26/07/2026
কাৱঁড়া যাত্ৰা: ভক্তি, ত্যাগ আৰু বিশ্বাসৰ
***********************************
এক মহাযাত্ৰা:
***************
কাৱঁড়া যাত্ৰা অথবা কানৱাৰ যাত্ৰা হৈছে সনাতন হিন্দু ধৰ্মৰ এক অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ আধ্যাত্মিক বৰ্ষাকালীন তীৰ্থ যাত্ৰা। হিন্দু কেলেণ্ডাৰ অনুসৰি প্ৰত্যেক বছৰৰ শ্ৰাৱণ অথবা শাওন মাহৰ(ইংৰাজী জুলাই -আগষ্ট মাহত)সোম বাৰে কেইটাত ভগৱান শিৱৰ ভক্ত সকলে এই যাত্ৰা পালন কৰা দেখা যায়।
কাৱঁৰ যাত্ৰা হৈছে ভগৱান শিৱৰ বাবে কৰা এক অতি বিশাল ধৰ্মীয় তীৰ্থযাত্ৰা যাক ভাৰতৰ আটাইতকৈ বৃহৎ আধ্যাত্মিক সমাৱেশ আখ্যা দিয়া হয়।
সনাতন হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি শাওন বা শ্ৰাৱণ মাহক ভগৱান শিৱৰ অতি প্ৰিয় মাহ আৰু এই মাহত তেওঁক আৰাধনা কৰিলে ভগৱান শিৱৰ অতি সহজে প্ৰসন্ন হয় আৰু ভক্ত সকলে বিশেষ কৃপা লাভ কৰিবলৈকে সক্ষম হয়। সেই বাবে এই পৱিত্ৰ শাওন বা শ্ৰাৱণ মাহত সমগ্ৰ ভাৰতৰ লাখ লাখ শিৱভক্তই এই কাৱঁৰ যাত্ৰাত অংশ গ্ৰহণ কৰি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈকে প্ৰচেষ্টা চলায়।জন বিশ্বাস অনুসৰি এই কাৱঁড় যাত্ৰাই সকলো পাপ নাশ কৰে আৰু ভক্ত সকলৰ জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে উপচাই পেলায়।
সমগ্ৰ ভাৰতবৰ্ষৰ শিৱ ভক্ত সকলে এই পৱিত্ৰ শাওন বা শ্ৰাৱণ মাহত আকাশ বতাহ হৰ হৰ মহাদেৱ আৰু ব'ল ব'ম ধ্বনিৰে মুখৰিত কৰি তোলে। বোলে ব'ম ধ্বনিয়ে ভক্ত সকলক এক আধ্যাত্মিক শক্তি প্ৰদান কৰে,যিয়ে তেওঁলোকক এই কঠিন পদ যাত্ৰাত আগবাঢ়ি যোৱাত শক্তি আৰু অনুপ্ৰেৰণা যোগায়।এই পৱিত্ৰ কাৱঁৰ যাত্ৰা ত অংশ গ্ৰহণ কৰা শিৱ ভক্ত সকলক কাৱড়িয়া অথবা ভোলে বুলি জনা যায়।
কাৱঁড়া শব্দৰ অৰ্থ হ'ল দুটা পাত্ৰ সংযোগ কৰা অথবা পাত্ৰ দুয়ো ফালে বন্ধা এক দন্ড বা দীঘল লাঠি।
কাৱঁৰা হৈছে বাঁহৰে নিৰ্মিত এক বিশেষ ভাৰ যাৰ দুয়ো মূৰত দুটা পাত্ৰ কাৱঁড়ীয়া সকলে পৱিত্ৰ নদ- নদীৰ পানী কান্ধত কঢ়িয়াই আনি শিৱ মন্দিৰ শিৱলিংগ তৰ্পণ কৰিবলৈকে ব্যৱহাৰ কৰে।।কাৱঁড়ীয়া অথবা শিৱ ভক্ত সকলে কোনো পৱিত্ৰ নদ নদী (যেনে: ব্ৰক্ষ্মপুত্ৰ,গংগা )আদিৰ পানী পাত্ৰত সংগ্ৰহ কৰি খালী ভৰিৰে বহু কিলোমিটাৰ বাট খোজ কাঢ়ি অতিক্ৰম কৰি নিজৰ স্থানীয় অথবা কোনো বিখ্যাত শিৱালয়ত শিৱলিংগৰ জলাভিষেক কৰে।
এই পদ যাত্ৰা অত্যন্ত কঠিন। এই পদযাত্ৰাৰ সময়চোৱাত কাৱঁড়ীয়া অথবা শিৱ ভক্ত সকলে অতি কঠোৰ নীতি নিয়ম পালন কৰিব লাগে।এই পদযাত্ৰাত পাত্ৰ সমূহত পৱিত্ৰ জল অথবা গংগাজল এবাৰ ভৰোৱাৰ পিছত কোনো কাৰণতে ভাৰখন মাটিত থব নোৱাৰিব। ভক্ত সকলে জিৰণি লোৱাৰ সময়ত কাৱঁড় খন কোনো গছৰ ভাৰত অথবা কোনো বিশেষ ষ্টৈন্ড ইয়াক ওলোমাই ৰখা হয়।যদি কিবা বিশেষ অসুবিধাৰ বাবে কাৱঁৰ খন মাটিত থব লগা হয় অথবা ভূল ক্ৰমে ভূমি স্পৰ্শ কৰে তেন্তে সেই পানী অপৱিত্ৰ বুলি গণ্য কৰা হয় তেনে পৰিস্থিতিত ভক্ত জনে পুনৰ নদীৰ ঘাটলৈ গৈ পাত্ৰত পুনৰ নতুনকৈ পানী ভৰাই যাত্ৰা আৰম্ভ কৰিবলগীয়া হয়।
এই পদ যাত্ৰাৰ সময়চোৱাত ভক্ত সকলে কোনো ধৰণৰ আৰামদায়ক বিছনা অথবা খাটত শুৱ নোৱাৰিব। তেওঁ লোক মাটিত চাদৰ পাৰি বিশ্ৰাম লব পাৰিব।
এই যাত্ৰাত ভক্ত সকলে সম্পূৰ্ণ গেৰুৱা সাজপাৰ পৰিধান কৰে আৰু হৰ হৰ মহাদেৱ ,ব'ল বোম আদি শিৱ বন্দনা ধ্বনি দি যাত্ৰাত আগবাঢ়ে। ভক্ত সকলে এই যাত্ৰাৰ সময়চোৱাত সম্পূৰ্ণ সাত্বিক অথবা নিৰামিষ ভোজন গ্ৰহণ কৰে, যিকোনো ৰাগিয়াল সামগ্ৰী ব্যৱহাৰ ৰ পৰা বিৰত থাকে। তেওঁলোকে এই যাত্ৰাত সম্পূৰ্ণ শৃংখলা,সজ আচাৰ -ব্যৱহাৰ আৰু সকলো সংযম পালন কৰা দেখা যায়।এই নিয়ম সমূহে ভক্ত সকলক ভক্তিৰ গভীৰতা আৰু আত্মনিয়ন্ত্ৰণতাৰ শিক্ষা লাভ কৰাত সহায় কৰে।
কাৱঁড় যাত্ৰা বিভিন্ন কাৱঁড়ীয়া অথবা শিৱ ভক্ত সকলে বিভিন্ন ধৰণে পালন কৰা দেখা যায় যেনে সাধাৰণ কাৱঁড় যিয়ে কান্ধত কাৱঁৰ খন লৈ পদযাত্ৰা কৰোঁতে কাৱঁড় খন মাটিত নথোৱা কৈ জিৰণি লৈ পদ যাত্ৰাত আগবাঢ়ে (২)থিয় কাৱঁড় বুলি খ্যাত শিৱভক্ত সকলে পদ যাত্ৰাত কাৱঁড় খন কোনো ঠাইতে সুস্থিৰ ভাৱে ৰাখিব নোৱাৰে।এজন ভক্তই জিৰণি ল'লে আনজন ভক্তই এই কাৱঁড়খন কান্ধত লৈ লৰঢৰ কৰি থাকিব লাগে।(৩) সেই দৰে ডাক কাৱঁড় সকলে পাত্ৰত পৱিত্ৰ জল ভৰোৱাৰ পিছত কোনো ঠাইতে জিৰণি নোলোৱাকৈ শিৱ মন্দিৰ লৈকে দৌৰি যাব লাগে।(৪) দন্ডি কাৱঁড় সকলে এই পদ যাত্ৰাত গোটেই পথ চোৱা মাটত সষ্টংগে প্ৰনিপাত কৰি কৰি আগবাঢ়ে।(৫) ঝুলা কাৱঁড়ীয়া নামেৰে জনা কাৱঁড়ীয়াসকলে এক বিশেষ ধৰণৰ কাৱঁড় ব্যৱহাৰ কৰা দেখা যায়।
সমুদ্ৰ মন্থনৰ লগত কাৱঁড় যাত্ৰাৰ এক অতি নিবিড় সম্পৰ্ক থকা বুলি জনা যায়।
হিন্দু পৌৰাণিক ধৰ্মগ্ৰন্থ পুৰাণ অনুসৰি যেতিয়া দেৱতা আৰু দানৱ সকলে অমৃতা বাবে সমুদ্ৰ মন্থন কৰিছিল তেতিয়া সমুদ্ৰ পৰা এক অতি ভয়ানক হলাহল বিহ নিৰ্গত হৈ সমগ্ৰ সৃষ্টি ধ্বংস কৰাৰ উপক্ৰম হৈছিল। সৃষ্টিক ধ্বংসৰ মুখৰ পৰা উদ্ধাৰ কৰাৰ বাবে ভগৱান শিৱই এই হলাহল বিহ পান কৰি নীলকণ্ঠ হৈ পৰে। এই হলাহল বিহ ইমানে ভয়ানক আছিল যে ইয়াৰ ফলত ভগৱান শিৱ ই সমগ্ৰ শৰীৰত তীব্ৰ জ্বালা যন্ত্ৰণা আৰু বিষ অনুভৱ কৰে।এই তীব্ৰ বিষৰ উত্তাপ উপসম আৰু জ্বালা যন্ত্ৰণাৰ প্ৰভাৱৰ পৰা ভগৱান শিৱক মুক্ত কৰিবলৈকে সকলো দেৱী -দেৱতাই শিৱৰ শিৰত পৱিত্ৰ গংগা জলেৰ জলাভিষেক কৰে। এই ঘটনাৰ লগত সংগতি ৰাখি শিৱ ভক্ত সকলে সেই একে বিশ্বাসেৰে ভগৱান শিৱক সন্তুষ্ট কৰি আশীৰ্বাদ লাভ কৰাৰ বাবে শিৱলিংগ ত জলাভিষেক কৰা প্ৰথা প্ৰচলন হয় বুলি জনা যায়।
আন এক আখ্যান অনুসৰি ত্ৰেতা যুগত লংকাৰ ৰজা ৰাৱণে প্ৰথম কাৱঁড়ীয়া হিচাপে গংগাজল আনি ভগৱান শিৱৰ শিৰত অৰ্পণ কৰিছিল। সেই পৰম্পৰাকে শিৰোগত কৰি বৰ্তমান লৈকে ভগৱান শিৱৰ ভক্ত সকলে শিৱ লিংগত জলাভিষেক কৰা দেখা যায়।
আন এক লোক বিশ্বাস অনুসৰি শ্ৰী ৰামচন্দ্ৰই চুলতান গঞ্জৰ পৰা পৱিত্ৰ গংগা জল আনি দেওঘৰৰ পৱিত্ৰ বৈদ্যনাথ ধামত জলাভিষেক কৰিছিল বুলি জনা যায়।
কাৱঁৰা যাত্ৰাৰ আৰম্ভণি উত্তৰ প্ৰদেশৰ চুলতানগঞ্জত হোৱা বাবে ইয়াক কাৱঁৰ যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান বুলি গণ্য কৰা হয়।এই স্থানত পৱিত্ৰ গংগা নদী উত্তৰমূখী ৰূপত বোৱা বাবে ইয়াৰ পানী অতি পৱিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াৰ পৰা ভক্ত সকলে পানী কাৱঁড়াত লৈ প্ৰায় ১০০ /১০৫ কিলোমিটাৰ নিলগত থকা দেওঘৰলৈ পদ যাত্ৰা কৰি আহি ঐতিহাসিক বৈদ্যনাথ ধামত থকা শিৱলিংগত জলাভিষেক কৰে। ভাৰতৰ বাৰ টা ঐতিহাসিক জ্যোতিলিংগৰ ভিতৰত বৈদ্যনাথ এটা অন্যতম জ্যোতিলিংগ।
এই কাৱঁৰা যাত্ৰা প্ৰথম অৱস্থাত উত্তৰ ভাৰততে সীমাবদ্ধ আছিল যদিও লাহে ই সমগ্ৰ ভাৰতৰ শিৱ ভক্ত সকলৰ মাজত জনপ্ৰিয়তা বৃদ্ধি হবলৈ ধৰা দেখা পোৱা যায়। আশীৰ দশকত এই যাত্ৰাত কেৱল সাধু সৈন্নাসী আৰু বৃদ্ধ ব্যক্তিসকলেহে অংশ গ্ৰহণ কৰিছিল কিন্তু নব্বৈৰ দশকত ই এক বিশাল ধৰ্মীয়, আধ্যাত্মিক আৰু সামাজিক গণ উৎসৱলৈকে ৰূপান্তৰিত হয় আৰু সমগ্ৰ ভাৰতৰ শিৱ ভক্ত সকলে নিজৰ নিজৰ অঞ্চলত অতি ভক্তি সহকাৰে পালন কৰা দেখা যায়
বৰ্তমান সময়ত কাৱঁড়া যাত্ৰা বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক পদযাত্ৰা হিচাপে স্বীকৃতি লাভ কৰিবলৈকে সক্ষম হৈছে।
চৰকাৰী তথ্য আৰু প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে উত্তৰখন্ডৰ হৰিদ্বাৰতে প্ৰায় ৪ ৰ পৰা ৪.৫ কৌটি শিৱৰ ভক্তৰ সমাগম ঘটা দেখা যায়। সমগ্ৰ ভাৰতৰ ভক্ত সকলৰ সংখ্যা যোগ কৰিলে প্ৰায় ৬ কৌটিৰ ওপৰলৈকে ভক্তৰ সংখ্যা বৃদ্ধি পাব।এই ভক্ত সকলৰ ভিতৰত ১৫% মহিলা ভক্তও থকা দেখা যায়।
বৰ্তমান এই কাৱঁৰ যাত্ৰাই যুৱ প্ৰজন্মকো যথেষ্ট আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে আৰু এক বুজন সংখ্যক যুৱ প্ৰজন্ম ই এই যাত্ৰাত প্ৰতি বছৰে অংশ গ্ৰহণ কৰা দেখা যায়।
এই আধ্যাত্মিক কাৱঁড় যাত্ৰাত সৰু -ডাঙৰ ,ধনী -দুখীয়া নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে একো ভেদভাৱ নোহোৱাকৈ অংশ গ্ৰহণ কৰে আৰু এজন ভক্তই আনজন ভক্তক কাঁৱড়ীয়া অথবা ভোলে বুলি সম্বোধন কৰা দেখা যায়।
যিহেতু এই পদযাত্ৰাৰ পথচোৱা যথেষ্ট দীঘল আৰু কষ্টকৰ হোৱা বাবে ভক্ত সকলক যাত্ৰাপথত সহায় আগবঢ়াবলৈকে বিভিন্ন সামাজিক, ধৰ্মীয় অনুষ্ঠান , সংগঠন,NGO, আৰু স্থানীয় লোকৰ সহযোগত ঠায়ে ঠায়ে অগণন সেৱা শিৱিৰ, ভান্ডাৰা আদিৰ স্থাপন কৰা হয়।এই সেৱা শিৱিৰ সমূহত ক্লান্ত কাৱঁড়ীয়া সকলৰ বাবে বিনামূলীয়াকৈ ভোজন, পানী ঔষধ পাতি,ৰাতি থকাৰ ব্যৱস্থাৰ লগতে আনকি হাত ভৰিৰ বিষ নিৰাময় কৰাৰ বাবে মালিছ আদিৰো বিশেষ ব্যৱস্থা থকা দেখা যায়।
এই কাৱঁৰ যাত্ৰা সূচাৰুৰূপে সমাপন কৰাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰ আৰু প্ৰশাসনে প্ৰতি বছৰে বিভিন্ন প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। চৰকাৰে এই কাৱঁড়ীয়া অথবা শিৱ ভক্ত সকলৰ সুৰক্ষা আৰু সুবিধাৰ্থে প্ৰতি বছৰে দিল্লী হৰিদ্বাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ লগতে বিভিন্ন অঞ্চলৰ গুৰুত্ব পূৰ্ণ পথ সমূহত কাৱঁৰা যাত্ৰা সময়চোৱাত গধুৰ যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে।এই কাৱঁৰা যাত্ৰাত অংশ গ্ৰহণ কৰা শিৱ ভক্ত সকলৰ সুৰক্ষা আৰু সুবিধাৰ্থে আৰক্ষীৰ অতিৰিক্ত বাহিনী মোতায়েন কৰা দেখা যায়।লগত CC T V কেমেৰাৰ ব্যৱস্থা,দ্ৰোণ আদিৰো ব্যৱহাৰ কৰা দেখা যায়। কোনো কোনো অঞ্চলত ভক্ত সকলৰ ওপৰত হেলিকপ্টাৰৰ দ্বাৰা পুষ্পবৃষ্টিৰে আদৰণি জনোৱাও পৰিলক্ষিত হয়।
উত্তৰ ভাৰতৰ এই প্ৰসিদ্ধ কাৱঁড়া যাত্ৰা নব্বৈৰ দশকত ভাৰতৰ অন্যান্য প্ৰদেশৰ লগত অসমতো প্ৰৱেশ কৰে আৰু পৰৱৰ্তী সময়ত অসমতো এই কা়বঁড় যাত্ৰা এক জনপ্ৰিয় আধ্যাত্মিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈ পৰে।অসমতো প্ৰতি বছৰে শাওন মাহত অগণন ভক্তই অতি ভক্তি সহকাৰে এই কাৱঁড় যাত্ৰাত অংশ গ্ৰহণ কৰে সমগ্ৰ অসমতো এই সময়ত এক আধ্যাত্মিক পৰিবেশ গঢ়ি উঠা পৰিলক্ষিত হয়।।
অসমৰ গুৱাহাটী মহানগৰৰ কাৱঁড়ীয়া সকলে শুক্ৰেশ্বৰ ঘাটত মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ পানী ভৰাই খালি ভৰিৰে পদযাত্ৰা কৰি বশিষ্ঠাশ্ৰম লৈ অথবা লংকেশ্বৰৰ শিৱ মন্দিৰৰ শিৱ লিংগত তৰ্পণ কৰে। কিছুমানে বশিষ্ঠাশ্ৰমৰ পৱিত্ৰ পানী আনি শুক্ৰেশ্বৰ মন্দিৰৰ শিৱলিংগত তৰ্পণ কৰে।সেই দৰে অসমৰ আন প্ৰসিদ্ধ শিৱ মন্দিৰ যেনে: তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, শিৱ সাগৰৰ শিৱ দৌল আদিতো এই সময়চোৱাত অগণন ভক্তৰ সমাবেশ ঘটা দেখা যায়। বৰ্তমান অসমৰ সৰু -ডাঙৰ সকলো অঞ্চলৰ শিৱভক্ত সকলে এই কাৱঁড় যাত্ৰাত অংশ গ্ৰহণ কৰা দেখা যায়।
কাৱঁড়া যাত্ৰা যে কেৱল এক ধৰ্মীয় পৰম্পৰা তথা আধ্যাত্মিক যাত্ৰা এনে নহয় ,এই যাত্ৰা হৈছে ভক্ত সকলৰ ঈশ্বৰৰ প্ৰতি থকা এক অটল বিশ্বাস , গভীৰ আনুগত্য অপৰিসীম ধৈৰ্য আৰু মানসিক শক্তিৰ জীৱন্ত প্ৰকাশ।কাৱঁড় যাত্ৰা হৈছে বিশ্বাস ত্যাগ আৰু ভক্তিৰ এক মহান আৰু জলন্ত উদাহৰণ।
এই আধ্যাত্মিক কাৱঁড় যাত্ৰ ই ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যক এক নতুন শক্তি আৰু ঐক্যৰ বান্ধোনত বন্ধা পৰিলক্ষিত হৈছে।এই কাৱঁড় যাত্ৰাত ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ জ্যোতিৰ্ময় প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
26/07/2026
বেয়া দিন সদায় নাথাকে কিন্তু বেয়া দিনত লাভ কৰা অভিজ্ঞতা আৰু শক্তি ভৱিষ্যতৰ বাবে সদায় সহায়ক হয়।
25/07/2026
কুমাৰী পূজা::নিষ্পাহ কন্যা শিশুৰ মাজত মহাশক্তিৰ
******************************************†***
আৱাহন :
*********
সনাতন হিন্দু ধৰ্মৰ এক অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ পূজা হৈছে কুমাৰী পূজা। শক্তি অধিকাৰী দেৱী মা দুৰ্গাৰ লগত জড়িত হৈ আছে এই কুমাৰী পূজা। দুৰ্গা পূজা আৰু নৱৰাত্ৰি উৎসৱৰ এক অপৰিহাৰ্য্য অংশ হিচাপে এই কুমাৰী পূজা পালন কৰা হয়।
পৌৰাণিক আখ্যান অনুসৰি এবাৰ কোলাসুৰ নামৰ অসুৰ এজনে স্বৰ্গ আৰু মৰ্ত্য সকলো অধিকাৰ কৰি লৈ দেৱতা সকলৰ ওপৰত অতিশয় অত্যাচাৰ কৰিবলৈকে ধৰে।কোলাসুৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ দেৱতাসকলে উপায় বিহীন হৈ মা কালীৰ ওচৰত শৰানপন্ন হয়।দেৱী মা কালীয়ে তেতিয়া দেৱতা সকলৰ আহ্বান অনুসৰি মৰ্ত্যত এক পৱিত্ৰ কুমাৰী ৰূপে অৱত্তীৰ্ণ হৈ কোলাসুৰক বধ কৰি দেৱতা সকলক তেওঁৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ দিয়ে আৰু
তেতিয়াৰ পৰাই পৃথিৱীত কুমাৰী পূজাৰ সূচনা হয় বুলি বিশ্বাস কৰা হয়।
সাধাৰণতে শাৰদীয় দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ মহা অষ্টমী আৰু মহানৱমীত এই কুমাৰী পূজা পালন কৰা দেখা যায়। ইয়াৰ উপৰিও কোনো কোনো পৱিত্ৰ দিনতো ভক্ত সকলে মানস কৰি এই পূজা অনুষ্ঠিত কৰা দেখা যায়।
সনাতন হিন্দু ধৰ্ম দৰ্শন অনুসৰি যদিও ঈশ্বৰ সকলোতে বিৰাজমান তথাপিও নিস্পাপ কন্যা শিশু অথবা কুমাৰী কন্যা সকলৰ মাজত মা দুৰ্গা তথা আদি শক্তিৰ স্থিতি অধিক বিৰাজমান বুলি বিশ্বাস কৰা হয়।এই কন্যা শিশু তথা কুমাৰী সকল মা দুৰ্গা বা শক্তিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়।সেই বাবে এক বছৰ বয়সৰ পৰা দহ বছৰ বয়সৰ পৱিত্ৰ কন্যা সমূহক দেৱী দুৰ্গাৰ জীৱন্ত ৰূপ বুলি গণ্য কৰি কুমাৰী পূজা পালন কৰা হয়। এই কন্যা অথবা কুমাৰী সকল যিহেতু বস্তুবাদী আকাংক্ষাৰ পৰা বহু উৰ্দ্ধত সেই বাবে তেওঁ লোকক অতি পৱিত্ৰ জ্ঞান কৰা হয়।সাধাৰণতে প্ৰথম ঋতুস্ৰাৱ নোহোৱা কুমাৰী ছোৱালীকহে এই কুমাৰী পূজাৰ বাবে বাছনি কৰা হয়। বেছিভাগ ক্ষেত্ৰতে ৫-৯ বছৰৰ কন্যা সকলক পূজাৰ বাবে অধিকাংশ নিৰ্বাচন কৰা দেখা যায়।
হিন্দু ধৰ্ম ৰ পৌৰাণিক গ্ৰন্থ সমূহত তথা শাস্ত্ৰ সমূহত
কুমাৰী পূজাৰ কন্যা সকলৰ বয়স অনুসৰি দেৱী দুৰ্গাৰ বিভিন্ন শক্তি অথবা ৰূপৰ সামঞ্জস্যত বিভিন্ন নামৰ উল্লেখ পোৱা যায়।যেনে ১ বছৰৰ কন্যা সকলক সন্ধ্যা, ২ বছৰ বয়সৰ কন্যা সকলক হয় সৰস্বতী,৩ বছৰৰ কন্যা সকলক ত্ৰিধামূৰ্তি ,৪ বছৰৰ কন্যা সকলক কালিকা, ৫ বছৰৰ কন্যা সকলক সুভগা ৬ বছৰৰ কন্যা সকলক উমা, ৭ বছৰৰ কন্যা সকলক মালিনী ৮ বছৰৰ কন্যা সকলক কুন্জিকা ৯ বছৰৰ কন্যা সকলক কাল সন্দৰ্ভা,১০ বছৰৰ কন্যা সকলক অপৰাজিতা আদি নামেৰে জনা যায়।
সাধাৰণতে দেৱী মা দুৰ্গাৰ ৯ টা ৰূপ তথা নৱদুৰ্গাক প্ৰতিনিধিত্ব কৰি ন গৰাকী কুমাৰী কন্যাৰ পূজা কৰা হয়। অৱশ্যে সুবিধা অনুযায়ী ৩,৫,৭,৯ আদি অযুগ্ম সংখ্যাৰ কুমাৰী কন্যাক লৈও এই পূজা কৰিব পৰা যায়।
ধৰ্মীয় ৰীতি নীতি অনুসৰি কুমাৰী পূজাত কুমাৰীৰ সংখ্যা কেতিয়াবা এক, কেতিয়াবা কেতিয়াবা অধিক দেখা পোৱা যায়।
কুমাৰী পূজাৰ বাবে নিৰ্বাচিত কন্যা সকলক প্ৰথমে স্নান কৰোৱায় শুদ্ধি কৰণ কৰা হয়।তাৰ পিছত নতুন পৱিত্ৰ ৰঙীন বস্ত্ৰ (সাধাৰণতে ৰঙা ৰঙৰ) যেনে শাড়ী, মেখেলা চাদৰ তথা পৰাম্পৰাগত সাজ পোচাক আৰু বিভিন্ন সুন্দৰ আ -অলংকাৰৰে সম্পূৰ্ণ দেৱীৰ ৰূপত অতি সুন্দৰ কৈ সজোৱা হয়। ভৰি আৰু হাতত আলতা আৰু কপালত সেন্দুৰৰ ফোঁট লগোৱা হয় আৰু ডিঙিত ফুলৰ মালা পৰিধান কৰোৱা হয়।
তাৰ পিছত পুৰোহিতে কন্যা সকলক অথবা কন্যা জনীক সম্পূৰ্ণ দেৱীৰ ৰূপ বুলি জ্ঞান কৰি বিশেষ বেদী অথবা আসনত বহুৱাই চৰণ ধুৱাই সম্পূৰ্ণ বৈদিক প্ৰথাৰে ধূপ চাকি,ফুল ফলেৰ বৈদিক মন্ত্ৰ উচ্চাৰণৰে পুষ্পান্জলি আদিৰে পূজা সমাপন কৰে। পূজাৰ সময়চোৱাত এই কন্যা সকলে সম্পূৰ্ণ উপবাসেৰে থাকে। পূজাৰ অন্তত ভক্ত সকলে কুমাৰী সকলৰ অথবা কুমাৰী গৰাকী চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে আৰু দেৱী বুলি জ্ঞান কৰি পূজা কৰা কুমাৰী সকলক অথবা কুমাৰী গৰাকীক বিভিন্ন ধৰণৰ উপহাৰ টকা-পইচা আদি উপহাৰ বা দক্ষিণা হিচাপে আগবঢ়ায়।
পূজাৰ অন্তত কুমাৰী সকলৰ বাবে প্ৰস্তুত কৰা সুস্বাদু আহাৰ প্ৰথমে কুমাৰী সকলে আৰু পিছত ভক্ত সকলেও প্ৰসাদ হিচাপে গ্ৰহণ কৰে।
যদিও কুমাৰী পূজা হিন্দু শাক্ত ধৰ্মৰ এক প্ৰথা কিন্তু এই পূজাৰ অন্তৰালত এক গূঢ় দাৰ্শনিক উদ্দেশ্য নিহিত হৈ থকা দেখা যায়। এই পূজাৰ উদ্দেশ্য হৈছে দেৱী মা দুৰ্গাক সন্তুষ্ট কৰি তেওঁৰ কৃপা লাভ কৰাৰ লগতে সমাজত নাৰী জাতিক সন্মান প্ৰদৰ্শন কৰি নাৰী শক্তিৰ প্ৰকৃত মূল্যৰ অৱধাৱন কৰা।
ভাৰতৰ অনন্য ৰাজ্য সমূহৰ দৰে অসমতো অতীজৰে পৰা কুমাৰী পূজা প্ৰচলিত হৈ আহিছে।এই পূজাৰ আৰম্ভণি কেতিয়াৰ পৰা অসমত হয় তাৰ কোনো নিৰ্দিষ্ট তাৰিখৰ উল্লেখ পোৱা নাযায় যদিও বিভিন্ন পৌৰাণিক গ্ৰন্থ তন্ত্ৰ শাস্ত্ৰ সমূহত অসমত কুমাৰী পূজাৰ প্ৰচলন থকাৰ আভাষ পোৱা যায়। দেৱী ভাগৱত পুৰাণ,দশম শতিকাত অসমত ৰচিত কালিকা পুৰাণ আৰু তাৰ পৰৱৰ্তী সময়ত ৰচিত যোগিনীতন্ত্ৰ আদি গ্ৰন্থত কুমাৰী পূজাৰ নিয়ম আৰু বিস্তৃত বৰ্ণনা ই প্ৰমাণ কৰে যে অসমত দশম শতিকাৰ পূৰ্বৰে পৰা কুমাৰী পূজা প্ৰচলিত হৈ আহিছে।পণ্ডিত সকলে মত পোষণ কৰে যে অসমৰ দেৱী মা কামাখ্যা মন্দিৰৰ ইতিহাস যিমান প্ৰাচীন কুমাৰী পূজাৰ পৰম্পৰাও সিমানেই প্ৰাচীন। অসমৰ গুৱাহাটী মহানগৰৰ নীলাচল পাহাৰত অৱস্থিত শক্তি সাধনাৰ প্ৰাণ কেন্দ্ৰ কামাখ্যা দেৱীৰ মন্দিৰত অতীজৰে পৰা কুমাৰী পূজা পালন কৰি অহা দেখা যায়। অসমৰ শাক্ত ধৰ্মী লোক সকলে অতীজৰে পৰা বৰ্তমান লৈকে অতি নিষ্ঠা সহকাৰে কুমাৰী পূজা পালন কৰি অহা দেখা যায়।
এই পূজা অসমৰ তন্ত্ৰ মন্ত্ৰ, শক্তি সাধনা আৰু বিভিন্ন ৰাজবংশৰ ইতিহাসৰ লগতো জড়িত হৈ থকা দেখা যায়।
মধ্যযুগত দৰঙী ৰজাসকলে বৈদিক প্ৰথাৰে কুমাৰী পূজা পালন কৰাৰ উল্লেখ পোৱা যায়।সেইদৰে আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা কামাখ্যা ধাম আৰু ৰাজধানী গড়গাঁওত অতি ধুমধামেৰে কুমাৰী পূজা ৰাজ পৰিয়ালে উদযাপন কৰিছিল বুলি জনা যায়।
১৯০১চনত স্বামী বিবেকানন্দই পশ্চিম বংগৰ বেলুৰ মঠত আনুষ্ঠানিক ভাৱে কুমাৰী পূজা উদযাপন কৰে বুলি উল্লেখ পোৱা যায়।
আধুনিক যুগত ৰাম কৃষ্ণ মিছন সমূহ, সাৰ্বজনীন দূৰ্গা পূজা সমিতি সমূহে ৰাজহুৱা মণ্ডপ সমূহত কুমাৰী পূজা পালন দ্বাৰা ইয়াক সৰ্বসাধাৰণ লোকৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হয়।
অসমতো কুমাৰী পূজা নৱৰাত্ৰি তথা শাৰদীয় দুৰ্গা, বাসন্তী পূজা আদিৰ সময়ত উদযাপন কৰা হয়।। অতীজৰে পৰা দেৱী মা কামাখ্যা দেৱীৰ মন্দিৰত কুমাৰী পূজাৰ এক বিশেষ পৰাম্পৰা চলি থকা দেখা যায়। কামাখ্যা মন্দিৰত নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা আৰম্ভ কৰি মহানৱমীলৈকে ধাৰাবাহিক ভাৱে কুমাৰী পূজা পালন কৰা হয়।এই ৯ দিনত মুঠ ৪৫গৰাকী কুমাৰীৰ পূজা কামাখ্যা দেৱীৰ মন্দিৰত কৰাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে।এই ঐতিহাসিক কুমাৰী পূজা অতি আড়ম্বৰেৰে পালন কৰা হয় আৰু দেশ বিদেশৰ পৰা বিভিন্ন ভক্তই এই পূজাত অংশ গ্ৰহন কৰা দেখা যায় ।মা কামাখ্যা দেৱীৰ মন্দিৰত ভক্ত সকলে সকলো ধৰণৰ বিপদ -আপদৰ পৰা মুক্তি লাভৰ বাবে বিধান মতে সময়ে সময়ে নিজাববীয়াকৈও কুমাৰী পূজা পালন কৰা দেখা যায়।
ইয়াৰ উপৰিও অসমৰ প্ৰায় সকলো ঐতিহাসিক দেৱীৰ মন্দিৰৰ লগতে দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ সময়ত সাৰ্বজনীন সকলো দুৰ্গা মন্দিৰ তথা পূজা মণ্ডপ সমূহতো অতি আড়ম্বৰেৰে কুমাৰী পূজা পালন কৰা হয়।
অসমৰ বাহিৰে পশ্চিম বংগ, উৰিষ্যা, ত্ৰিপুৰা, উত্তৰ ভাৰত,দক্ষিণ ভাৰত, বাংলাদেশ নেপাল আদিতো কুমাৰী পূজা পালন কৰা দেখা যায়।
কুমাৰী পূজাৰ ধাৰণাটো হৈছে নাৰী শক্তিক দেৱীত্বৰ লগত একত্ৰিত কৰা।
এই পূজাই সমাজত নাৰীৰ প্ৰতি সন্মান, শ্ৰদ্ধা আৰু সুৰক্ষা বোধ জাগ্ৰত কৰি তোলে।
কুমাৰী পূজা কেৱল মাত্ৰ ধৰ্মীয় পৰাম্পৰা অথবা অনুষ্ঠানে নহয় এই পূজা হৈছে নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক সুন্দৰ প্ৰদক্ষেপ।এই পূজাক দেৱী মা তথা নাৰীৰ শক্তিৰ মৰ্যদা তথা শ্ৰদ্ধা প্ৰদৰ্শনৰ জীৱন্ত প্ৰতিফলন গণ্য কৰি অতি ভক্তি সহকাৰে পালন কৰা হয়।
অন্যান্য হিন্দু প্ৰধান অঞ্চল সমূহৰ দৰে অসমৰো শাক্ত ধৰ্মাৱলম্বী লোক সকলে কুমাৰী পূজাৰ জৰিয়তে দেৱী মা দুৰ্গা তথা মাতৃ শক্তিৰ আৰাধনা কৰি দেৱী মাৰ লগতে নাৰী শক্তিকো শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে আৰু নিজৰ লগতে নিজৰ পৰিয়ালৰ সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়।
24/07/2026
আজিৰ ধৈৰ্যই কাইলৈৰ সফলতাত সহায় কৰে। সেই বাবে সদায় আশাবাদী হ'ব লাগে।
23/07/2026
কৰ্মৰ ফলৰ পৰা কোনো হাত সাৰিব নোৱাৰে। সেই কাৰণে সদায় ভাল কৰ্ম কৰিব লাগে যাতে সদায় ভাল ফল লাভ কৰিব পৰা যায়।
22/07/2026
শ্ৰদ্ধা, ভক্তি আৰু সৃষ্টিৰ মিলন : শাওন মাহ আৰু
*********************************************
ভগৱান শিৱৰ অৱিচ্ছেদ সম্পৰ্ক:
*****************************
সৰুৰে পৰা শাওন মাহতো ভগৱান শিৱৰ অতি পৱিত্ৰ মাহ বুলি গণ্য কৰি ভক্ত সকলে পালন কৰি অহা দেখা পাই আহিছো। শাওন মাহৰ গুৰুত্ব আৰু এই পৱিত্ৰ মাহৰ লগত ভগৱান শিৱৰ সম্পৰ্ক সন্দৰ্ভত নিজৰ মনৰ খুদুৱনি দূৰ কৰিবলৈকে লিখিবলৈ প্ৰয়াস কৰিলোঁ।
সনাতন হিন্দু ধৰ্ম আৰু পৰম্পৰাত শাওন মাহৰ লগত ভগৱান শিৱৰ অতি শিৱৰ অতি নিবিড় সম্পৰ্ক থকা বুলি বিশ্বাস কৰা হয়।এই পৱিত্ৰ শাওন মাহত দেৱাৰো দেৱ মহাদেৱৰ পূজা অৰ্চনা তথা উপসনা কৰাৰ আটাইতকৈ উৎকৃষ্ট সময় বুলি গণ্য কৰা হয়।
জেঠ আৰু আহাৰ মাহৰ প্ৰচণ্ড গৰমৰ পিছত যেতিয়া শাওন মাহত ধৰিত্ৰী লৈ প্ৰচুৰ বৰ্ষা নামি আহে তেতিয়া প্ৰকৃতিয়ে সেউজীয়া ৰূপ ধাৰণ কৰাৰ লগতে ভক্ত সকলৰ মন প্ৰাণটো এক অপূৰ্ব আধ্যাত্মিক শিহৰণ জাগি উঠা দেখা যায়। শাওনৰ বৰষুণে যিদৰে প্ৰকৃতিৰ আৱৰ্জনা দূৰ কৰে সেইদৰে শাওন মাহতো ভগৱান শিৱৰ আৰাধনা দ্বাৰা ভক্ত সকলেও মনৰ সকলো আৱৰ্জনা দূৰ কৰি আত্ম শুদ্ধি লাভ কৰিব সক্ষম হয় বুলি বিশ্বাস কৰা হয়। পৱিত্ৰ শাওন মাহত ৰুক্ষ প্ৰাকৃতিক যিদৰে বৰষুণে জীপাল, সজীৱ, শীতল কৰি তোলে আৰু লগতে সকলোকে প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ দিয়ে ঠিক সেইদৰে ভক্ত সকলে ভগৱান শিৱৰ পৱিত্ৰ আশীৰ্বাদত মনৰ সকলো ক্ৰোধ মোহ লোভ ত্যাগ কৰি আধ্যাত্মিক চেতনাৰ উদ্বুদ্ধ হ'বলৈ সক্ষম হয়।
ভগৱান শিৱ আৰু পৱিত্ৰ শাওন মাহৰ মাজত থকা গভীৰ তথা বিশেষ সম্পৰ্কৰ অন্তৰালত বহুতো আধ্যাত্মিক কাৰণ আৰু ঘটনা নিহিত হৈ থকা দেখা যায়।
পুৰাণত উল্লেখ পোৱা যায় যে এই পৱিত্ৰ শাওন মাহতে অমৃতৰ বাবে দেৱতা আৰু অসুৰ সকলে সমুদ্ৰ মন্থন কৰিছিল।এই সমুদ্ৰ মন্থনত সমুদ্ৰৰ পৰা নিৰ্গত হোৱা অতি ভয়াবহ হলাহল বিষে যেতিয়া সমগ্ৰ সৃষ্টিক ধ্বংস কৰিবলৈকে উদ্যত হয় তেতিয়া ভগৱান শিৱই সৃষ্টিক ৰক্ষা কৰিবলৈকে এই অতি ভয়াবহ হলাহল বিষ ধাৰণ কৰে। কিন্তু এই ভয়াবহ হলাহল বিষৰ তীব্ৰ জ্বালা- যন্ত্ৰনাৰ পৰা ভগৱান শিৱক মুক্তি দিয়াৰ বাবে সকলো দেৱতাই ভগৱান শিৱৰ শিৰত পৱিত্ৰ জল ঢালি জলাভিষেক কৰিছিল। যিহেতু এই ঘটনা পৱিত্ৰ শাওন মাহত সংঘটিত হৈছিল সেই বাবে শিৱলিংগত পৱিত্ৰ জল ঢালি জলাভিষেক কৰাৰ পৰম্পৰা এতিয়ালৈকে চলি আছে বুলি বিশ্বাস কৰা হয়। শাওন মাহত শিৱলিংগত জলাভিষেক কৰিলে সকলো মনোবাঞ্ছা পূৰ্ণ হয় আৰু পূন্য লাভ হয় বুলি বিশ্বাস কৰা হয়।
আন এক আখ্যান অনুসৰি দেৱী মা পাৰ্বতীয়ে ভগৱান শিৱক পতি ৰূপে পাবলৈকে এই পৱিত্ৰ শাওন মাহতে কঠোৰ ব্ৰত আৰু তপস্যাত লিপ্ত হৈছিল। পাৰ্বতীৰ এই অতি কঠোৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই পাৰ্বতীক নিজৰ পত্নী ৰূপে স্বীকাৰ কৰিবলৈকে এই মাহতে সন্মতি প্ৰদান কৰিছিল বুলি জনা যায়। ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ মিলনৰ সাক্ষী এই মাহক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।
এই ঘটনাৰ বাবেই বৰ্তমানলৈকে হিন্দু ধৰ্মৰ অবিবাহিতা ছোৱালী সকলে মন পচন্দৰ গুণৱান স্বামী পাবৰ কৰে শাওন মাহৰ প্ৰতিটো সোমবাৰে বিশেষ ব্ৰত আৰু শিৱলিংগত বেলাপাত জল, গাখীৰ চাউল আদি অৰ্পণ কৰি পূজা কৰা পৰাম্পৰা চলি থকা দেখা যায়।
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি শাওন মাহৰ পৰা সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুই চাৰি মাহৰ বাবে যোগ নিদ্ৰাত নিমগ্ন হয়। ভগৱান বিষ্ণুই এই নিদ্ৰাৰত অৱস্থাত থকা সময় চোৱাত ভগৱান শিৱই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিচালনা আৰু পালনৰ দায়িত্ব গ্ৰহণ কৰে। সেই বাবে শাওন মাহটো ভগৱান শিৱৰ উপসনাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ মাহ বুলি ভক্ত সকলে গন্য কৰি ভগৱান শিৱৰ আৰাধনা কৰা দেখা যায়।
আকৌ কোনো কোনো লোকে বিশ্বাস অনুসৰি পৱিত্ৰ শাওন মাহতে ভগৱান শিৱৰ আবিৰ্ভাৱ তথা জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱৰ আবিৰ্ভাৱৰ মাহ হিচাপে শাওন মাহটো অতি পৱিত্ৰ বুলি গণ্য কৰি তেওঁৰ পূজা, উপসনা কৰা হয়।
এই পৱিত্ৰ শাওন মাহতে ভগৱান শিৱৰ ভক্ত সকলে বিভিন্ন পৱিত্ৰ নদ নদী আদিৰ পৰা ওৰে ৰাতি খোজকাঢ়ি পানী কঢ়িয়াই আনি সোম বাৰে ৰাতিপুৱাই ভগৱান শিৱৰ মন্দিৰত শিৱলিংগত জলাভিষেক কৰা দেখা যায়।এই অতি কষ্টকৰ আৰু ভক্তিযে ভৰপূৰ প্ৰথাক কাৱঁড় যাত্ৰা বুলি জনা যায়।এই যাত্ৰাত ভক্ত সকলৰ বোলে ব'ম,হয় হয় মহাদেৱ আদি হৰি ধ্বনিৰে চৌদিশে মুখৰিত হৈ পৰে বাবে ইয়াক বহুতে বোলে ব'ম বুলিও উল্লেখ কৰে।
ফাগুন মাহৰ মহা শিৱৰাত্ৰি দৰে শাওন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিৰ দিনা কোনো কোনো ঠাইত শিৱ আৰু পাৰ্বতীৰ মিলনৰ দিন উপলক্ষে শিৱৰাত্ৰি অতি উলাহ -মালহেৰে পালন কৰা হয় বুলি জনা যায়।
ভাৰতৰ কোনো কোনো সম্প্ৰদায়ৰ লোকে পৱিত্ৰ শাওন মাহৰ শুক্লপক্ষৰ তৃতীয় তিথিত হাৰিয়ালি তীজ উৎসৱ অতি উলাহ -মালহেৰে পালন কৰা দেখা যায়। উক্ত উৎসৱত মহিলা সকলে সেউজীয়া ৰঙৰ সাজ -পোচাক আৰু আ অলংকাৰ পৰিধান কৰি দেৱী পাৰ্বতীৰ আৰাধনা কৰা দেখা যায় ।।
পৱিত্ৰ শাওন মাহত শ্ৰাৱণ উৎসৱও অঞ্চল ভেদে পালন কৰা দেখা যায়।
যিহেতু সোমবাৰৰ ভগৱান শিৱৰ অতি প্ৰিয় বাৰ সেইবাবে শাওন মাহৰ সোমবাৰকেইটা অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।। ভক্ত সকলে এই পৱিত্ৰ শাওন মাহৰ প্ৰতিটো সোমবাৰ তে উপবাসত থাকি ভগৱান শিৱৰ মন্দিৰৰ শিৱলিংগত জলাভিষেক ,বেলপাত, গাখীৰ আদি অৰ্পণ কৰে। কোনো কোনো ভক্ত ই আকৌ গোটেই শাওন মাহতোতে নিৰামিষ ভোজন গ্ৰহণ কৰা দেখা যায়।
পৱিত্ৰ শাওন মাহক সেই বাবে আত্ম শুদ্ধিৰ মাহ বুলিও গণ্য কৰা হয়।
ভগৱান শিৱ আৰু শাওন মাহৰ সম্পৰ্ক হৈছে প্ৰকৃতি ত্যাগ আৰু ভক্তিৰ এক অপূৰ্ব সংমিশ্ৰণ। শাওন মাহে সোৱাঁৰাই দিয়ে যে ভগৱান শিৱৰ দৰে ত্যাগী আৰু ধৈৰ্যশীল হ'লে হে ভক্ত সকলে জীৱনৰ সকলো কষ্ট অতিক্ৰম কৰি এক সুন্দৰ জীৱন যাপন কৰিবলৈকে সক্ষম হয়।
এই পৱিত্ৰ শাওন মাহত ভগৱান শিৱৰ আৰু দেৱী পাৰ্বতীৰ আৰাধনা তথা উপসনা কৰিলে সকলো মনোবাঞ্ছা পূৰ্ণ হয় আৰু জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে বুলি বিশ্বাস কৰা হয়। পৱিত্ৰ শাওন মাহত ভগৱান শিৱৰ জলাভিষেক আৰু উপসনাই ভক্ত সকলৰ অশান্ত মনলৈ কঢ়িয়াই আনে এক অসীম শান্তি আৰু পৰম সন্তুষ্টি।এই মাহত দেৱৰো দেৱ মহাদেৱৰ উপসনা আৰু পৰম আশীৰ্বাদত ভক্ত সকলে মনত এক আধ্যাত্মিক চেতনা আৰু নতুন পোহৰ লাভ কৰিবলৈকে সক্ষম হয়।
21/07/2026
Hare Krishna Hare Krishna 🙏🙏🙏