Shankardev S/V Niketan,Silapathar

Call Contact the school

Shankardev S/V Niketan,Silapathar "Shankardev S/V Niketan, Silapathar" s own page. An assamese medium school of Dhemaji district of Assam,India.Situated in Silapathar-787059.

A platform for all major notifications & activities & gathering Students / Acharya-Acharyaa / Ex-student from their own place. Affilated by Shishu Shiksha Samiti, Assam under Vidya Bharati(Mother organisation).

৮০তম স্বাধীনতা দিৱসৰ কেইটিমান মুহূৰ্ত…
15/08/2026

৮০তম স্বাধীনতা দিৱসৰ কেইটিমান মুহূৰ্ত…

এতিয়ালৈকে অহা বাতৰি অনুসৰি, আজি ধেমাজিত অনুষ্ঠিত, প্ৰান্তীয় ক্ৰীড়া(পূৰ্বোত্তৰ ক্ষেত্ৰৰ) প্ৰতিযোগিতাত লখিমপুৰ বিভাগৰ হৈ ...
31/05/2026

এতিয়ালৈকে অহা বাতৰি অনুসৰি, আজি ধেমাজিত অনুষ্ঠিত, প্ৰান্তীয় ক্ৰীড়া(পূৰ্বোত্তৰ ক্ষেত্ৰৰ) প্ৰতিযোগিতাত লখিমপুৰ বিভাগৰ হৈ খেলি, চিলাপথাৰ নিকেতনৰ ছাত্ৰ শ্ৰীকৃষ্ণ সোনোৱালে, সোতৰ বছৰৰ অনুৰ্ধ 3000মিটাৰ দৌৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে৷

নিকেতনৰ এইবাৰৰ কৃতিত্ব…
11/04/2026

নিকেতনৰ এইবাৰৰ কৃতিত্ব…

তিনিটা পদৰ বাবে আবেদন বিচৰা হৈছে৷
11/03/2026

তিনিটা পদৰ বাবে আবেদন বিচৰা হৈছে৷

 #চিলাপথাৰ নিকেতনত 'উৎকৰ্ষ মহোৎসৱ'ৰ কাৰ্য্যসূচী সম্পন্নঃবিদ্যাভাৰতীৰ উদ্যোগত চলিত মাহৰ  4, 5 আৰু 6 ফেব্ৰুৱাৰী/2026 তাৰিখ...
06/02/2026

#চিলাপথাৰ নিকেতনত 'উৎকৰ্ষ মহোৎসৱ'ৰ কাৰ্য্যসূচী সম্পন্নঃ
বিদ্যাভাৰতীৰ উদ্যোগত চলিত মাহৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰী/2026 তাৰিখে নিকেতনসমূহৰ শিক্ষাৰ গুণগত মান উন্নয়ন আৰু নিৰূপণৰ বাবে 'উৎকৰ্ষ মহোৎসৱ' নামেৰে এক অভিযান চলোৱা হয়৷
চিলাপথাৰ সংকুলৰ অন্তৰ্গত চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনৰ লগতে জোনাই, চিমেন চাপৰি,ডিমৌ চাৰিআলি,লামাজান, মাজৰবাৰী, আৰু কাৰ্ডংচুক নিকেতনত 05/02/2026 তাৰিখে সুন্দৰ ৰূপত উৎকৰ্ষ মহোৎসৱ অনুষ্ঠিত হৈ যায়। পুৱা বন্দনাৰ কাৰ্যসূচীৰ পৰা শেষৰ বন্দেমাতৰমলৈকে প্ৰতিখন নিকেতনত একোটি পৰ্যৱেক্ষক দ'ল উপস্থিত থাকি প্ৰতিখন নিকেতনৰ এক মানভিত্তিক মূল্যায়ন যুগুত কৰে।
এই মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে বিদ্যা ভাৰতীৰ অধীনস্থ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যাভাৰতীৰ অধীনৰ বিদ্যালয়সমূহত এক মানভিত্তিক মূল্যায়ন ব্যৱস্থাৰ জৰিয়তে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষাৰে অধিক সুশৃংখল কৰি তোলাৰ লগতে নিকেতনসমূহক দেশৰ উপযুক্ত শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলা।

চিলাপথাৰ সংকুলৰ অন্যান্য নিকেতনৰ লগতে চিলাপথাৰ নিকেতনতো উৎকৰ্ষ মহোৎসৱৰ দিনটোত প্ৰথমে বন্দনা নিৰীক্ষণ কৰাৰ লগতে বন্দনাৰ কালাংশতে শ্ৰদ্ধাৰ পৰ্য্যবেক্ষক সকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া পৰামৰ্শমূলক বক্তব্য দাঙি ধৰে। নিকেতনৰ কাৰ্যালয়ৰ কাম কাজৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাৰ্য্যসূচী সমূহ তেখেসকলে পৰ্য্যবেক্ষণ কৰে৷ নিকেতেনৰ শৈক্ষিক দিশসমূহৰ লগতে সামগ্ৰীক ব্যৱস্থা আদি বিষয়সমূহো তেখেতসকলে পৰ্য্যবেক্ষণ কৰে৷
চিলাপথাৰ নিকেতনৰ প্ৰধানাচাৰ্য্য তথা চিলাপথাৰ সংকুলৰ সংকুল প্ৰমূখ অজয় গগৈয়ে সংকুলৰ আটাই কেইখন নিকেতনৰ উৎকৰ্ষ মহোৎসৱৰ তথ্যসমূহ সংগ্ৰহ কৰি বিভাগ নিৰীক্ষক দেৱৰ যোগে প্ৰদেশ সমিতিলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷
=======

নিকেতনৰ 'আচাৰ্য্যাসকল' আৰু 'মাতৃভাৰতী'ৰ উদ্যোগত 20/12/2025 তাৰিখে আয়োজন হৈছে "সপ্ত শক্তি সংগম" শীৰ্ষক বিশেষ অনুষ্ঠান ৷
19/12/2025

নিকেতনৰ 'আচাৰ্য্যাসকল' আৰু 'মাতৃভাৰতী'ৰ উদ্যোগত 20/12/2025 তাৰিখে আয়োজন হৈছে "সপ্ত শক্তি সংগম" শীৰ্ষক বিশেষ অনুষ্ঠান ৷

09/12/2025
শিক্ষামূলক ভ্ৰমণ'ৰ উদ্দেশ্যৰে, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত 'জীয়াঢল-মূখ'লৈ…
08/12/2025

শিক্ষামূলক ভ্ৰমণ'ৰ উদ্দেশ্যৰে, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত 'জীয়াঢল-মূখ'লৈ…

নতুন  #নামভৰ্তিৰ প্ৰপত্ৰ বিতৰণ আৰু নামভৰ্তি চলি আছে৷ আপোনাৰ শিশুটিৰ নামভৰ্তিৰ বাবে আজিয়েই যোগাযোগ কৰক৷
08/12/2025

নতুন #নামভৰ্তিৰ প্ৰপত্ৰ বিতৰণ আৰু নামভৰ্তি চলি আছে৷ আপোনাৰ শিশুটিৰ নামভৰ্তিৰ বাবে আজিয়েই যোগাযোগ কৰক৷

 #বালিকা শিক্ষা প্ৰমূখৰ কৰ্মশালা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে চিলাপথাৰ নিকেতনতঃ------------ইং 6 জুন আৰু 7 জুন তাৰিখে দুদিনীয়...
07/06/2025

#বালিকা শিক্ষা প্ৰমূখৰ কৰ্মশালা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে চিলাপথাৰ নিকেতনতঃ
------------
ইং 6 জুন আৰু 7 জুন তাৰিখে দুদিনীয়াকৈ চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনত, লখিমপুৰ বিভাগৰ চলিত শিক্ষাবৰ্ষৰ 'বালিকা শিক্ষা প্ৰমূখৰ কৰ্মশালা' খনি অনুষ্ঠিত হৈ আছে৷
প্ৰথম দিনৰ উদ্বোধনী কাৰ্য্যসূচী আৰম্ভ হয় লখিমপুৰ বিভাগৰ নিৰীক্ষক মাননীয় ৰঞ্জিত শইকীয়া দেৱৰ বন্তি প্ৰজ্বলনেৰে৷ উদ্বোধনী সভাৰ সঞ্চালন কৰে বিভাগ বালিকা শিক্ষাপ্ৰমূখ বিজুমনি গোস্বামী আচাৰ্য্যাই৷ অতিথি হিচাপে উপস্থিত থাকে সংস্কৃত শিক্ষা প্ৰমূখ জীৱন বৰা, অসীম মহন্ত(পৰ্য্যবেক্ষক), অধ্যয়না চেতিয়া, আৰু ৰীণা বৰুৱা৷ আদৰণি ভাষণ প্ৰদান কৰে নিকেতন পৰিচালনা সমিতিৰ মাননীয় সম্পাদক চন্দ্ৰ কোঁৱৰদেৱে৷ সভাত বিশিষ্ট ব্যক্তি আৰু অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ মীনা শৰ্মা, বৰ্ণালী বৰঠাকুৰ আৰু মেঘনাথ ৰাজকোঁৱৰৰ পৰিচালনাত ছাত্ৰছাত্ৰী সকলে সম্পূর্ণ বন্দনা পৰিবেশন কৰে৷ এটি সুন্দৰ সমবেত গীতেৰে ছাত্ৰ-ছাত্ৰীসকলে কাৰ্য্যসূচীৰ উদ্ধোধন কৰে৷
লক্ষী সন্দিকৈ, ৰীমামনি চাংমাই, পদ্মা পৌড়েল, জানমনি সোনোৱাল, ৰেখামনি গগৈ আৰু চিলাথাৰ সংকুলৰ বালিকা শিক্ষা প্ৰমূখ জিন্টুমনি লাহন আচাৰ্যাৰ সহযোগত উদ্বোধনী কাৰ্য্যক্ৰম সুচাৰুৰূপে সম্পন্ন হয়৷ গুণাবৰটায়ে, তৰুজ ভূঞা, কৃষ্ণকান্ত নাথ, ৰিপন পাল, বিমান গগৈ, জগদীশ সোনোৱাল আৰু জিতুল বৰুৱাৰ তত্বাৱধানেৰে কাৰ্য্যসুচী সমূহ ৰূপায়িত হয়৷ অবিনাশ দেৱ, অবিনাশ ৰয়, প্ৰশান্ত দাস, মিনাক্ষী সোনোৱালৰ সহযোগিতাৰে 'বিভাগ বালিকা শিক্ষা প্ৰমূখ সকলৰ কৰ্মশালা খনিৰ প্ৰথম দিনৰ কাৰ্য্যসূচী সফলতাৰে সম্পন্ন হয়৷
'ভাৰতীয় সমাজ ব্যৱস্থা' আৰু 'ভাৰতীয় সমাজৰ আদৰ্শ নাৰী' বিষয়ত কালাংশত সমল ব্যক্তি হিচাপে অংশ লয় প্ৰান্তীয় সংস্কৃত শিক্ষা প্ৰমূখ জীৱন বৰাদেৱে আৰু চিলাপথাৰ সংকুলৰ সংকুল প্ৰমূখ আচাৰ্য্যই ৷ শাৰীৰিক শিক্ষাৰ কৰ্মশালাৰ নেতৃত্ব দিয়ে অধ্যয়না চেতিয়া আচাৰ্য্যই৷ আচাৰ্যা ডেইজী চুতীয়াই 7 জুন তাৰিখৰ কাৰ্য্যসূচীত হস্তকলাৰ শিক্ষাৰ কৰ্মশালাৰ বিষয়সমূহ উপস্থাপন কৰাৰ কথা ৷ কাৰ্য্যসূচী সমূহ পৰিচালনা কৰে বিভাগ বালিকা শিক্ষা প্ৰমূখ মাননীয়া বিজুমনি গোস্বামী আচাৰ্য্যাই ৷ এক সু-ব্যৱস্থাৰে চিলাপথাৰ নিকেতনৰ অভিভাৱিকা সকলে আচাৰ্যা সকলক প্ৰথম দিনৰ অনুষ্ঠানৰ অন্তত আতিথ্য প্ৰদান কৰে৷
দ্বিতীয় দিনৰ (7জুনৰ) কাৰ্য্যসূচীত ধেমাজি জিলা ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ মাননীয়া কাৰ্য্যবাহিকা সংঘমিত্ৰা বৰা শইকীয়াৰ, জলন্ত সমস্যা 'লাভ জেহাদ'কে প্ৰমূখ্যে কৰি অন্য বিশিষ্ট সমল ব্যক্তিসকলৰ ভিন্ন বিষয়ৰ নিৰ্দিষ্ট কাৰ্য্যসূচী আছে৷
======

Address

Dhemaji
787059

Opening Hours

Monday 8:20am - 2:20pm
Tuesday 8:20am - 2:20pm
Wednesday 8:20am - 2:20pm
Thursday 8:20am - 2:20pm
Friday 8:20am - 2:20pm
Saturday 8:20am - 12:20pm

Telephone

+917002429091

Website

Alerts

Be the first to know and let us send you an email when Shankardev S/V Niketan,Silapathar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shankardev S/V Niketan,Silapathar:

Shortcuts

Share

Category