17/06/2023
✍️✍️👇👉
1. বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক ‘আজীৱন ৰূপতীৰ্থৰ যাত্ৰী’ আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ ঝঞ্জাবিজয়ী আত্মাৰ গৰাকী, নৱ-নৱােন্মেষশালিনী আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী’ বুলি আখ্যা দিছে৷
2. সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে-অসমৰ সাংস্কৃিতক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ’ব৷ ৷
3. হেমাংগ বিশ্বাসএ ‘ব্যক্তি জীৱনৰ সততা, সাহস, সত্যিনষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ’ বুলি আখ্যা দিছে৷
4. হোমেন বৰগোহাঞিৰ মতে জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ মাজৰ এজন ৷
5. ইমৰাণ শ্বাহএ কৈছে- কঠোৰ ব্ৰতৰ ধৰ্ম পিন্ধি লক্ষ্যৰ বাবে শত বিঘিনি উপেক্ষা কৰি, ত্যগৰ অগ্নিত নিজকে পুৰি সাধনাৰ বন্তি হাতত লৈ জগতখনকে সম্বোধিবলৈ জ্যোতিপ্ৰসাদ প্ৰস্তুত হৈছে৷
6. শিৱনাথ বৰ্মনৰ মতে- জ্যোতিপ্ৰসাদ প্ৰণালীবদ্ধ চিন্তাবিদ আছিলষ নিজৰ স্বীকাৰোক্তি মতেই তেওঁ পণ্ডিত নাছিল, তেওঁ আছিল মনে-প্ৰাণে শিল্পী৷ কিন্তু শিল্প তেওঁৰ বাবে নাছিল পংকময় পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আঁৰে-আঁৰে উটি-বুৰি ফুৰা কল্পনাৰ বিলাস৷ ই আছিল তেওঁৰ বাবে বাস্তৱৰ নিৰ্যাস।
7. আনন্দ বৰমুদৈৰ মতে জ্যোতিপ্ৰসাদৰ জীৱন এগৰাকী সংগ্ৰামী শিল্পীৰ জীৱন৷ নিজে সৃষ্টিশীল প্ৰতিভাৰ গৰাকী আছিল বাবে আনৰো শ্ৰম আৰু সৃষ্টি প্ৰতিভাৰ প্ৰতি তেওঁৰ সহানুভূতিশীল শ্ৰদ্ধা আছিল৷ তেওঁৰ জীৱনৰ আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্বল দিশটো হৈছে জনগণৰ ওপৰত আস্থা, জনগণৰ প্ৰতি দৰদ আৰু জনগণৰ মাজত তেওঁ দেখা পোৱা ইতিহাস সলনি কৰিব পৰা শক্তি৷
8. অনুৰাধা শৰ্মাৰ মতে- জ্যোতিপ্ৰসাদ৷ যাৰ নামেই প্ৰকাশ কৰে পোহৰৰ প্ৰসন্নতা৷ কিন্তু পৰিয়াল প্ৰদত্ত নামটোৰ বাবেই নহয়, নামৰ পৰা কামলৈ তেওঁৰ সমগ্ৰ শিল্পৰূপৰ মাজত শক্তিশালী ৰূপত স্থিতি লাভ কৰা জ্যোতি চেতনাই তেওঁৰ নাম, ব্যক্তিত্ব আৰু দৰ্শনক একাকাৰ কৰি তুলিছে৷ তেওঁৰ সমস্ত ৰচনাত ব্যাপ্ত হৈ আছে আন্ধাৰৰ বিৰুদ্ধে আলোকৰ সংগ্ৰাম ৷
9. জ্যোতিপ্ৰসাদ শইকীয়াই ‘জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা’ গ্ৰন্থত লিখিছে-তেখেত মাথোঁ ৰূপৰ কোঁৱৰ নহয়, গুণৰ কোঁৱৰো ৷
10. মৌচুমী কন্দলীয়ে লিখিছে- জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনন্য৷
11. জয়ন্ত কুমাৰ বৰাৰ মতে- জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আৰু প্ৰতিভা আধুনিক অসমীয়া সংস্কৃতিৰ এক দুৰ্লভ শক্তি৷ বিংশ শতিকাৰ যি কেইগৰাকী মহাপ্ৰয়ান অসমীয়াই জাতীয় জীৱনক আপোন যোগ্যতাৰে মহীয়ান কৰি তুলিছিল, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম ৷
This content credit to wikipedia and ✍️ assamintro com