণজাকে তাইৰ কাপোৰ খুলি পেলায় ।

পলাই যোৱাৰ দৰে চৰাইবোৰ গুচি যায় ।
বতাহজাক । বতাহজাক ।
মই অকলে প্ৰতিদন্দ্বিতা কৰিব পাৰো মানুহৰ শক্তিৰ বিপক্ষে ।
ধুমুহাজাকে অন্ধকাৰ পাতবোৰ ঘূৰপাক খুৱাইছিল আৰু যোৱাৰাতি আকাশৰ সতে বান্ধ খাই থকা সকলোবোৰ নাওক মুকলি কৰি দিছিল ।

তুমি ইয়াতে থাকা । দূৰ হৈ নাযাবা ।
তুমি মোক উত্তৰ দিব লাগিব শেষটো চিঞৰলৈকে।
তুমি যেন ভয় খাইছা, ঠিক তেনেকৈ মোক সজোৰে মেৰাই ধৰাচোন ।
তথাপিও কিয় বাৰু এটা আচৰিত ছাঁ যেন তোমাৰ চকুৱেদি পাৰ হৈ গুচি যায় ।

এতিয়া, এতিয়াও, কনমানি তুমি মোলৈ সুগন্ধি ফুলবোৰ লৈ আঁহা
আনকি তোমাৰ বুকুখনেও যাতে সেই সুগন্ধ পায় ।
বিষাদৰ বতাহে পখিলাজাকৰ পাখিসহ মুচৰি পেলালে,
মই তোমাক ভালপাওঁ
সেয়ে মোৰ আনন্দই তোমাৰ মুখৰ ওপৰৰ মিঠা ফলটোত কামোৰ দিয়ে ।

মোৰ সতে মিলিবৰ বাবে কিমান কষ্ট যে তুমি চাগে কৰিছিলা,
মোৰ বন্যদেহ, অকলশৰীয়া প্ৰাণ আৰু পৰিচয়ে সকলোকে খেদি দিছিল,
বহুবাৰ দেখিছিলো আমি দুয়ো প্ৰভাতী তৰাৰ উজ্জ্বলতাৰ জিলমিলে,
দুয়োৰে চকুজুৰিক চুমা দি যোৱা,
আমাৰ মুৰৰ ওপৰৰ ধোঁৱাবৰণীয়া পোহৰে মুকলি কৰিছিল বতাহৰ জুৰনি ।

মোৰ কথাবোৰে তোমাক তিয়াই পেলাইছিল, জোকাৰি পেলাইছিল।
বহুদিন ধৰি তোমাৰ সূৰ্য্যস্নাত মুক্তাৰঙৰ দেহটোক ভাল পাই আহিছো ।
তেতিয়ালৈকে বিশ্বাস কৰো তুমি পৃথিবীৰ অধিষ্ঠাত্ৰী,
মই তোমালৈ পাহাৰৰ পৰা আনিম বিভিন্নৰঙী সুখৰ ফুল আৰু গাঁৱলীয়া পাচিত ভৰাই এজাক চুমা।.....

মই তোমাৰ সতে তাকে কৰিব খোজো যি কাম বসন্তই চেৰীগছৰ সতে কৰে ।
_________
( কবিতাৰ অনুবাদ: অৱনী বুঢ়াগোহাঁই )

30/04/2023

মিছা মুকলি বিহু, নগাওঁ
বড়ো জনগোষ্ঠীৰ নৃত্যঃ ৩০:০৪:২০২৪

Address

Golaghat

Telephone

+917002887014

Website

Alerts

Be the first to know and let us send you an email when Dip Hastings Bori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dip Hastings Bori:

Shortcuts

Share