30/01/2026
পুৱাই দুখৰ খবৰ
সমাজসেৱক, সুঠাম যুৱক তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ধলা-শদিয়া আঞ্চলিক সমিতিৰ সভাপতি ভাতৃপ্ৰতীম প্ৰশান্ত মৰাণ কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। আজি
সকলোকে নিঠৰুৱা কৰি এই সংসাৰৰ পৰা মেলানি মাগে।ভাতৃপ্ৰতীম প্ৰশান্ত মৰাণৰ পৰলোকপ্ৰাপ্তিৰ খবৰে আমাৰ সকলোকে মৰ্মাহত কৰিছে । ভাতৃৰ বিদেহ আত্মাই সৰগত চিৰশান্তি লাভ কৰক তাৰ কামনাৰে মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।