29/05/2021
#কমেণ্ট_নহয়_share_নালাগে_অনুগ্ৰহ_কৰি_কামটো_কৰে_যেন
🔖 আপোনাৰ এটা চহীয়ে হয়তো ৰক্ষা কৰিব বহু নাৰীক। পোষ্টটো পঢ়ি বুজি লয় যেন।
#নাৰী_সুৰক্ষাৰ_আইন_কঠোৰ_কৰাৰ_দাবীত_আপোনাৰ_এটা_চহী_দিয়ক
শ্ৰদ্ধাৰ
অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সমন্বিতে সন্মানীয় মন্ত্ৰী সকল।
শ্ৰদ্ধা গ্ৰহণ কৰিব। বৰ্তমান সময়ৰ নাৰী নিৰ্য্যাতন, ধৰ্ষণ আদিৰ পাশবিকতাত আমি আৰু আমাৰ নাৰী সকলৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে। আমি আপোনাসবক বিনম্ৰ ভাবে নিবেদন কৰোঁ এইবাৰৰ বিধানসভাৰ অধিবেশনত যেন নাৰী সুৰক্ষা তথা নাৰী নিৰ্য্যাতন জনিত বিষয়বোৰৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰা লগতে, ধৰ্ষণকাৰী সকলৰ ফাঁচিৰ ব্যৱস্থা কৰে। তাৰোপৰি যিসকল আৰক্ষীয়ে নাৰী নিৰ্য্যাতনৰ কেচবোৰত গাফিলতি কৰে বা সহযোগিতা নকৰে সেই সকলৰ বিষয়ে আপোনাসবক অবগত কৰিবলৈ এটি টল ফ্ৰি নাম্বাৰৰ ব্যৱস্থা কৰে।
আপোনাসবক নিতান্ত বিশ্বাসত আৰু আশ্বাসত আমাৰ অভিভাবক হিচাপে আমি গ্ৰহণ কৰিলোঁ। আমাক আন আঁচনিতকৈ বৰ্তমান নাৰী সুৰক্ষা আইনখন কটকটীয়া কৰিলে আমি কৃতাৰ্থ হৈ থাকিম।
শ্ৰদ্ধাৰে
warriors : এক জাগৰণ নাৰীত্বৰ হৈ
#চহী-
১. উৎপল শিৱম
২.ৰশ্মি কোঁৱৰ
৩.সুস্বপ্না হাজৰিকা
৪.পম্পী দাস
৫.ৰিজুমণি কোঁৱৰ
৬.স্বপ্না সন্দিকৈ ফুকন
৭.মীনাক্ষি শইকীয়া।
8.মৌচুমী শইকীয়া ।
৯. ৰীণা বুঢ়াগোহাঁই বৰুৱা
১০.নিৰুপমা ডেকা ৷
১১. ৰিজাউল আলম
⭕ আপোনালোকে এই পোষ্টটো কপি কৰক আৰু চহীৰ ক্ৰমিক নাম্বাৰত আপোনাৰ নামটো এজনৰ তলত এজনকৈ সন্নিবিষ্ট কৰি নিজৰ ৱালত দিয়ক। কাৰো নাম নাকাটিব। তলে তলে ক্ৰমিক নাম্বাৰ দি কৰি গলেই হ'ল।সেইদৰে আন এজনে তাক কপি কৰি আনজনৰ তলত নিজৰ নাম সন্নিবিষ্ট কৰিব আৰু নিজৰ ৱালত দিব। বাকী কোনো অংশই এদিট নকৰিব।সেইদৰে এই আবেদন খন আগুৱাই নিলে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ চকুত পৰিবই।
আহকচোন ধৰ্ষণ বিৰোধী এই যুঁজখনত সকলো এক হওঁ। কপি কৰক। শ্বেয়াৰ নকৰিব।