Mufti Saiful Islam

Mufti Saiful Islam

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mufti Saiful Islam, Education Website, .

05/03/2024

:
قال:ثلاثة معلمين كانوا بالمدينة يعلمون الصبيان وكان عمر بن الخطاب رضي الله عنه يرزق كل واحد منهم خمسة عشر درهما كل شهر : كتاب الاموال جـہ ۱ صفحہ ۳۳۳
অৰ্থাৎ : মদীনা শৰীফত তিনিজন শিক্ষক আছিল , সিহঁতে সৰু সন্তান সকলক শিক্ষাদান কৰি আছিল । হজৰত উমৰ ইবনে খাত্তাব ৰাজি আল্লাহু আনহুয়ে সিহঁতক মাহিলী ১৫ দেৰহামকৈ দৰমহা দি থাকিছিল । দ্ৰষ্টব্য কিতাবুল আমৱাল প্রথম খন্ড পৃষ্ঠা সংখ্যাঃ ৩৩৩ ।

21/02/2024

6

21/02/2024

*এজনী শিক্ষয়িত্ৰীৰ পয়গাম সোনালী অক্ষৰত লিখি ৰখাৰ যোগ্য*
হে মোৰ স্বামী !
হে মোৰ ভাই !
হে মোৰ আদৰৰ লৰা !
তোমালোকে যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবা , তেতিয়াই তোমালোকে দুই প্ৰকাৰ মহিলাৰ সন্মূখীন হবা ।
প্ৰথম প্ৰকাৰ : আজীজে মিছৰৰ স্ত্রী জুলাইখাৰ দৰে হব । সাজ সজ্জা কৰি , সুগন্ধি লগাই , বেপৰ্দা হৈ , নিৰ্লজ্জ হৈ ওলাব । অংগী ভঙ্গিৰ দ্বাৰা কব َ
هَيْتَ لَك
অৰ্থাৎ মোৰ ফালে আহক ।
দ্বিতীয় প্ৰকাৰ : পৰ্দানিশীন মহিলা হব । কিন্তু প্ৰয়োজনৰ তাৰণাত বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছে । সি স্পষ্ট ভাষাত কৈ আছে
حتي يصدر الرعاء وابونا شيخ كبير.
অৰ্থাৎ : বকৰী ৰখীয়া সকলে নিজ নিজ বকৰীক পানী খুওৱাবৰ পিচত আমি আমাৰ বকৰীক পানী খুৱাম আৰু আমাৰ আব্বা অচল বুঢ়া মানুহ ।
গতিকে তুমি প্ৰথম প্ৰকাৰৰ মহিলাৰ লগত হজৰত ইউছুফ আলাইহি চ্ছালামৰ দৰে ব্যবহাৰ কৰিবা । চকুত লজ্জাশীলতাৰ ছুৰ্মা লগাই দৃষ্টি তলত ফালে ৰাখি
معاذ الله
আল্লাহৰ আশ্রয় কবা ।
দ্বিতীয় প্ৰকাৰ মহিলাৰ লগত হজৰত মূছা আলাইহি চ্ছালামৰ দৰে আমল কৰিবা । আদবৰ সৈতে সেবা কৰি নিজৰ পথ অবলম্বন কৰিবা ।
فسقي لهما ثم تولي الي الظل .
ছোৱালী দুজনীৰ বকৰীক পানী খুৱাই দি গছৰ ছায়াৰ তলত গৈ আশ্রয় ললে ।
সেই কাৰণেই হজৰত ইউছুফ আলাইহি চ্ছালামৰ পবিত্রতায় তেওঁক মিছৰৰ বাদশাহ বনাই দিছে ।
আৰু হজৰত মূছা আলাইহি চ্ছালামৰ আত্ম মৰ্যাদায় আৰু ন:স্বাৰ্থ সেবাৰ কাৰণে আল্লাহ তাআলাই মূছা আলাইহি চ্ছালামৰ অসহায় অবস্থাত ঠিকানা আৰু নেক বিবী দান কৰিছে ।
মহিলাৰ লেবাছ হল দেউতাৰ তৰ্বীয়ত , ভাইৰ আত্ম মৰ্যাদা , স্বামীৰ আত্ম মৰ্যাদা , মাকৰ নাগৰানী আৰু আল্লাহ তাআলাৰ লগত সম্পর্ক । সেই কাৰণেই মানুহে হজৰত মৰিয়মক কৈছিল ।
يا اخت هارون ماكان ابوك امرأ سوء وما كانت امك بغيا . হজৰত মৰিয়মৰ লগত তেওঁৰ মাকৰ লগে লগে তেওঁৰ ভাই আৰু বাপেকৰ উল্লেখ কৰিছে । কিয়নো ইহঁতৰ দ্বীনদাৰীৰ লগত ছোৱালীৰ দ্বীনদাৰী আৰু সতীত্ব জড়িত থাকে ।
এজনী নেককাৰ মহিলাই কৈছে যে , যেতিয়াই মই কোনো ছোৱালী বা মহিলাক নিৰ্লজ্জতা আৰু নগ্ন লেবাছত দেখা পাওঁ , তেতিয়াই তাৰ মাক-বাপেকৰ বিষয়ে আল্লাহ তাআলাৰ শাস্তি বাণী মনত পৰে ।
وقفوهم انهم مسئولون .
অৰ্থাৎ : ইহঁতক থিয় কৰা, ইহঁতক সোধা হব । ইহঁতৰ মহিলা সকলে নিৰ্লজ্জতা আৰু নগ্নতা হৈ ফুৰিছে । এই ক্ষেত্ৰত ইহঁতে কি দায়িত্ব পালন কৰিছে ।
দুনিয়াৰ প্ৰত্যেক হাৰাম
জান্নাতত হালাল হৈ যাব কিন্তু অশ্লীলতা আৰু নগ্নতা হালাল নহব । আল্লাহ তাআলাই অশ্লীলতা আৰু নগ্নতাক দুয়ো জগতত হাৰাম কৰি ৰাখিছে । লেবাছ বা দেহাবৃতি এক ডাঙৰ নিয়ামত হয় । কিয়নো আল্লাহ তাআলাই কৈছে ।
اِنٌَ لَكَ اَنْ لاَ تَجُوْعَ فِيْهَا وَلَا تَعْرٰي.
অৰ্থাৎ: তুমি বেহেশ্তৰ ভিতৰত ক্ষুধার্ত নহবা আৰু নগ্নতাও নহবা । বুজা গল যে, জান্নাতত নগ্নতা নাই ।
(মুফতী) ছাইফুল ইছলাম
বালাপাৰা বঙাইগাঁও অসম।

21/02/2024

*১ ফেব্ৰুৱাৰী ২০২৪ ইং* বৃহস্পতিবাৰে ৰাতিপুৱা ৭ টা বজাত জীবনৰ পোন প্ৰথম বাৰৰ বাবে বাংলাদেশ ভ্রমণৰ উদ্দেশ্যে ঘৰৰ পৰা ৰাওৱানা হওঁ । সন্ধিয়া ৬ টা মান বজাত চ্যাংৰাবান্দা বোৰ্ডাৰ চেক গেটত সকলো প্ৰক্ৰিয়া সমাধা কৰি পাৰ হৈ বুঢ়ীমাৰী , জিলা লালমনীৰ হাট বাংলাদেশত প্ৰবেশ কৰোঁ । বাংলাদেশত সকলো ঠাইতে ইছলামী নাম লিখা দেখি অত্যন্ত ভাল লাগিছে । প্ৰায় ৯০% শতাংশ বাচৰ পিছফালে লেখা দেখিলোঁ ।
" নামাজ কায়েম কৰুন "। ০৫-০২-২০২৪ ইংৰাজী শুক্রবাৰে ফজৰৰ আজানৰ সময়ত টঙ্গী এজতেমাত গৈ পালোঁ । টঙ্গী এজতেমাৰ ময়দান খন পূব পচ্শিম ফালে প্ৰায় তিনি কিলোমিটাৰ আৰু উত্তৰ দক্ষিণে প্ৰায় এক কিলোমিটাৰ।
এজতেমা ময়দানত বিদেশৰ পৰা অহা মেহমান সকলোৰ সমাদৰ কোনে চায় ? ভিআইপি থকা খোৱা আৰু চিকিৎসা সেবা সম্পূর্ণ ফ্ৰী । ভদ্র আৰু বিনয়ী ব্যবহাৰ । আহ: কি মজা । এই ভ্রমণত আকৰ্ষণীয় বস্তু হল ক্ৰমে টঙ্গীৰ বিশ্ব এজতেমা , টাঙ্গাইলত মাওলানা আব্দুল হামিদ খান ভাসানী চাহাবৰ কবৰ জিয়াৰত আৰু তেওঁৰ বিশ্ব বিদ্যালয় দৰ্শন । তেওঁৰ খানকাহ , তেওঁৰ এবাদত খানা আৰু মছজিদ ইত্যাদিও দৰ্শন কৰিলোঁ । তেওঁৰ মছজিদত জহৰৰ নামাজ জামাআতৰ সৈতে আদায় কৰাৰ সুযোগ পালোঁ । তেওঁ ব্যবহাৰ কৰা বেতৰ টুপী আজিও তেওঁৰ নিজা বাসভবনৰ নামাজৰ বিচনাৰ ওপৰত ৰখা দেখি কল্পনা জগতত হেৰাই গলোঁ । আহ: আল্লাহৰ এই অলী চাহাবে এইখন বেতৰ টুপী পিন্ধি ফুৰিছিল ফেচবুকত আজিও দেখা যায় । মই গুনাহগাৰ সেই টুপী দৰ্শন কৰি নিজক ধন্য মানিলোঁ ।
ভাসানী বিশ্ব বিদ্যালয়ৰ ছাত্রী সকলে ইছলামী লেবাছ আৰু সম্পূর্ণ বোৰ্কা পিন্ধি শিক্ষা লাভ কৰি আছে দেখি কিমান ভাল লাগিল । আহ: আমাৰ হিন্দুস্তানী শিক্ষা প্রতিষ্ঠানত পৰ্দা বোৰ্কা কিয় সহ্য কৰিব নোৱাৰে ? মাওলানা আব্দুল হামিদ খান ভাসানী চাহাবৰ কৃতিত্ব দেখি চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ । এই মজলুম নেতা জনে দেশ আৰু জাতিৰ বাবে আজীবন সংগ্রাম কৰি কেইবাবাৰো কাৰাদণ্ড ভোগ কৰিছে । নয় শ বিঘা মাটি সম্পূর্ণ বিশ্ব বিদ্যালয়ৰ বাবে ৱাকফ কৰি থৈ গৈছে । চাৰিওফালে সকলো বস্তুুতেই মাওলানা আব্দুল হামিদ খান ভাসানীৰ নাম অঙ্কিত । তেওঁ দেশবাসীক শিক্ষিত কৰাৰ বাবে গঢ়ি তুলিছে মাওলানা ভাসানী বিশ্ব বিদ্যালয় খন । মহান আল্লাহ তাআলাই তেওঁক জান্নাতুল ফেৰদাউচত উচ্চ আসন দান কৰক । আমীন। হজৰত মাওলানা আব্দুল হামিদ খান ভাসানী চাহাবে যদি পাকিস্তান পন্থী নহলেহেতেন , তেন্তে তেওঁ হিন্দুস্তানী সকলৰ ওচৰতো উচ্চ সন্মানীয় আৰু অমৰ হৈ থাকিলেহেতেন । তেওঁৰ সব কিছুৰ প্ৰশংসা কৰিব পাৰোঁ , কিন্তু আমি তেওঁৰ পাকিস্তান পন্থী হোৱাৰ সমৰ্থন নকৰোঁ । হিন্দুস্তান-পাকিস্থান ভাগ হোৱাৰ কাৰণে আমাৰ দেশ আৰু জাতিৰ অংগচ্ছেদ হৈ গৈছে ।
সকলোতকৈ বেচি আকৰ্ষিত হৈছোঁ যাক জীবনত কেতিয়াও পাহৰিব নোৱাৰিম । সেয়া হল টাঙ্গাইলৰ পৰা আহি ০৪,০২,২০২৪ ইং দেওবাৰে ৰাতি ভু়ঞাপুৰৰ ওচৰত পাচঁটিকৰী গাওঁত মোৰ চাচাত ভাই ৰফিকুল ইছলামৰ ঘৰত থাকোঁ । মোৰ লগত আছে অভয়াপুৰী পীৰা ধাৰাৰ সন্মানীয় এক্স আৰমী নুৰুল আমীন ভূঞা চাহাব । ৰফিকুল ইছলামে ভাই হোৱাৰ হক আদায় কৰিছে । সুন্দৰ আতিথ্য আপ্যায়ন কৰিছে । ৰাতিপুৱা জানিব পাৰিলোঁ যে , আজিৰ পৰা প্ৰায় ৭৫ বছৰ আগত মোৰ মৰহুম আব্বাজান আৰু আম্মাজান নতুন বোৱাৰী কালত ১৯৫০ ইং চনত আহি এই ৰফিকুল হতঁৰ ঘৰত তিনি মাহ থাকি গৈছে । এই কথা শুনি মই মোৰ চকুপানী ধৰি ৰাখিব পাৰা নাই । গুটু কাকাৰ লৰা ছবদেৰ ভাইৰ ভতিজা কেৰামত আলী (পিতা এফাজ উদ্দিনৰ ) লগত ৰফিকুল ইছলামে পৰিচয় কৰাই দিয়ে । ভতিজা কেৰামত আলীৰ লগত পৰিচয় হৈ কি আনন্দ ? কেৰামত আলী বয়সত মোতকৈ প্ৰায় ১৮ বছৰ ডাঙৰ হলেও তেওঁ সম্পর্কত মোৰ ভতিজা হয় । পৰিচয় হৈ দুয়োজনৰ চকুৰ পানী পৰিব ধৰিলে । হায় : একেই দেশ , বোৰ্ডাৰ হৈ কেনেকৈ আমাৰ সম্পর্কৰ মাজত বিচ্ছেদ ঘটাই দিলে ? মোক তেওঁৰ ঘৰত লৈ যায় আৰু যথেষ্ট আতিথ্য কৰে । হায় আফছোছ ! এই ভ্রমণৰ ৰিপোৰ্ট ঘৰত গৈ কাক শুনাম ? কোনে শুনিব কোনে বুজি পাব ? এই ভ্রমণৰ ৰিপোৰ্ট শুনাৰ প্ৰথম হকদাৰ আছিল মোৰ সন্মানীয় মৰহুম আব্বাজান আৰু আম্মাজান । কিন্তু উভয়ে চিৰদিনৰ বাবে নিদ্রাত ব্যস্ত । সিহঁতে এই ৰিপোৰ্ট শুনাৰ অবকাশ নাই । ৰফিকুল ইছলামৰ কাঠ মিল দেখি অতি আনন্দিত হব পাৰিলোঁ।
০৫,০২,২০২৪ ইং তাৰিখে পাচঁটিকৰীৰ পৰা বিদায় হোৱাৰ সময়ত ৰফিকুল ইছলামে মোক সুধিলে যে , ভাই পথ খৰচৰ বাবে টকা পইচা আছে ? শুনি অতি আনন্দিত হলোঁ আৰু কলোঁ যে , আকৌ বাংলাদেশত আহি ঘুৰি যাব পাৰিম ইমান টকা আছে । তাৰ পৰা শিৰাজগন্জৰ চান্দাই মাৰী বজাৰত পীৰাধাৰাৰ জনাব নুৰুল আমীন ভুঞা চাহাবৰ কাকা খবৰ আলী আৰু আইনাল হক চাহাবৰ ঘৰত আহি দুপুৰিয়া খানা খাই কিছু সময় আৰাম কৰিলোঁ । আয়নাল হক চাহাব এজন ৰাজনৈতিক নেতা আৰু গাম্ভীর্য পূর্ণ ব্যক্তি হয় । সিহঁতে যি আদৰ আপ্যায়ন কৰিছে , জীবনত পাহৰিব নোৱাৰিম । খবৰ আলী চাহাবৰ ঘৰৰ পৰা
ভুঞাগাতি গাওঁত মোৰ বিয়াই মহিৰুদ্দীন চাহাবৰ ঘৰত গৈ সাক্ষাৎ কৰি সীমাহীন আনন্দিত হওঁ । বাংলাদেশৰ ৰাস্তা ঘাট আৰু মানুহৰ ঘৰ বাৰী ভাৰতৰ তুলনাত কিছু অনুন্নত । বাংলাদেশত পাথৰৰ অভাব । পাথৰৰ সলনি ইটা কেশাৰত ভাঙি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ডাঙৰ ডাঙৰ বিল্ডিঙত ব্যবহাৰ কৰা দেখিলোঁ ।
বাংলাদেশ ভাৰতৰ তুলনাত ছাফ চিকুনো কিছু কম । গতিকে ভাৰত চৰকাৰৰ ৰাস্তা ঘাট আৰু ছাফাই ব্যবস্থা উন্নতৰ বাবে ধন্যবাদৰ যোগ্য । অসম চৰকাৰে ৰাস্তা ঘাটত অতিৰিক্ত স্পীড ব্ৰেকাৰ নিদিলে অধিক ধন্যবাদৰ পাত্র হলেহেতেন । সঘনে স্পীড ব্ৰেকাৰ আৰু অযথা ১৫ টাকৈ স্টেপ থকা শালী তলীৰ আলিৰ দৰে ওখ ওখ স্পীড ব্ৰেকাৰৰ প্ৰয়োজন মোৰ বোধগম্য নহয় ।
এই ভ্রমণত জীবনৰ চাৰিটা অধ্যায় সংযোজন হয় ।
(১) বাংলাদেশ ভ্রমণ ।
(২) বিশ্ব এজতেমা দৰ্শন ।
(৩) মাওলানা ভাসানীৰ কৃতিত্ব দৰ্শন।
(৪) পাচঁটিকৰী বংশ সাক্ষাৎ।
বাংলাদেশত ইছলামী মাদ্রাছাৰ সংখ্যা অনেক বেচি । আন্তর্জাতিক মাদ্ৰাছাও অনেক । শিক্ষা ব্যবস্থা বহুত উন্নত । বাংলাদেশত সৰ্বত্ৰ মাতৃ ভাষা বাংলা ব্যবহাৰ কৰে । ইংৰাজী ভাষা ৫ শতাংশৰ বেচি নহব ধাৰণা হয় । এয়া এক শুভ লক্ষণ । আমি অসমীয়া সকলে নিজৰ খাই বেলেগৰ কাম কৰি ভাল পাওঁ । নিজৰ দেউতাকৰ নামৰ পৰিবৰ্তে শশুৰৰ নাম কৈ ভাল পাওঁ । নিজৰ মাতৃ ভাষা অসমীয়াৰ প্ৰচাৰ নকৰি ইংৰাজী ভাষাৰ প্ৰচাৰ কৰি ভাল পাওঁ । এয়া কিমান যুক্তি সংগত ? নিজৰ মাতৃভাষা অসমীয়াৰ লগত এয়া কিমান ইনছাফ ? আমি আমাৰ মাতৃ ভাষাক সকলো ভাষাতকৈ অধিক মৰ্যাদা দিয়াৰ প্ৰয়োজন বোধ কৰোঁ। ইতি
(মুফতী) ছাইফুল ইছলাম বালাপাৰা বঙাইগাঁও অসম ।

Want your school to be the top-listed School/college?

Website