Shri Shri Aniruddha Deva Adarsha Jatiya Vidyalaya

  • Home
  • Shri Shri Aniruddha Deva Adarsha Jatiya Vidyalaya

Shri Shri Aniruddha Deva Adarsha Jatiya Vidyalaya P.O : Kordoiguri(Talap), DIST : Tinsukia(Assam) PIN : 786156

04/10/2022
আপোনালোকৰ বন্ধু/বান্ধৱী বা ঘৰৰ ওচৰৰ কোনোৱা ছাত্র - ছাত্ৰী আছে নেকি, যি সকলে এইবাৰ Hgher Secondary(HS)  School ত পঢি আছে।...
24/04/2020

আপোনালোকৰ বন্ধু/বান্ধৱী বা ঘৰৰ ওচৰৰ কোনোৱা ছাত্র - ছাত্ৰী আছে নেকি, যি সকলে এইবাৰ Hgher Secondary(HS) School ত পঢি আছে। তেওলোকক জনাই দিয়ক যে AHSEC Board ৰ কিতাপ বোৰ Download কৰি পঢিব পাৰিব । AHSEC 2nd year ৰ কিতাপ ঘৰতে বহি Mobile ত তলত দিয়া Link টোৰ পৰা PDF file Download কৰিব পাৰিব .

Download ৰ বাবে ক্লিক কৰক
👇👇👇👇👇👇👇👇👇
https://www.asomiyayuva.com/download-ahsec-e-books-arts-commerce-science-assamese-english-bengali/

ছাত্ৰ - ছাত্ৰীৰ সুবিধা কাৰণে এই Message সকলোৱে Share কৰি দিয়ে যেন।
কিতাপ বোৰ অসমীয়া, ইংৰাজী সকলোৰে PDF file.

Download AHSEC E- Books : Assam Higher Secondary Education Council or AHSEC , the official state board for class 11th and 12th students of Assam has released e

30/03/2020

কথা খাৰ ভাল লাগিল গতিকে কপি কৰি আপোনালোকলৈ আগবঢ়ালোঁ…

প্ৰত্যেক কামৰে দুটা দিশ থাকে। এটা ভাল আনটো বেয়া। Covid-19 য়ে গোটেই বিশ্বতে মহামাৰীৰ ৰূপ লৈছে। স্বাভাৱিক জীৱন স্তব্ধ হৈ পৰিছে।
#ক'ৰোণাই কেৱল বেয়াই কৰিছেনে?
মানৱ সভ্যতালৈ কঠিন সময় ক'ৰোণাই আনিছে যদিও তাৰ মাজতে বহু ভাল দিশত আমাক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছে।
👉 লকডাউনৰ ফলত পৃথিৱীত শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ অভূতপূৰ্বভাৱে কমিছে।
👉 গোলকীয় উষ্ণতা বহুপৰিমাণে হ্ৰাস পাইছে।
পৰিভ্ৰমী চৰাইবোৰে মুকলিভাৱে আকাশত উৰি ফুৰিব পাৰিছে।
👉 পাৰমাণৱিক বোমা, মিছাইল, যুদ্ধ বিমান আদিৰে যুদ্ধ যুদ্ধ খেল খেলি ভালপোৱা ৰাষ্ট্ৰনায়কে আজি বুজি উঠিছে—"মানুহ মাৰা সহজ, প্ৰাণ ৰক্ষা কৰা অনেক কঠিন।
👉 সন্ত্ৰাসবাদী কাৰ্যকলাপ গোটেই বিশ্বতে কমিছে। উগ্ৰ নায়কসকলেও মৃত্যু ভয়ত তাপ মাৰিছে।
👉 নাগৰিকত্বৰ প্ৰমাণ অবিহনে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানত সু-নাগৰিকৰ কৰ্তব্য পালনত সহযোগ কৰিছে।
👉 যান-জঁট, দূৰ্ঘটনা হ্ৰাস পাইছে। বতাহত উৰি ফুৰা উদঙীয়া সকলক ক'ৰোণাই নাকী লগাইছে।
👉 হত্যাকাৰী, চোৰ-ডকাইত আদি কয়দীসকলে লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ এতিয়া মাক্স, চেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ হাত উজান দিছে।
👉 গোটেই বছৰ উচটনিমূলক, প্ৰৰোচনামূলক ভাষণ দিয়া নেতাবোৰৰ সেল্ফ কোয়াৰান্টাইড হৈছে আৰু প্ৰকৃত জননেতাসকল মানুহৰ জীৱন বচোৱাৰ নেতৃত্ব লৈছে।
👉 ঈশ্বৰ, আল্লা, গড্ ৰ নামত ঠিকা লোৱা
ধৰ্মগুৰুসকল মন্দিৰ, মছজিদ, গীৰ্জাৰ দুৱাৰ বন্ধ হোৱাৰ লগে লগে, 'মানৱ ধৰ্ম' ৰ ওচৰত নিজৰ মুখ লুকুৱাইছে।
👉 ঘুষখোৰ পুলিচ বুলি বদনাম থকা পুলিচেও আজি পথত নামি, জীৱনলৈ পৰোৱা নকৰি নিজৰ দায়িত্ব পালন কৰিবলৈ লৈছে।
👉 হিংসা, ধৰ্ষণ, চিলনী-চোৰ, মৰেল পুলিচ, ভূ-মাফিয়াৰ দাদাগিৰি কমিছে ।
👉 নাৰীয়ে নিজকে সুৰক্ষিত কৰিব পৰা হৈছে।
👉 ধনী আঢ্যৱন্ত মানুহেও মিতব্যয়ী হ'বলৈ শিকিছে।
👉 জ্যোতিষীসকলেও ষ্টোন বেচি মানুহৰ জীৱন ৰক্ষা কৰাৰ সলনি নিজৰ স্বাস্থ্যবিধি মানিবলৈ বাধ্য হৈছে।
👉 ৰাজনৈতিক দল, নেতাৰ বোকা পানী ছটিওৱা খেল কমিছে, আৰু ৰাইজক সেৱা কৰিবলৈ সুবিধা পাইছে।
👉 পৰিয়ালৰ সদস্যসকলক সময় দিব নোৱাৰা লোকসকলে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব পাৰিছে।
👉 জাত পাতৰ ৰাজনীতি কমিছে আৰু মানুহৰ পক্ষত মানুহ হিচাপে থিয়হৈ মানৱ সেৱাত ব্ৰতী হৈছে।
#মৃত্যু চিৰন্তন সত্য। মৃত্যু ভয় সকলোৰে আছে। ক'ৰোণাৰ ভয়ত বাঘে-ছাগে একে ঘাটতে পানী খোৱা দেখি অদৃশ্য সৃষ্টিকৰ্তাজনে হয়তো ক্ষন্তেক স্বস্তিৰ নিশ্বাস এৰিছে।
মানৱ সভ্যতা বৰ্তি থাকক শান্তিৰে....
অনন্তকাললৈ......।

‌- শ্ৰী.শ্ৰী.অ.দে.আ.জা.বিদ্যালয়, কৰ্দৈগুৰি

ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ নতুন  পদক্ষেপ ছাত্ৰ ছাত্ৰী সকলে সুযোগ গ্ৰহণ কৰক।- শ্ৰী.শ্ৰী.অ.দে.আ.জা. বিদ্যালয়, কৰ্...
30/03/2020

ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ নতুন পদক্ষেপ ছাত্ৰ ছাত্ৰী সকলে সুযোগ গ্ৰহণ কৰক।

- শ্ৰী.শ্ৰী.অ.দে.আ.জা. বিদ্যালয়, কৰ্দৈগুৰি(২০২০)

30/03/2020

#এটা_ভাল_খবৰ

' #বোধিদ্ৰুম'

লকডাউনৰ সময়ছোৱাত ঘৰতে থাকিবলৈ বাধ্য হোৱা নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ' #বোধিদ্ৰুম' ৰঙিয়াই লৈ আহিছে অনলাইন পাঠদান। গণিত, বিজ্ঞান, ইংৰাজী, অসমীয়া, সমাজ বিজ্ঞান বিষয়ৰ বিনামূলীয়া পাঠদানৰ বাবে 'বোধিদ্ৰুম' সাজু। অভিভাৱকৰ জৰিয়তে ৱাট্চএপ বা ফোন কৰি ছাত্ৰ-ছাত্ৰীসকলে উক্ত বিষয়সমূহৰ যিকোনো প্ৰশ্নৰ উত্তৰ এটি নিৰ্দিষ্ট সময়ৰ ভিতৰত পাবলৈ সক্ষম হ'ব।

পাঠদান কৰিব-
ইংৰাজী, গণিত, বিজ্ঞান বিষয়ৰ বাবে :
দীপাংকৰ ভট্টাচাৰ্য(বি.ই.,এম.টেক.)
অমিত জ্যোতি মহন্ত(বি.এছ.চি.)
অবনী লহকৰ, (বি. এছ.চি.)

সমাজ বিজ্ঞান, অসমীয়া-
গুণমণি কলিতা(এম.এ.,বি.এড.)
বিকাশ দাস (এম.এছ.ডব্ল্যু.)

ৱাট্চএপত এড হ'বলৈ ছাত্ৰ-ছাত্ৰীৰ নাম, শ্ৰেণী, বিদ্যালয়ৰ নাম মেছেজ কৰক ৯৫৭৭৩৭৫৪৮৯

- শ্ৰী.শ্ৰী.অ.দে.আ.জা. বিদ্যালয়, কৰ্দৈগুৰি(২০২০)

21/03/2020

P.O : Kordoiguri(Talap), DIST : Tinsukia(Assam) PIN : 786156

Address

Jutulibari

786156

Opening Hours

Monday 09:00 - 15:00
Tuesday 09:00 - 15:00
Wednesday 09:00 - 15:00
Thursday 09:00 - 15:00
Friday 09:00 - 15:00
Saturday 09:00 - 15:00
Sunday 09:00 - 12:00

Website

Alerts

Be the first to know and let us send you an email when Shri Shri Aniruddha Deva Adarsha Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share