06/06/2026
জুবিন গাৰ্গ খেলপথাৰ, ঘিলাকুৰিত আজি অনুষ্ঠিত হোৱা প্ৰীতি ফুটবল খেল খনত জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘই হৰিশিঙা টাউন ক্লাৱ (ওদালগুৰি)ৰ বিপক্ষে ২-৬ গলৰ ব্যৱধানত পৰাস্ত হয় ।
JJAPS is a prominent sports, social, and cultural organization in Assam. It focuses on youth empowerment, preserving culture, and fostering community unity.
JJAPS organizes football tournaments and cultural events that celebrate Assam’s heritage. 9401901752
06/06/2026
জুবিন গাৰ্গ খেলপথাৰ, ঘিলাকুৰিত আজি অনুষ্ঠিত হোৱা প্ৰীতি ফুটবল খেল খনত জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘই হৰিশিঙা টাউন ক্লাৱ (ওদালগুৰি)ৰ বিপক্ষে ২-৬ গলৰ ব্যৱধানত পৰাস্ত হয় ।
Jon Jyoti Anchalik Pragati Sangha VS Harisinga Town Club
06/06/2026
জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত ৬ জুন, শনিবাৰে আবেলি ৩:০০ বজাত এখন বন্ধুত্বপূৰ্ণ ফুটবল মেচৰ আয়োজন কৰা হৈছে। দৰঙৰ ঘিলকুৰীস্থিত জুবিন গাৰ্গ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই খেলখনত JJAPS আৰু Harisinga Town club (HTC) দলে প্ৰতিদ্বন্দিতা কৰিব।
সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক খেলপথাৰত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ
06/06/2026
05/06/2026
🌱 বিশ্ব পৰিৱেশ দিৱস ২০২৬ 🌱
"প্ৰকৃতি ৰক্ষা কৰক, ধৰিত্ৰী জীয়াই ৰাখক।"
আজি জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসটি অতি উলহ-মালহেৰে উদযাপন কৰা হয়। এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি সংঘৰ কাৰ্যালয় প্ৰাংগণ, জুবিন গাৰ্গ খেলপথাৰৰ চৌদিশৰ লগতে অঞ্চলটোৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
গছ থাকিলেহে মানুহ থাকিব, আৰু মানুহ থাকিলেহে আমাৰ সমাজখন সুন্দৰ হ’ব। আহক, আমি সকলোৱে মিলি আমাৰ পৰিৱেশ সেউজীয়া আৰু প্ৰদূষণমুক্ত কৰি গঢ়ি তুলিবলৈ সংকল্প লওঁ। কেৱল আজিয়েই নহয়, প্ৰতিটো দিনেই হওক পৰিৱেশ সুৰক্ষাৰ দিন।
প্ৰকৃতি আৰু মানৱ সমাজৰ মাজৰ সম্পৰ্ক অতি গভীৰ। এক সেউজীয়া আৰু স্বাস্থ্যসন্মত পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিবছৰৰ দৰে এইবাৰো 'বিশ্ব পৰিবেশ দিৱস' উপলক্ষে জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘ-ই এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।
আমাৰ এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য হ'ল 'এক পেড় মা কে নাম' (Ek Ped Maa Ke Naam) অভিযানৰ জৰিয়তে পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰা। আমি অহা কাইলৈৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় গছপুলি সংগ্ৰহৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ।
আমি বিশ্বাস কৰোঁ যে, আমাৰ এই সৰু প্ৰচেষ্টাই অনাগত দিনত এক সুন্দৰ আৰু প্ৰদূষণমুক্ত পৰিবেশ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাব। আমাৰ এই সামাজিক দায়িত্ব পালনৰ যাত্ৰাত আপোনালোক সকলোৰে উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
সংঘৰ উদ্যোগত চলি থকা ফুটবল প্ৰশিক্ষণৰ বিংশ দিনৰ কেইটামান বিশেষ মুহূৰ্ত...
"সৎকৰ্মৰ ফল প্ৰাপ্তিৰ বাবে ধৈৰ্য্যৰ প্ৰয়োজন, আৰু এয়াই প্ৰকৃতিৰ নিয়ম। শুভ ফল ক্ষণিকতে লাভ হ’ব বুলি আশা কৰা অনুচিত। প্ৰকৃততে, কোনো বস্তু অনায়াসে বা অকালতে লাভ কৰিলে তাৰ প্ৰকৃত প্ৰমূল্য হ্ৰাস পায়।"— জন উডেন
26/05/2026
জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ সদস্য, সংঘৰ ফুটবল দলৰ বহু জয়ৰ নায়ক, নিৰ্ভৰযোগ্য আক্ৰমণ বিভাগৰ খেলুৱৈ প্ৰিয়ব্ৰত ডেকা(পাৰ্থ)ই কালি ঘোষিত ভাৰতীয় সেনা জোৱানৰ অগ্নিবীৰ শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰিছে । এই গৌৰৱ আৰু আনন্দৰ মুহূৰ্তত আমি প্ৰিয়ব্ৰত ডেকালৈ সংঘৰ মঞ্চৰ পৰা উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো ।
24/05/2026
কবিৰালি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ(ওদালগুৰি)ত আজি অনুষ্ঠিত এখন বন্ধুত্বমূলক ফুটবল খেলত জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘই মডাৰ্ণ ফুটবল ক্লাৱ, ওদালগুৰিৰ হাতত ৪-৫ গলৰ ব্যৱধানত পৰাস্ত হয় ।