13/10/2025
সিদ্ধাৰ্থ-মহন্তহঁত হৈছে এক শ্ৰেণীৰ মানুহ
জুবিন গাৰ্গৰ সৈতে জড়িত সামগ্ৰিক ঘটনাৰাজিয়ে মোক কি শিকালে? জুবিন গাৰ্গ হৈছে অসীম প্ৰতিভাৰ অধিকাৰী এনে এটা ব্যক্তিত্ব যাৰ উপস্থিতি আছিল একশ্ৰেণীৰ মানুহৰ বাবে কল্পনাতীত আয়ৰ উৎস। জুবিন গাৰ্গে নিজৰ চেষ্টা, সাধনাৰে জুবিন গাৰ্গ হোৱাৰ পিছত জুবিন গাৰ্গক চম্ভালিবলৈ বা জুবিন গাৰ্গৰ ব্যৱস্থাপনাৰ ঠিকা লৈছিল সিদ্ধাৰ্থই। অৰ্থাৎ স্বকীয়তাপূৰ্ণ প্ৰতিভাশালী এজনৰ লগত থাকি নিজকে উজলাবলৈ কোনোবা নহয় কোনোবা এজন সমাজত ওলাবই। জুবিন গাৰ্গে নিজৰ প্ৰতিভা বা কামেৰে মানুহক অতি নিষ্ঠাৰে, মৰমেৰে আৰু দায়িত্ববোধেৰে যি দিব লগা আছিল, দিয়াৰ চেষ্টা সদায়েই কৰিছিল আৰু এক অনন্য সাধনাৰ ফচল সকলোকে দি গ'ল, যুগ-যুগান্তৰলৈ। তাৰ প্ৰতিদানত ৰাইজৰ পৰা কি পালে, তাৰ হিচাপ জুবিন গাৰ্গে কেতিয়াও নকৰি আমাক এটা উদাৰ ব্যক্তিত্বৰ পৰিচয় দিলে। আমৃত্যু কাম কৰিলে, মানুহক দিলে আৰু কেৱল দিলে। কিন্তু জুবিন গাৰ্গৰ প্ৰতিভা আৰু কামৰ বজাৰমূল্য অলেখ, সেয়া জুবিন গাৰ্গেও জানিছিল আৰু সিদ্ধাৰ্থৰ দৰে মানুহেও জানিছিল। জুবিন গাৰ্গ নিৰ্লিপ্ত আছিল সেই মূল্যৰ প্ৰতি, বাকীবোৰৰ জিভা লকলকাইছিল। সেয়েহে জুবিন গাৰ্গৰ নাম আৰু কাম ব্যৱহাৰ কৰি আৰম্ভ হৈছিল নিজৰ সম্পত্তি গঢ়াৰ কুচকাৱাজ।
সিদ্ধাৰ্থৰ নিজাদৃষ্টিত সি একো ভুল কৰা নাই। জুবিন গাৰ্গৰ আৱেগ বা যাত্ৰাটোৰ সৈতে তাৰ একো মতলব নাই। জুবিন গাৰ্গ তাৰ বাবে এটা প্ৰডাক্ট বা পণ্য, যাক দেখুৱাই সি নিজৰ ধন ঘটিবলৈ আৰম্ভ কৰিলে। গতিকে জুবিন গাৰ্গৰ সত্ত্বাটো তাৰ বাবে অৰ্থহীন, তেখেতৰ সামাজিক মূল্য সিদ্ধাৰ্থৰ দৃষ্টিত কাম নোহোৱা কথা। জুবিন গাৰ্গৰ পৰা পাবলগা খিনি সি আদায় কৰিলে। সেয়া হয়তো উদাৰ জুবিন গাৰ্গে জানিও আওকান কৰিলে কেৱল মাত্ৰ সমাজৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ খাতিৰত, বা হয়তো জুবিন গাৰ্গ একেবাৰে অজলা আছিল, তেওঁ একো বুজি নাপালে। কিন্তু সাক্ষাৎকাৰবোৰত সৱেই মোক "use" কৰিলে, "they made machine" জাতীয় আক্ষেপবোৰে বহুত কথাই কৈ যায়। সমাজৰ সৰু-বৰ সকলো স্তৰতে এইদৰে কোনোবা কাৰোবাৰ বাবে "use" হয়। সামাজিক দায়বদ্ধতাৰে, নিজৰ কামটোৰ প্ৰতি হেঁপাহত থকা বহুত মানুহ, সিদ্ধাৰ্থৰ দৰে কিছুমান মানুহৰ হাতত use হৈ যায়। সিদ্ধাৰ্থৰ দৃষ্টিত সি শুদ্ধ বা তাক তাৰ লোভে ক্ষন্তেকৰ বাবে অন্ধ কৰিছিল, নিজকে শুদ্ধ যেন লাগিছিল। কাৰণ সি বিভিন্নকামৰ যোগান (?) ধৰিছিল বা আন আন কামবোৰ কৰিছিল আৰু তাৰ বিনিময়ত সি ঘটিবলগাখিনি ঘটিছিল। মহন্তও সেই একেই, জুবিন গাৰ্গৰ মাতটো, মুখখনে,উপস্থিতিয়ে তাৰ অনুষ্ঠানৰ দাম কেইবাগুণো বঢ়াইদিছিল। জুবিন গাৰ্গ নহ'লে সেই অনুষ্ঠানলৈ মানুহ আহিব কিয়, প্ৰচাৰ হ'ব কিয়? কিন্তু হাঁহি উঠা কথা এইটোৱেই যে, উদাৰ জুবিন গাৰ্গে তাৰ বিনিময়ত একো নাপাইছিল। জুবিন গাৰ্গক সাধাৰণভাৱে লগপাই সিহঁতে সাধাৰণ বুলিয়েই ভাৱি লৈছিল। অসাধাৰাণ মহানুভৱতাক বুজিয়েই নাপাইছিল, কাৰণ সিহঁতৰ মতলব আছিল বিখ্যাত জনৰ নামটো ব্যৱহাৰ কৰি নিজেই কেনেকৈ বিখ্যাত হ'ব পাৰি, কেইটামান ধন সৰহকৈ ঘটিব পাৰি। সহজভাষাত জুবিন গাৰ্গ আছিল সিহঁতৰ বাবে To be granted, এহ একো নহয়, প্ৰাপ্য পইচা নিদিলে জুবিন গাৰ্গে বেয়া নাপায়, আমাৰ লগত একেলগে মদে-গাহৰিয়ে খোৱা মানুহ। কিন্তু জুবিন গাৰ্গ যে সাধনাৰ বলতহে জুবিন গাৰ্গ হৈছে, সেই সাধনাক যে শ্ৰদ্ধা জনাই উপযুক্ত মাননী নোখোজাকৈয়ে যাঁচি সময়মতে বেংক ট্ৰেন্সফাৰ কৰি হ'লেও দিব পাৰি, সেয়া তেওঁলোকৰ মূৰত নেখেলালে। সেই শ্ৰেণীৰ মানুহ তেনেকুৱাই। সূৰ্যৰ পোহৰত চন্দ্ৰ জিলিকাৰ দৰে, প্ৰতিভাশালীজনৰ প্ৰতিভাৰ প্ৰতিফলিত পোহৰত নিজে জিলিকি উতনুৱা হৈ পৰিছিল। এতিয়া যোৱাৰ পিছতহে হয়তো অনুমান হ'ব, কি হেৰুৱালো? অসাধাৰণ জনক সাধাৰণ ব্যৱহাৰ কৰি কি মাৰাত্মক ভুল কৰিলোঁ। জুবিন গাৰ্গৰ অনুপস্থিতিত কোন সিদ্ধাৰ্থ, কোন মহন্ত, কি উৎসৱ? সকলো একেদিনাই মাটি।
দুখলগা কথাটো এইটোৱেই যে মানুহক আকৰ্ষণ কৰিব পৰাকৈ কাম কৰি ঘটিছিল জুবিন গাৰ্গে। ধন আছিল সিদ্ধাৰ্থৰ হাতত। জুবিন গাৰ্গে ঘৰ কিনিবলৈ পইচা বিছাৰিব লগা হ'ল সিদ্ধাৰ্থক, সিদ্ধাৰ্থে ক'লে মোৰ লগত নাই। নিজৰে পইচা, খুজিলেও আকৌ নাই। ইমান কষ্ট কৰি ঘটাৰ পিছত মনৰ হেঁপাহত খৰছ কৰিবলৈ নাপালে জুবিন গাৰ্গে, কেনেকুৱা হতাশা আহিছিল চাগে তেখেতৰ? নিজৰ প্ৰাপ্য, নিজৰ ধন হ'লগৈ তেখেতৰ বাবে ভিক্ষা। নিজে বিচৰা সময়ত, হেঁপাহৰ ঘৰখন সাজিবলৈয়ো ইমান বিশাল ব্যক্তিত্বৰ, দামীমানুহজনৰ হাতত ধন নাছিল। কথাবোৰ এনেকুৱা নহয়নে, যে কাৰোবাৰ বাবে প্ৰতিভা, কাৰোবাৰ বাবে পণ্য। যেতিয়া আমাৰ উপস্থিতি, কাম, প্ৰতিভা আদি আনৰ বাবে কেৱল মাত্ৰ ধনঘটাৰ আহিলা হয়, তেতিয়া সমাজত জুবিন গাৰ্গৰ দৰে কাহিনীৰ সূত্ৰপাত হয়। কিন্তু তাৰঠাইত জুবিন গাৰ্গ যদি উদাৰ নহৈ অলপ কঠোৰতাৰে সকলোবোৰ সময়মতে আদায় কৰিলেহেঁতেন, তেন্তে তেখেতৰ হতাশা নাহিল হেতেন। জুবিন গাৰ্গৰ কাহিনীয়ে আন বহুকথাই উপলদ্ধি কৰাইছে,এইটো তাৰে এটা অন্যতম। আমি সমাজ জীৱনত কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰোঁ, তাৰেই সুযোগ লয় এচামে, সিদ্ধাৰ্থ-মহন্তহঁতৰ দৰে এচামে। সেইচাম মানুহে বৰ কৌশলেৰে আৰ্থিক শোষণ চলাই যায়। একেদৰেই জুবিন গাৰ্গে বহুত কথা আমাক চিধাকৈ নক'লে বা জানিবলৈ নিদিলে। নিজৰ গান-কবিতাৰে লিখিছিল, ক'ৰবাৰ খঙ ক'ৰবাত তুলিছিল। নিজে অশান্তিত আছিল, মুখ খুলিব নোৱাৰিছিল। কাৰণ তেওঁ কাৰোবাৰ দ্বাৰা "মেনেজ" হৈছিল, স্বাধীন হৈয়ো কেনেবাকৈ কাৰোবাৰ অধীন আছিল। এই অনুভৱটো বৰ বিষাক্ত, সেইটো অন্ততঃ মই ডাঠি ক'ব পাৰোঁ। যেতিয়া আপোনাৰ কাম, উপস্থিতি, প্ৰতিভা আনৰ বাবে পণ্য যেন অনুভৱ হয়, তেতিয়া কাৰোবাৰ আগত জুবিন গাৰ্গে আক্ষেপেৰে কৈ উঠে "People will not understand this, They made me machine, I didn't want to be like that."
সিদ্ধাৰ্থহঁত আইনগত ভাৱে এতিয়াও দোষী সাব্যস্ত হোৱা নাই। যদি সি নিৰ্দোষী প্ৰমাণ হয়, তেতিয়াও কিন্তু ইয়াত বৰ্ণনা কৰা সেই বিশেষ শোষক শ্ৰেণীৰ মানুহবোৰ নোহোৱা হৈ নাযায়। সিহঁত থাকিব, সিদ্ধাৰ্থ-মহন্তৰ নামকেইটা প্ৰতীকিৰূপত তেনেচৰিত্ৰৰ প্ৰতিগৰাকী মানুহৰ কথা ইয়াত কোৱা হৈছে, আৰু এইয়া মোৰ একান্তই ব্যক্তিগত অনুভূতিমূলক বিশ্লেষণ।