Khowang College

Khowang College Official page of Khowang College

গত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈকে অনুস্থিত হৈ যোৱা Anti-Ragging Week ৰ লগত সংগতি ৰাখি ১৮ আগষ্ট তাৰিখে এখন বাটৰ নাট “ৰেগিং : ...
21/08/2026

গত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈকে অনুস্থিত হৈ যোৱা Anti-Ragging Week ৰ লগত সংগতি ৰাখি ১৮ আগষ্ট তাৰিখে এখন বাটৰ নাট “ৰেগিং : আনন্দ নে আতংক “ পৰিবেশন কৰা হয় । পাৰ্থপ্ৰতীম হাজৰিকা ৰচিত আৰু প্ৰদীপ চুতীয়া পৰিচালিত নাটখনি ন-পুৰনি ছাত্ৰ ছাত্ৰীসকলক সন্মূখত ৰেগিঙৰ সুফল আৰু কূফল সম্পৰ্কে তেওঁলোকক সজাগ কৰা হয় ।

On 18th of August, 2026, Colonel Narendra Singh Negi, Commanding Officer of the 63 Assam Battalion NCC, Dibrugarh, visit...
19/08/2026

On 18th of August, 2026, Colonel Narendra Singh Negi, Commanding Officer of the 63 Assam Battalion NCC, Dibrugarh, visited Khowang College. He was accompanied by Mr. S.K. Biswas, Training JCO. Colonel Negi held a formal interaction with Dr. Trailokya Dehingia, Principal of the College on various dimensions, operational scope, and future prospects of the National Cadet Corps within the institution. The Commanding Officer also discussed with Mr. Nityananda Das, CTO, NCC, Khowang College regarding administrative matters and key developmental initiatives concerning the college unit. Following the discussions, Colonel Negi inspected the NCC Office of the institution and interacted with the NCC Cadets.

৮০ সংখ‍্যক স্বাধীনতা দিৱস উদযাপন ও বিশিষ্ট নাগৰিক তথা সাংস্কৃতিক কৰ্মী শ্ৰীযুত জীৱন ঘৰফলীয়াদেৱক খোৱাং মহাবিদ‍্যালয়ৰ সম্ব...
15/08/2026

৮০ সংখ‍্যক স্বাধীনতা দিৱস উদযাপন ও বিশিষ্ট নাগৰিক তথা সাংস্কৃতিক কৰ্মী শ্ৰীযুত জীৱন ঘৰফলীয়াদেৱক খোৱাং মহাবিদ‍্যালয়ৰ সম্বৰ্ধনা

খোৱাং মহাবিদ‍্যালয়ত স্বাধীন ভাৰতৰ ৮০ সংখ‍্যক স্বাধীনতা দিৱস গাম্ভীৰ্য‍্যপূৰ্নভাবে উদযাপন কৰা হৈ যায়। পুৱাভাগতেই শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত মহাবিদ‍্যালয়ৰ চৌহদত ত্ৰিৰংগ পতাকা উত্তোলন কৰে অধ‍্যক্ষ ড০ ত্ৰৈলোক‍্য দিহিঙীয়াই । সেই আপাহতে মহাবিদ‍্যালয়ৰ ইতিহাস বিভাগৰ জ‍্যেষ্ঠ অধ‍্যাপক প্ৰদীপ চুতীয়া আৰু বানিজ‍্য বিভাগৰ প্ৰমোদ কুমাৰ আগৰৱালাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । পৰবৰ্তী পৰ্যায়ত মহাবিদ‍্যালয়ৰ অমৃত সৰোবৰৰ কাষত পতাকা উত্তোলন কৰে উপাধ‍্যক্ষ প্ৰতীম শৰ্মাই । উল্লেখ‍্য যে মহাবিদ্যালয়ৰ তৰফৰ পৰা যোৱাবছৰৰ দৰেই স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি খোৱাং মাউতনী গাঁৱৰ বিশিষ্ট নাগৰিক তথা লোকসংস্কৃতিৰ সাধক , অনাতাঁৰ শিল্পী শ্ৰীযুত জীৱন ঘৰফলীয়াক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । অনাতাঁৰ আৰু দূৰদৰ্শনৰ শিল্পী, গণশিল্পী ৰামেশ্বৰ পাঠক সোঁৱৰণী বঁটা, আৰোহণ লোকশিল্পী বঁটা, ভাৰতৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে পালন কৰা সেৱা সপ্তাহত প্ৰদান কৰা শিল্পী সম্বৰ্দ্ধনা, অসম চৰকাৰৰ 'অসম ভাষা গৌৰৱ আঁচনি'ৰ অন্তৰ্গত লেখক সম্বর্দ্ধনা, অসম চৰকাৰৰ শিল্পী সম্বৰ্দ্ধনা, সম্প্রীতি অসমৰ লোকশিল্পী বঁটা, মঙ্গলময় লোকশিল্পী ইত্যাদি বঁটাপ্রাপক জীৱন ঘৰফলীয়াদেৱে অসমৰ থলুৱা কলা-সংস্কৃতি জীয়াই ৰখাৰ লগতে অসমীয়াৰ বাপতিসাহোন বিহুগীত আৰু নাচৰ সংৰক্ষণ আৰু সংবহনৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ কৰি আহিছে। ইয়াৰ উপৰিও বৃহত্তৰ খোৱাং অঞ্চলৰ জনজীৱনলৈ সেৱা আগবঢ়োৱাৰ লগতে খোৱাং অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্রণী অনুষ্ঠান খোৱাং মহাবিদ্যালয়ৰ লগতো তেখেতৰ আছে এক আত্মিক সম্পর্ক। খোৱাং অঞ্চলৰ এজন বিশিষ্ট নাগৰিক হিচাপে ঘৰফলীয়াদেৱ সমগ্ৰ অঞ্চলটোৰ উত্তৰ পুৰুষৰ বাবে হৈ ৰ'ব আদর্শ, সাহস আৰু অনুপ্ৰেৰণাৰ উৎস। সমাজজীৱনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰতৰ ৮০ সংখ‍্যক স্বাধীনতা দিৱসত খোৱাং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই তেখেতৰ বাসভৱনত উপস্থিত হৈ সম্বর্দ্ধনা জ্ঞাপন কৰে ।

খোৱাং মহাবিদ্যালয়ত বিশ্ব হস্তী দিৱস উদযাপন12/07/2026ইংৰাজী ১২ আগষ্ট,২০২৬ বুধবাৰে আৰণ্যকৰ(Aaranyak) উদ্যোগত খোৱাং মহাবিদ্...
13/08/2026

খোৱাং মহাবিদ্যালয়ত বিশ্ব হস্তী দিৱস উদযাপন
12/07/2026

ইংৰাজী ১২ আগষ্ট,২০২৬ বুধবাৰে আৰণ্যকৰ(Aaranyak) উদ্যোগত খোৱাং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, এন.চি চি গোটৰ সহযোগত পুৱা ১১ বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব হস্তী দিৱস পালন কৰা হয়। এন.এচ. এচ. গোটৰ কাৰ্যক্ৰম বিষয়া কাকলি বন্যা গগৈয়ে আঁত ধৰা অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙীয়াই। আৰণ্যকৰ বিষয়া জাকিৰ বৰাই দিৱসৰ তাৎপৰ্য আৰু আৰণ্যকৰ এক চমু পৰিচয় দাঙি ধৰে। খোৱাং আঞ্চলিক উপ-বন বিষয়া ধৰিত্ৰ কোঁৱৰে হস্তী সংৰক্ষণ আৰু বন বিভাগৰ বিভিন্ন পদক্ষেপ সম্পৰ্কে ভাষণ ৰাখে। আৰণ্যকৰ অন্য এজন বিষয়া ইজাজ আহমেদে Audio-Vidual মাধ্যমেৰে হস্তী সংৰক্ষণ,হস্তী-মানৱ সংকট সমাধানৰ কৌশল সম্পৰ্কে এক বিস্তৃত তথ্য সমৃদ্ধ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত আৰণ্যকৰ তৰফৰ পৰা হাতী, Elephas Maximus শীৰ্ষক এক লিফলেট বিতৰণ কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰতিম শৰ্মা, আৰণ্যকৰ বিষয়া তীব্ৰজ্যোতি গগৈ, জিয়াওৰ ৰহমান, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে। কাকলি বন্যা গগৈৰ শলাগৰ শৰায়েৰে অনুষ্ঠানৰ সামৰণি পৰে।

খোৱাং মহাবিদ্যালয়ৰ অন্তৰ্গতকৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKHSOU)-ৰ অধ্যয়ন কেন্দ্ৰত অনলাইন নামভৰ্তি ...
11/08/2026

খোৱাং মহাবিদ্যালয়ৰ অন্তৰ্গত
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKHSOU)-ৰ অধ্যয়ন কেন্দ্ৰত অনলাইন নামভৰ্তি মুকলি কৰা হৈছে ।

পাঠ্যক্ৰমসমূহ এনেধৰণৰ 👇

স্নাতক (UG) পাঠ্যক্ৰম :

অসমীয়া, অৰ্থনীতি, ইতিহাস, বাণিজ্য, শিক্ষাতত্ব, ইংৰাজী, ৰাজনীতি বিজ্ঞান, সমাজশাস্ত্ৰ

স্নাতকোত্তৰ (PG) পাঠ্যক্ৰম 👇

অসমীয়া, অৰ্থনীতি, ইতিহাস, বাণিজ্য, শিক্ষাতত্ব, ইংৰাজী, ৰাজনীতি বিজ্ঞান, সমাজশাস্ত্ৰ

অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক :

ড° সচিদানন্দ শইকীয়া
ফ’ন নম্বৰ : 94358-39552
ই-মেইল : [email protected]

অনলাইন নামভৰ্তিৰ বাবে KKHSOU-ৰ চৰকাৰী ৱেবছাইটত অনলাইন আবেদন কৰিব পাৰিব 👇
kkhsou.ac.in⁠

১০ আগষ্ট, ২০২৬খোৱাং মহাবিদ‍্যালয়ত নামভৰ্তি কৰা FYUGP (২০২৬-২০২৭ ) বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে Induction Programme টো সকল...
11/08/2026

১০ আগষ্ট, ২০২৬

খোৱাং মহাবিদ‍্যালয়ত নামভৰ্তি কৰা FYUGP (২০২৬-২০২৭ ) বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে Induction Programme টো সকলো শিক্ষক-শিক্ষয়িত্ৰী , নৱাগত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুস্থিত হৈ যায় । আভ‍্যন্তৰীন মান নিৰূপণ কোষৰ সমন্নয়ক বিজু চেতিয়াই আঁত ধৰা অনুস্থানটিত মহাবিদ‍্যালয়ৰ অধক্ষ‍্য ড০ ত্ৰৈলোক‍্য দিহিঙীয়াই ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে তেঁওলোকক মহাবিদ‍্যালয়ৰ নীতি নিয়ম সম্পৰ্কে অৱগত কৰে । ৰাজনীতি বিজ্ঞান বিভাগৰ অধ‍্যাপক নিত‍্যানন্দ্ৰ দাসে FYUGP ৰ পাঠ‍্যক্ৰম সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰে ।

আজি খোৱাং মহাবিদ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাসী পদক্ষেপ মুখ্যমন...
06/08/2026

আজি খোৱাং মহাবিদ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাসী পদক্ষেপ মুখ্যমন্ত্ৰীৰ “নিযুত মইনা” আৰু “নিযুত বাবু” আঁচনিৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়।কেন্দ্ৰীয় অনুষ্ঠানটিৰ সম্প্ৰচাৰৰ প্ৰাকমুহুৰ্তত চৰকাৰী নিৰ্দেশ মৰ্মে মহাবিদ্যালয়ত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰাৱনা সোণোৱাল আৰু বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিনিধি নবীন মিলি। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ত্ৰৈলোক্য দিহিঙ্গীয়া, উপাধ‍্যক্ষ প্ৰতীম শৰ্মাকে আদি কৰি একাংশ শিক্ষক কৰ্মচাৰীৰ লগতে নিযুত বাবু আৰু নিযুত মইনা আচঁনি লাভ কৰিবলগীয়া প্ৰায় ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ড° পল্লৱী হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত অধ্যক্ষৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত আৰু বিধায়কৰ প্ৰতিনিধি নবীন মিলিয়েও অসম চৰকাৰৰ এই অভিলাসী পদক্ষেপে অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক কিদৰে লাভান্বিত কৰি উচ্চ শিক্ষা আহৰণৰ পথ প্ৰশস্ত কৰিব সেই সম্পৰ্কে বক্তব্য আগবঢ়ায়।আজিৰ দিনটোত প্ৰতীকী স্বৰূপে মুঠ দহ গৰাকী শিক্ষাৰ্থীক মহাবিদ্যালয়ৰ অধ্যক্ষ,উপাধ্যক্ষ,অতিৰিক্ত জিলা আয়ুক্ত,সমাজকৰ্মী নবীন মিলিয়ে আবেদন-পত্ৰ প্ৰদান কৰে।অহা কালিলৈ অৰ্থাৎ ৭ আগষ্টৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত আবেদন পত্ৰসমূহ বিতৰণ কৰা হ'ব।এই আঁচনিয়ে খোৱাঙৰ দৰে অৰ্থনৈতিক ভাৱে পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা আহৰণৰ পথ নিশ্চয়কৈ প্ৰশস্ত কৰিব।

Khowang College Flood Relief Initiative 26/07/2026Khowang College organised a flood relief campaign at Charing Napam and...
26/07/2026

Khowang College Flood Relief Initiative
26/07/2026

Khowang College organised a flood relief campaign at Charing Napam and Namdang in Sivasagar District to extend support to families affected by the recent devastating floods. Relief materials were distributed under the supervision of faculty member Dr. Pallavi Hazarika. NSS volunteers and NCC cadets actively participated in the campaign, standing in solidarity with the affected communities and assisting in the distribution of relief.

The initiative was jointly organised by the NSS Unit, NCC, Teachers' Unit, Non-Teaching Staff, Women Cell and the Students' Union of Khowang College. The campaign also received an overwhelming response from the people of Greater Khowang Ghat and Khowang Chariali, who contributed generously towards the relief effort. Their wholehearted support reflected the spirit of compassion, unity, and social responsibility, enabling the College to make a meaningful contribution to the flood-affected families.

FYUGP পৰীক্ষাৰ ফলাফল ,২০২৬Dibrugarh University-ৰ অধীনত অনুষ্ঠিত FYUGP ২০২৬-ৰ B.A. আৰু B.Com. ২য়, ৪ৰ্থ আৰু ৬ষ্ঠ ছেমিষ্টা...
21/07/2026

FYUGP পৰীক্ষাৰ ফলাফল ,২০২৬

Dibrugarh University-ৰ অধীনত অনুষ্ঠিত FYUGP ২০২৬-ৰ B.A. আৰু B.Com. ২য়, ৪ৰ্থ আৰু ৬ষ্ঠ ছেমিষ্টাৰ-ৰ ফলাফলত খোৱাং মহাবিদ‍্যালয়ৰ সফলতা 👇

Pass Percentage:
🔹 B.A. 2nd Semester – 77.56%
🔹 B.Com. 2nd Semester – 97.22%
🔹 B.A. 4th Semester – 92.50%
🔹 B.Com. 4th Semester – 92.86%
🔹 B.A. 6th Semester – 97.92%
🔹 B.Com. 6th Semester – 100%

খোৱাং মহাবিদ‍্যালয়ৰ ৪৪ সংখ‍্যক প্ৰতিষ্ঠা দিৱস উদযাপনখোৱাং মহাবিদ‍্যালয়ৰ ৪৪ সংখ‍্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য‍্যসূচীৰে...
17/07/2026

খোৱাং মহাবিদ‍্যালয়ৰ ৪৪ সংখ‍্যক প্ৰতিষ্ঠা দিৱস উদযাপন

খোৱাং মহাবিদ‍্যালয়ৰ ৪৪ সংখ‍্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য‍্যসূচীৰে উদযাপন কৰা হয় । অধ‍্যক্ষ ড০ ত্ৰৈলোক‍্য দিহিঙীয়াৰ দ্বাৰা মহাবিদ‍্যালয়ৰ পতাকা উত্তোলনৰে দিনটোৰ কাৰ্য‍্যসূচীৰ আৰম্ভ হয় । মহাবিদ‍্যালয় প্ৰাংগনত থকা প্ৰতিষ্ঠাপক অধ‍্যক্ষ প্ৰয়াত শিৱ কুমাৰ সিংহ আৰু প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰয়াত কল‍্যাণী দেৱীৰ আৱক্ষ মূৰ্ত্তিত স্মৃতি তৰ্পন কৰে উপাধ‍্যক্ষ প্ৰতিম শৰ্মাই । মহাবিদ‍্যালয়ৰ মীন প্ৰকল্পৰ কাষত বৃক্ষ ৰোপণ কৰে পৰিচালনা সমিতিৰ সভাপতি বিপিন চন্দ্ৰ শৰ্মাই । পৰবৰ্তী পৰ্যায়ত প্ৰদীপ চুতীয়াৰ তত্বাৱধানত আৰু ড০ সচ্চিদানন্দ শইকীয়াৰ সম্পাদিত
মহাবিদ‍্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ প্ৰাচীৰ পত্ৰিকা “কল্পদ্ৰুম” উন্মোচন কৰে সন্মিলনীৰ সভাপতি ৰাজীৱ গগৈয়ে । মহাবিদ‍্যালয়ৰ কাষৰীয়া কেইবাখনো গাৱঁৰ নামঘৰ সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ ভকত বৈষ্ণৱে পৰিবেশন কৰা নাম প্ৰসংগ আছিল দিনজোৰা কাৰ্যসূচীৰ মূল অনুষ্ঠান । শিক্ষক কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰা নাম প্ৰসংগই মহাবিদ‍্যালয়ৰ চৌহদ মূখৰিত কৰি তোলে ।

Address

Khowang Ghat
Ghat

Alerts

Be the first to know and let us send you an email when Khowang College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category