21/06/2026
ভাৰতীয় দৰ্শন গৱেষণা পৰিষদ (ICPR)-ৰ পৃষ্ঠপোষকতাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উপলক্ষে জীয়াঢল মহাবিদ্যালয়ত “Yoga Philosophy and Practice along with Demonstration” শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানত অধ্যক্ষ তথা আয়োজক সমিতিৰ সভাপতি ড° দিগন্ত কুমাৰ দাসে আদৰণি ভাষণত যোগৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগিতা লাভৰ আশা ব্যক্ত কৰে। মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক ড° বসন্ত মংগল দত্তই অনুষ্ঠানৰ শুভ উদ্বোধন কৰি আধুনিক জীৱনত যোগৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য আগবঢ়ায়।
সমল ব্যক্তি হিচাপে অধ্যাপক অতুল গগৈ আৰু অধ্যাপক যোগেন বৰগোহাঁইয়ে যোগৰ দাৰ্শনিক ভিত্তি, স্বাস্থ্যগত উপকাৰিতা আৰু ব্যৱহাৰিক প্ৰয়োগৰ ওপৰত আলোচনা কৰাৰ লগতে যোগাভ্যাস আৰু প্ৰদৰ্শনী পৰিচালনা কৰে। জীয়াঢল মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নীলাম্বৰ দলে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি যোগচৰ্চাৰ সামাজিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।
আয়োজক সমিতিৰ সমন্বয়ক ড° শিখামনি শইকীয়াই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে অনুষ্ঠিত অনুষ্ঠানটোৱে যোগৰ জৰিয়তে সুস্থ জীৱনশৈলী, মানসিক স্থিৰতা আৰু সামগ্ৰিক ব্যক্তিত্ব বিকাশৰ বাৰ্তা সফলভাৱে প্ৰসাৰিত কৰে।
Jiadhal College organized a special lecture programme titled “Yoga Philosophy and Practice along with Demonstration” on the occasion of International Yoga Day 2026 under the sponsorship of the Indian Council of Philosophical Research (ICPR).
Welcoming the gathering, Principal and Chairman of the Organizing Committee, Dr. Diganta Kumar Das, highlighted the physical, mental, and spiritual significance of Yoga and expressed hope for continued support from the Government of Assam and the Mising Autonomous Council for the infrastructural development of the college. The programme was inaugurated by Dr. Basanta Mangal Dutta, Assistant Professor of Machkhowa Degree College, who spoke on the relevance of Yoga in modern life.
Resource persons Prof. Atul Gogoi and Prof. Jogen Borgohain delivered insightful lectures on the philosophical foundations and practical applications of Yoga and conducted a live demonstration session. Mr. Nilambar Doley, President of the College Governing Body, attended as a distinguished guest and spoke on the social importance of Yoga.
The objectives of the programme were explained by Dr. Shikhamani Saikia, Coordinator of the Organizing Committee. Attended by over a hundred students, teachers, and local residents, the programme successfully promoted the values of healthy living, mental well-being, and holistic personality development through Yoga.