07/06/2025
#বালিকা শিক্ষা প্ৰমূখৰ কৰ্মশালা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে চিলাপথাৰ নিকেতনতঃ
------------
ইং 6 জুন আৰু 7 জুন তাৰিখে দুদিনীয়াকৈ চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনত, লখিমপুৰ বিভাগৰ চলিত শিক্ষাবৰ্ষৰ 'বালিকা শিক্ষা প্ৰমূখৰ কৰ্মশালা' খনি অনুষ্ঠিত হৈ আছে৷
প্ৰথম দিনৰ উদ্বোধনী কাৰ্য্যসূচী আৰম্ভ হয় লখিমপুৰ বিভাগৰ নিৰীক্ষক মাননীয় ৰঞ্জিত শইকীয়া দেৱৰ বন্তি প্ৰজ্বলনেৰে৷ উদ্বোধনী সভাৰ সঞ্চালন কৰে বিভাগ বালিকা শিক্ষাপ্ৰমূখ বিজুমনি গোস্বামী আচাৰ্য্যাই৷ অতিথি হিচাপে উপস্থিত থাকে সংস্কৃত শিক্ষা প্ৰমূখ জীৱন বৰা, অসীম মহন্ত(পৰ্য্যবেক্ষক), অধ্যয়না চেতিয়া, আৰু ৰীণা বৰুৱা৷ আদৰণি ভাষণ প্ৰদান কৰে নিকেতন পৰিচালনা সমিতিৰ মাননীয় সম্পাদক চন্দ্ৰ কোঁৱৰদেৱে৷ সভাত বিশিষ্ট ব্যক্তি আৰু অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ মীনা শৰ্মা, বৰ্ণালী বৰঠাকুৰ আৰু মেঘনাথ ৰাজকোঁৱৰৰ পৰিচালনাত ছাত্ৰছাত্ৰী সকলে সম্পূর্ণ বন্দনা পৰিবেশন কৰে৷ এটি সুন্দৰ সমবেত গীতেৰে ছাত্ৰ-ছাত্ৰীসকলে কাৰ্য্যসূচীৰ উদ্ধোধন কৰে৷
লক্ষী সন্দিকৈ, ৰীমামনি চাংমাই, পদ্মা পৌড়েল, জানমনি সোনোৱাল, ৰেখামনি গগৈ আৰু চিলাথাৰ সংকুলৰ বালিকা শিক্ষা প্ৰমূখ জিন্টুমনি লাহন আচাৰ্যাৰ সহযোগত উদ্বোধনী কাৰ্য্যক্ৰম সুচাৰুৰূপে সম্পন্ন হয়৷ গুণাবৰটায়ে, তৰুজ ভূঞা, কৃষ্ণকান্ত নাথ, ৰিপন পাল, বিমান গগৈ, জগদীশ সোনোৱাল আৰু জিতুল বৰুৱাৰ তত্বাৱধানেৰে কাৰ্য্যসুচী সমূহ ৰূপায়িত হয়৷ অবিনাশ দেৱ, অবিনাশ ৰয়, প্ৰশান্ত দাস, মিনাক্ষী সোনোৱালৰ সহযোগিতাৰে 'বিভাগ বালিকা শিক্ষা প্ৰমূখ সকলৰ কৰ্মশালা খনিৰ প্ৰথম দিনৰ কাৰ্য্যসূচী সফলতাৰে সম্পন্ন হয়৷
'ভাৰতীয় সমাজ ব্যৱস্থা' আৰু 'ভাৰতীয় সমাজৰ আদৰ্শ নাৰী' বিষয়ত কালাংশত সমল ব্যক্তি হিচাপে অংশ লয় প্ৰান্তীয় সংস্কৃত শিক্ষা প্ৰমূখ জীৱন বৰাদেৱে আৰু চিলাপথাৰ সংকুলৰ সংকুল প্ৰমূখ আচাৰ্য্যই ৷ শাৰীৰিক শিক্ষাৰ কৰ্মশালাৰ নেতৃত্ব দিয়ে অধ্যয়না চেতিয়া আচাৰ্য্যই৷ আচাৰ্যা ডেইজী চুতীয়াই 7 জুন তাৰিখৰ কাৰ্য্যসূচীত হস্তকলাৰ শিক্ষাৰ কৰ্মশালাৰ বিষয়সমূহ উপস্থাপন কৰাৰ কথা ৷ কাৰ্য্যসূচী সমূহ পৰিচালনা কৰে বিভাগ বালিকা শিক্ষা প্ৰমূখ মাননীয়া বিজুমনি গোস্বামী আচাৰ্য্যাই ৷ এক সু-ব্যৱস্থাৰে চিলাপথাৰ নিকেতনৰ অভিভাৱিকা সকলে আচাৰ্যা সকলক প্ৰথম দিনৰ অনুষ্ঠানৰ অন্তত আতিথ্য প্ৰদান কৰে৷
দ্বিতীয় দিনৰ (7জুনৰ) কাৰ্য্যসূচীত ধেমাজি জিলা ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ মাননীয়া কাৰ্য্যবাহিকা সংঘমিত্ৰা বৰা শইকীয়াৰ, জলন্ত সমস্যা 'লাভ জেহাদ'কে প্ৰমূখ্যে কৰি অন্য বিশিষ্ট সমল ব্যক্তিসকলৰ ভিন্ন বিষয়ৰ নিৰ্দিষ্ট কাৰ্য্যসূচী আছে৷
======