Doyang Balya Bidya Pith

Doyang Balya Bidya Pith

দৈয়াং বাল্য বিদ্যাপীঠৰ সকলো ধৰণৰ কাৰ্যক্ৰমণিকা ইয়াত উপলব্ধ।

Operating as usual

28/11/2023

জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কৈছিল “সংস্কৃতিয়ে মানুহৰ সমস্ত চিন্তা আৰু কৰ্মক সামৰি ধৰে। মানুহৰ জীৱনটোৱেই এটা সাংস্কৃতিক অভিযান। মানুহৰ ক্ৰমবিকাশৰ বুৰঞ্জীয়ে হৈছে মানুহৰ সংস্কৃতিৰ আৰু বৈপ্লৱিক ৰূপান্তৰৰ বুৰঞ্জী।”
এয়া আমাৰ বিদ্যালয়ৰ কেইজনমান কণমানি ছাত্ৰৰ সংস্কৃতি আৰু অনুভৱৰ সংমিশ্ৰণৰ ক্ষুদ্ৰ প্ৰয়াস আৰু পৰিকল্পনা।

24/11/2023

বীৰ লাচিত বৰফুকনৰ সাহস আৰু শৌৰ্য-বীৰ্য অসম তথা অসমীয়াৰ স্বাভিমান আৰু স্বকীয়তাৰ প্ৰতীক।
এই মহান অসমীয়া বীৰ পুৰুষ জনৰ ৪০১ বছৰীয়া জন্মজয়ন্তীত তেখেতলৈ যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত।

14/11/2023

কিমান টা অনুপলৰ সমাহাৰত এক বিশেষ সময় আহে!
সাথঁৰ মাথোঁ অনুভৱৰ ...
আজীৱন কলাজ হৈ ৰওঁক এক অভিজ্ঞতা যি হৃদয়ৰ নিচেই প্ৰান্তৰ!
এইয়া শিশু দিৱস উপলক্ষে আমাৰ বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ।

14/11/2023
Photos from Doyang Balya Bidya Pith's post 23/05/2023

আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰী, তথা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৈয়াং অঞ্চলৰ দুয়োটা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ছোৱালীৰ সৰ্বোচ্চ ৯০.৫ শতাংশ নম্বৰেৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰী ৰূপচানা খাতুনক এখনি ফুলাম গামোচা, এখন সম্বৰ্ধনা পত্ৰ আৰু এটা গছপুলি আৰু লগতে এখন চেক প্ৰদান কৰি বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

23/03/2023

আমাৰ বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰিব বিচৰা অৰ্থাৎ অন্য বিদ্যালয়ৰ পৰা আহি নতুনকৈ নামভৰ্তি কৰিব বিচৰা ইছ্যুক ছাত্ৰ-ছাত্ৰী সকলে অহা ইং ২৮-০৩-২০২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া Seat পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। পৰীক্ষাৰ সময়:- পুৱা ০৯ :৩০ বজাত।

Doyang Balya Bidya Pith 08/12/2022

“দৈয়াং বাল্য বিদ্যা পীঠ” বৃহত্তৰ দৈয়াং মেৰাপানী অঞ্চলৰ এখন আগশাৰীৰ বে-চৰকাৰী শিক্ষানুষ্ঠান। ১৯৯৭ চনতে স্থাপন হোৱা এই বিদ্যালয়খনিত প্ৰাক্‌-প্ৰাথমিক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠদানৰ সু-ব্যৱস্থা আছে।
বিগত বৰ্ষ সমূহৰ দৰেই আগন্তুক শিক্ষা বৰ্ষতো অৰ্থাৎ ২০২৩/২৪ চনৰ নতুন শিক্ষাবৰ্ষৰ বাবে প্ৰাক্‌ প্ৰাথমিক শ্ৰেণীত নামভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে। এই শিক্ষানুষ্ঠানত নিজৰ সন্তানক প্ৰাক্‌-প্ৰাথমিক পৰ্যায়ত নামভৰ্তি কৰাব বিচৰা আগ্ৰহী অভিভাৱকসকলক জনাওঁ যে যোৱা ইংৰাজী ০৫/১২/২০২২ তাৰিখৰ পৰা নামভৰ্তিৰ প্ৰ-পত্ৰ (FORM) সমূহ প্ৰদান কৰি থকা হৈছে।
আমাৰ ঠিকনা:
দৈয়াং বাল্য বিদ্যাপীঠ, মেৰাপানী
জিলা- গোলাঘাট, অসম
ডাক- মেৰাপানী, পিন নং-৭৮৫৭০৫
(মেৰাপানী চিভিল হস্পিতালৰ সমীপত)
যোগাযোগৰ বাবে : 9577806907
9101422373

Doyang Balya Bidya Pith দৈয়াং বাল্য বিদ্যাপীঠৰ সকলো ধৰণৰ কাৰ্যক্ৰমণিকা ইয়াত উপলব্ধ।

Want your school to be the top-listed School/college?

Videos (show all)

জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কৈছিল “সংস্কৃতিয়ে মানুহৰ সমস্ত চিন্তা আৰু কৰ্মক সামৰি ধৰে। মানুহৰ জীৱনটোৱেই এটা সাংস্কৃতিক অভি...
বীৰ লাচিত বৰফুকনৰ সাহস আৰু শৌৰ্য-বীৰ্য অসম তথা অসমীয়াৰ স্বাভিমান আৰু স্বকীয়তাৰ প্ৰতীক।এই মহান অসমীয়া বীৰ পুৰুষ জনৰ ৪০১ ব...

Telephone

Website