15/11/2021
সময় আজি তোমাৰ অনুকুলে আৰু মোৰ প্ৰতিকুলে সেয়েহে তুমি সিদ্ধান্তকাৰী আৰু মই অনুসৰণকাৰী কিন্তু সময় গতিশীল সময় পৰিবৰ্তশীল ই কাৰো গোলাম নহয় ই স্বাধীন আৰু শক্তিশালী হয়তো কালি মই সিদ্ধান্তকাৰী হম তুমি হবা অনুসৰণকাৰী ।বহু মৰুৰ বকুত সেউজীয়া গজিল বহু উৰ্বৰাত বালি পৰিল ৰজা ভিক্ষাৰী হ’ল প্ৰজা ৰজা হ’ল হিটলাৰ ভিৰু হ’ল উৰুখা পজাত জন্মা কালাম ৰাষ্ট্ৰ প্ৰধান হ’ল ফেৰাউন আজিও বিশ্ব অহংকাৰৰ চবক হৈ ৰ’ল ।মোগল ৰাজ ধ্বংশ হ’ল নাজি বাহিনী নিপাত গ’ল মহেন্জোদাৰো হৰপ্পা পাতালত গ’ল কৃষ্ণাংগ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল মানৱ মঙ্গলত গ’ল এয়া চব সময় আৰু সময়ৰ খেল সময়ৰ কোবত কোনোবা চিধা হয় আৰু কোনোবা বেকা হয় ।সময় গতিশীল যিহেতু গৈ থাকিব বেয়া সময়বোৰো গৈ থাকিব থাকি যাব মাথো বেয়া সময়ত পোৱা বেয়া ব্যবহাৰবোৰ ।