11/09/2026
আজি ১১ চেপ্তেম্বৰ, ২০২৬ তাৰিখে কে চি দাস কমাৰ্চ কলেজৰ এই বৰ্ষৰ নৱাগত আদৰণী সভাখন অনুষ্ঠিত হৈ যায়। পুৱা ৯ বজাৰপৰা ভিন ভিন কাৰ্যসূচীৰে অনুষ্ঠানৰ আৰম্ভণি হয়। ১১ বজাৰপৰা অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত অধ্যক্ষ ড° হৃষীকেশ বৰুৱাই মহাবিদ্যালয় পৰিয়ালৰ হৈ আদৰণী ভাষণ প্ৰদান কৰে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ২০২৪ বৰ্ষৰ "অসম বৈভৱ" বঁটাপ্ৰাপক, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা (PVSM, UYSM, AVSM, SM, VSM)। অসমৰ সংবাদ জগতৰ এগৰাকী বিশিষ্ট সংবাদকৰ্মী News18 Assam/North East অৰ সম্পাদক পৰাগমণি আদিত্যই উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে আসন শুৱনি কৰে। সভাখনত কে চি দাস কমাৰ্চ কলেজ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যুত অম্লানদীপ দাস সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শ্ৰী চৈয়ম কুমাৰে পুৰণি ছাত্ৰ-ছাত্ৰীৰ তৰফৰপৰা নৱাগত সকলক আনুষ্ঠানিক ভাৱে আদৰণি জনায়। মহাবিদ্যালয়খনৰ দুগৰাকী উপাধ্যক্ষ ক্ৰমে ড° বিজয় কলিতা আৰু ড° প্ৰাৰ্থনা বৰুৱাই শিক্ষকসকলৰ তৰফৰপৰা নৱাগতসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। কে চি দাস কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° স্বপ্না স্মৃতি মহন্তই মুকলি অধিৱেশনখন পৰিচালনা কৰে। ইয়াৰ পিছতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ ভিন্নৰঙী কাৰ্যসূচীৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে।
Today, on 11 September 2026, the Freshers’ Social Programme of K.C. Das Commerce College for the current academic year was held with great enthusiasm. The programme commenced at 9:00 AM with various events.
The open session began at 11:00 AM with a welcome address by the Principal, Dr. Hrishikesh Baruah, on behalf of the college fraternity. The Chief Guest of the programme was Lieutenant General Rana Pratap Kalita (PVSM, UYSM, AVSM, SM, VSM), recipient of the “Asom Baibhav” Award in 2024 and Chancellor of Pragjyotishpur University. Renowned journalist Paragmoni Aditya, Editor of News18 Assam/North East, graced the occasion as the Chief Guest. Sjt Amlandeep Das, President of the Governing Body of K.C. Das Commerce College, was also present in the meeting as the Guest of Honour. Mr. Saiyam Kumar, General Secretary of the Students’ Union, formally welcomed the freshers on behalf of the senior students. The two Vice-Principals of the college, Dr. Bijoy Kalita and Dr. Prarthana Barua, addressed the newcomers on behalf of the teaching fraternity. The open session was conducted by Dr. Swapna Smriti Mahanta, Head of the Department of Assamese and Professor-in-Charge of the K.C. Das Commerce College Students’ Union. Following the open session, a colourful cultural programme featuring a variety of performances by both the new and old students was organised. Popular contemporary singer Dipanwita Deka also graced the occasion as the invited artist and enthralled the audience with her musical performances.
Hrishikesh Baruah