Nabadeep Saikia

Nabadeep Saikia An Educationist, Science popularisation activist, and writer.

আজি পুৱাতে অলক্ষিতে হোৱা এটা অভিজ্ঞতা, তাৰেই ভিত্তিত তলৰ শাৰীকেইটা লিখা হ'ল। এনেধৰণৰ এইটো প্ৰথম লেখা। হুৱাটছএপৰ ষ্টেটাছত...
22/12/2025

আজি পুৱাতে অলক্ষিতে হোৱা এটা অভিজ্ঞতা, তাৰেই ভিত্তিত তলৰ শাৰীকেইটা লিখা হ'ল। এনেধৰণৰ এইটো প্ৰথম লেখা। হুৱাটছএপৰ ষ্টেটাছত দিয়াৰ পিছত পোৱা একাধিক প্ৰশংসাই উৎসাহ দিলে, সেই বাক্যকেইশাৰী ইয়াতো লিখি থোৱাৰ। হঠাতে হোৱা এনে সৃষ্টিয়ে অত্যন্ত উৎসাহ দিয়ে লিখি যাবলৈ। পঢ়ি চাবচোন -

"কথাবোৰ খুলি কোৱা। আকৌতো কেতিয়াও নোকোৱা কথাবোৰ!" - নোৱাৰি ক'ব। কথাবোৰ খুলি ক'ব নোৱাৰি। কোনেও হয়তো নোৱাৰে! বছৰ বছৰ ধৰি খু...
19/10/2025

"কথাবোৰ খুলি কোৱা। আকৌতো কেতিয়াও নোকোৱা কথাবোৰ!" - নোৱাৰি ক'ব। কথাবোৰ খুলি ক'ব নোৱাৰি। কোনেও হয়তো নোৱাৰে! বছৰ বছৰ ধৰি খুলি নোকোৱা কথাবোৰে মূৰত ধৰে। সেই কথাবোৰ মোৰবাবেহে কথা, আনৰ বাবে কৌতুক। শুনিলে হাঁ‌হিব। ঠাট্টা কৰিব, নহয় ঠাট্টা কৰেই। কথাবোৰৰ গভীৰতা আপেক্ষিক, সেইবোৰ মোৰ বাবেহে দ। আনৰ বাবে, "এইটোও কথা হ'ল নে?" সেয়েহে কোৱা নহয়, তাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া হয়। টোপনি নোহোৱা হয়। ভালে থকা দেখুৱাবলৈ অভিনয় আৰু নিখুঁত কৰিব লগা হয়। সুস্থ দেহ-মনৰ অভিনয় কৰোঁতে কৰোঁতে, এনে এখন জগত বিছৰাহয় য'ত কথাবোৰ পাতল, সহজ, চৰ্তবিহীন। সেইখন জগত আকৌ এইখনত নাই। তেতিয়া মূখাৰ আগফালৰ সভ্যসমাজৰ নিষিদ্ধ নিচাই দুৱাৰত টোকৰ মাৰে। খন্তেকৰ বাবে হ'লেও এনে অনুভৱ কৰায় যেন একো হোৱাই নাই, মগজুৰ চিন্তাৰ ৰসায়নবোৰ সুস্থিৰ হয়, টোপনি আহে। দিন আহে, ৰাতি যায়, সকলো নৰ্মেল যেন লগা হয়। বিতৃষ্ণাৰে আৰম্ভহোৱা পুৱাটো, সাৱলীল অভিনয়ৰ দিনটোৰ বেলি লহিওৱাৰ লগে লগেই বছৰ বছৰ ধৰি জমাহোৱা প্ৰশ্নবোৰে আৰম্ভ কৰে তাণ্ডৱ। একো কৰিব নোৱাৰি, যি কৰিলেও বিপদত। হয় চৰিত্ৰহীনৰ মোহৰ, নহ'লে ভীৰু-কাপুৰুষৰ সংজ্ঞা। তেতিয়া আকৌ পাতল জগতখনলৈ মেলাহয় ঢাপলি। দিন, মাহ, বছৰ আৰু হৈ পৰে নিয়ম, তেতিয়াই কয় "আই এম নট এ মেছিন।"

আৱেগ আছে মোৰ, তোমাতকৈ কম বা বেছি। মগজুত ৰসায়নৰ খেল, তোমাতকৈ কম বা বেছি। কিন্তু কথাবোৰ খুলি কোৱা নহয়, কাকোৱেই কোৱা নহয়। নোৱাৰি ক'ব। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ভয়ত। কোনোৱেই শুদ্ধ নহয়। শুদ্ধ বা ভুল, একো একোটা আপেক্ষিক কথা। মোৰ মতে যিটো শুদ্ধ, তোমাৰ মতে, দহজনৰ মতে ভুল হ'ব পাৰে। তোমাৰ শুদ্ধবোৰ আনৰ মতে ভুল হ'ব পাৰে। সেয়েহে চিন্তাৰ ৱেভলেংথ নিমিলিলে কৈ উঠে, "মানুহে এইবোৰ বুজি নাপাব"। বুজি নাপালে নিজৰ ওচৰত নিজে হেয় হ'ব লাগিব, আৰু বহুতৰ বাবে সেইটো এটা বিশাল শাস্তি। যি হ'লেও নিজৰ দৃষ্টিত হেয় হ'ব নোৱাৰি। সেয়েহে কাকো একো ক'ব নোৱাৰি। তাৰপিছতেই সমাধিস্থ হয় মন, মগজু, দেহ, অস্তিত্ব। হাজাৰ হাজাৰ নোকোৱা কথাৰ সমাধিত প্ৰতিষ্ঠিত এই সমাজ, য'ত নিজৰ ওচৰত নিজে হেয় হ'ব নোৱাৰি। তোমালোকৰ ইচ্ছা-অনিচ্ছাৰ চলকবোৰৰ ধেমালিৰ আগত ৰৈ, নোকোৱাজনৰ অস্তিত্বই মেলানি মাগে, এইয়েই নিয়ম। একো নক'বা, নিয়ম মানি গৈ থাকা, সুস্থহোৱাৰ অভিনয়ত গাফিলতি নকৰিবা, বিপদ তোমাৰেই। উশাহ কঢ়া ধুমুহাজাকৰ শেষত থাকিব ৰিক্ততা।

13/10/2025

সিদ্ধাৰ্থ-মহন্তহঁ‌ত হৈছে এক শ্ৰেণীৰ মানুহ

জুবিন গাৰ্গৰ সৈতে জড়িত সামগ্ৰিক ঘটনাৰাজিয়ে মোক কি শিকালে? জুবিন গাৰ্গ হৈছে অসীম প্ৰতিভাৰ অধিকাৰী এনে এটা ব্যক্তিত্ব যাৰ উপস্থিতি আছিল একশ্ৰেণীৰ মানুহৰ বাবে কল্পনাতীত আয়ৰ উৎস। জুবিন গাৰ্গে নিজৰ চেষ্টা, সাধনাৰে জুবিন গাৰ্গ হোৱাৰ পিছত জুবিন গাৰ্গক চম্ভালিবলৈ বা জুবিন গাৰ্গৰ ব্যৱস্থাপনাৰ ঠিকা লৈছিল সিদ্ধাৰ্থই। অৰ্থাৎ স্বকীয়তাপূৰ্ণ প্ৰতিভাশালী এজনৰ লগত থাকি নিজকে উজলাবলৈ কোনোবা নহয় কোনোবা এজন সমাজত ওলাবই। জুবিন গাৰ্গে নিজৰ প্ৰতিভা বা কামেৰে মানুহক অতি নিষ্ঠাৰে, মৰমেৰে আৰু দায়িত্ববোধেৰে যি দিব লগা আছিল, দিয়াৰ চেষ্টা সদায়েই কৰিছিল আৰু এক অনন্য সাধনাৰ ফচল সকলোকে দি গ'ল, যুগ-যুগান্তৰলৈ। তাৰ প্ৰতিদানত ৰাইজৰ পৰা কি পালে, তাৰ হিচাপ জুবিন গাৰ্গে কেতিয়াও নকৰি আমাক এটা উদাৰ ব্যক্তিত্বৰ পৰিচয় দিলে। আমৃত্যু কাম কৰিলে, মানুহক দিলে আৰু কেৱল দিলে। কিন্তু জুবিন গাৰ্গৰ প্ৰতিভা আৰু কামৰ বজাৰমূল্য অলেখ, সেয়া জুবিন গাৰ্গেও জানিছিল আৰু সিদ্ধাৰ্থৰ দৰে মানুহেও জানিছিল। জুবিন গাৰ্গ নিৰ্লিপ্ত আছিল সেই মূল্যৰ প্ৰতি, বাকীবোৰৰ জিভা লকলকাইছিল। সেয়েহে জুবিন গাৰ্গৰ নাম আৰু কাম ব্যৱহাৰ কৰি আৰম্ভ হৈছিল নিজৰ সম্পত্তি গঢ়াৰ কুচকাৱাজ।

সিদ্ধাৰ্থৰ নিজাদৃষ্টিত সি একো ভুল কৰা নাই। জুবিন গাৰ্গৰ আৱেগ বা যাত্ৰাটোৰ সৈতে তাৰ একো মতলব নাই। জুবিন গাৰ্গ তাৰ বাবে এটা প্ৰডাক্ট বা পণ্য, যাক দেখুৱাই সি নিজৰ ধন ঘটিবলৈ আৰম্ভ কৰিলে। গতিকে জুবিন গাৰ্গৰ সত্ত্বাটো তাৰ বাবে অৰ্থহীন, তেখেতৰ সামাজিক মূল্য সিদ্ধাৰ্থৰ দৃষ্টিত কাম নোহোৱা কথা। জুবিন গাৰ্গৰ পৰা পাবলগা খিনি সি আদায় কৰিলে। সেয়া হয়তো উদাৰ জুবিন গাৰ্গে জানিও আওকান কৰিলে কেৱল মাত্ৰ সমাজৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ খাতিৰত, বা হয়তো জুবিন গাৰ্গ একেবাৰে অজলা আছিল, তেওঁ একো বুজি নাপালে। কিন্তু সাক্ষাৎকাৰবোৰত সৱেই মোক "use" কৰিলে, "they made machine" জাতীয় আক্ষেপবোৰে বহুত কথাই কৈ যায়। সমাজৰ সৰু-বৰ সকলো স্তৰতে এইদৰে কোনোবা কাৰোবাৰ বাবে "use" হয়। সামাজিক দায়বদ্ধতাৰে, নিজৰ কামটোৰ প্ৰতি হেঁ‌পাহত থকা বহুত মানুহ, সিদ্ধাৰ্থৰ দৰে কিছুমান মানুহৰ হাতত use হৈ যায়। সিদ্ধাৰ্থৰ দৃষ্টিত সি শুদ্ধ বা তাক তাৰ লোভে ক্ষন্তেকৰ বাবে অন্ধ কৰিছিল, নিজকে শুদ্ধ যেন লাগিছিল। কাৰণ সি বিভিন্নকামৰ যোগান (?) ধৰিছিল বা আন আন কামবোৰ কৰিছিল আৰু তাৰ বিনিময়ত সি ঘটিবলগাখিনি ঘটিছিল। মহন্তও সেই একেই, জুবিন গাৰ্গৰ মাতটো, মুখখনে,উপস্থিতিয়ে তাৰ অনুষ্ঠানৰ দাম কেইবাগুণো বঢ়াইদিছিল। জুবিন গাৰ্গ নহ'লে সেই অনুষ্ঠানলৈ মানুহ আহিব কিয়, প্ৰচাৰ হ'ব কিয়? কিন্তু হাঁ‌হি উঠা কথা এইটোৱেই যে, উদাৰ জুবিন গাৰ্গে তাৰ বিনিময়ত একো নাপাইছিল। জুবিন গাৰ্গক সাধাৰণভাৱে লগপাই সিহঁতে সাধাৰণ বুলিয়েই ভাৱি লৈছিল। অসাধাৰাণ মহানুভৱতাক বুজিয়েই নাপাইছিল, কাৰণ সিহঁতৰ মতলব আছিল বিখ্যাত জনৰ নামটো ব্যৱহাৰ কৰি নিজেই কেনেকৈ বিখ্যাত হ'ব পাৰি, কেইটামান ধন সৰহকৈ ঘটিব পাৰি। সহজভাষাত জুবিন গাৰ্গ আছিল সিহঁতৰ বাবে To be granted, এহ একো নহয়, প্ৰাপ্য পইচা নিদিলে জুবিন গাৰ্গে বেয়া নাপায়, আমাৰ লগত একেলগে মদে-গাহৰিয়ে খোৱা মানুহ। কিন্তু জুবিন গাৰ্গ যে সাধনাৰ বলতহে জুবিন গাৰ্গ হৈছে, সেই সাধনাক যে শ্ৰদ্ধা জনাই উপযুক্ত মাননী নোখোজাকৈয়ে যাঁ‌চি সময়মতে বেংক ট্ৰেন্সফাৰ কৰি হ'লেও দিব পাৰি, সেয়া তেওঁলোকৰ মূৰত নেখেলালে। সেই শ্ৰেণীৰ মানুহ তেনেকুৱাই। সূৰ্যৰ পোহৰত চন্দ্ৰ জিলিকাৰ দৰে, প্ৰতিভাশালীজনৰ প্ৰতিভাৰ প্ৰতিফলিত পোহৰত নিজে জিলিকি উতনুৱা হৈ পৰিছিল। এতিয়া যোৱাৰ পিছতহে হয়তো অনুমান হ'ব, কি হেৰুৱালো? অসাধাৰণ জনক সাধাৰণ ব্যৱহাৰ কৰি কি মাৰাত্মক ভুল কৰিলোঁ। জুবিন গাৰ্গৰ অনুপস্থিতিত কোন সিদ্ধাৰ্থ, কোন মহন্ত, কি উৎসৱ? সকলো একেদিনাই মাটি।

দুখলগা কথাটো এইটোৱেই যে মানুহক আকৰ্ষণ কৰিব পৰাকৈ কাম কৰি ঘটিছিল জুবিন গাৰ্গে। ধন আছিল সিদ্ধাৰ্থৰ হাতত। জুবিন গাৰ্গে ঘৰ কিনিবলৈ পইচা বিছাৰিব লগা হ'ল সিদ্ধাৰ্থক, সিদ্ধাৰ্থে ক'লে মোৰ লগত নাই। নিজৰে পইচা, খুজিলেও আকৌ নাই। ইমান কষ্ট কৰি ঘটাৰ পিছত মনৰ হেঁ‌পাহত খৰছ কৰিবলৈ নাপালে জুবিন গাৰ্গে, কেনেকুৱা হতাশা আহিছিল চাগে তেখেতৰ? নিজৰ প্ৰাপ্য, নিজৰ ধন হ'লগৈ তেখেতৰ বাবে ভিক্ষা। নিজে বিচৰা সময়ত, হেঁ‌পাহৰ ঘৰখন সাজিবলৈয়ো ইমান বিশাল ব্যক্তিত্বৰ, দামীমানুহজনৰ হাতত ধন নাছিল। কথাবোৰ এনেকুৱা নহয়নে, যে কাৰোবাৰ বাবে প্ৰতিভা, কাৰোবাৰ বাবে পণ্য। যেতিয়া আমাৰ উপস্থিতি, কাম, প্ৰতিভা আদি আনৰ বাবে কেৱল মাত্ৰ ধনঘটাৰ আহিলা হয়, তেতিয়া সমাজত জুবিন গাৰ্গৰ দৰে কাহিনীৰ সূত্ৰপাত হয়। কিন্তু তাৰঠাইত জুবিন গাৰ্গ যদি উদাৰ নহৈ অলপ কঠোৰতাৰে সকলোবোৰ সময়মতে আদায় কৰিলেহেঁতেন, তেন্তে তেখেতৰ হতাশা নাহিল হেতেন। জুবিন গাৰ্গৰ কাহিনীয়ে আন বহুকথাই উপলদ্ধি কৰাইছে,এইটো তাৰে এটা অন্যতম। আমি সমাজ জীৱনত কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰোঁ, তাৰেই সুযোগ লয় এচামে, সিদ্ধাৰ্থ-মহন্তহঁ‌তৰ দৰে এচামে। সেইচাম মানুহে বৰ কৌশলেৰে আৰ্থিক শোষণ চলাই যায়। একেদৰেই জুবিন গাৰ্গে বহুত কথা আমাক চিধাকৈ নক'লে বা জানিবলৈ নিদিলে। নিজৰ গান-কবিতাৰে লিখিছিল, ক'ৰবাৰ খঙ ক'ৰবাত তুলিছিল। নিজে অশান্তিত আছিল, মুখ খুলিব নোৱাৰিছিল। কাৰণ তেওঁ কাৰোবাৰ দ্বাৰা "মেনেজ" হৈছিল, স্বাধীন হৈয়ো কেনেবাকৈ কাৰোবাৰ অধীন আছিল। এই অনুভৱটো বৰ বিষাক্ত, সেইটো অন্ততঃ মই ডাঠি ক'ব পাৰোঁ। যেতিয়া আপোনাৰ কাম, উপস্থিতি, প্ৰতিভা আনৰ বাবে পণ্য যেন অনুভৱ হয়, তেতিয়া কাৰোবাৰ আগত জুবিন গাৰ্গে আক্ষেপেৰে কৈ উঠে "People will not understand this, They made me machine, I didn't want to be like that."

সিদ্ধাৰ্থহঁ‌ত আইনগত ভাৱে এতিয়াও দোষী সাব্যস্ত হোৱা নাই। যদি সি নিৰ্দোষী প্ৰমাণ হয়, তেতিয়াও কিন্তু ইয়াত বৰ্ণনা কৰা সেই বিশেষ শোষক শ্ৰেণীৰ মানুহবোৰ নোহোৱা হৈ নাযায়। সিহঁত থাকিব, সিদ্ধাৰ্থ-মহন্তৰ নামকেইটা প্ৰতীকিৰূপত তেনেচৰিত্ৰৰ প্ৰতিগৰাকী মানুহৰ কথা ইয়াত কোৱা হৈছে, আৰু এইয়া মোৰ একান্তই ব্যক্তিগত অনুভূতিমূলক বিশ্লেষণ।

শিক্ষাৰ্থীয়ে ৰিজাল্ট ভাল কিয় কৰে?যদি এই প্ৰশ্নটোৰ উত্তৰ ফঁ‌হিয়াও, তেন্তে তলৰ কথাকেইটা মনলৈ আহে। আপোনালোকে মন্তব্যত সংযোগ...
20/04/2025

শিক্ষাৰ্থীয়ে ৰিজাল্ট ভাল কিয় কৰে?

যদি এই প্ৰশ্নটোৰ উত্তৰ ফঁ‌হিয়াও, তেন্তে তলৰ কথাকেইটা মনলৈ আহে। আপোনালোকে মন্তব্যত সংযোগ কৰিব পাৰে। প্ৰথমে সম্পূৰ্ণকৈ পঢ়িব।

১) শিক্ষাৰ্থী জন মেধাৱী।
২) তেওঁ ভাল ঘৰুৱা পৰিৱেশ পাইছে।
৩) তেওঁ ভাল পাঠদান লাভ কৰিছে।
৪) তেওঁ‌ খুব অধ্যয়নশীল।
৫) তেওঁ পৰিশ্ৰমী বা অধ্যৱসায়ী।
৬) তেওঁৰ নিৰ্দিষ্ট আৰু স্পষ্ট লক্ষ্য আছে।
৭) পৰীক্ষাত প্ৰশ্ন সহজ আহিছে।
৮) পৰীক্ষাত প্ৰশ্ন "কমন" আহিছে।
৯) কেনেবাকৈ ফাদিল হোৱা প্ৰশ্ন পাইছে।
১০) পৰীক্ষাকেন্দ্ৰত বিশেষ অনিয়ম হৈছে, নকল কৰাৰ সুযোগ পাইছে।

এইখিনিতে ভাল ৰিজাল্টৰ সংজ্ঞাটোও দৰকাৰী। ৯০%-১০০% হে ভাল ৰিজাল্ট বুলি ভবাসকলে এবাৰ যুকিয়াই চাবচোন, একেজন ছাত্ৰই সকলোতে সমানে পাৰ্গত হয় নেকি? যদি নহয়, তেন্তে পাৰ্গত নোহোৱা বিষয়ৰ অধ্যয়ন পদ্ধতিটো কিদৰে সলনি কৰিলে নম্বৰভিত্তিক সফলতা আহিব সেয়াও আলোচনাৰ বিষয়। বিষয়ভেদে অধ্যয়নৰ পদ্ধতি বেলেগ বেলেগ, ছাত্ৰজনে সেয়া উপযুক্ত ভাবে প্ৰয়োগ কৰিছেনে, সেয়াও বিচাৰ্যৰ বিষয়। গতিকে ভাল ৰিজাল্টৰ অৰ্থ হৈছে ছাত্ৰএজনৰ বিষয়ভিত্তিক সামৰ্থ্য অনুযায়ী পাব পৰা সৰ্বোচ্চ নম্বৰটো। কোনোবা গাণিতিক বিষয়ত পাৰ্গত, কোনোবা কলাৰ বিষয়ত বা কোনোবা সাহিত্যত। পঢ়োঁতাই এটা কথা মন কৰিব যে, ইয়াত মই বিজ্ঞাপনৰ ফলকত ব্যৱসায়িক ভিত্তিত লগোৱা ভাল ৰিজাল্টৰ কথা কৈছোঁ। ব্যাকৰণৰ নিয়ম মনত ৰাখি প্ৰয়োগ কৰিব নজনা এজনে যদি ভাষাৰ বিষয় এটাত কেনেবাকৈ ৪০%-৫০% নম্বৰ পাইছে, সেইটোও এটা সফল বা ভাল ৰিজাল্ট। অৱশ্যে শিক্ষাত ব্যৱসায়িক দৃষ্টিভংগী প্ৰয়োগ কৰাসকলৰ বাবে এইটো এটা বেয়া ৰিজাল্ট, যিহেতু বিজ্ঞাপন দিব নোৱাৰি।

এতিয়া ওপৰত উল্লেখ কৰা বিন্দুকেইটা অলপ আলোচনা কৰোঁ আহক - - -

১) শিক্ষাৰ্থীজন মেধাৱীৰ অৰ্থ হৈছে তেওঁৰ বিষয়ৰ বোধগম্যতা আনৰ তুলনাত বেছি। তেওঁৰ কথাবোৰ সহজে মনত ৰয়, সমস্যা সমাধানৰ নিজা কৰ্ষিত গুণ আছে। তেওঁ নতুন কথা এটা সহজে আয়ত্ত কৰিব পাৰে। সৰুৰে পৰা শিকিঅহা খিনি নাপাহৰে। পূৰ্বজ্ঞান প্ৰয়োগ কৰিব জানে ইত্যাদি ইত্যাদি। এইখিনি একান্তই প্ৰয়োজনীয়।

২) ভাল পৰিৱেশৰ কথা কৈছোঁ, ধনী পৰিৱেশৰ কথা কোৱা হোৱা নাই। ঘৰৰ ভিতৰত আটাইয়ে নিয়মীয়া অধ্যয়ণৰ গুৰুত্ব বুজি পায়। আমাক যে মায়ে কয় পঢ় পঢ় বুলি সেয়াই। আমাৰ পৰীক্ষাত যে মায়ে এখোজো ক'লৈকো নাযায়, বিয়া সকাম সকলো বাদ দিয়ে, দুই-তিনিমহীয়া ছুটি লয় কামৰ পৰা। দেউতাই বিভিন্ন কামৰ মাজত মাজে মাজে স্কুললৈ গৈ খতিয়ান লয়, মায়ে ওচৰত বহি মুখস্থ লয় ইত্যাদিবোৰ। দেউতা বা মা সুৰাশক্ত নহয়, আমি কিবা শুনো বুলি মনে মনে কাজিয়া কৰে, নিজে টি ভি নাচায় আমাৰ আমনি হয় বুলি। আমাৰ অসুবিধা হয় বুলি সাংসাৰিক বেমেজালিবোৰ চপাই নলয়, আমাৰ আগত পৰচৰ্চা নকৰি ভাল ভাল বুলি কোৱা যোগাত্মক কথাবোৰেই ভাল ঘৰুৱা পৰিবেশ। ভাতসাজ নিমখ-তেলেৰে খালেও এনে এটা পৰিবেশ ঘৰত মা-দেউতাই ৰাখিছিল। বেয়া পৰিবেশত ভাল ৰিজাল্ট কৰাৰ ব্যতিক্ৰম সমাজত অবশ্যে আছে, তেনেক্ষেত্ৰত ছাত্ৰজনৰ মানসিক দৃঢ়তা বহুত বেছি থাকে।

৩) ভাল পাঠদান লাভ মানে নিশ্চয় তেওঁৰ বিদ্যালয়ৰ ক্লাছসমূহ গ্ৰহণযোগ্য ভাবে বুজি পাইছে। উত্তৰ সমূহ লিখাৰ ধৰণ বা আন শৈক্ষিক কথাত উপযুক্ত মাৰ্গদৰ্শন লাভ কৰিছে। একেদৰে যদি বিশেষ প্ৰয়োজনত ঘৰুৱা শিক্ষকৰ সহায় লৈছে, তেন্তে তেখেতসকলৰ পৰাও উপযুক্ত মাৰ্গদৰ্শন লাভ কৰিছে।

৪) বিদ্যালয়ৰ ক্লাছৰ সমান্তৰালকৈ তেওঁ‌ নিয়মিত পঢ়াশুনা কৰি থাকে। নিয়মিত গৃহকাৰ্য্য কৰাৰ লগতে নিজাববীয়াকৈ এখন দিনপঞ্জী মানি কিতাপ সমূহ খৰচিমাৰি পঢ়ে। কেৱল যেনেতেনে গৃহকাৰ্য কৰিয়েই দৈনিক পঢ়া নাসামৰে। তেওঁ এই কাম কৰি আমনিও নাপায়, তেওঁ বাধ্যত পৰি পঢ়ামেজত নাথাকে। টি ভি বা মোবাইল, চ'চিয়েল মেডিয়াৰ সংস্পৰ্শত অত্যধিক থাকি সময় নষ্ট নকৰে। বন্ধৰ দিনত ঘৰত জ্যেষ্ঠজন নথকাৰ সুযোগলৈ তেওঁ অবাবত সময় নষ্ট নকৰে।

৫) তেওঁ পৰিশ্ৰম কৰিব পাৰে। তেওঁ আমনি লাগিলেও দৈনিক গণিতৰ অনুশীলন কৰে। সূত্ৰবোৰ সময়মতে মুখস্থ ৰাখি অনুশীলন কৰে। ৰচনাধৰ্মী প্ৰশ্নোত্তৰবোৰ বাহিৰা বহীত লিখি লিখি আয়ত্ত কৰে। নুবুজা কথাটো বাৰে বাৰে পঢ়ে। পাঠত থকা ছবিবোৰ মাজে মাজে আকি আওৰাই থাকে। সময়ত কৰিবলগীয়া কামবোৰ পেলাই নথয়। শিক্ষকৰ উপদেশমতে বিষয় অনুযায়ী পাঠৰ অধ্যয়ন কৰে। য'ত মুখস্থৰ প্ৰয়োজন তাত মুখস্থ আৰু য'ত বুজিলৈ কৰাৰ প্ৰয়োজন, তাত তেনেকৈ নিয়মিত কৰে। কেৱল পৰীক্ষাৰ সূচী বা ৰুটিন ওলোৱাৰ লগে লগে, পৰীক্ষাৰ ওচৰত দিনেৰাতিয়ে নপঢ়ে। পৰীক্ষাৰ বাবে আগৰে পৰাই অধ্যয়ন কৰে।

৬) তেওঁ কিয় পঢ়ি আছে নিজেই জানে। তেওঁ অধ্যয়নৰ যোগেদি ভৱিষ্যতে কি পাব বিচাৰে সেয়া জানে। লক্ষ্য থকা আৰু দেখাকদেখি কিবা এটা হোৱাৰ দিবাস্বপ্ন দেখাৰ মাজত বহুত পাৰ্থক্য থাকে। লক্ষ্য আছে বাবেই তেওঁ নিজাকৈ নিয়মিত চেষ্টা কৰে। শিক্ষকে কৈছে কাৰণে নপঢ়ে, পঢ়াৰ গুৰুত্বটো উপলব্ধি কৰিছে কাৰণে পঢ়ে।

৭) কেতিয়াবা প্ৰস্তুতি বৰ ভাল নাথাকে কিন্তু প্ৰশ্নখন তুলনামূলক ভাবে সহজ আহে। যাৰফলত ভবাতকৈ ভাল নম্বৰ এটাৰে ৰিজাল্ট ভাল হয়।

৮) কেতিয়াবা অতি কম পঢ়াৰ পিছতো আগতে অনুমান কৰা প্ৰশ্নবোৰ আহে। অৰ্থাৎ প্ৰশ্ন কমন আহে। এইকথাটো সদায়েই প্ৰযোজ্য নহয়। কেৱল মুখস্থভিত্তিক প্ৰস্তুতিৰে কমনৰ ওপৰত নিৰ্ভৰ কৰি গ'লে অসুবিধাও হয়। সেয়েহে এই পদ্ধতিত কেতিয়াবাহে পৰীক্ষা ভাল হয়।

এইবোৰ যোগাত্মক কাৰণ, আপোনাৰ মতে আন কিবা আছে যদি যোগ দিব পাৰে। বাকী কাৰণ কেইটা সুস্থ মগজুৰে, বিবেক বুদ্ধিৰে বিচাৰ কৰিলে অনীতি বুলি গমপোৱা যায়। এইবোৰ কথা পতাও বেয়া, কিন্তু বিক্ষিপ্ত ভাবে এইবোৰ ক'ৰবাত ঘটে বুলি শুনি থাকোঁ।

৯) ফাদিল হোৱা খবৰটো যদি বাতৰিলৈ নাহে তেন্তে সেইপ্ৰক্ৰিয়াৰে হয়তো ভাল নম্বৰ পাই ৰিজাল্ট ভাল কৰিব পাৰি। সেইটো অৱশ্যে আমাৰ বাবে বৰ্জনীয়। বিদ্যালয়ৰ গোট পৰীক্ষাটো প্ৰশ্ন ফাদিল হয় বুলি বিশ্বাস কৰিব পাৰেনে? অলপ খবৰ ল'বচোন।

১০) 12th Failed চিনেমাখনত দেখুৱাৰ দৰে অনিয়ম নিশ্চয় ক'ৰবাত হয়। ক'ৰবাত কিতাপ মেলিও লিখিবলৈ দিব পাৰে। এইটোও একেবাৰে বৰ্জনীয়, কিন্তু ক'ৰবাত হয়।

এইদৰে বিভিন্ন কথাৰ সংমিশ্ৰণত শিক্ষাৰ্থী এজনৰ পৰীক্ষা ভাল হয়, ভাল ৰিজাল্ট হয়।

তেন্তে ৰিজাল্ট ভাল হোৱাৰ লগেলগেই কেৱল শিক্ষকজনে বা বিদ্যালয়খনে সকলো কৃতিত্ব দাবী কৰি বাঃ বাঃ ল'ব পাৰে নে? আপুনি কি বুলি ভাবে?

শিশু দিৱস উপলক্ষেঃ পৰিবৰ্তিত সময়ত আমাৰ কৰণীয়আজিৰ শিশুৱেই ভৱিষ্যতৰ নাগৰিক বুলি কোৱা হয় সততে। তেওঁলোকক ভৱিষ্যতৰ মানৱ সম্পদ...
14/11/2024

শিশু দিৱস উপলক্ষেঃ পৰিবৰ্তিত সময়ত আমাৰ কৰণীয়

আজিৰ শিশুৱেই ভৱিষ্যতৰ নাগৰিক বুলি কোৱা হয় সততে। তেওঁলোকক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াতো অভিভাৱক, শিক্ষক আৰু সমাজৰ গুৰুত্বপূৰ্ণ দায়িত্ব। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন বোৰ খুব খৰতকীয়াকৈ হৈছে। পৰম্পৰাগত পদ্ধতি সলনি হৈছে, নতুন ব্যৱস্থাই খোপনি পুতিছে। সেয়েহে সাম্প্ৰতিক পৰিৱৰ্তন বোৰৰ সৈতে খাপ খাই ভৱিষ্যতৰ পৰিকল্পনা কিদৰে কৰিলে আজিৰ শিশুসকল অনাগত সময়ত মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব সেই সম্পৰ্কে অভিভাৱক সমাজৰ প্ৰতি চমুকৈ কিঞ্চিত আলোচনা আজি শিশু দিৱসৰ দিনা আগবঢ়াইছো।

ক’ভিদ পৰিস্থিতিৰ পিছতেই অসমৰ শিক্ষাবৰ্ষৰ সময়সূচী সলনি হৈছে, ৰাষ্ট্ৰীয় সূচীৰ সৈতে একাত্ম হৈছে। সেয়া সকলোৱে গম পাইছেই। তাৰ সমান্তৰালকৈ পাঠ্যক্ৰমৰ বিশেষ সলনি হোৱা নাই বা হোৱাৰ কোনো প্ৰয়োজনো নাই। পূৰ্বৰ জানুৱাৰী-ডিচেম্বৰ শিক্ষাবৰ্ষৰ সলনি এতিয়া শিক্ষাবৰ্ষ এপ্ৰিল-মাৰ্চ হ’ল। আন শ্ৰেণীসমূহৰ কথা বাদ দি সদ্যহতে দশম শ্ৰেণীৰ কথা আলোচনা কৰোঁ। অসমত মেট্ৰিক আছেই বা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আছেই, থাকিবই। যদিও মেট্ৰিক নোহোৱা হৈ যাব বুলি মাজতে আমি বহুতো বাতৰি-উৰাবাতৰি শুনিছিলোঁ।

প্ৰথমে ভাৱিবলগীয়া কথাটো হ’ল এয়ে যে পৰম্পৰাগত চৈধ্যমহীয়া মেট্ৰিক এতিয়া দহমহীয়া হ’ল। অৰ্থাৎ প্ৰাক-ক’ভিদ কালত জানুৱাৰীত আৰম্ভ হোৱা দশম শ্ৰেণীৰ পাঠদান শেষহোৱাৰ পিছত পিছৰ বৰ্ষৰ ফেব্ৰুৱাৰী বা মাৰ্চত মেট্ৰিক হৈছিল। কোনো এটা বছৰৰ গোটেই বাৰমাহ যোৱাৰ পিছত পিছৰ বছৰৰ দুমাহ গৈহে মেট্ৰিক হৈছিল। আমাৰ সময়ত ৩ নে ৭ মাৰ্চত হৈছিল মেট্ৰিক। এই আলোচনা পঢ়িথকা অধিকাংশই সেই ব্যৱস্থাৰে পৰীক্ষা দিয়া। এতিয়া কিন্তু এপ্ৰিলত পাঠদান আৰম্ভ হয় আৰু মেট্ৰিক পৰীক্ষা সাধাৰণতে ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত। গতিকে এতিয়া মেট্ৰিক দহমহীয়া। এইটো পদ্ধতিৰে চি বি এছ ইৰ শিক্ষাৰ্থীসকলে আগৰে পৰাই কোনো অসুবিধা নোহোৱাকৈ একেটা পাঠ্যক্ৰমতে পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে, সেয়েহে আমাৰ বাবে যদিও নতুন, অসুবিধা কিন্তু হ’ব নালাগে। যিহেতু শিক্ষাৰ্থী বা অভিভাৱকক খুব ওচৰৰ পৰা পাওঁ, সেয়েহে ক’ব পাৰোঁ যে আমাৰ বহুতৰে কিন্তু অসুবিধা হৈছে। সেই অসুবিধাটো হৈছে, পাঠ্যক্ৰম বা বাৰ্ষিক শিক্ষাসূচী অনুসৰি সময়ৰ ব্যৱস্থাপনা কৰা। ইয়াৰ মূলতে হৈছে বৰ্তমান আমাৰ অধিকাংশ শিক্ষাৰ্থীৰ এটা অভ্যাস। সেইটো হৈছে শিক্ষকৰ দ্বাৰা পাঠদান শেষ হোৱাৰ পিছতহে বিষয়টোৰ স্বাধ্যায় বা নিজা প্ৰস্তুতি আৰম্ভ কৰা। পুৰণি পদ্ধতিৰে পৰীক্ষা দি অহা অভিভাৱকৰ মতেও সেইটো শুদ্ধ পদ্ধতি, কাৰণ আগতে নৱেম্বৰত বিদায় সভাৰ পিছত বাছনি পৰীক্ষা হয়। তাৰপিছতহে গুহাত সোমাই যোৱাৰ দৰে ভাল ৰিজাল্টৰ বাবে আঢ়ৈ-তিনিমাহৰ ঘৰতে থাকি কৰা প্ৰস্তুতি। কেতিয়াবা বাছনি পৰীক্ষাত কম নম্বৰ পোৱা কোনোবাই মেট্ৰিকত সাংঘাতিক ভাল কৰাৰ অলেখ উদাহৰণ হয়তো আমাৰ ওচৰত আছে। তেতিয়া সেয়াই শুদ্ধ পদ্ধতি আছিল, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত পদ্ধতিও সলনি হ’বৰ হ’ল। এতিয়া কোনো এক পাঠ্যক্ৰম শেষ হোৱালৈ বাটচোৱাটো একেবাৰে অনুচিত। প্ৰতিটো অধ্যায় শেষহোৱাৰ লগেলগেই সেই অধ্যায় ছাত্ৰয়ো নিজাকৈ পঢ়ি শেষ কৰিব লাগে বা আয়ত্ত কৰিব লাগে, পিছত ভালকৈ পঢ়িম বুলি থৈ দিব নালাগে। সেই পিছৰ সময়তো কেতিয়াও নাহে। এনেদৰে পঢ়িব লাগে যাতে, ১৫-২০ দিনৰ বন্ধ যদিও পোৱা যায়, তেতিয়াও যাতে পুনঃ অনুশীলন কৰি পৰীক্ষাত আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ’ব পৰা যায়। অৰ্থাৎ শিক্ষকৰ পাঠদানত যিমান শেষ, সিমান শতাংশ ছাত্ৰৰো শেষ। সেয়েহে বিদ্যালয়ত পাঠদান শেষ হোৱাৰ লগে লগেই যাতে ১০-১৫ ভিতৰতে বাছনি পৰীক্ষাৰ বাবে সাজু হ’ব পাৰে। এইটোহে বৰ্তমানৰ ফলপ্ৰসূ পদ্ধতি বুলি মোৰ অনুমান হয়, ইতিমধ্যে শিক্ষাৰ্থীৰ সৈতে এই পদ্ধতি প্ৰয়োগ কৰি তেওঁলোকৰ সফলতা দেখিছোঁ। অষ্টম-নৱম শ্ৰেণীৰ অভিভাৱকে এই পদ্ধতি নিজ সন্তানক এতিয়াৰ পৰাই প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰিব পাৰে। পৰীক্ষাৰ তাৰিখ দিলে বা পৰীক্ষাৰ আগত হুৰমূৰকৈ পঢ়াৰ অভ্যাসটো আতৰাব পাৰিলে যথাসময়ত উপকৃত হ’ব। পুৰণি পদ্ধতিৰ অভ্যাস আতৰাব লাগিব অভিভাৱক-শিক্ষকে মিলি। হয়তো মনতে এনে এটা যুক্তিও আহিব পাৰে যে দশমশ্ৰেণীৰ ক্লাছ সমূহ খৰতকীয়াকৈ কৰি শেষ কৰিব নোৱাৰিনে? ইয়াতেই ভূমুকি মাৰে দ্বিতীয়টো পৰিৱৰ্তিত ব্যৱস্থাই।

এই দ্বিতীয়তে ভাবিবলগীয়া কথাটো হ’ল প্ৰশ্নৰ ধৰণ সম্পৰ্কীয়। আপোনালোক অৱগত যে অসমত নৱম শ্ৰেণীৰ পৰা সদ্যহতে একাদশ শ্ৰেণীলৈ নিৰ্বাচিত অধিকাংশ বিষয়তে ৫০% বস্তুনিষ্ঠ বহুবিকল্পী প্ৰশ্নৰ বাধ্যতামূলক অৱতাৰণা কৰা হৈছে। নৱম-দশমত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী বিষয় চাৰিটাত বহুবিকল্পী প্ৰশ্ন থাকে ৫০%। সেই প্ৰশ্ন সমূহ ‘অমুকৰ দেউতাকৰ নাম কি, কোন চনত ঢুকাল, বলৰ একক কি, দ্বিঘাত সমীকৰণৰ মূল কেইটা’ জাতীয় চিধাচিধি প্ৰশ্ন নহয় যে শিক্ষাৰ্থীয়ে কিতাপখন মুখস্থ মাৰি যাব আৰু পৰীক্ষাত এফালৰ পৰা লিখি যাব বা গোল কৰি যাব অ’ এম আৰ শ্বিটখনত। মোৰ ধাৰণাত নতুন প্ৰশ্নৰ পদ্ধতিত কেৱল মুখস্থ বিদ্যাত বিশ্বাসীসকলে মুখঠেকেঁচাহে খাব আগন্তুক পৰীক্ষাত। সেই প্ৰশ্ন সমূহৰ উত্তৰ কৰিবলৈ প্ৰয়োজন হ’ব যুক্তিৰ, পাঠৰ সম্যক জ্ঞানৰ, বোধগম্যতাৰ, বিশ্লেষণাত্মক চিন্তাশক্তিৰ, প্ৰত্যুৎপন্নমতিতাৰ। আনহাতে বহলাই লিখিব লগীয়া ৫০% প্ৰশ্নৰ বাবেও প্ৰশ্নপ্ৰস্তুতকৰ্তা কিছু বিপাঙত পৰিব। কোনো পাঠৰ পৰা আগতে লিখিত প্ৰশ্ন যিমান নম্বৰৰ আহে, নতুন নিয়মত তাৰ আধা আহিব। সেয়েহে সততে প্ৰশ্ন ‘কমন’ পৰাটো লাহেকৈ কমিব, এই ফালেও কেৱল মুখস্থবিদ্যাত বিশ্বাসীসকলে কষ্ট পাব। গতিকে এই নতুন পদ্ধতিমতে শিক্ষাৰ্থী এজনক পৰীক্ষাৰ বাবে সাজু কৰোঁতে শিক্ষকক হয়তো আগতকৈ অলপ বেছি সময়হে লাগিব, কম নহয়। তেনেস্থলত ঘৰত পঢ়িবলৈ সময় উলিয়াই দিয়াৰ চিন্তাত যদি খৰধৰকৈ পাঠদান শেষ কৰা হয়, তেন্তে শিক্ষাৰ্থীয়ে বহুবিকল্পী প্ৰশ্নৰ বাবে পাঠজ্ঞান সহ যুক্তিযুক্ততাৰে সাজু কেনেকৈ হ’ব? সেইসমূহ হুৰমূৰকৈ শিকালে হিতে বিপৰীত হোৱাৰহে অৱকাশ আছে। এইটো অৱশ্যে মোৰ নিজা অনুভৱহে।

তৃতীয়তে অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল কোনো এটা বছৰত মেট্ৰিক পাছ কৰা শিক্ষাৰ্থী এজনে তাৰ ঠিক দুটা বছৰৰ পিছতেই বহুবিকল্পী প্ৰশ্নৰ পয়োভৰ থকা এন ই ই টি, জে ই ই, চি ইউ ই টি, চি ই ই, এম এ টি, চি এ টি আদি পৰীক্ষাৰ পৰীক্ষাৰ্থী হ’ব, যিবোৰ উত্তীৰ্ণ হ’লেহে মন পছন্দৰ কেৰিয়াৰ এটাৰ দিশে যাব পাৰিব। সেই পৰীক্ষাবোৰৰ প্ৰশ্নৰ মানদণ্ড অলপ যুকীয়াই চালেই বহুকথাই বুজি পাব, অনুভৱ হ’ব কেৱল মুখস্থতকৈ পাঠ্যপুথিৰ জ্ঞান কিমান জৰুৰী, অনুভৱ হ’ব মেট্ৰিকটো সিমানো গুৰুত্বপূৰ্ণ নহয় যিমান গ্লেমাৰ আমি সেইটোক দিওঁ। বৰঞ্চ নিজক জুখি চোৱাৰ, প্ৰস্তুতি অনুসৰি ফলাফল কৰি ভৱিষ্যতৰ যুঁজখনৰ বাবে নিজৰ আত্মবিশ্বাস দৃঢ় কৰাৰ এটা সুযোগহে মেট্ৰিক। পৰম্পৰাগত চিন্তা বাদ দি আমি সাজু হ’ব লাগে পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ সন্তানক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিদৰে মানসিক দৃঢ়তা দিব পাৰোঁ, কিদৰে কৌশল শিকাব পাৰোঁ তাৰ অন্বেষণত। মেট্ৰিকৰ নম্বৰটোক বা তাৰ ফলাফলটোক অত্যধিক যশকীৰ্তি নিদিয়াকৈ আমি এটা ক্ৰমাগত উত্তৰণৰ পদ্ধতিক গুৰুত্ব দিব লাগে, কাৰণ এইটোৱেই সময়ৰ আহ্বান। আমি দৈনন্দিন খুব সুন্দৰ নম্বৰৰ মেট্ৰিকৰ ৰিজাল্ট কৰা কিন্তু নিজা চিন্তাশক্তি নথকা শিক্ষাৰ্থীক লগ পাওঁ, সেইখন এখন বেলেগ যুঁজ। মেট্ৰিকত ভাল নম্বৰ লৈয়েই আৰম্ভ হয় অস্তিত্বৰ এখন যুঁজ। সেই বিষয়ে ইয়াত আলোচনা নকৰোঁ। গতিকে সময়ৰ দাবীক সন্মান জনাই আজিৰ শিশুক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ এই নতুন যাত্ৰাটোত আহকচোন আমি অপ্ৰয়োজনীয় চাপবিহীন এটা পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকৰ সহযাত্ৰী হওঁ।

বিঃদ্ৰঃ মোৰ এই চিন্তাখিনিত আপুনি সহমত প্ৰকাশ নকৰিবও পাৰে, সেইখিনিক মই সন্মান জনাইছোঁ। আপোনাৰ মতামত জনাব।

পদাৰ্থ বিজ্ঞানৰ পাঠদানত প্ৰত্যাহ্বানআলোচনা কৰিবলৈ লোৱা কথাখিনি এটা দীঘলীয়া সময়ৰ অনুভৱ, শিক্ষক হিচাপে মোৰ নিজা দৃষ্টিভংগী...
04/11/2024

পদাৰ্থ বিজ্ঞানৰ পাঠদানত প্ৰত্যাহ্বান

আলোচনা কৰিবলৈ লোৱা কথাখিনি এটা দীঘলীয়া সময়ৰ অনুভৱ, শিক্ষক হিচাপে মোৰ নিজা দৃষ্টিভংগীহে মাথোন। সদাশয় পাঠকৰ মতবিৰোধ থাকিব পাৰে। কথাখিনি হয়তো সেইসকল সচেতন অভিভাৱকৰ কামত আহিব, যিসকলৰ সন্তানে এতিয়াও মাধ্যমিক পৰ্যায়ত বিদ্যালয়তে পঢ়ি আছে, উচ্চতৰ মাধ্যমিকলৈ অহা নাই বা হয়তো প্ৰথম বৰ্ষত পঢ়ি আছে।

প্ৰায় সপ্তম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ মূলতঃ বিজ্ঞানৰ মূল ভাগ তিনিটা - ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান। তিনিওটা ভাগৰে অধ্যয়নৰ কৌশল, প্ৰশ্নোত্তৰ উপস্থাপনৰ ধৰণ বা অনুশীলনৰ ধৰণ সাংঘাতিকভাৱে সুকীয়া। লগতে প্ৰয়োজন হয় দৈনন্দিন জীৱনৰ ঘটনা সমূহৰ পৰ্যবেক্ষণৰ সূক্ষ্মতা, যুক্তিৰে বিশ্লেষণ কৰাৰ সামৰ্থ্য, স্পষ্টকৈ নিয়মবোৰ মনত ৰখাৰ কৌশল ইত্যাদিৰ। আমি কেৰিয়াৰ বা প্ৰতিযোগিতাৰ পৰিৱেশটো নিশ্চয় দেখিছোঁ। সেয়েহে বিজ্ঞান বিষয়ক কেৰিয়াৰ ভৱিষ্যতে হ’বনে নাই সেই সন্দৰ্ভত অভিভাৱক আগতীয়াকৈ সচেতন হোৱাৰ প্ৰয়োজন, আগতীয়া মানে ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰাই। সাধাৰণতে ষষ্ঠ-সপ্তম-অষ্টমৰ দৰে সৰু শ্ৰেণী সমূহত বিজ্ঞান মূলতঃ প্ৰশ্নোত্তৰ মুখস্থ কৰিয়েই পাছ কৰিব বা ৯০% তকৈও অধিক নম্বৰ পাব পাৰি। আমাৰ প্ৰথম ভুল সেইখিনিতেই হয়। চৰকাৰী বা বেচৰকাৰী, যিকোনো শিক্ষানুষ্ঠানতেই যদিহে মূল্যায়নৰ ধৰণটোৱে কেৱল মুখস্থবিদ্যাৰ পৰীক্ষা কৰে তেন্তে শিক্ষাৰ্থীৰ চিন্তা কৰাৰ সামৰ্থ্য্য লোপ পায় বা অব্যৱহৃত হয়, কমি যায়। বিজ্ঞানৰ আন বিভাগ সমূহৰ কথা নকওঁ, কিন্তু পদাৰ্থ বিজ্ঞান হৃদয়ঙ্গম কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হয় শিক্ষাৰ্থী। নৱম শ্ৰেণীত পদাৰ্থ বিজ্ঞানৰ কলেৱৰ বা পৰিসৰ দেখি ভয় খাবলৈ লয়। যদিহে শিক্ষক গৰাকীয়ে গাণিতিক বিশ্লেষণ আৰম্ভ কৰি দিয়ে, সেয়া অদৰকাৰী বুলি ভাৱিবলৈ লয় বহু শিক্ষাৰ্থীয়ে। তেওঁলোকে মাথোঁ অপেক্ষা কৰে পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ উত্তৰৰ টোকালৈ। যি গাণিতিক বিশ্লেষণ অবিহনে পদাৰ্থ বিজ্ঞান অসম্ভৱ, সেই বিষয়ত মুখস্থ কৰিব পৰা নোটছ বা টোকাহে দৰকাৰী বুলি বিবেচনা কৰে। তেনে অৱস্থাত ছয়মাহিলী বা বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নখনো যদি মুখস্থ সৰ্বস্ব হয়, তেন্তে তেওঁলোকৰ মনত মুখস্থই শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠিত হয়। যদিও সকলো শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাত নপঢ়ে ভৱিষ্যতে, তথাপি ইয়াৰ মাজতে কিছু সংখ্যক নিশ্চয় থাকে। শিক্ষাৰ্থীসকলক নৱম শ্ৰেণীত প্ৰকৃতাৰ্থত পদাৰ্থ বিজ্ঞানৰ পাঠদান এক প্ৰত্যাহ্বানেই এনে পৰিৱেশত। দশম শ্ৰেণীত ভাল ফলাফলৰ চাপত মুখস্থ কৰি লিখিব পৰা কৰি দিব পাৰিবই লাগিব, নহ’লে বদনামৰ ভাগ ল’ব লাগিব। অলপতে এগৰাকী শিক্ষাৰ্থীৰ মন্তব্য আছিল এনেধৰণৰ, “ছাৰ, মই মেট্ৰিকৰ সময়ত দুদিনত বিজ্ঞান শেষ কৰি দিছিলোঁ। এতিয়া কি হৈছে নাজানো।” ৯০ ৰ ঘৰত নম্বৰো পাইছিল তেওঁ, কিন্তু সেয়া আছিল বিদ্যালয়ৰ বা ঘৰুৱা শিক্ষকে তৈয়াৰ কৰি দিয়া প্ৰতিটো প্ৰশ্নোত্তৰৰ মুখস্থ। পাঠ্যপুথিৰ বাক্যবোৰৰ অৰ্থ কিন্তু তেওঁ একেবাৰেই নাজানিছিল। আমি শিক্ষক হিচাপে পৰীক্ষাত আৰু এটা বেয়া কাম কৰোঁ, সেয়া হৈছে প্ৰশ্ন এটাৰ অৰ্থ বুজাই দিওঁ পৰীক্ষা হলত। যাৰ ফলত পিছলৈ ওপৰৰ শ্ৰেণীত শিক্ষাৰ্থী এজনে প্ৰশ্ন বুজি নোপোৱা হয়। একেটা উত্তৰৰ বাবে যদি প্ৰশ্নটোৰ উপস্থাপন আওপকীয়া হয়, তেন্তে সেইজন শিক্ষাৰ্থীয়ে পৰীক্ষাত নোৱাৰিব। প্ৰশ্ন বুজি পোৱাও এটা কৌশল, যিটো আমি শিকোৱাত ব্যৰ্থ হওঁ, যদিহে পৰীক্ষাত বিভিন্ন কাৰণত অৰ্থবোৰ বুজাই দিওঁ বা উত্তৰৰ ইংগিত দিওঁ। এনেদৰেই যেতিয়া মেট্ৰিকৰ দেওনা পাৰ হৈ আহে, ভাল নম্বৰ লৈ আৰু নম্বৰ দেখি হঠাতে সিদ্ধান্ত লয় বিজ্ঞান শাখাত পঢ়িম বুলি, তেতিয়াই হয়তো নকৰিবলগীয়া ভুলটো হয়।

উচ্চতৰ মাধ্যমিকতো আহি বাট চায় শিক্ষকে প্ৰশ্নোত্তৰ নোটছ বা কমন দিব, তাকে পঢ়িম, পাছ কৰিম। পাঠ্যপুথি নতুন হৈয়ে থাকে, অন্ততঃ প্ৰথম বৰ্ষত। প্ৰতিদিনেই গাণিতিক বিশ্লেষণেৰে নতুন নতুন ধাৰণা, সমস্যা শ্ৰেণীত উপস্থাপন হয়। শিক্ষাৰ্থীয়ে আমনি পাবলৈ লয়। তেওঁলোকে বাট চায় নোটছলৈ। ফাৰ্ষ্ট য়েৰ, ৰেষ্ট য়েৰৰ প্ৰভাৱ আছেই। এইবাৰ যি হয় হ’ব, ছেকেণ্ড য়েৰত ভালকৈ পঢ়িম। কিন্তু প্ৰথম বৰ্ষৰ কথাবোৰ, মৌলিক ধাৰণাবোৰ কি হ’ব? ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ কি অদ্ভুত প্ৰচলন। হওক, আপত্তি নাই কিন্তু অনিয়ন্ত্ৰিত। সেয়া কোনে নিয়ন্ত্ৰণ কৰিব? বিদ্যালয়ৰ পৰা অহাযোৱা কৰোঁতে কৰা সময়ৰ অপচয়, মন গ’লেই বিদ্যালয়ত অনুপস্থিতি, শ্ৰেণী পৰীক্ষাত অনুপস্থিতি, মোবাইল, মাদক দ্ৰৱ্যৰ অভ্যাস, স্কুটী-বাইকৰ পয়োভৰ, নতুন প্ৰেমৰ সম্পৰ্ক, কেতিয়াবা অভিভাৱকৰ অমনোযোগিতা, বাতৰিত ৰঙা বৃত্তৰ মাজত আহিব লগা হয় বুলি শিক্ষক বা বিদ্যালয়ৰ ভয়তে আওকাণ কৰা আদি কাৰকে কেৱল পদাৰ্থ বিজ্ঞানেই নহয়, সমগ্ৰ পাঠদান প্ৰক্ৰিয়াটোৱেই প্ৰত্যাহ্বানৰ ব্যৱস্থা হৈ পৰিছে। এদিনৰ অনুপস্থিতিয়েই অতি অসুবিধাজনক শিক্ষাৰ্থীৰ বাবে। প্ৰতিদিনেই নিয়মিত অধ্যয়ন কৰিবলগা হোৱাটোও তেওঁলোকৰ অভ্যাসত নাই। কাৰণ পৰীক্ষাৰ আগত পঢ়িয়েই নম্বৰ পাই আহিছে। উচ্চতৰ মাধ্যমিকত তেনেকৈ নোৱাৰিব।

প্ৰথম বৰ্ষত যেনেতেনে ৭০ ৰ ভিতৰত (লিখিত ৭০, ব্যৱহাৰিক ৩০) ১-২-৩ নম্বৰ লৈ পাছ কৰে (অতি বেয়া ব্যৱস্থা এইটো, পাছ কৰাই দিয়াটো) আৰু দ্বিতীয় বৰ্ষৰ আৰম্ভণিৰে পৰা হাবাথুৰি খায় ব্যক্তিগত শিক্ষকৰ সান্নিধ্য বিছাৰি। কাৰণ বিদ্যালয়ত শিক্ষকে আকৌ প্ৰথম বৰ্ষৰ কথাবোৰ আলোচনা নকৰে, যিবোৰ দ্বিতীয় বৰ্ষতো দৰকাৰী। কাৰণ তেনে কৰিলে পাঠ্যক্ৰম নিৰ্দিষ্ট সময়ত শেষ কেনেকৈ হ’ব? ১-২-৩ পাই অহা শিক্ষাৰ্থীয়ে পদাৰ্থ বিজ্ঞান কি শিকিলে সেয়া সহজেই বোধগম্য। প্ৰতিটো ধাপতে ভুল কৰি আহি চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হয় দ্বাদশ শ্ৰেণীত। আমাৰ ওচৰে পাজৰে হিচাপ কৰিলে হয়তো এনে শিক্ষাৰ্থী বহুত ওলাব, অন্ততঃ বিজ্ঞান শাখাৰ ৫০% ৰ অধিক শিক্ষাৰ্থীয়েই এই প্ৰত্যাহ্বান পাইছে বা তেওঁলোকৰ কৰ্মকাণ্ডই শিক্ষকৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। তেওঁলোকক পোনচাটেই দোষাৰোপ কৰিব একেবাৰেই নোৱাৰি, কাৰণ প্ৰায় ৫-৬ বছৰৰ কিছুমান ভুল পদক্ষেপৰ শেষৰ চিকাৰ তেওঁলোক।

বছৰি পুনৰাবৃত্তি হোৱা কেইটামান প্ৰশ্ন মুখস্থ কৰি, ‘এন চি আৰ টি ই’ ৰ পাঠ্যপুথিখন একেবাৰে আওকাণ কৰি সেইসকল পৰীক্ষাত অৱতীৰ্ণ হ’ব। তেওঁলোকৰ বিষয়বস্তুৰ জ্ঞান আহৰণ কিন্তু নহ’ল। তাৰ পিছতেই বিভিন্ন অজুহাত দেখুৱাব ঘৰত, কাৰণ নম্বৰ মেট্ৰিকতকৈ কম পাব। মাক-দেউতাকৰ আৰ্থিক সামৰ্থৰ উমান থকাসকলে হয়তো সপোন দেখুৱাই বা ফুচুলাই ধাপলি মেলিব কোচিং কৰিবলৈ ঘৰৰ নিলগৰ কোনো চহৰলৈ। বৰ্তমান দুই-এক ব্যতিক্ৰমৰ বাহিৰে এনে শিক্ষাৰ্থীৰ শেষৰ অৱস্থা কি সকলোৱে নিশ্চয় দেখিছেই। ঈশ্বৰে সুমতি দিলে কেতিয়াবা কাৰোবাৰ ভাল নোহোৱা নহয়, কিন্তু তেনে উদাহৰণ কম। এই সকলোবোৰ প্ৰত্যাহ্বান বা আহুকাল কিন্তু আমিয়েই সৃষ্টি কৰা।

স্কুল সলাই দিব বুলি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পৰীক্ষাৰ আগতেই প্ৰশ্নৰ উমান দিয়া বা পৰীক্ষাৰ সময়ত উত্তৰৰ ইংগিত দিয়া, চৰকাৰী-বেচৰকাৰী নিৰ্বিশেষে য়পৰীক্ষাৰ প্ৰশ্নত জ্ঞানৰ প্ৰয়োগতকৈ কিমান মুখস্থ আছে, সেই মূল্যায়নৰ প্ৰশ্ন তৈয়াৰ কৰা, চৰকাৰৰ জৱাবদিহি হোৱাৰ ভয়ত বা হকে-বিহকে সাক্ষৰতা বা উত্তীৰ্ণৰ হাৰ বঢ়োৱাৰ স্বাৰ্থত কৰি থকা গুপুত কিন্তু সকলোৱে জনা কিছুমান নীতি বহিৰ্ভূত কাম, আত্মসন্মান হানিৰ স্বাৰ্থত শিক্ষকে বা সমাজে মিলি তৈয়াৰ কৰা অনুশাসনহীনতাৰ পৰিৱেশ আদিয়ে কেৱল প্ৰত্যাহ্বানেই নহয়, আমাৰেই ভৱিষ্যত প্ৰজন্মৰ জ্ঞান অন্বেষণৰ যাত্ৰাটো ধ্বংস কৰিছে আৰু ভৱিষ্যতটো অতি বেয়াকৈ অন্ধকাৰ কৰিছে। তেনেস্থলত সততে শুনিবলৈ পোৱা কিশোৰ-কিশোৰীৰ আত্মহত্যাৰ খবৰবোৰত আমি আচৰিত হ’ব লগা একো নাই। প্ৰদৰ্শনৰ মানসিক চাপত কৰা অনৈতিক কাৰ্যৰ পুলিবোৰ আমিয়েই ৰোপণ কৰি আছোঁ। চিন্তা কৰি চাবচোন এবাৰ।

শ্ৰীহৰিকোটা: ভাৰতৰ মহাকাশ বন্দৰ                 আমি সৰু থাকোঁতে স্কুলত অলপ দীঘলীয়া বন্ধ পোৱাৰ লগে লগেই ঢাপলি মেলিছিলোঁ ক...
22/01/2024

শ্ৰীহৰিকোটা: ভাৰতৰ মহাকাশ বন্দৰ

আমি সৰু থাকোঁতে স্কুলত অলপ দীঘলীয়া বন্ধ পোৱাৰ লগে লগেই ঢাপলি মেলিছিলোঁ ককাৰ ঘৰলৈ । দেউতাৰ চাকৰিসূত্ৰে আমি অসমৰ বিভিন্ন ঠাইত আছিলোঁ । তেতিয়া অৱশ্যে কমবয়সীয়া আছিলো বাবে কথাবোৰ বৰকৈ মনত নাই । স্কুলীয়া জীৱন আৰম্ভ হোৱাৰ পিছত আমি বৰ্তমানৰ ঠাইতে নিগাজী হ’লো । সেয়েহে প্ৰায়ে গৰমৰ বন্ধ বা বছেৰেকীয়া পৰীক্ষাৰ পিছৰ বন্ধৰ সময় খিনিত আমি শিৱসাগৰৰ ককাৰ ঘৰলৈ গৈছিলোঁ, মানে দেউতাৰ পৈতৃক গৃহ । অধিকাংশ যাত্ৰাই আছিল নৈশ বাছৰ । ঘৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ পূৱলৈ আছিল গহপুৰৰ বাছ ৰখোৱা ঠাইখিনি, য’ত আছে টিকট কৰা বিপনী বা কাউন্টাৰ বোৰ । আমাতকৈ সোনকালে ভাত কেইটা খাই, লক্ষীমপুৰৰ ফালৰ পৰা অহা বাছ বোৰ গহপুৰ আহি পোৱাৰ আগতেই দেউতা কাউন্টাৰত ৰৈ থাকিছিল, ঘৰত মোবাইল বা ফোনৰ ব্যৱস্থা নাছিল তেতিয়া । আমাক সাজু হ’বলৈ দিয়া সময়তকৈ আগতেই আমি ৰৈ থাকিছিলোঁ বাটৰ কাষত ।দেউতাই সজা আমাৰ ঘৰটো আছে একেবাৰে ঘাইপথৰ কাষতে । সেয়েহে আমি টালি – টোপোলা বান্ধি ৰৈ থাকোঁ, বাছত উঠিবলৈ । তেতিয়া নিশাৰ পথত গাড়ী মটৰ অতি কম চলিছিল, কেৱল ট্ৰাক আৰু নৈশ বাছ । প্ৰায় ৫ – ৬ মিনিটৰ মূৰে মূৰে গাড়ীৰ লাইটৰ পোহৰ চাই অনুমান কৰি থাকোঁ, আহি থকা গাড়ী খন বাছ নে ট্ৰাক । বৰ ৰোমাঞ্চকৰ আছিল সেই সময়খিনি । আমাৰ দৃষ্টিত ভিন ভিন ৰঙৰ আৰু আকৃতিৰ বাছবোৰ পিছত বহীৰ পাতত পেঞ্চিলৰ মাজেৰে প্ৰকাশ পাইছিল, সেয়া আছিল আজৰি সময়ৰ ব্যস্ততা । মোবাইল নাছিল যে গেমছ্‌ আৰু ভিডিঅ’ চাবলৈ ।প্ৰায় ৩০০ – ৪০০ মিটাৰ মান আগতেই যেতিয়াই দীঘলীয়া হ’ৰ্নৰ শব্দ শুনিবলৈ পাওঁ, আমি গম পাওঁ যে, বাছৰ কেবিনত ঠিয় হৈ অহা দেউতাৰ সেয়া সংকেত বা কাউন্টডাউন, যে আমি সাজু হ’বলৈ হ’ল ।

যিকোনো যাত্ৰাৰে আৰম্ভণি থাকে আৰু আৰম্ভ হোৱাৰ স্থান থাকে । ঠিক আমি ঠিয় হৈ থকা বাটৰ কাষৰ ঠাই খিনিৰ দৰে । বাছ আস্থান, ৰেলৰ ষ্টেচন, নাওঁ – জাহাজৰ ঘাট বা বিমান বন্দৰ আদি নামেৰে সেইবোৰ আমাৰ মাজত পৰিচিত । ককাৰ ঘৰলৈ যোৱা বাছ খনৰ বাবে ৰৈ থাকোঁতে কেতিয়াবা ভাৱিছিলোঁ, আকাশলৈ যোৱা মহাকাশ যান বা ৰকেট বোৰ ক’ৰ পৰা যায় । এদিন য়ুৰি গাগাৰিণো হয়তো আমাৰ দৰে ৰৈ আছিল, আকাশলৈ যাবলৈ । হয়তো কাউন্টডাউন আৰম্ভ হৈছিল । লাহে লাহে ৰেডিঅ’ৰ বাতৰিত বা সাধাৰন জ্ঞানৰ কিতাপৰ পাতত চিনাকি হৈছিল এটা নামৰ, শ্ৰীহৰিকোটা । সেইযে নামটো শুনিছিলোঁ, সেইটোৱেই যে মহাকাশ যান যোৱা বন্দৰ, ডাঙৰ হোৱাৰ লগে লগে বুজি পাবলৈ ল’লো । আগতে ভাৱিছিলোঁ, ভাৰতৰ বেলেগ বেলেগ ঠাইৰ পৰা চাগৈ ৰকেটবোৰ পঠায় । পিছত গম পালোঁ, আচলতে তেনে নহয় । বিভিন্ন দেশৰ নিজা নিজা বিশেষ উৎক্ষেপন স্থলী বা মহাকাশ বন্দৰ আছে । মনলৈ প্ৰশ্ন আহিছিল, দিল্লী – মুম্বাইৰ দৰে ইমান ডাঙৰ ডাঙৰ উন্নত নগৰ বোৰ থাকোঁতে, কেৱল শ্ৰীহৰিকোটাই কিয় ? আন ঠাই ক’তোৱেই নাই নেকি ?

আমি যদিও ৰৈ থকা যেন অনুভৱ কৰোঁ, আচলতে আমি তীব্ৰ বেগেৰে গতি কৰি থাকোঁ । আমাৰ পৃথিৱী খনৰ বা আন যিকোনো গ্ৰহৰে এনেকুৱা এটা নিজা গতি আছে, যাৰ বাবে ইহঁতে নিজৰ অক্ষক কেন্দ্ৰ কৰি এট মাজতে কাটি লোৱা লিচু গুটি ঘূৰাৰ দৰে ঘূৰি থাকে ।পৃথিৱীৰ বিষুৱ ৰেখাৰ ওপৰৰ কোনো এখন ঠায়ে ঘণ্টাত ১৬৭০ কিলোমিটাৰ বা প্ৰতি ছেকেণ্ডত ৪৬৩ মিটাৰ বেগেৰে পশ্চিমৰ পৰা পূৱৰ দিশলৈ ঘূৰি থাকে । গতিকে তেনে ঠাইৰ পৰা খুব জোৰেৰে যদি বস্তু এটা ওপৰলৈ মাৰি পঠিওৱা হয়, তেন্তে গতিজড়তা (গৈ থকা বস্তুৱে একে বেগেৰে গৈ থাকিব বিছৰা প্ৰৱণতা) ৰ বাবে প্ৰাকৃতিক ভাৱেই তেনে বস্তুৱে পশ্চিমৰ পৰা পূৱৰ দিশলৈ এনে এক পৰ্যাপ্ত বেগ পায় , যাৰ ফলত যথেষ্ট ইন্ধনৰ ৰাহি হয় বা কেইবা কুইন্টলৰ মহাকাশ যান এখন উৰা মাৰিবলৈ সহজ হয় আৰু এটা নিৰ্দিষ্ট কক্ষীয় বেগ (কক্ষপথত ঘূৰি থকা বেগ) পায় । উৎক্ষেপন কেন্দ্ৰ এটাৰ বাবে স্থান নিৰ্নাচন কৰাৰ ক্ষেত্ৰত ই এক অন্যতম চৰ্ত হিচাপে বিবেচিত হয় । যিমানেই বিষুৱ ৰেখাৰ ওচৰৰ হ’ব, সিমানেই উৎক্ষেপন মিতব্যয়ী হ’ব বা ইন্ধনৰ বাবদ ৰাহি হোৱা ধন আন কামত খৰছ কৰিব পৰা যাব । অৱশ্যে ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত এই চৰ্ত অপ্ৰয়োজনীয় ।

ক্ৰিকেট বা ফুটবলৰ খেলপথাৰ খন যথেষ্ট ডাঙৰ বা মুকলি হয় । কিন্তু কেতিয়াবা ঘৰৰ চোতালত বা সৰু ঠাইত খেলিলে বলটো গৈ কাৰোবাৰ টিঙত পৰে, খিৰিকিৰ আয়না ভাঙে বা কাৰোবাৰ বাৰীত সোমাই আনক অতিষ্ঠ কৰে । গছৰ ফল সৰাবলৈ মৰা ফৰ্মুটি কেইটা কাৰোবাৰ গাত পৰে বুলিব জানো আমি সাৱধান নহওঁ । একেদৰে কেইবা কুইন্টল ভৰৰ মহাকাশ যান এখনৰ ইন্ধনৰ ধাৰক বা টেংকি কেইটা ইন্ধন জ্বলি শেষ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে তললৈ সৰি পৰে , সেইয়া আকৌ উৎক্ষেপনৰ কেইছেকেণ্ড মানৰ পিছতে । সেয়েহে সেইবোৰ যদি আহি জনবসতি পূৰ্ণ ঠাইত পৰে, তেন্তে কিমান ডাঙৰ দুৰ্ঘটনা হ’ব ভাৱি চাওকচোন । আকৌ যদি আমাৰ ঘৰৰ সন্মুখতে বাছত উঠাৰ দৰে, জনবসতি অঞ্চলৰ পৰা এনে মহাকাশ যান বা ৰকেট উৎক্ষেপন কৰা হয় আৰু কেনেবাকৈ কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপনৰ মুহূৰ্ততে বা উৎক্ষেপনৰ কেইছেকেণ্ড মানৰ পিছতে বিস্ফোৰন ঘটে, তেন্তে সেই বিস্ফোৰণ কিমান বিধ্বংসী হ’ব পাৰে, সেয়া সহজেই অনুমেয় । সেয়েহে পৃথিৱীৰ প্ৰায়বোৰ উৎক্ষেপন কেন্দ্ৰই এনে ঠাইত আছে, যাৰ পূৱ দিশত সাগৰ বা মহাসাগৰ আছে । ৰাছিয়াৰ উৎক্ষেপন কেন্দ্ৰবোৰৰ চৌপাশে আকৌ বিশাল জনবসতি হীন মৰু অঞ্চল । ইয়াৰ ফলত মহাকাশ যানৰ ভগ্নাৱশেষবোৰ সাগৰ বা মৰুভূমিত পতিত হয় আৰু যিকোনো দুৰ্ঘটনাৰ পৰা মানুহ হাতসাৰি থাকে । কেতিয়াবা কোনোবা সাগৰৰ তীৰৰ ফুৰিবলৈ যোৱা মানুহে আচহুৱা ধৰনৰ ধাতুৰে নিৰ্মিত যন্ত্ৰৰ টুকুৰা দেখিবলৈ পায় যিবোৰ মহাকাশ যানৰ অংশ বুলিয়ে অনুমান কৰা হয় । যোৱা বছৰ চন্দ্ৰযান – ৩ উৎক্ষেপনৰ কেইবা ঘন্টাৰ পিছত অষ্ট্ৰেলিয়াত সাগৰৰ তীৰত যন্ত্ৰৰ টুকুৰা পোৱা বুলি বাতৰি প্ৰকাশ পাইছিল ।

সেয়া আছিল ১৯৬৩ চনৰ ২১ নৱেম্বৰ, আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগত । কেৰেলাৰ থিৰুৱনন্তপুৰমৰ ওচৰৰ থুম্বা নামৰ গাঁও খনৰ এটা গীৰ্জাৰ চোতাল । ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ স্বৰূপ বিক্ৰম ছাৰাভাইৰ নেতৃত্বত ভাৰতৰ ভূমিৰ পৰা উৎক্ষেপন হয় ভাৰতৰ প্ৰথমটো ৰকেট । বৰ্তমান বিক্ৰম ছাৰাভাই মহাকেন্দ্ৰ নামেৰে প্ৰখ্যাত এই উৎক্ষেপন স্থলী ব্যৱহাৰ কৰা হয় বিভিন্ন বৈজ্ঞানিক অনুসন্ধানৰ বাবে ব্যৱহাৰ হোৱা ৰকেট উৎক্ষেপনৰ বাবে । এই ঠাই ভাৰতৰ একেবাৰে দক্ষিণত, সাগৰৰ পাৰত আৰু বিষুৱ ৰেখাৰ তেনেই ওচৰত ।

১৯৬৯ চনত বিক্ৰম ছাৰাভায়ে অন্ধ্ৰপ্ৰদেশৰ তিৰোপতি জিলাৰ শ্ৰীহৰিকোটাক উৎক্ষপন স্থলী হিচাপে নিৰ্বাচন কৰে । ১৯৭১ চনৰ ৯ অক্টোবৰত সম্পূৰ্ণ কাৰ্যক্ষম হোৱা শ্ৰীহৰিকোটা বৰ্তমান পৃথিৱীৰ আটাইতকৈ সুবিধাজনক উৎক্ষেপন স্থলীবোৰৰ ভিতৰত দ্বিতীয় স্থানৰ বুলি চিহ্নিত । এই ঠাই চেন্নাইৰ পৰা ১০৫ কিলোমিটাৰ উত্তৰলৈ অন্ধ্ৰপ্ৰদেশৰ পূৱ দিশৰ উপকূল অঞ্চলত অৱস্থিত । প্ৰায় ৫০ কিলোমিটাৰৰ উপকূলীয় ৰেখাৰ এটা মাকোৰ আকৃতিৰ এই দ্বীপটোৰ পূৱত আছে বংগোপ সাগৰ । যাৰ বাবে পূৱ দিশলৈ উৎক্ষেপন বিপদমুক্ত । পশ্চিম দিশত আছে পুলিকট হ্ৰদ আৰু ১৬ কিলোমিটাৰ দীঘল দলং এখনেৰে মূল ভূখণ্ডৰ লগত ইয়াৰ সংযোগ আছে । দুৰ্ঘটনা বশতঃ কোনো ৰকেট পশ্চিম মুৱা হৈ বিস্ফোৰণ হ’লেও জনবসতি অঞ্চলত নপৰি পুলিকট হ্ৰদত পৰিবগৈ । গতিকে শ্ৰীহৰিকোটাক কিয় নিৰ্বাচন কৰা হ’ল সহজেই বুজিব পৰা গৈছে । এই দ্বীপটোতে অৱস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ (Satish Dhawan Space Centre – SDSC) যাক আমি সৰুতে শ্ৰীহৰিকোটা উৎক্ষেপন স্থলী বুলি জানিছিলো । ভাৰতীয় মহাকাশ বিজ্ঞানৰ অন্যতম সাধক, ইছৰোৰ পূৰ্বৰ অধ্যক্ষ সতীশ ধাৱানৰ নামেৰে ২০০২ চনৰ ৫ ছেপ্তেম্বৰত ইয়াৰ নামাকৰণ কৰা হয় আৰু তেতিয়াৰে পৰা ইয়াক SDSC – SHAR (Satish Dhawan Space Centre – Sriharikota High Altitude Range) বুলি জনা যায় । গতিকে শ্ৰীহৰিকোটাক কিয় নিৰ্বাচন কৰা হ’ল সহজেই বুজিব পৰা গৈছে ।

আকৌ, এটা ৰকেট বা মহাকাশ যান এখিনে ওপৰলৈ উৰা মৰাৰ আগত যথেষ্ট পৰিমাণৰ অধোমুখী বল প্ৰয়োগ কৰে, যথেষ্ট কম্পনৰ সৃষ্টি হয় আৰু যদিহে উৎক্ষেপন স্থলীৰ মাটি কোমল হয়, তেনেহ’লে অসুবিধা সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে । ভৌগোলিক অধ্যয়নৰ পৰা গম পোৱা গৈছে যে, ইয়াৰ মাটিৰ গুণাগুণ ইমানে উপযুক্ত যে, ই সহজে এই কম্পন সহ্য কৰিব পাৰে । SHAR কেন্দ্ৰৰ মুঠ মাটিকালি ১৪৫ বৰ্গকিলোমিটাৰৰ । এই অঞ্চলৰ আন এক বৈশিষ্ট্য হ’ল ইয়াৰ জলবায়ু । এই ঠাইত দক্ষিণ – পশ্চিম আৰু উত্তৰ – পূৱ মৌচুমী বতাহৰ প্ৰভাৱ পৰে যদিও, বছৰত কেৱল অক্টোবৰ – নৱেম্বৰ মাহতহে খুব বেছি বৰষুণ হয়, যাৰ ফলত বাকী দহ মাহেই মহাকাশ অভিযানৰ বাবে এই ঠাই উপযুক্ত ।

বৰ্তমান ইয়াত দুটা কাৰ্যক্ষম উৎক্ষেপন স্থলী আছে । দুয়োটাৰ পৰাই নিয়মিত মহাকাশ অভিযান সমূহ চলাই থকা হৈছে । শেহতীয়াকৈ তামিলনাডুৰ থথুকুড়ি জিলাৰ কুলছেকৰপট্টিনমত আন এটা উৎক্ষেপন কেন্দ্ৰ নিৰ্মানৰ বাবে যো – জা চলোৱা হৈছে । ব্যক্তিগত খণ্ডৰ মহাকাশ সংস্থা সমূহৰ দ্বাৰা নিৰ্মিত ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপন যান (Small Satellite Launch Vehicles – SSLV) সমূহ উৎক্ষেপনৰ বাবে বিশেষ ভাৱে ব্যৱহাৰ কৰা হ’ব । প্ৰায় ২০০০ একৰ মাটিকালিৰ এই ঠাইত অহা দুবছৰৰ ভিতৰত এই কাম হ’ব বুলি বাতৰিত প্ৰকাশ হৈছে । কম ভৰৰ SSLV যান সমূহ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰিলে সেইবোৰ পোনে পোনে শ্ৰীলংকাৰ ওপৰেৰে পাৰ হৈ যায়, যিটো অসুবিধা জনক । সেয়েহে উৎক্ষেপনৰ কিছু সময়ৰ পিছতে সেইবোৰৰ গতিপথ কিছু সলোৱা হয় আৰু ই খৰছ অলপ বঢ়াই দিয়ে । সেয়েহে সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ উপগ্ৰহৰ বাবে এই ঠাই এনে ভাৱে নিৰ্বাচন কৰা হৈছে যে, SSLV সমূহ উৰি থাকোতে কেৱল বংগোপ সাগৰ আৰু ভাৰত মহাসাগৰৰ ওপৰেৰেহে গতি কৰিব ।

ককাৰ ঘৰলৈ যাবলৈ বাছলৈ ৰৈ থাকোঁতে মনত উদয় হোৱা সেই প্ৰশ্নটোৰ আঁৰৰ এই কথাবোৰ বৰ ৰসাল । সৰুতে উদয় হোৱা এনে বহুত প্ৰশ্নৰ উত্তৰ বিছাৰি যাওঁতেই আৰম্ভ হয় জ্ঞানৰ অন্বেষণ । আজিৰ শিশুৰ মনতো হয়তো এনে বহুতো প্ৰশ্নৰ সৃষ্টি হয়, সিহঁতৰ অনুসন্ধিৎসু মনৰ খোকোজা ভাঙিবলৈ আমিও অহৰহ অধ্যয়ণ কৰিব লগা হয় । আমাৰ হাতত সৰুতে মোবাইল নাছিল ।কিতাপ, ৰেডিঅ’ বা বাতৰি কাকতেই আছিল আমাৰ সম্বল । সেয়ে আমাৰ পঢ়াৰ অভ্যাস হৈছিল । বৰ্তমান শিশু সকলৰ মাজত পঢ়াৰ অভ্যাস কমিছে যেন অনুভৱ হয়নে বাৰু আপোনাৰ ? সিহঁতে কিবা এটা জানিবলৈ বিছাৰিলে কেতিয়াবা মোবাইলত চালেই হ’ল বুলি কৈছো নেকি বাৰু? এদিন এনেকৈয়ে মোবাইলৰ অসৎ ব্যৱহাৰৰ ফাললৈ ঢাল খাই যায় নেকি নতুন প্ৰজন্ম ? আমি যদি অধ্যয়ণ পিপাসু হওঁ, সেয়া শিশু সকলৰ খোকোজা ভাঙিবলৈ সহায়ক নহ’ব নে? সেয়েহে এনে কথাবোৰ তেওঁলোকৰ লগত যদি আমি আলোচনা কৰোঁ, তেন্তে নিশ্চয় আমাৰ ভৱিষ্যত প্ৰজন্ম লাভান্বিত হ’ব , লগতে কিতাপ বা বাতৰি কাকত পঢ়াৰ প্ৰতি আগ্ৰহী হ’ব ।

Address

Gohpur
784168

Alerts

Be the first to know and let us send you an email when Nabadeep Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nabadeep Saikia:

Shortcuts

Share