Khowang College

Website

Khowang College Official page of Khowang College

অনলাইন মাধ‍্যমেৰে খোৱাং মহাবিদ‍্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন২০২৬ বৰ্ষৰ খোৱাং মহাবিদ‍্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধ...
25/09/2026

অনলাইন মাধ‍্যমেৰে খোৱাং মহাবিদ‍্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

২০২৬ বৰ্ষৰ খোৱাং মহাবিদ‍্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি অনুষ্ঠিত হৈ যায় । উল্লেখ‍্য যে সাধাৰণ নিৰ্বাচনত ছাত্ৰ ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ‍্যমৰ জড়িয়তে ভোটাধিকাৰ সাব‍্যস্ত কৰে । নিৰ্বাচনী বিষয়া ড০ পদ্মা দত্তৰ তত্বাৱধানত এই প্ৰক্ৰিয়া সম্পন্ন হৈ যায় । মহাবিদ‍্যালয়ত স্থাপন হোৱা পোলিং বুথত ডিজিটেল মাধ‍্যমত ভোটদান কৰি ছাত্ৰ ছাত্ৰীসকল যথেষ্ঠ উৎসাহিত হোৱা দেখা যায় । উল্লেখ‍্য যে সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু ল’ৰাৰ জিৰণী কোঠাৰ সম্পাদকৰ পদকেইটাত প্ৰকিদন্দিতা হোৱাৰ বিপৰীতে বাকী পদ সমূহৰ বাবে প্ৰাৰ্থীসকল বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হয় । নিৰ্বাচিত হোৱা প্ৰাথীসকলৰ ভিতৰত সাধাৰণ
সম্পাদক হিচাপে নিৰ্বাচিত হয় সূৰুজমনি চেতিয়া, সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হয় ৰেখামনি গগৈ আৰু ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় মনজিৎ বড়া । বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত সহকাৰী সাধাৰণ সম্পাদক জিন্তু গগৈ, খেল বিভাগৰ সম্পাদক শিৱশংকৰ দাস, ছাত্ৰী জিৰণী কোঠাৰ সম্পাদক বন্তি দিহিঙীয়া, সমাজ সেৱা বিভাগৰ সম্পাদক ৰূপজ‍্যোতি কলিতা, আলোচনী সম্পাদক প্ৰাঞ্জল বৰুৱা, তৰ্ক বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় চুমি ফুকন । নিৰ্বাচন সুকলমে অনুস্থিত হোৱাত অধ‍্যক্ষ ড০ ত্ৰৈলোক‍্য দিহিঘীয়াই সকলোকে ধন‍্যবাদ জ্ঞাপন কৰাৰ লগতে সন্তোষ্টি প্ৰকাশ কৰে ।

Observance of NSS Day, 2026 and Conduction of Activities under Seva Sankalp Abhiyan24 September 2026Khowang College obse...
24/09/2026

Observance of NSS Day, 2026 and Conduction of Activities under Seva Sankalp Abhiyan
24 September 2026

Khowang College observed NSS Day on 24 September 2026 with a cleanliness drive on the college premises. The activity emphasised the importance of cleanliness, community service and social responsibility.
A series of drawing, speech and quiz competitions was also organised as part of Seva Sankalp Abhiyan. The NSS Unit and IQAC jointly organized competitions in which students from both the Higher Secondary and Undergraduate sections participated.
A drawing competition was held for students of Higher Secondary First and Second Year. Antara Sonowal of Higher Secondary Second Year secured the first prize, followed by Sima Sonowal of Higher Secondary First Year in second place and Rishiraj Saikia of Higher Secondary Second Year in third place.
A speech competition was conducted in two categories: Higher Secondary and Undergraduate. In the Higher Secondary category, Pallabita Kalita secured the first prize, Aimoni Deka Barua the second prize and Parishmita Saikia the third prize. In the Undergraduate category, Lakhinandan Kalita secured the first prize, followed by Junmoni Chiring and Niharika Saikia in second and third place, respectively.
The final event of the day was the quiz competition, which was also conducted in Higher Secondary and Undergraduate categories. Dr. Sachidananda Saikia, Assistant Professor of the Department of Assamese Head and Nityanandra Das, Assistant Professor of the Department of Political Science acted as the Quiz Masters. Two teams received prizes in the Higher Secondary category. The team comprising Antara Sonowal and Aimoni Deka Barua emerged as the winners, while Pallabita Kalita and Parismita Kalita were the runners-up. In the Undergraduate category, Lakhinandan Kalita and Protim Sonowal secured the first prize; Jonkey Dehingia and Shyamangini Kalita secured the second prize; and Nihamoni Gogoi and Surjyamoni Dutta secured the third prize.
Trophies were presented to all prize winners in recognition of their achievements in the presence of the Principal of the college, Dr. Trailokya Dehingia and other faculty members. The programme concluded with the singing of the National Anthem.

খোৱাং মহাবিদ‍্যালয়ত জুবিন দিৱসত“জুবিন সোঁৱৰণ”১৯/০৯/২০২৬
19/09/2026

খোৱাং মহাবিদ‍্যালয়ত জুবিন দিৱসত

“জুবিন সোঁৱৰণ”

১৯/০৯/২০২৬

খোৱাং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ  পৰিচিতিমূলক অনুষ্ঠান সম্পন্ন১৭/০৯/২০২৬আজি ইংৰাজী ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ...
17/09/2026

খোৱাং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পৰিচিতিমূলক অনুষ্ঠান সম্পন্ন
১৭/০৯/২০২৬

আজি ইংৰাজী ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে খোৱাং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) গোটৰ উদ্যোগত প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি পৰিচিতিমূলক অনুষ্ঠান অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ থীম ছঙেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে স্বেচ্ছাসেৱক দীপাংকৰ চমুৱাই। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে স্বেচ্ছাসেৱিকা নিহামণি গগৈয়ে।
অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক যতীন কোঁৱৰে সভাপতিত্ব কৰা সভাখনিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সক্ৰিয় সদস্য দীপ কোঁৱৰে পাৱাৰপইণ্ট উপস্থাপনৰ জৰিয়তে আঁচনিখনৰ লক্ষ্য, উদ্দেশ্য আৰু গুৰুত্ব সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।
অনুষ্ঠানত উপস্থিত থাকি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বিজু চেতিয়াই স্বামী বিবেকানন্দৰ মানৱসেৱাৰ আদৰ্শ আৰু “Service to man is service to God” অৰ্থাৎ “মানৱসেৱাই ঈশ্বৰসেৱা” বাণীৰ আধাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গুৰুত্ব আৰু উপযোগিতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। ইতিহাস বিভাগৰ সহযোগী অধ্যাপক প্ৰদীপ চুতীয়া আৰু শিক্ষাতত্ত্ব বিভাগৰ ড° পদ্মা দত্তয়ো ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়ে বক্তব্য প্ৰদান কৰে।
ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্য সৃষ্টি চেতিয়া, তৃষা চাংমাই আৰু চন্দন দাসে বিগত সময়ছোৱাত আঁচনিখনৰ সৈতে জড়িত হৈ লাভ কৰা অভিজ্ঞতাসমূহ ব্যক্ত কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। শেষত খোৱাং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যক্ৰম বিষয়া কাকলি বন্যা গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সামৰণি পৰে।
দিনটোৰ আন এক উল্লেখযোগ্য দিশ আছিল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গুৱাহাটীস্থিত আঞ্চলিক সঞ্চালক (Regional Director) Mr Carthigueane আৰু যুৱ বিষয়া নকুল চন্দ্ৰ দেউৰীৰ উপস্থিতি। দুয়োগৰাকী বিষয়াই ছাত্ৰ-ছাত্ৰীসকলক ‘Viksit Bharat Youth Level Quiz’ত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত ককৰাৰ লগতে এই কুইজৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ বিষয়ে বিস্তৃতভাৱে বুজায়।

খোৱাং মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিঙ, গাইডেন্স এণ্ড ইনফৰ্মেচন চেল আৰু খোৱাং প্ৰেছ ক্লাৱৰ যুটীয়া সহযোগত আজি ১৫ চেপ্তেম...
15/09/2026

খোৱাং মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিঙ, গাইডেন্স এণ্ড ইনফৰ্মেচন চেল আৰু খোৱাং প্ৰেছ ক্লাৱৰ যুটীয়া সহযোগত আজি ১৫ চেপ্তেম্বৰ, ২০২৬ তাৰিখে মহাবিদ্যালয়ৰ সভাকক্ষত "সাংবাদিকতা আৰু গণসংযোগত কেৰিয়াৰৰ সম্ভাৱনা" (Career Prospects in Journalism and Mass Communication) বিষয়ক এটা কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ আঁত ধৰে সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপক পল্লৱী হাজৰিকাই। খোৱাং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিপিন চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ত্ৰৈলোক্য দিহিঙীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰে আৰু সকলোকে কৰ্মশালালৈ আদৰণি জনাই কৰ্মশালাখনিৰ সফলতা কামনা কৰে। অসমীয়া বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী প্ৰেৰণা বৰাই এটা ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। অসমীয়া দৈনিক কাকত "অসম আদিত্য"ৰ সম্পাদক মঞ্জিৎ বড়াই কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ অসমীয়া ছপা মাধ্যমৰ যাত্ৰা আৰু ইয়াৰ বিৱৰ্তনৰ বিষয়ে আলোকপাত কৰি সাংবাদিকতা আৰু গণসংযোগৰ বিভিন্ন চাকৰিৰ দিশ সম্পৰ্কে এক তথ্যবহুল আৰু মূল্যৱান ভাষণ প্ৰদান কৰে। লগতে, বৰ্তমান যুগৰ সাংবাদিকতাৰ বিভিন্ন প্রত্যাহ্বানসমূহৰ বিষয়েও তেওঁ আলোচনা কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ সপ্তম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী ঘোৰণজ‍্যোতি চেলেং আৰু নিহামণি গগৈয়ে মত বিনিময় অনুষ্ঠানত বিশেষভাবে অংশগ্ৰহণ কৰে । মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰতীম শৰ্মাই এটি চমু বক্তব‍্যত সমল ব্যক্তিক তেওঁৰ মূল্যৱান ভাষণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত খোৱাং প্ৰেছ ক্লাৱৰ সভাপতি বাবুল সোণোৱাল, সম্পাদক প্ৰণৱ ডেকা বৰুৱা, সাংবাদিক প্ৰশান্ত শইকীয়া আৰু সুতীৰ্থ মাধৱ দত্তকে ধৰি মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকল আৰু বিভিন্ন বিভাগৰ ছাত্ব ছাত্ৰী উপস্থিত থাকে। ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক নিত্যানন্দ দাসে শলাগৰ শৰাই আগবঢ়ায়।

খোৱাং মহাবিদ‍্যালয়ত ড০ ভূপেন হাজৰিকা জন্ম শর্তবাৰ্ষিকী  উদযাপন ও ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত ।আজি ইংৰাজী ০৮/০৯/...
08/09/2026

খোৱাং মহাবিদ‍্যালয়ত ড০ ভূপেন হাজৰিকা জন্ম শর্তবাৰ্ষিকী উদযাপন ও ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত ।

আজি ইংৰাজী ০৮/০৯/২০২৬ তাৰিখে খোৱাং মহাবিদ্যালয়ৰ সভাকক্ষত সুধাকণ্ঠ মঞ্চ
(সমাজতত্ব আৰু শিক্ষাতত্ব বিভাগৰ যুটীয়া মঞ্চ) ৰ উদ‍্যোগত ড° ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয় । অনুষ্ঠানৰ আৰম্ভনীতে ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে মহাবিদ্যালয়ৰ উপাধ‍্যক্ষ প্রতীম শৰ্মাই। সম্বন্বয়ক বিনয় দাসে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভভাগৰ মুৰব্বী অধ‍্যাপিকা ড০ পদ্মা দত্ত, জ‍্যেষ্ঠ অধ‍্যাপিকা বৰ্ণালী গগৈ, প্ৰিয়াশ্ৰী কোঁৱৰ আৰু সমাজতত্ব বিভাগৰ সহকাৰী অধ‍্যাপিকা ড০ পল্লবী হাজৰিকা, গায়ত্ৰী বৰুৱা ও অন‍্যান‍্য বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল। জন্ম শতবাৰ্ষিকী উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে প্ৰতীম শৰ্মা আৰু ড০ পল্লৱী সন্দিকৈয়ে । ড০ ভূপেন হাজৰিকা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ আগত বক্তব‍্য ডাঙি ধৰে উপাধ‍্যক্ষ প্ৰতীম শৰ্মাই । সেই উপলক্ষে আয়োজিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰায় দহজন প্রতিযোগীয়ে অংশগ্রহন কৰে । প্ৰতিযোগিতাখনিত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে
প্ৰেৰণা বড়া (প্রথম ষাণ্মাষিক), কাব্যশ্রী লাচিত (প্ৰথম ষান্মাষিক) আৰু মানসজ‍্যোতি দিহিঙীয়াই ।অনুষ্ঠানটিৰ শেষত শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী সকলোৱে মিলি “মানুহে মানুহৰ বাবে , যদিহে অকনো নাভাবে” গীতটো পৰিবেশন কৰাৰ পাছত সভা সামৰা হয় ।

Book Fair Held at Khowang College2 to 5 September, 2026A four-day Book Fair was held at Khowang College from 2 to 5 Sept...
07/09/2026

Book Fair Held at Khowang College
2 to 5 September, 2026

A four-day Book Fair was held at Khowang College from 2 to 5 September 2026. The event was organised by the Internal Quality Assurance Cell (IQAC) and the Benudhar Rajkhowa Library and Information Centre, in collaboration with Kalaguru, the common house of the Departments of English and Assamese, Khowang College. The Book Fair was formally inaugurated on 2 September by the Principal of the college, Dr. Trailokya Dehingia. In his inaugural speech, Dr. Dehingia highlighted the importance of reading books in broadening knowledge, enriching the mind and developing critical thinking among students. He also encouraged the students to cultivate reading as a regular habit. The fair displayed a wide collection of books covering literature, history, culture, education and other areas of general interest. It provided teachers and students with an opportunity to explore and purchase books of their choice. The event received an enthusiastic response from teachers, staff and students, who visited the fair in large numbers throughout the four days.

খোৱাং মহাবিদ‍্যালয়ত নৱাগত আদৰণি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল : নৱনিৰ্মিত  প্ৰেক্ষাগৃহ উদ্বোধনখোৱাং মহাবিদ‍্য...
29/08/2026

খোৱাং মহাবিদ‍্যালয়ত নৱাগত আদৰণি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল : নৱনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন

খোৱাং মহাবিদ‍্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ‍্যোগত নৱাগত আদৰণি সভা নৱনিৰ্মিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ য়ায় । উল্লেখ‍্য যে সভাৰ পূৰ্বে মহাবিদ‍্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহৰ ফিটা কাটি উদ্বোধন কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংমদ তথা কেন্দ্ৰীয় বন্দৰ আৰু জলপৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । তেখেতক সহযোগ কৰে খোৱাং বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । ছাত্ৰীসকলে পৰিবেশন কৰা মহাবিদ‍্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড০ ত্ৰৈলোক‍্য দিহিঙীয়াই । ছাত্ৰ একতা সভাৰ সভাপতি ধন‍্যপ্ৰভা সোনোৱালে উদ্দেশ‍্য ব‍্যাখ‍্যা কৰাৰ পাচত নৱাগতসকলৰ উদ্দেশ‍্যে আদৰণি অভিভাষন পাঠ কৰে সম্পাদক চন্দন দাসে । ড০ পল্লভী সন্দিকৈয়ে আঁত ধৰা সভাখনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিধায়ক চক্ৰধৰ গগৈৰ লগতে উপস্থিত থাকে পৰিচালনা সমিতিৰ সভাপতি বিপিন চন্দ্ৰ শৰ্মা , উপাধ‍্যক্ষ প্ৰতিম শৰ্মা , আভ‍্যন্তৰীন মান নিৰুপণ কোষৰ সমন্নয়ক বিজু চেতিয়া, ছাত্ৰ একতা সভাৰ উপদেষ্টা প্ৰদীপ চুতীয়া, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰনৰ অধ‍্যক্ষ অসীম হাজৰিকা ,APL ৰ চেয়াবমেন বিকুল ডেকা আৰু শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজ । উল্লেখ‍্য যে মুখ‍্য অতিথিক ছাত্ৰী ৰিনীতা বেনাৰ্জীয়ে অংকণ কৰা এক তেখেতৰেই এক পোৰ্টৰেইট সভাৰ আৰম্ভনিতেই মহাবিদ‍্যালয়ৰ তৰফৰ পৰা তেখেতৰ হাতত তুলি দিয়া হয় ।সভাত ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ বিভিন্ন খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা খেলুৱৈ অমৰজিৎ চাওৰা (Arm wrestling ),ঋতুবাজ মহন (ফুটবল), জ‍্যোতিস্মান বৰুৱা (এথলেটিকচ), সাহিত‍্য তথা সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা লক্ষীনন্দন কলিতাক মহাবিদ‍্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । গত চাৰিবছৰৰ দৰে এই সভাত ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰেৰনা বড়াক পৰিয়ালবৰ্গৰ তৰফৰ পৰা প্ৰয়াত থুলন্তৰ হাজৰিকা বঁটা প্ৰদান কৰা হয় । উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিখামনি ভৰালীকো অসমীয়া বিভাগে সম্বৰ্ধনা জনায় ।
আদৰণি বক্তব‍্য প্ৰদান কৰে অধ‍্যক্ষই। ড০ সচ্চিদানন্দ শইকীয়া, বিজু চেতিয়া ও কাকলি বন‍্যা গগৈ সম্পাদিত মহাবিদ‍্যালয়ৰ বাৰ্ষিক নিউজলেটাৰ “দিহিং” উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । বিধায়ক চক্ৰধৰ গগৈয়ে নৱাগতসকলক উদ্দেশ‍্যে বক্তব‍্য ৰখাৰ পাছতেই মূখ‍্য অতিথি কেন্ৰীয় বন্দৰ আৰু জলপৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজ বক্তব‍্যত ছাত্ৰ ছাত্ৰীসকলক কয় যে সূৰ্য‍্যই যিদৰে নিজে জ্বলি জ্বলিহে অধিক উজ্বল হৈ জিলিকি থাকে, সেইদৰে ছাত্ৰ ছাত্ৰীসকলেও অধিক অধ‍্যয়নৰ যোগেদি নিজকে সূৰ্য‍্যৰ দৰে জ‍্যোতিস্মান কৰি তুলিবলৈ চেষ্টা কৰিব লাগে । সভাত শিক্ষক শিক্ষয়িত্ৰী ও ন-পুৰনি ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনোভাৱ ব‍্যক্ত কৰে ।পৰবৰ্তী পৰ্যায়ৰ অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে পকিবেশন কৰা বিভিন্ন নৃত‍্য-গীতৰ লগতে বিশেষ আকৰ্ষণ আছিল জ‍্যোতিষ্মা চেতিয়াৰ গীতৰ শৰাই ।

Shri Sarbananda Sonowal, Union Cabinet Minister of Ministry of Ports, Shipping and Waterways as the Chief Guest of the F...
29/08/2026

Shri Sarbananda Sonowal, Union Cabinet Minister of Ministry of Ports, Shipping and Waterways as the Chief Guest of the Freshers Social Programme of Khowang College today

গত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈকে অনুস্থিত হৈ যোৱা Anti-Ragging Week ৰ লগত সংগতি ৰাখি ১৮ আগষ্ট তাৰিখে এখন বাটৰ নাট “ৰেগিং : ...
21/08/2026

গত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈকে অনুস্থিত হৈ যোৱা Anti-Ragging Week ৰ লগত সংগতি ৰাখি ১৮ আগষ্ট তাৰিখে এখন বাটৰ নাট “ৰেগিং : আনন্দ নে আতংক “ পৰিবেশন কৰা হয় । পাৰ্থপ্ৰতীম হাজৰিকা ৰচিত আৰু প্ৰদীপ চুতীয়া পৰিচালিত নাটখনি ন-পুৰনি ছাত্ৰ ছাত্ৰীসকলক সন্মূখত ৰেগিঙৰ সুফল আৰু কূফল সম্পৰ্কে তেওঁলোকক সজাগ কৰা হয় ।

Address

Khowang Ghat
Ghat

Alerts

Be the first to know and let us send you an email when Khowang College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category