মিঞাক কিয় কষ্ট দিয়ে?
সমগ্ৰ দেশজুৰি এক নতুন বিতৰ্ক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক লৈ। মুখ্যমন্ত্ৰীয়ে কৈছে- মিঞা ৰিক্সাৱালাই ৫ টকা বিচাৰিলে ৪ টকা দিব লাগে। মিঞাক কষ্ট দিব লাগে। মিঞাক কষ্ট দিয়াটো এক জাতীয় কৰ্তব্য বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। লগে লগে ইয়াক লৈ দেশজুৰি চৰ্চা আৰম্ভ হৈছে। সামাজিক মাধ্যমত বিভিন্নজনে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে। এইখিনি সময়তে একাংশ মুছলমান লোকে সামাজিক মাধ্যমত কৈছে যে এতিয়াৰে পৰা মিঞা ৰিক্সাৱালাই ৫ টকা বিচাৰিলে প্ৰতিজনে ৬ টকা দিয়াটো উচিত।
এতিয়া প্ৰশ্ন হ’ল, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আক্ৰমণৰ লক্ষ্য হিচাপে কেৱল মিঞা ৰিক্সাৱালাকে বিচাৰি পালে নেকি? আচলতে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈছে তাক সকলোৱে সহজ অৰ্থত বুজিবলৈ চেষ্টা কৰিছে নেকি? মুখ্যমন্ত্ৰীয়ে এনে মন্তব্যৰে আন কিছু কথা ক’ব বিচাৰিছে নেকি? মুখ্যমন্ত্ৰীয়ে মিঞাৰ প্ৰসংগ উত্থাপন কৰিলে কিয়? বাস্তৱ সত্যটো হ’ল গুৱাহাটী মহানগৰীকে ধৰি কেইবাখনো চহৰৰ ৰাজপথ ভৰি পৰিছে মিঞা চালকৰ দ্বাৰা।
৯০ দশকৰ আৰম্ভণিতে গুৱাহাটীত আমি সাংবাদিকতা কৰিছিলোঁ। তেতিয়া মহানগৰীত ঘূৰা-পকা কৰিবলৈ আমাৰ কোনো মটৰচাইকেল বা স্কুটী নাছিল। চিটি বাছত উঠি এটা স্থানৰ পৰা আন এটা স্থানলৈ যাওঁ। কেতিয়াবা ৰিক্সাত উঠো। সেই সময়ত গুৱাহাটীত আজিৰ দৰে অভাৱনীয় হাৰত মিঞা ৰিক্সাৱালা নাছিল। অধিকাংশ ৰিক্সাৱালা আছিল বিহাৰী সম্প্ৰদায়ৰ। ইয়াৰ মাজত অসমীয়া ৰিক্সাৱালাও আছিল। অপ্ৰিয় হ’লেও সত্য সেই সময়ত মই অসমীয়া ৰিক্সাৱালাৰ ৰিক্সাত উঠিবলৈ বেয়া পাইছিলোঁ। কিয়নো অসমীয়া ৰিক্সাৱালাই বহুত পইচা দাবী কৰে। ইয়াক লৈ প্ৰায়েই কাজিয়াও লাগে। পিছত সিদ্ধান্ত লৈছিলোঁ ৰিক্সাত উঠাৰ আগেয়ে গন্তব্য স্থান পোৱাৰ পিছত কিমান টকা দিব লাগিব সেয়া সুধি লওঁ।
বিহাৰী সম্প্ৰদায়ৰ লোকসকল যথেষ্ট শ্ৰমজীৱী লোক। কেৱল অসমতে নহয় দিল্লী, মুম্বাই আদি সকলো চহৰত এনে ধৰণৰ শ্ৰমজীৱী বিহাৰৰ লোক আছে। ঠিক একেদৰে এতিয়া এইসকল লোকৰ সৈতে প্ৰতিযোগিতা কৰিব পৰাকৈ আন এটা শ্ৰমজীৱী শ্ৰেণীৰ জন্ম হৈছে। সেয়া হৈছে মিঞা সম্প্ৰদায়। আজিকালি গুৱাহাটীত বিহাৰী ৰিক্সাৱালাৰ সংখ্যা কম। অসমীয়া ৰিক্সাৱালা নায়েই। অধিকাংশ মিঞা ৰিক্সাৱালা।
এতিয়া মুখ্যমন্ত্ৰীয়ে এই মিঞা ৰিক্সৱালাক কষ্ট দিবলৈ কৈছে। মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ মন্তব্য কৰাৰ আঁৰত বহু কাহিনী আছে। এই শ্ৰমজীৱী মিঞাসকলে নিজ অঞ্চলতে সীমাবদ্ধ নাথাকি লাহে লাহে অসমৰ বিভিন্ন চহৰলৈ সম্প্ৰসাৰিত হৈছে। এই লোকসকলে কেৱল চৰকাৰী আঁচনিৰ বাবে বহি নাথাকে। এওঁলোকে যিখন চহৰলৈকে যায় সেইখন চহৰতে কাম আৰম্ভ কৰি দিয়ে। হিমন্ত বিশ্ব শৰ্মাই মিঞা ৰিক্সাৱালাক আচলতে প্ৰতীকীৰূপে লৈছে। হিমন্ত বিশ্বই ক’ব বিচাৰে মিঞাক কাম দিব নালাগে।
এয়া বেয়া কথা বুলি মই নকওঁ। ধৰি লোৱা হওঁক গুৱাহাটীৰ পৰা একেদিনাই আটাইবোৰ মিঞা ৰিক্সাৱালা নাইকিয়া হৈ গ’ল। তেতিয়াহ’লে আমি ৰিক্সাত কেনেকৈ উঠিম? ঈদৰ সময়ত গুৱাহাটীৰ অৱস্থা কি হয় আমি দেখিছোঁ। ঈদত নিজ নিজ ঘৰলৈ যায় গুৱাহাটীৰ এই শ্ৰমজীৱী মিঞাসকল। লগে লগে গুৱাহাটী জনশূন্য হৈ পৰে। ঈদৰ বতৰত মাংস খাব বিচাৰিলেও আপুনি মাংসৰ দোকান বিচাৰি পোৱাটো টান হৈ পৰে।
মিঞাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে অসমীয়া জাতিটো শ্ৰমজীৱী হ’ব লাগিব। কিন্তু প্ৰশ্ন হৈছে আজিৰ তাৰিখত অসমীয়া যুৱকে ৰিক্সা চলাবনে? ৰিক্সাৰ কথা বাদ দিয়ক, আন কেতবোৰ কথালৈ মন কৰক। উবেৰ বুক কৰিলে দেখা যায় অধিকাংশ চালকেই মুছলমান। ছুইগী, ব্লিংকিট, ফ্লিপকাৰ্ট আদিত অৰ্ডাৰ দিলে ডেলিভাৰী বয়জন মুছলমান সম্প্ৰদায়ৰ হয়। হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত এওঁলোক মিঞা। এইবোৰ কাম অসমীয়া ল’ৰাই কৰিবলৈ বেয়া পায়। এনে অৱস্থাত মিঞাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ সময়ত বিকল্প পথ বাচি ল’ব পৰা গৈছেনে?
অপ্ৰিয় কথা এটা কওঁ। গুৱাহাটীত গুৱাহাটীৰ লৰাই খুব কম কাম কৰে। আপুনি আপোনাৰ প্ৰতিষ্ঠানত মন কৰিব, কেইজন গুৱাহাটীৰ ল’ৰা আপোনাৰ প্ৰতিষ্ঠানত আছে? গুৱাহাটীৰ অধিকাংশ ল’ৰাই কাম কৰাৰ পৰিৱৰ্তে পিতৃৰ চৌহদত কেইবাটাও ভাৰাঘৰ নিৰ্মাণ কৰি সেই পইচাৰে মাহটো চলি ভাল পায়। এই কথা কোৱাৰ বাবে বেয়া নাপাব। মুখ্যমন্ত্ৰীয়ে মাজতে কৈছিল- খাৰুপেটীয়াত শাক-পাঁচলিত মিঞাই বিহ দিয়ে। খাৰুপেটীয়া, বৰপেটাৰ শাক-পাঁচলি খাবই নোৱাৰি। কথাটো মিছা নহয়। এই অঞ্চলত খেতিক পেশা হিচাপে লয়। সেয়েহে ভাল খেতি হ’বলৈ ৰাসায়নিক দ্ৰব্য এওঁলোকে প্ৰয়োগ কৰে। এয়া স্বাস্থ্যৰ পক্ষে ভাল নহয়। পুৰণি লোকসকলে জানিব তাহানি ফুলকবি, বন্ধাকবিৰ সোৱাদ কি আছিল? এতিয়া সোৱাদ সলনি হ’ল। চবজি খালে আজিকালি গেছ হয়। কিন্তু খাৰুপেটীয়া বা বৰপেটাৰ শাক-পাঁচলি নাখালে আমি কি খাম? কেইজন অসমীয়াই শাক-পাঁচলিৰ খেতি বাণিজ্যিকভাৱে কৰিছে?
মাজতে খাৰুপেটীয়াত মুছলমান সম্প্ৰদায়ৰ এজন বন্ধুক পাইছিলোঁ। মই ক’লো- ঘৰলৈ বেচিমাৰীৰ পৰা অলপ শাক-পাঁচলি লৈ যাব বিচাৰোঁ। তেওঁ ক’লে- বেচিমাৰী নহয়, মই আপোনাক ভাল চবজি দিম। অলপ পিছত তেওঁ কিছু শাক-পাঁচলি আনি মোৰ গাড়ীত ভৰাই দিলে। পইচা ল’ব নুখুজিলে। তেওঁৰ মতে এয়া তেওঁলোকৰ ঘৰৰ চবজি। পৰিয়ালে কৃষিক ব্যৱসায় হিচাপে লৈছে। বজাৰত বেচিবলৈ প্ৰস্তুত কৰা খেতিত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয়। কিন্তু নিজে খাবলৈ পৃথক খেতি প্ৰস্তুত কৰে। ইয়াত গোবৰৰ বাহিৰে একে নিদিয়ে।
পুনৰ কৈছোঁ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰিক্সাৱালাক ৫ টকাৰ ঠাইত ৪ টকা দি কষ্ট দিব নোৱাৰিব। কষ্ট দিব বিচাৰিলে মিঞাৰ পৰিৱৰ্তে অসমীয়া ৰিক্সাৱালা সৃষ্টি কৰক। হিতাধিকাৰীৰ এক আঁচনি ঘোষণা কৰক। বিচাৰিলেই প্ৰতিজন অসমীয়াই সামান্য ধনৰ বিনিময়ত একোখনকৈ ৰিক্সা পাব। মাংসৰ দোকান খুলিবলৈ হিতাধিকাৰীৰ এখন আঁচনি প্ৰস্তুত কৰক। মোৰ বিশ্বাস এনে আঁচনি কোনোক্ষেত্ৰত সফল নহয়। কোনো অসমীয়াই ৰিক্সা চলাব নিবিচাৰিব। খুব কমসংখ্যক অসমীয়াইহে মাংসৰ দোকান খুলিব বিচাৰিব।
অসমীয়াৰ স্বাৱলম্বিতাৰ কাহিনী বহুবাৰ দেখিছোঁ। অসম আন্দোলনৰ সময়ত হঠাৎ আছুৱে অসমীয়াক স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছিল। লগে লগে বহু নেতাই জোতা পলিচ তথা চেলুনৰ দোকান খুলি দেখুৱাইছিল। কিন্তু কেইদিনমানৰ পিছত ফুটুকাৰ ফেনত পৰিণত হ’ল। এটা সময়ত গুৱাহাটীৰ শিক্ষিত বেকাৰ যুৱকে অটোৰিক্সা চলাইছিল। ইয়াকে দেখি ভূপেন হাজৰিকাই গানো লিখিছিল। পিছত দেখা গ’ল ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ভাৰা গুৱাহাটীৰ অটোৰিক্সাৰ। গ্ৰাহক সুৰক্ষাৰ হৈ শেষ মুহূৰ্তলৈকে অটোৰিক্সাত মিটাৰ লগাবলৈ লাগি লাগি ভাগৰি পৰিল দেবেন দত্ত ছাৰ। চৰকাৰে এয়া বাধ্যতামূলক কৰিব নোৱাৰিলে। কিয়নো এই অটোচালনাৰ সৈতে জড়িত আছিল একাংশ অসমীয়া।
মুখ্যমন্ত্ৰীৰ ভাষাত মিঞাক কষ্ট দিবলৈ হ’লে অসমীয়াই কষ্ট কৰিব লাগিব। হিতাধিকাৰী আঁচনিৰ সুবিধা লৈ অসমীয়া বহি থাকিলে নহ’ব। অসমীয়াই এনেকৈ কাম কৰিব লাগিব যাতে মিঞাই কাম কৰিবলৈ সুবিধা নাপায়। এইবোৰ কথা ক’বলৈ ভাল। ব্যৱহাৰিক ক্ষেত্ৰত কিমান সম্ভৱ সেয়া ওপৰৱালাই জানে।
Reality Of Assam
Any Inquiry please Contact: [email protected]
অসমত মিঞাই উৎপাত কৰিলেই পিটন খাব!
“অসমত যেনেকৈয়ে নহওক মিঞাৰ ওপৰত হাৰাশাস্তি চলিবই,” এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট আৰু মুকলি ঘোষণা।
নামনিৰ পৰা উজনিলৈ শেলুৱৈৰ দৰে শিপাইছে মিঞাই। প্ৰথমে এজন-দুজনকৈ আহি ঘৰ-গাওঁ সাজি গোজেই গজালি মেলিছে মিঞাই। সমগ্ৰ ৰাজ্যত আগ্ৰাসী ৰূপ লৈছে এই বিশেষ সম্প্ৰদায়টোৱে।
মিঞাক হাৰাশাস্তি কৰাৰ, মিঞাক খেদাৰ সংকল্প লৈছে মুখ্যমন্ত্ৰীয়ে। সকলোকে আহ্বান জনাইছে মিঞাৰ বিৰুদ্ধে মাত মাতিবলৈ, মিঞাক হাৰাশাস্তি কৰিবলৈ।
মিঞা নহ'লে চলিব নোৱাৰিব নেকি অসমীয়া? মিঞা শ্ৰমিক অবিহনে নচলিব নেকি কাম-কাজ? মিঞা খেদিবলৈ উদ্বত অসমীয়াই শ্ৰমিক হিচাবে কাম কৰিছে বিভিন্ন ক্ষেত্ৰত।
মিঞাৰ হকে মাত মাতিবলৈও ওলাই আহে একাংশ নেতা।
মিঞাৰ ওপৰত চলা হাৰাশাস্তিক তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বুলি ক'ব বিচাৰে।
কিন্তু শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা, বন্দে মাতৰমক ইছলাম বিৰোধী বুলি কোৱাটো কি ধৰ্মীয় ৰাজনীতি নহয় নেকি?
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমীয়া বনাম মিঞা এটা মূল ইছ্যু। কিন্তু এই সমস্যাৰ স্থায়ী সমাধান কি?
মিঞাৰ ওপৰত হাৰাশাস্তি চলাই থাকিলেই হ'ব নে ইয়াৰ বিকল্প কিবা স্থায়ী সমাধান ওলাব?
প্ৰশ্ন বহুত আছে ...........
নতুন Video আহি আছে
Next Video কিহৰ ওপৰত লাগে
Joyti Prashad Agarwala
07/03/2025
Mukesh Ambani Total 50,000cr Invest
07/03/2025
Total 5,18,295 cr Invest
07/03/2025
Tata Group
07/03/2025
New Coming Soon
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Website
Address
Dhubri