27/08/2022
কোনেনো শুনিব হিয়াৰ বিননি !
আপুনি বাৰু দুখীয়া নিচলাৰ প্ৰতিধ্বনি শুনে নে?
প্ৰতিধ্বনি শুনো মই,প্ৰতিধ্বনি শুনো! সেয়া ৰংমন খুৰা,ধনীৰাম বসুমতাৰী ,ইছলাম চাচাৰ সংসাৰ জীৱনৰ প্ৰতিধ্বনি শুনো। "এই কেইটা টকাৰে মই তুমি কোৱা দাইল,চাউল,চেনি,মিঠাতেল সকলোবোৰ কেনেকৈ নো আনো। কোনোমতে আলু পিতিকাৰে চলাই নিয়া। মোৰ আৰু উপায় নাই। বস্তুৰ ইমান দাম!" এক হাহাকাৰ,পোৱা নোপোৱাৰ বেদনাৰ নগ্ন প্ৰতিধ্বনি এয়া! মহোদয়, আপুনি বাৰু শুনে নে সাধাৰণ জনতাৰ হিয়াৰ প্ৰতিধ্বনি ?
দিনে দিনে অত্যাৱশকীয় বস্তুৰ দাম ঘোঁৰাৰ দৌৰত বৃদ্ধি পাই আছে যি সবসাধাৰণ লোকৰ ওপৰত মাধমাৰ সুধাই আছে। প্ৰতিটো নিৰ্বাচনৰ আগত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ মূল বিষয় হয় প্ৰতিটো দলৰে। ও মনত পৰিছে, এই যে আমাৰ আইতা গৰাকী আৰু আপোনাৰ সেনানীসকলে মূল্য বৃদ্ধিক লৈ কৰা নাটক বোৰ বৰকৈ মনত পৰিছে!
বিৰোধী পক্ষত থাকোতে সকলোৱে মূল্য বৃদ্ধিৰ বিপক্ষে এখন নাটক কৰে আৰু ক্ষমতা পোৱাৰ পিছত ? মাননীয় মহোদয়, মহোদয় জানে নে এই যে গড়চুকৰ বড়ো আইতা -খুৰীহতঁৰ কেৰাচিন তেল তথা সৰু সৰু বস্তু বিলাক লৈ গ্ৰাহকৰ মুখৰ ফালে চাই থকা কলা মুখবোৰ ,প্ৰখৰ ৰদত যাত্ৰীৰ বাবে ৰৈ থকা ৰিক্সাচালক সকলৰ মুখলৈ চালে খুব কষ্ট হয়। গোটেই দিন টো চিন্তা কৰিও দিনটোৰ বাজেট মিলাব নোৱাৰে।গভীৰ ৰাতিত বুকুত প্ৰতিধ্বনিত হয় এওঁলোকৰ বেদনাৰ ছন্দবোৰ। আপোনাৰ বেয়া লাগে নে?
মহোদয়, মূল্য বৃদ্ধিক লৈ ৰাজনীতি বন্ধ কৰা হওঁক । প্ৰকৃত অৰ্থত মূল্য বৃদ্ধি ৰোধ কৰিবলৈ বস্তুৰ যোগান হে বৃদ্ধি কৰিব লাগিব। অসমৰ পতিত মাটিত,চৰ চাপৰিত,জনজাতীয় এলেকাত অত্যৱশকীয় বস্তুবোৰ উৎপাদন কৰিবলৈ যথেষ্ট সম্ভাৱনা আছে। লাগে মাথো কৰ্পৰেট সকলৰ মন সন্তস্ট কৰাত ব্যস্ত নাথাকি উপযুক্ত তথা বিজ্ঞানসন্মত ব্যৱস্হা লোৱাৰ। কৃষিক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে কিন্তু নাই বাস্তৱসন্মত পৰিকল্পনাৰ সফল ৰূপায়ণ।
।।।।।।
মহোদয় এই যে ৰংমন খুৰা,ধনীৰাম বসুমতাৰী,ইছলাম চাচাই কোনোমতে জীয়াই থাকিব বিচাৰে। নিবিচাৰে দামী গাড়ী,এ চি যুক্ত কোঠালি, হোটেলৰ দামী খাদ্য। বিচাৰে মাথো দাইল আলু পিতিকাৰে এসাঁজ পেট ভৰাই খাৱ। জানে মহোদয় গভীৰ ৰাতিত বুকুত প্ৰতিধ্বনিত হয় এওঁলোকৰ বেদনাবোৰ। মহোদয় আপোনাৰ হয় নে?