ঐতিহ্যৰ অমৃত ধাৰা

ঐতিহ্যৰ অমৃত ধাৰা ভাৰতীয় ঐতিহ্য, সংস্কৃতি আৰু লোক-কথাৰ অপূৰ্ব সম্ভাৰ, ভৌতিক আৰু ৰহস্যময় কাহিনী
লগতে অনুভৱ,চুটি গল্প আৰু উক্তি।

27/08/2026
27/08/2026

ক্ষীণ পুৰাণ
************
আমাৰ এনাজৰী গ্ৰুপত আজি আকৌ আমি এসময়ত কোন কিমান ক্ষীণ আছিল তাৰ প্ৰসংগ ওলাল।আলোচনাৰ মাজতে নিজৰ জীৱনৰ এক দীৰ্ঘ কালৰ লগত জড়িত ক্ষীণ অৱস্থাটোৰ কথা মনত পৰি গল।সেইবাবে ৰাইজৰ আগত নিজৰ ক্ষীণ-পুৰাণ সন্দৰ্ভত অলপ নিলিখাকৈ নোৱাৰিলো।
সৰুতে মই যথেষ্ট ভাল স্বাস্থ্যৰ অধিকাৰীয়ে আছিলো।কিন্তু ক্লাছ ফাইভ মানৰ পৰা মোৰ খেল-ধেমালিৰ প্ৰতি প্ৰীতি আৰু খোৱা-বোৱাৰ প্ৰতি অনীহা বাঢ়িবলৈ ধৰিলে।খেলা -ধূলা মানে অলিম্পিকৰ খেল নহয় দেই।দৌৰা-দৌৰি, লুকা-ভাকু,দাৰীয়া কুটকুট ইত্যাদি।মই সেইসময়ত ভাত আৰু পাচলি খাব খুউব বেয়া পাইছিলো।গাখীৰটো মায়ে গম নোপোৱাকৈ প্ৰায়ে বেচিনত মনে মনে পেলাই দিছিলো।স্কুল লৈ প্ৰায়ে ভাত নোখোৱাকৈ আৰু স্কুলৰ পৰা আহিয়ে কেইটামান ভাত নাক-মূখে গুজি খেলিবলৈ ওলাই গৈছিলো।মোৰ নিজৰ এইবোৰ উৎপাতৰ বাবে অতি সোনকালে মই ক্ষীন সন্মানৰ অধিকাৰী হবলৈ সক্ষম হলো।স্কুল আৰু কলেজীয়া জীৱনত মোক দুই এজনে ক্ষীণ বুলি ঠাট্টা নকৰা নহয় পিচে সেই সময়ত সেই বোৰ কথাক গুৰুত্ব দিব লগা কথা বুলি ভবা নাছিলো।
ক্ষীণৰ বাবে গুৰুতৰ সমস্যাৰ সন্মুখীন হলো বিশ্ববিদ্যালয়ত পঢ়া সময়ৰ পৰা।হোষ্টেলত নাথাকি ঘৰৰ পৰা অহা-যোৱা কৰাৰ বাবে, সময়মতে ভালদৰে ভালকৈ খোৱা-বোৱা নকৰাৰ বাবে আৰু ক্ষীণাবলৈ ধৰিলো। মই ক্ষীণ কম দেখিবৰ বাবে চেলোৱাৰৰ কূৰ্তাবোৰ full shleve আৰু ঢিলা-ঢালা পিন্ধা আৰম্ভ কৰিলো।মোৰ লগৰ বিশ্ববিদ্যালয়ৰ এজনী সহপাঠী আছিল তায়ো মোৰ দৰে একেই ক্ষীণ আছিল।তাইৰ লগত ক্ষীণ বাবেই মোৰ লগত সুহৃদ সম্পৰ্ক গঢ়ি উঠিছিল। M.A পাচ কৰাৰ পাছত লাহে লাহে বিয়া বাৰুৰ কথা ঘৰত আৰম্ভ হল।মোৰ ক্ষীণৰ বাবে ঘৰৰ মানুহৰ চিন্তা বাঢ়িল।যেনে-তেনে মই শকত হব লাগে এতিয়া।কি যে যন্ত্ৰণা। শকত হবলৈ মই যিয়ে যেনেকৈ উপদেশ দিলে সকলোবোৰ কৰি গলো। পইতা ভাত,গাখীৰ, কাজু,ভিটামিন, জুচ ওজন বৃদ্ধিৰ হোমিওপ্যাথিক ঔষধ সকলো খাব ধৰিলো। নাই তথাপিও ওজন নাবাঢ়িল।
এইবাৰ মই ঘৰৰ ওচৰৰ তনুশ্ৰী হেল্থ ক্লাবত নামভৰ্ত্তি কৰিলো।মোৰ Instructor জন যথেষ্ট ভাল আছিল।তেখেতে মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।তেতিয়া হেল্থ ক্লাবটোত Wight lifting কৰা ছোৱালী একমাত্ৰ মই আছিলো।মোক দেখি প্ৰথমে লৰাবোৰে ফিচিঙা -ফিচিঙি কৰিছিল যদিও মোৰ squats মৰাৰ শক্তি দেখি সিহঁতৰ মূখৰ মাত বন্ধ হল আৰু মোক সমীহ কৰিবলৈ ধৰিলে।২০০০চনত মই কলা ক্ষেত্ৰত চাকৰিত যোগদান কৰাৰ পাছত মই হেল্থ ক্লাব লৈ যোৱা সময়ৰ অভাৱৰ বাবে বাদ দিছিলো যদিও মোৰ Stamina আগতকৈ বহুত বৃদ্ধি হল।কলা ক্ষেত্ৰত কামৰ যথেষ্ট হেচাৰ বাবে মোৰ স্বাস্থ্য ৰ বিশেষ উন্নতি নহল। কিছুমান সহকৰ্মী য়ে বতাহ দিলে ভালকৈ ধৰি থাকিবা নহলে উৰি যাবা এইবোৰ ধেমালি কৰা পৰিলক্ষিত হল। বিয়াৰ ঠিক কিছু দিন আগত এগৰাকী মহিলাই মোক ক্ষীণ বুলি বৰ বেয়াকৈ ঠাট্টা কৰিলে আৰু বিয়াৰ সময়তো দুই-এজনে ক্ষীণ বুলি মন্তব্য দিয়া দেখিলো মনৰ দুখতে ঈশ্বৰক অলপ শকত কৰি দিয়াৰ বাবে প্ৰাৰ্থনা জনালো। ঈশ্বৰে চাগে প্ৰাৰ্থনা শুনিলে বিয়াৰ পিছত আগতকৈ অলপ স্বাস্থ্যৰ উন্নতি হল।সেই দৰে সন্তান জন্ম ৰ সময়ত চেহেৰা যথেষ্ট ভাল আৰু সন্তান সৰু হৈ থাকোতে আকৌ চেহেৰা বেয়া হল।২০১২চন মানৰ পৰা কলাক্ষেত্ৰত আগতকৈ কামৰ হেচা কমিবলৈ ধৰিলে।ফলত আগতকৈ শকত হলো।২০১৫চন মানৰ পৰা মানুহে ক্ষীণৰ পৰা slim বুলি কবলৈ ধৰিলে।কলাক্ষেত্ৰৰ চাকৰি বাদ দিয়াৰ পাছত লাহে লাহে শকত হবলৈ ধৰিলো।Lockdown ৰ সময়ছোৱাত আৰু চাৰিকেজি বাঢ়িল।এতিয়া ওজন কমিবলৈ খোজ কাঢ়িবলৈকে আৰম্ভ কৰিছো।
শকত বা ক্ষীণ মানুহক বেছি ভাগ মানুহে হহা পৰিলক্ষিত হয়।মই ক্ষীণ থকাৰ সময়ছোৱাত ভালদৰে উপলব্ধি কৰা কেইটামান কথা উল্লেখ কৰিব বিচাৰিছো।
যেতিয়া কাৰোবাক ক্ষীণ বা শকত বুলি ঠাট্টা বা কোৱা যায় সেই মানুহ জনে আৰু শকত হৈ যোৱা যেন অথবা আৰু ক্ষীণ হৈ যোৱা যেন অনুভৱ কৰে।মানুহৰ এনে মন্তব্য ই আত্মবিশ্বাসত আঘাট সনাৰ লগতে হতাশাগ্ৰস্থতাটো ভূগিব লৈকে বহুত ক বাধ্য কৰা দেখা যায়।
বেছি ভাগ মানুহে মনৰ সৌন্দৰ্যতকৈ বাহ্যিক সৌন্দৰ্যতাত গুৰুত্ব দিয়া দেখা যায়।
শকত বা ক্ষীণ হোৱাটো মানুহৰ হাতত নাথাকে যদিও সঠিক আহাৰ গ্ৰহণ,নিয়মিত ব্যায়ামদ্বাৰা , Stress ,দুচিন্তা আদিৰ পৰা নিজকে মুক্ত কৰি উপযুক্ত স্বাস্থ্যৰ অধিকাৰী হবলৈ চেষ্টা কৰিব লাগে।
সঠিক পোচাক-পৰিচ্চদ,সুস্বাস্থ্য আদি বাহ্যিক সৌন্দৰ্য ৰ লগতে এক সুন্দৰ মন আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হবলৈ প্ৰচেষ্টা কৰা উচিত।লগতে নিজৰ আত্মবিশ্বাস আৰু নিজকে সদায় ভাল পাব চেষ্টা কৰা উচিত।
মোৰ পুৰণা বন্ধু বোৰক লগ পালে এতিয়া আমি কথা পাতো আমি ও যে এদিন শকত হম সপোনৰ আগোচৰ কথা আছিল।
শেষত সদায় এটা কথা মনত ৰখা উচিত যে এচাম মানুহৰ স্বভাৱ সকলোতে ঋণাত্মক মন্তব্য দিয়া। জীৱনটো চুটি ,ইয়াক উপভোগ কৰিবলৈ তেনে ব্যাক্তিৰ পৰা সদায়ে নিজকে দূৰত ৰখা উচিত।

শুভ জন্মাষ্টমী: শ্ৰী কৃষ্ণৰ আগমনৰ আনন্দ ***************************************ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰী কৃষ্ণই এই ...
26/08/2026

শুভ জন্মাষ্টমী: শ্ৰী কৃষ্ণৰ আগমনৰ আনন্দ
***************************************
ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰী কৃষ্ণই এই পৃথিৱীৰ পৰা অধৰ্ম-অন্যায়,পাপ আদিক নাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্য এই পৃথিৱীত মানৱ অৱতাৰ ৰূপে আৱিৰ্ভাৱ হৈছিল।
হিন্দু ধৰ্মৰ পৌৰাণিক গ্ৰন্থ সমূহত আৰু পুৰাণসমূহত উল্লেখ পোৱা অনুসৰি দ্বাপৰ যুগত ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত দুৰ্লভ ৰোহিনী নক্ষত্ৰৰ সংযোগত মাজনিশা মথুৰাৰ কংসৰ কাৰাগাৰত ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল।এই দিনটোক ভগৱান শ্ৰী কৃষ্ণৰ আৱিৰ্ভাব তিথি অথবা জন্মাষ্টমী বুলি জনা যায়।
মথুৰাৰ অত্যাচাৰী ৰজা কংসৰ অত্যাচাৰ ৰূপী অন্ধকাৰক নাশ কৰি এই ধৰাত ধৰ্মৰ পোহৰ বিলাবলৈকে বাসুদেৱ আৰু দৈৱকীৰ অষ্টম পুত্ৰ ৰূপে ভগৱান বিষ্ণুই শ্ৰী কৃষ্ণৰ অৱতাৰ ৰূপে অৱত্তীৰ্ণ হৈছিল।
সনাতন হিন্দু ধৰ্মত জন্মাষ্টমী অতি পৱিত্ৰ আৰু প্ৰধান উৎসৱ হিচাপে গণ্য কৰা হয়।
ভাৰতৰ বিভিন্ন ৰাজ্যত ৰীতি নীতি, ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি অনুসৰি জন্মাষ্টমী উৎসৱ উদযাপন কৰা দেখা যায়।
ভগৱান শ্ৰী কৃষ্ণৰ জন্মভূমি মথুৰা আৰু লীলা ভূমি বৃন্দাবনত অতি উলাহ -মালহেৰে জন্মাষ্টমী উৎসৱ পালন কৰা দেখা যায়। ইয়াৰ মন্দিৰসমূহত এই জন্মাষ্টমী উৎসৱৰ সময়ত ফুল, আলোক সজ্জা আদিৰে অতি সুন্দৰ ভাৱে সজাই পৰাই তোলা হয়। প্ৰায় এসপ্তাহ জুৰি ভক্ত আৰু স্থানীয় লোকৰ সহযোগত শ্ৰী কৃষ্ণৰ ৰাসলীলা মথুৰা আৰু বৃন্দাবনত পৰিবেশন কৰা দেখা যায়।
মথুৰা আৰু বৃন্দাবনৰ মন্দিৰ সমূহত জন্মাষ্টমীৰ দিনা বাল গোপাল অথবা শিশু কৃষ্ণৰ বিগ্ৰহক গাখীৰ, ঘিউ, মৌ আৰু গংগা জলেৰ স্নান কৰোৱায় অথবা মহাভিষেক কৰি সুন্দৰ বস্ত্ৰ , অলংকাৰ ফুলৰ মালাৰে সজাই এখন আটকধুনীয়া ঝুলনাত বহুৱাই ভক্ত সকলে অতি মৰমেৰে ঝুলনাখন ঝুলাই থকা দেখা যায়। ভগৱান শ্ৰী কৃষ্ণৰ প্ৰিয় খাদ্য মাখন,পায়স বিভিন্ন মিঠাই , ফলমূল প্ৰসাদ অথবা ভোগ হিচাপে আগবঢ়ায। বৃন্দাবন আৰু মথুৰাৰ মন্দিৰ সমূহত ৫৬ বিধ বিশেষ ব্যঞ্জনৰ এখন থালী অথবা ছাপন্ন ভোগ নামৰ বিশেষ ভোগ ভগৱান শ্ৰী কৃষ্ণৰ বাবে লগোৱা হয়।
বৃন্দাবনৰ মন্দিৰ সমূহত মাজ নিশা মহা আৰতিৰ বিশেষ আয়োজন কৰা হয়। জন্মাষ্টমীৰ পিছদিনা অতি ধুমধামেৰে দহিহান্ডি আৰু নন্দোৎসৱ পালন কৰা হয়।
মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পুনে চহৰত জন্মাষ্টমীৰ সময়ত দহি হান্ডি অথবা গোপাল কালা নামৰ এক দুঃসাহসিক খেলত অংশগ্ৰহণ দেখা যায়।ৰাজহুৱা স্থানত মাটিৰ পৰা বহু উৰ্দ্ধত দৈ অথবা মাখনেৰে পৰিপূৰ্ণ এক টেকেলি ৰছীৰে বান্ধি থোৱা থাকে । এই দুঃসাহসিক খেলত অংশগ্ৰহণ কৰা লোক সকলে এজনে আনজনৰ ওপৰত ‌উঠি মানৱ পিৰামিড সাজি দৈৰ টেকেলিটো ভঙাৰ চেষ্টা কৰে। যিটো দলে এই টেকেলিটো ভাগিবলৈকে সক্ষম হয় তেওঁলোকক বিজেতা ঘোষণা কৰাৰ লগতে পুৰস্কাৰ আদিৰে সন্মান প্ৰদান কৰা হয়।
গুজৰাটৰ দ্বাৰকাত অৱস্থিত দ্বাৰকাধীশ মন্দিৰত জন্মাষ্টমীৰ সময়ত এক বিশেষ আৰতিৰ আয়োজন কৰা হয়। জন্মাষ্টমীৰ সময়ত গুজৰাটত পৰম্পৰাগত গৰবা আৰু ৰাস নৃত্য পৰিবেশন কৰা দেখা যায়।
দক্ষিন ভাৰততো ভগৱান শ্ৰী কৃষ্ণৰ জন্মোৎসৱ জন্মাষ্টমী উৎসৱ অতি উলাহেৰে পালন কৰা দেখা যায়। ইয়াত জন্মাষ্টমীক "গোপালষ্টমী "নামেৰে জনা যায় আৰু শিশু কৃষ্ণৰ ভৰিৰ আৰ্হিত মহিলা সকলে চাউলৰ গুড়িৰে ঘৰৰ দুৱাৰ মুখৰ পৰা গোঁসাই ঘৰলৈকে সৰু সৰু ভৰি আঁকি ভগৱান শ্ৰী কৃষ্ণই ঘৰত প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা দেখা যায় ।
তামিলনাডুতো জন্মাষ্টমীত ,"উৰিয়াদি "নামৰ মহাৰাষ্ট্ৰৰ নিচিনা মাখনৰ টেকেলি ভগা পৰম্পৰাগত খেলৰ উদ্ যাপন কৰা দেখা যায়।
পশ্চিম বংগত শ্ৰী কৃষ্ণৰ ভক্ত সকলে জন্মাষ্টমীৰ দিনা গোটেই দিনটো উপবাসে থাকি ভগৱান শ্ৰী কৃষ্ণৰ উপসনা কৰে, নাম -সংকীৰ্তন আৰু পুৰাণ পাঠ কৰে ,তালৰ ৰসেৰে তালেৰ বড়া নামৰ এবিধ বিশেষ মিঠাই তৈয়াৰ কৰি বাল -গোপালৰ বিগ্ৰহক প্ৰসাদ হিচাপে আগবঢ়ায় ।
উৰিষ্যাতো জন্মাষ্টমী অতি ধুমধামেৰে পালন কৰা দেখা যায়। ইয়াতো ভক্ত সকলে গোটেই দিনটো উপবাস থাকি শ্ৰী কৃষ্ণৰ জন্মৰ পিছত অৰ্থাৎ মাজনিশা উপবাস ভাঙি প্ৰসাদ আৰু ভোগ গ্ৰহণ কৰে।জগন্নাথ মহাপ্ৰভুৰ মন্দিৰতো বিশেষ ৰীতি -নীতি ,পৰম্পৰাৰে জন্মাষ্টমী উৎসৱ মহা ধুমধামেৰে পালন কৰা দেখা যায়।

মনিপুৰতো অতি আড়ম্বৰেৰে জন্মাষ্টমী পালন কৰা দেখা যায়। মণিপুৰৰ ইম্ফলৰ শ্ৰী শ্ৰী গোবিন্দ জী মন্দিৰত ধ্ৰুপদী নৃত্য আৰু মহা -ৰাস পৰিবেশন কৰা হয়।

অসমতো ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ অতি উলাহ -মালহেৰে উদ্ যাপন কৰা হয়।নামনি অসমৰ পৰা উজনি অসমৰ সকলো শ্ৰীকৃষ্ণৰ মন্দিৰ, নামঘৰ ,সত্ৰ সমূহত অতি ভক্তি আৰু আধ্যাত্মিকতাৰে জন্মাষ্টমী উৎসৱ পালন কৰা দেখা যায়। জন্মাষ্টমী দিনা ৰাতিপুৱাই শ্ৰী কৃষ্ণৰ মন্দিৰ সমূহ বৈষ্ণৱ পৰম্পৰাৰ মূল উপসনা স্থলী নামঘৰ আৰু সত্ৰসমূহত পৰিস্কাৰ পৰিচন্ন কৰি অতি সুন্দৰ কৈ সজাই পৰাই তোলা হয়।পুৱাৰে পৰা এই নামঘৰ আৰু সত্ৰসমূহত খোল, তাল ,ডবা আদিৰে পৰিবেশন কৰা অখন্ড নাম প্ৰসংগৰে সমগ্ৰ আকাশ পাতাল মুখৰিত হৈ পৰা দেখা যায়। ভক্ত সকলে এইদৰে অখন্ড নাম প্ৰসংগ আৰু শ্ৰী কৃষ্ণ বন্দনাৰে জন্মাষ্টমীৰ দিনাএক অপূৰ্ব আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰা দেখা যায় আৰু সকলোৱে শ্ৰী কৃষ্ণৰ ভক্তিৰসত ডুব যোৱা পৰিলক্ষিত হয়।ভগৱান শ্ৰী কৃষ্ণৰ জন্ম ক্ষণতো বিশেষ ৰীতি-নীতি পালন কৰা দেখা যায় আৰু শ্ৰী কৃষ্ণৰ জন্মৰ পিছত অৰ্থাৎ মাজনিশা প্ৰসাদ খাই ভক্ত সকলে গোটেই দিনটোত থকা উপবাস ভগা দেখা যায়। মাজুলীৰ সত্ৰ সমূহ আৰু বিভিন্ন অঞ্চলৰ নামঘৰত জন্মাষ্টমীৰ নিশা অথবা পিছ দিনা অংকীয়া নাট আৰু ভাওনা আদিও পৰিবেশন কৰা দেখা যায়,কোনো কোনো সত্ৰত গায়ন বায়ন, সত্ৰীয়া নৃত্য, ভাগৱত পাঠ, পালনাম আদিৰ আয়োজন কৰা হয়। মাজুলী আৰু বিভিন্ন ঠাইত জন্মাষ্টমীৰ দিনা সত্ৰীয়া নৃত্য প্ৰতিযোগিতা , বৰগীত প্ৰতিযোগিতা,দিহা নাম ,ঘোষা নাম আদিৰ প্ৰতিযোগিতাও অনুষ্ঠিত হোৱা দেখা যায়।
জন্মাষ্টমীৰ সময়ত উজনি অসমৰ বিভিন্ন অঞ্চলত আৰু বিশেষকৈ সত্ৰ সমূহত বোকা ভাওনা অথবা বোকা খেলো অনুষ্ঠিত হোৱা দেখা যায়।
অসমৰ বৰপেটা চহৰত জন্মাষ্টমীৰ দিনা ডেকা গাভৰু সকলে দিনটো উপবাসে থাকি নখন্দানদীৰ পাৰত দিনটো অতিবাহিত কৰে । সন্ধিয়া সময়ত কীৰ্তন ঘৰত বন্তি প্ৰজ্বলন ,নাম প্ৰসংগ আদিত ভক্ত সকলে অংশ গ্ৰহণ কৰে আৰু মাজনিশা শ্ৰী কৃষ্ণৰ জন্মাৰ পিছত উপবাস ভাঙি মাহ -প্ৰসাদ গ্ৰহণ কৰে।
অসমৰ বিভিন্ন অঞ্চলত জন্মাষ্টমীৰ দিনা ধৰ্মীয় পতাকা উত্তোলন,শোভাযাত্ৰা , বৃক্ষৰোপণ আদি কাৰ্য্য সূচী পালন কৰাও দেখা যায়।
জন্মাষ্টমী উৎসৱ যে কেৱল ভাৰততে উদ্ যাপন কৰা হয় তেনে নহয় নেপাল, বাংলাদেশ শ্ৰীলঙ্কা,ফিজি, মৰিছাছ আৰু গায়না আদি দেশতো শ্ৰী কৃষ্ণৰ জন্মোৎসৱ অথবা জন্মাষ্টমী মহা আড়ম্বৰেৰে পালন কৰা হয়। সমগ্ৰ বিশ্বজুৰি থকা ইস্কন মন্দিৰ সমূহতো অতি উলাহ -মালহেৰে জন্মাষ্টমী উৎসৱ পালন কৰা হয়।এই ইস্কন মন্দিৰ সমূহৰ‌ উদ্যোগত আনকি আমেৰিকা যুক্তৰাষ্ট্ৰ , ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াটো হাজাৰ ,হাজাৰ বিদেশী ভক্ত ই পৰম্পৰাগত হিন্দু সাজ পোচাক পৰিধান কৰি কপালত চন্দনৰ ফোঁট অথবা তিলক লগাই শ্ৰী কৃষ্ণৰ ভজন সংকীৰ্তন কৰি ভক্তিৰসত সম্পূৰ্ণ ৰূপে বিলীন হৈ জন্মাষ্টমী উৎসৱ পালন কৰা দেখা যায়।
জন্মাষ্টমী কেৱল উৎসৱেই নহয় ই হৈছে ধৰ্ম, ভক্তি আৰু আনন্দৰ এক অপূৰ্ব সংমিশ্ৰণ। যদিও ভাৰতৰ বিভিন্ন অঞ্চলত জন্মাষ্টমী নিজৰ নিজৰ স্বকীয় সংস্কৃতি আৰু পৰম্পৰা ,ধৰ্মীয় ৰীতি- নীতি অনুসৰি উদ্ যাপন কৰা হোৱা দেখা যায়, তথাপিও প্ৰত্যেক অঞ্চলৰে জন্মাষ্টমী উদ্ যাপন কৰাৰ মূখ্য উদ্দেশ্য হ'ল ভগৱান শ্ৰী কৃষ্ণ জন্মৰ বাবে ভক্ত সকলে কৰা আনন্দ তথা ভক্তি ৰসৰ অপূৰ্ব প্ৰদৰ্শন।। ভগৱান শ্ৰী কৃষ্ণই অধৰ্মক নাশ কৰি ধৰ্মৰ প্ৰতিষ্ঠাৰ বাবে পৃথিৱীলৈ অতি বিপদ সংকুল পৰিস্থিতিত আগমনৰ কৰাৰ স্মৃতিক ভক্ত সকলে জন্মাষ্টমীৰ দিনা গভীৰ ভক্তি সহকাৰে সোৱঁৰে, ভক্তি শ্ৰদ্ধা, আনন্দ প্ৰকাশ কৰে আৰু ভগৱান শ্ৰী কৃষ্ণৰ আশীৰ্বাদেৰে জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰে।
জয় শ্ৰী কৃষ্ণ🙏

ৰক্ষা বন্ধন বা ৰাখীবন্ধন:মৰম আৰু সুৰক্ষাৰ পৱিত্ৰ*********************************************** এনাজৰী:**********ভাৰতীয়...
25/08/2026

ৰক্ষা বন্ধন বা ৰাখীবন্ধন:মৰম আৰু সুৰক্ষাৰ পৱিত্ৰ
***********************************************
এনাজৰী:
**********
ভাৰতীয় সংস্কৃতিৰ এক অতি পৱিত্ৰ আৰু জনপ্ৰিয় উৎসৱ হ'ল ৰক্ষা বন্ধন বা ৰাখীবন্ধন।প্ৰতি বছৰে ‌শাওঁন মাহৰ পূৰ্ণিমা তিথিত এই পৱিত্ৰ উৎসৱ পালন কৰা দেখা যায়।
ৰাখী শব্দৰ অৰ্থ হৈছে ৰক্ষা আৰু বন্ধন শব্দৰ অৰ্থ হ'ল বন্ধা।এই পৱিত্ৰ ‌দিনটোত ভগ্নী সকলে নিজৰ ককায়েক আৰু ভ্ৰাতৃ সকলৰ সোঁহাতৰ মনিবন্ধত ৰাখী অথবা পৱিত্ৰ ধাগা / সূতা বান্ধি তেওঁ লোকৰ দীৰ্ঘায়ু আৰু কল্যাণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ পৰিবৰ্তে ককায়েক -ভায়েক হতেঁ আজীৱন নিজৰ ভগ্নী সকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এই উৎসৱৰ দিনা ‌ৰাতিপুৱাই ভগ্নী সকলে স্নান কৰি ভগৱান পূজা অৰ্চনা কৰে আৰু তাৰ পিছত এখন থালীত ধূপ- চাকি, মিঠাই চন্দন ,ৰাখী আদি সুন্দৰ কৈ সজাই ককায়েক- ভায়েক সকলক কপালত সেন্দুৰ নাইবা চন্দনৰ ফোট অথবা তিলক লগাই আৰতি কৰি হাতত ৰাখী বান্ধে আৰু মিঠাই খোৱায় ঠিক সেইদৰে ভ্ৰাতৃ সকলেও ভগ্নী সকলক উপহাৰ আৰু আজীৱন সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এই সৰু অনুষ্ঠানটোতে নিহিত হৈ আছে ভ্ৰাতৃ আৰু ভগ্নী সকলৰ মাজত থকা গভীৰ নিঃস্বাৰ্থ প্ৰেম আৰু আস্থা।
ৰাখীবন্ধনৰ ইতিহাস অতি পুৰণি। মহাভাৰতৰ যুগৰ পৰাই ৰাখীবন্ধনৰ উল্লেখ পোৱা যায়। ছেদীৰাজ শিশুপালক বধ কৰাৰ সময়ত সুদৰ্শন চক্ৰৰ তীক্ষ্ণ ধাৰে শ্ৰী কৃষ্ণৰ তৰ্জনী আঙুলিত আঘাত লাগি কাটি যায় আৰু আঙুলিৰ পৰা তেজ নিগৰি ববলৈকে ধৰে।তাকে দেখি দ্ৰৌপদীয়ে অনতি পলমে নিজে পিন্ধি থকা মূল্যৱান শাড়ীখনৰ‌ আঁচল ফালি ততাতৈয়াকৈ আঙুলিত বান্ধি তেজ ওলোৱা বন্ধ কৰে। দ্ৰৌপদীৰ এনে নিঃস্বাৰ্থ প্ৰেম আৰু ভাৱনা দেখি শ্ৰী কৃষ্ণ অতিকৈ আবেগিক হৈ পৰে। তেওঁ তেতিয়াৰ পৰা দ্ৰৌপদীক নিজৰ ভগ্নী ৰূপে জ্ঞান কৰিবলৈকে ধৰে আৰু অনাগত ভৱিষ্যতে যিকোনো বিপদৰ পৰা সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এই ঐতিহাসিক ঘটনাৰ পৰাই ৰক্ষা বন্ধন বা ৰাখীবন্ধনৰ পৰম্পৰা ভাৰতবৰ্ষত আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়।
পৰৱৰ্তী সময়ত যেতিয়া কুৰু ৰাজসভাত দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া শ্ৰী কৃষ্ণই নিজৰ অলৌকিক লীলা দ্বাৰা বস্ত্ৰ প্ৰদান কৰি দ্ৰৌপদীৰ মৰ্যদা ৰক্ষা কৰিছিল।
এই আখ্যানৰ পৰা জনা যায় যে ৰাখী কেৱল কোনো সাধাৰণ সূতা নহয় ই হৈছে বিশ্বাস, আস্থা আৰু সুৰক্ষাৰ প্ৰতীক।
হিন্দু ধৰ্মৰ বিভিন্ন পৌৰাণিক আখ্যানতো ৰাখীবন্ধনৰ কথা উল্লেখ পোৱা যায়।
পৌৰাণিক আখ্যান অনুসৰি এবাৰ পাতলৰ অধিপতি বলিয়ে ভগৱান বিষ্ণুক পাতালত ৰখাৰ বাবে বৰ খুজিছিল। ভগৱান বিষ্ণুই এই বৰদান পাতালৰ অধিপতি বলিক প্ৰদান কৰাৰ বাবে বৈকুণ্ঠ এৰি পাতাললোকত বাস কৰিব লগা হয়। ভগৱান বিষ্ণুৰ অবৰ্তমানত বৈকুণ্ঠ ধাম একেবাৰে শূণ্য হৈ পৰে। ভগৱান বিষ্ণুক পুনৰ বৈকুণ্ঠলৈকে ঘূৰাই অনাৰ বাবে মা লক্ষ্মী দেৱীয়ে এক সাধাৰণ মহিলাৰ ভেশ ধাৰণ কৰি পাতাললৈ গৈ ৰজা বলিক ৰাখী অথবা পৱিত্ৰ সূতা হাতত বান্ধি ভাতৃৰূপে গ্ৰহণ কৰে আৰু প্ৰতিদান স্বৰূপে ভগৱান বিষ্ণুক বৈকুণ্ঠ লৈকে পুনৰ ঘূৰাই পঠিয়াবলৈকে অনুৰোধ জনায়।মা লক্ষ্মী দেৱীৰ অনুৰোধ মৰ্মে ৰজা বলিয়ে ভগৱান বিষ্ণুক পুনৰ বৈকুণ্ঠ লৈকে ঘূৰাই পঠিয়ায়।
আন এক পৌৰাণিক আখ্যান অনুসৰি এবাৰ মৃত্যুৰ দেৱতা যমে নিজৰ ভগ্নী যমুনাক কৰ্তব্যৰ খাতিৰত ১২ বছৰ দিন ধৰি লগ নকৰাৰ বাবে যমুনাই মনত বৰ দুখ পাই আছিল। সেই বাবে যমে এদিন (শাওন মাহৰ পূৰ্ণিমা তিথিত)তেওঁৰ ভগ্নী যমুনাক লগ ধৰিবলৈকে যমুনাৰ ঘৰত উপস্হিত হয়। তেতিয়া যমুনাই ভাতৃ যমৰ উপস্থিতিত আনন্দ আত্মহাৰা হৈ পৰে আৰু বিভিন্ন সুস্বাদু আহাৰেৰে আপ্যায়ন কৰাৰ পিছত যমৰ সুৰক্ষা আৰু কল্যাণ চিন্তা কৰি সোঁহাতত মনিবন্ধত এডাল পৱিত্ৰ সূতা অথবা ৰাখী বান্ধি দিয়ে। ভগ্নী যমুনাৰ এই মৰম আৰু ভাৱনা দেখি যম অতি সুপ্ৰসন্নহৈ যমুনাক অমৰত্বৰ বৰ দান কৰে।লগতে যমৰাজে ইয়াকো ঘোষণা কৰে যে এই পৱিত্ৰ দিনটোত যিসকল ভগ্নীয়ে নিঃস্বাৰ্থ প্ৰেম আৰু ভক্তিৰে নিজৰ ভাতৃৰ হাতত ৰাখী বান্ধিব সেই ভাতৃক যমৰাজে অকাল মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব। উক্ত ঘটনাৰ পিছত ভাই ভনীৰ এই পৱিত্ৰ ৰাখী বন্ধন উৎসৱ মৰ্ত্যত প্ৰৱৰ্তন হ'ল বুলি বহুতে বিশ্বাস কৰে।
মধ্যযুগত যেতিয়া গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিবলৈকে উদ্যত হৈছিল তেতিয়া চিতোৰৰ বিধৱা ৰাণী কৰ্ণাৱতীয়ে নিজৰ ৰাজ্য ৰক্ষাৰ বাবে মোগল সম্ৰাট হুমায়ুনলৈকে পত্ৰৰ লগত পৱিত্ৰ ৰাখী প্ৰেৰণ কৰিছিল। তেওঁ ভাতৃ হিচাপে হুমায়ুনৰ পৰা বাহাদুৰ শ্বাহৰ বিৰুদ্ধে সামৰিক সহায় বিচাৰি অনুৰোধ জনাইছিল। ৰাণী কৰ্ণাৱতীৰ অনুৰোধ ৰক্ষা কৰি আৰু ৰাখীৰ প্ৰতি সন্মান জনাই মোগল সম্ৰাট হুমায়ুনে মোগল সেনা বাহিনী চিতোৰলৈকে পঠিয়াইছিল বুলি জনা যায়।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে যেতিয়া ১৯০৫ চনত ব্ৰিটিছ চৰকাৰে ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ ষড়যন্ত্ৰ ৰচিছিল তেতিয়া তেওঁ হিন্দু -মুছলমান সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰিবলৈকে ৰাখীউৎসৱ উদযাপন কৰিছিল। হিন্দু মুছলমান উভয় সম্প্ৰদায়ে ইজনে সিজনৰ হাতত ৰাখী বান্ধি ব্ৰিটিছ চৰকাৰৰ Devide and rule policy ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
ৰাখীবন্ধনৰ লগত জড়িত কাহিনী তথা আখ্যান সমূহৰ পৰা এইটো কথা উপলব্ধি কৰা হয় যে ই কেৱল উৎসৱেই নহয় ই হৈছে মৰম, সুৰক্ষা , বিশ্বাস আৰু মানৱতাৰ বান্ধোন।
ৰাখীবন্ধনত যে কেৱল তেজৰ সম্পৰ্ক থকা নিজৰ ভাতৃ সকলৰ হাতত হে পৱিত্ৰ ৰাখী বন্ধা হয় এনে নহয়, নিজৰ ভাতৃ সম জ্ঞান কৰা ব্যক্তি, সন্মানীয় ব্যক্তি,গুণী জ্ঞানী ব্যক্তি সকলকো পিন্ধোৱা দেখা যায়। দেশৰ সীমান্তৰ সুৰক্ষাত নিয়োজিত সৈনিক সকললৈকে দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভগ্নী সকলে তেওঁ লোকৰ দীৰ্ঘায়ু কামনা কৰি ৰাখী প্ৰেৰণ কৰে ।এইদৰে ৰাখী বান্ধোনে সমাজত সমন্বয় আৰু ভাতৃতাবোধৰ সেতু গঢ়ি তোলা পৰিলক্ষিত হয়।
ভাৰতৰ বিভিন্ন প্ৰান্তৰত এই পৱিত্ৰ ৰাখীবন্ধন উৎসৱ বিভিন্ন নামেৰে আৰু স্বকীয় পৰম্পৰাৰে পালন কৰা দেখা যায়।
ৰাখীবন্ধন কেৱল এক উৎসৱেই নহয় ই হৈছে ভাতৃ আৰু ভগ্নী সকলৰ মাজত থকা আস্থা ,নি়ঃস্বাৰ্থ প্ৰেম আৰু আন্তৰিকতাৰ প্ৰতীক।। ৰাখী বন্ধনে ভাতৃ আৰু ভগ্নী সকলৰ মাজত থকা নিবিড় সম্পৰ্কক আৰু মজবুত, শক্তিশালী কৰি তোলাত সহায় কৰে লগতে সমাজলৈকেও শান্তি -সমন্বয় আৰু ভাতৃতাবোধৰ বাৰ্তা কঢ়িয়াই আনে।

Address

Gandhibasti
Gauhati
781003

Website

Alerts

Be the first to know and let us send you an email when ঐতিহ্যৰ অমৃত ধাৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category