11/11/2023
প্ৰশ্নঃ- কোৰআন থকা মোবাইল বাথৰুমত বা শৌচ-প্ৰস্ৰাৱ কৰিব যাওঁতে জেপত থাকিলে পাপ হ'ব নেকি ?
•┄┅┅❂❀﷽❀❂┅┅┈•
উত্তৰঃ- স্ক্ৰীনত কোৰআন ওলায় নাথাকিলে লৈ যোৱাত কোনো অসুবিধা নাই।
মাজমাউজ আনহুৰত আছে:
وَكَذَا دُخُولُ الْخَلَاءِ وَفِي إصْبَعِهِ خَاتَمٌ فِيهِ شَيْءٌ مِنْ الْقُرْآنِ أَوْ مِنْ أَسْمَاءِ اللَّهِ تَعَالَى؛ لِمَا فِيهِ مِنْ تَرْكِ التَّعْظِيمِ، وَقِيلَ: لَا تُكْرَهُ إنْ جَعَلَ فَصَّهُ إلَى بَاطِنِ الْكَفِّ، وَلَوْ كَانَ مَا فِيهِ شَيْءٌ مِنْ الْقُرْآنِ أَوْ مِنْ أَسْمَاءِ اللَّهِ تَعَالَى فِي جَيْبِهِ لَا بَأْسَ بِهِ، وَكَذَا لَوْ كَانَ مَلْفُوفًا فِي شَيْءٍ لَكِنَّ التَّحَرُّزَ أَوْلَى
অৰ্থাৎ যদি আঙুঠিৰ পাথৰত আল্লাহৰ নাম বা কোনো আয়াত লিখা থাকে আৰু সেয়া আঁচল বা হাতৰ তলুৱাৰে আঁৰ কৰি লোৱা হয় তেন্তে কোনো অসুবিধাই নাই। কিন্তু লৈ নোযোৱা উত্তম।(অধ্যায়:পবিত্ৰতা,খণ্ড:১,পৃষ্ঠা:২৬,সংস্কৰণ:দাৰু ইসয়াউত্তুৰাছিল ইলমি)
؎وَاللّٰهُ تَعَالٰى اَعْلَم.
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
༺ ২৪ ৰবিউল আখিৰ ১৪৪৫ হিজ্ৰী,৯ নবেম্বৰ ২০২৩
༺ Group- শ্বৰীয়তে কি কয় ?
༺ যোগাযোগ -8638731917
*Read Islamic post through this link- Brightislam.in*